সমললৈ যাওক

কৌৰৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কৌৰৱ মহাভাৰতৰ চৰিত্ৰ বিশেষ। কৌৰৱ শব্দৰ উৎপত্তি কুৰু শব্দৰ পৰা আহিছে। হস্তিনাপুৰৰ সম্ৰাট ধৃতৰাষ্ট্ৰৰ এশ সন্তানক একেলগে কৌৰৱ বুলি কোৱা হয়। দুৰ্যোধন কৌৰৱৰ জেষ্ঠ ভাতৃ আৰু দুঃশলা কনিষ্ঠ ভগ্নী।

কৌৰৱৰ পিতৃ-মাতৃ

[সম্পাদনা কৰক]

হস্তিনাপুৰৰ সম্ৰাট ধৃতৰাষ্ট্ৰ তথা গান্ধাৰৰ ৰাজকুমাৰী গান্ধাৰী কৌৰৱৰ পিতৃ মাতৃ।

কৌৰৱৰ জন্ম বৃত্তান্ত

[সম্পাদনা কৰক]

মহাভাৰতৰ মতে গান্ধাৰিয়ে কুন্তিৰ আগতে সন্তান জন্ম হোৱাৰ দুখতে তেওৰ সন্তান ৰজা নহ'ব বুলি দুখতে গৰ্ভ নষ্ট কৰাৰ চেষ্টা কৰে, কিন্তু ব্যাসদেৱে আহি গৰ্ভধাৰণ কৰা মাংসপিণ্ড এশটা ঘিঁউৰ পাত্ৰত ৰাখি দিয়ে য'ৰ পৰা এশ সন্তানৰ জন্ম হয়।