পাণ্ডৱ
অৱয়ব
পাণ্ডৱ (সংস্কৃত: पाण्डव) হৈছে দীৰ্ঘতম হিন্দু মহাকাব্য মহাভাৰতৰ কেন্দ্ৰীয় চৰিত্ৰ, যিসকলে কুৰুক্ষেত্ৰত হস্তিনাপুৰৰ সিংহাসনৰ বাবে সিহঁতৰ ভাই কৌৰৱসকলৰ বিৰুদ্ধে মহাভাৰত যুদ্ধ কৰিছিল। যাক কুৰুক্ষেত্ৰ যুদ্ধ বুলি কোৱা হয়৷ তেওঁলোকৰ নাম- যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ। তেওঁলোক হস্তিনাপুৰৰ ৰজা পাণ্ডু আৰু তেওঁৰ দুই পত্নী কুন্তী আৰু মাদ্ৰীৰ পুত্ৰ আছিল। পাঁচ পাণ্ডৱৰ পত্নী আছিল দ্ৰৌপদী; ইয়াৰোপৰি যুধিষ্ঠিৰৰ আৰু এগৰাকী পত্নী আছিল দেৱীকা, ভীমৰ আৰু দুগৰাকী পত্নী আছিল ভালন্ধৰা আৰু হিড়িম্বী; অৰ্জুনৰ আৰু ৩ গৰাকী পত্নী আছিল, নাম উলূপী, চিত্ৰাংগদা আৰু সুভদ্ৰা।
ব্যুৎপত্তি
[সম্পাদনা কৰক]'পাণ্ডৱ' শব্দটি 'পাণ্ডু' শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল “পাণ্ডুৰ বংশধৰ।” পাণ্ডৱৰ বিশেষণসমূহ হ’ল-[1]
- পাণ্ডুপুত্ৰ (पाण्डुपुत्र) - পাণ্ডুৰ পুত্ৰ
- পাণ্ডৱকুমাৰ (पाण्डवकुमार) - পাণ্ডৱকুমাৰ।
- কৌন্তেয় (कौन्तेय) - কুন্তীৰ পুত্ৰ (যুধিষ্ঠিৰ, ভীম, অৰ্জুন)।
- মাদ্ৰেয় (माद्रेय) - মাদ্ৰীৰ পুত্ৰ (নকুল আৰু সহদেৱ)।
পঞ্চপাণ্ডৱ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Bonnefoy, Yves. Asian Mythologies. translated under the direction of Wendy Doniger. Chicago and London: The University of Chicago Press. 1993. pp. 180-183. আই.এচ.বি.এন. 0-226-06456-5
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৱিকিমিডিয়া কমন্সত পাণ্ডৱ সম্পৰ্কীয় মিডিয়া ফাইল।
- The Mahābhārata of Vyasa, translated from Sanskrit into English by Kisari Mohan Ganguli and published online at sacred-texts.com