সমললৈ যাওক

অসমৰ কেইগৰাকীমান মহান ব্যক্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

স্বৰ্গদেউ চাওলুং চুকাফা

[সম্পাদনা কৰক]

চাও-লুং চ্যু-কা-ফা (ৰাজত্বকাল: ১২২৮-১২৬৮) অসম ৰাজ্য বা মু'ঙ দুন চুন খামৰ প্ৰথমজন চাওফা তথা চীনদেহ'ঙৰ (মধ্যযুগৰ মু'ঙ মাওৰ ৰাজকোঁৱৰ আছিল,[1] আৰু আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল।[2] চ্যু-কা-ফাই ১২২৮ খ্ৰীষ্টাব্দত ব্ৰহ্মপুত্ৰ উপত্যকাত অসম ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু ১২৫৩ চনত চে ৰাই দ'য়ত স্থায়ীকৈ ৰাজধানী পাতে। চ্যু-কা-ফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই ৬১০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে। এই সময়ছোৱাত অসমত বাস কৰা সকলো জাতি-জনজাতিকে তেওঁ একত্ৰিত কৰে। সেয়ে বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম তথা অসমীয়া জাতিৰ বাবে চ্যু-কা-ফাৰ অৱদান সৰ্বস্ব।

শ্ৰীমন্ত শংকৰদেৱ

[সম্পাদনা কৰক]
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই অংকন কৰা মহাপুৰুষজনাৰ কল্পিত চিত্ৰ

শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯-১৫৬৮) একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, গায়ক, নৰ্তক, অভিনেতা, কবি আৰু চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা।[3] সেইবাবেই তেওঁৰ প্ৰিয়তম শিষ্য মাধৱদেৱে শঙ্কৰদেৱক “সৰ্বগুণাকৰ’’ শব্দৰে অভিহিত কৰিছিল৷[4] অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি অৱদান আগবঢ়াই গ'ল, তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়।[3]তেওঁ মানুহৰ আধ্যাত্মিক উত্তৰণৰ কাৰণে ভক্তি ধৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ [5]

শ্ৰীশ্ৰী দামোদৰদেৱ

[সম্পাদনা কৰক]

দামোদৰ দেৱ (১৪৮৮-১৫৯৮) ষোল্লশ শতিকাৰ এক শৰণ নামধৰ্মৰ এজন বিখ্যাত ধৰ্ম প্ৰচাৰক। ১৪৮৮ খ্ৰীষ্টাব্দত নগাঁও জিলাৰ নালচাত তেওঁৰ জন্ম হৈছিল।[6] ধৰ্ম প্ৰচাৰৰ বাবে বৰপেটাৰ পাটবাউসীৰ লগতে আন বহু ঠাইত সত্ৰ স্থাপন কৰে। ১৫৯৮ চনত পৰলোকপ্ৰাপ্তি ঘটে।

শ্ৰীশ্ৰী মাধৱদেৱ

[সম্পাদনা কৰক]

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল।[7] নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি।[7]

শ্ৰীশ্ৰী হৰিদেৱ

[সম্পাদনা কৰক]

হৰিদেৱ (১৪২৬-১৫৬৬) আছিল অসমত মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক। ১৪২৬ খ্ৰীষ্টাব্দভাদ মাহৰ শুক্লা পঞ্চমী তিথিত লখিমপুৰনাৰায়ণপুৰত মহাপুৰুষ হৰিদেৱৰ জন্ম হয়। ১৫৬৬ খ্ৰীষ্টাব্দৰ (১৪৮৮ শক) জেঠ মাহৰ অমাৱস্যা তিথিত বহৰিত এইজনা মহাপুৰুষে ইহলীলা সম্বৰণ কৰে।

মহাবীৰ চিলাৰায়

[সম্পাদনা কৰক]
ধুবুৰীত থকা চিলাৰায়ৰ প্ৰতিমূৰ্তি

বীৰ চিলাৰায়ৰ (১৫১০-১৫৭১) প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেওঁৰ পিতৃ ষোলশ শতিকাৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ[8] তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল, সেয়ে তেওঁক চিলাৰায় বুলিও জনা যায়।[8][9] চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, সেই কাৰণে তেওঁক লোকে চিলাৰায় দেৱান বুলিছিল।[9] তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোঁচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল। তেওঁৰ জন্মদিন মাঘী পূৰ্ণিমা অসমত বীৰ চিলাৰায় দিৱস হিচাপে পালন কৰা হয়।

লাচিত বৰফুকন

[সম্পাদনা কৰক]

লাচিত বৰফুকন আছিল আহোম ৰাজ্যৰ নৱমজন বৰফুকন (ফু-কন লুং)। ১৬৭১ চনত তেওঁ অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল।[10] শৰাইঘাটৰ যুদ্ধত তেওঁ দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেওঁৰ নাম জিলিকি আছে।

পিয়লি ফুকন

[সম্পাদনা কৰক]

পিয়লি ফুকন অসমৰ এজন স্বাধীনতা সংগ্ৰামী। জীউৰাম দুলীয়া বৰুৱাৰ লগতে তেওঁক অসম বা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ হিচাপে গণ্য কৰা হয়। পিয়লি ফুকন বদন বৰফুকনৰ মাজু পুতেক আছিল। ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ অভিযোগত তেওঁক ১৮৩০ চনত শিৱসাগৰত ফাঁচী দিয়া হৈছিল।

লক্ষ্মীনাথ বেজবৰুৱা

[সম্পাদনা কৰক]

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক।

গোপীনাথ বৰদলৈ

[সম্পাদনা কৰক]

লোকপ্ৰিয় গোপীনাথ বৰদলৈ (৬ জুন ১৮৯০–৫ আগষ্ট ১৯৫০) আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী।[11]

নলিনীবালা দেৱী

[সম্পাদনা কৰক]

নলিনীবালা দেৱী (১৮৯৮–১৯৭৭) এগৰাকী অসমীয়া কবি আৰু লেখিকা।[12] তাই অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল।

জ্যোতিপ্ৰসাদ আগৰৱালা

[সম্পাদনা কৰক]

জ্যোতিপ্ৰসাদ আগৰৱালা (১৯০৩-১৯৫১) অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা।[13] অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে তেওঁক "ৰূপকোঁৱৰ" বুলি কোৱা হয়। ১৯৩৫ চনত তেওঁ প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। তেওঁৰ মৃত্যু তিথি ১৭ জানুৱাৰী তাৰিখটো "শিল্পী দিৱস" হিচাপে পালন কৰা হয়।[14][15][16]

কুশল কোঁৱৰ

[সম্পাদনা কৰক]

কুশল কোঁৱৰ হ'ল ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰি ফাঁচি বৰণ কৰা অসমৰ শেষৰজন শ্বহীদ তথা ৪২'ৰ ভাৰত ত‍্যাগ আন্দোলনৰ ফাঁ‌চি বৰণ কৰা একমাত্ৰ শ্বহীদ ।[17]

বিষ্ণুপ্ৰসাদ ৰাভা

[সম্পাদনা কৰক]

বিষ্ণুপ্ৰসাদ ৰাভা (১৯০৯-১৯৬৯) অসমৰ এগৰাকী বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক আৰু মুক্তি যুঁজাৰু আছিল।[18] [19]

কনকলতাৰ প্ৰস্তৰ মূৰ্তি, বৰঙাবাৰী

১৯২৮ চনত জন্মগ্ৰহণ কৰা কনকলতা বৰুৱা আছিল এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন তথা বিয়াল্লিছৰ আন্দোলনত গহপুৰ থানাত জাতীয় পতাকা উৰুৱাবলৈ গৈ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ব্ৰিটিছৰ গুলিত শ্বহীদ হয়।[20] তেওঁ অসমৰ প্ৰথম মহিলা শ্বহীদ।

ডঃ ভবেন্দ্ৰনাথ শইকীয়া

[সম্পাদনা কৰক]

ড॰ ভবেন্দ্ৰ নাথ শইকীয়া (১৯৩২–২০০৩) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক আছিল। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশুসাহিত্য আদিকে ধৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে ভবেন্দ্ৰ নাথ শইকীয়াই অৱদান আগবঢ়াই গৈছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Chaolung Sukaphaa". Assam info.com. http://www.assaminfo.com/famous-people/50/chaolung-sukapha.htm আহৰণ কৰা হৈছে: 2012-11-25.
  2. He, Ping (2004). 德宏傣族的西迁与印度阿洪姆人的形成 [The Westward Immigration of Dai People from Dehong and the Coming-into-Being of the Ahoms in Northeastern India]. Social Sciences in Yunnan (in Simplified Chinese) (2): 76–81. doi:10.3969/j.issn.1000-8691.2004.02.019
  3. 1 2 "Sankardeva: saint-reformer of Assam". atributetosankaradeva.org. 25 September 2012. http://www.atributetosankaradeva.org/Sankaradeva.htm আহৰণ কৰা হৈছে: January 12, 2013.
  4. শঙ্কৰদেৱ আৰু অংকীয়া নাট-ড° নগেন শইকীয়া: ভাওনা ঐতিহ্য আৰু বিস্তৃতি, সম্পা: কমল দত্ত, অসম ভাওনা সমাৰোহৰ স্মাৰক গ্ৰন্থ, ২০১৪
  5. শংকৰদেৱৰ দৰ্শন, ড° ফণীভূষণ দাস, গৰীয়সী, পৃ:নং; ১৩ আগষ্ট, ২০০৯
  6. (Neog 1980, পৃষ্ঠা 128)
  7. 1 2 "Mahapurush Srimanta Madhabdeva | Srimanta Madhabdeva | Mahapurush Madhabdeva | Madhabdeva | Sri Sri Madhabdeva | History of Madhabdeva". Assaminfo.com. http://www.assaminfo.com/famous-people/52/mahapurush-srimanta-madhabdeva.htm আহৰণ কৰা হৈছে: 2013-03-16.
  8. 1 2 "চিলাৰায়ৰ বিষয়ে". assaminfo.com. ২০১২. http://www.assaminfo.com/famous-people/48/bir-chilarai.htm আহৰণ কৰা হৈছে: December 14, 2012.
  9. 1 2 হৰিনাৰায়ণ দত্তবৰুৱা (১৯৯০). চিলাৰায় (পঞ্চম প্ৰকাশ). জ্যোতীন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা, দত্তবৰুৱা এণ্ড কোম্পানী. পৃষ্ঠা. ১ৰ পৰা ১৫লৈ.
  10. "Explained: Ahom warrior Lachit Borphukan and the battles of Alaboi & Saraighat" (en ভাষাত). The Indian Express. 2022-03-03. https://indianexpress.com/article/explained/explained-ahom-warrior-lachit-borphukan-and-the-battles-of-alaboi-saraighat-7791371/ আহৰণ কৰা হৈছে: 2022-07-16.
  11. "Lokapriya Gopinath Bordoloi". www.assaminfo.com. http://www.assaminfo.com/famous-people/20/lokapriya-gopinath-bordoloi.htm আহৰণ কৰা হৈছে: 2020-04-29.
  12. "কাব্যভাৰতী নলীনিবালা দেৱী". http://assameseonline.com/Content.php?recordID=%E0%A6%95%E0%A6%BE%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%20%E0%A6%A8%E0%A6%B2%E0%A6%BF%E0%A6%A8%E0%A7%80%E0%A6%AC%E0%A6%BE%E0%A6%B2%E0%A6%BE%20%E0%A6%A6%E0%A7%87%E0%A7%B1%E0%A7%80 আহৰণ কৰা হৈছে: April 17, 2012.[সংযোগবিহীন উৎস]
  13. "জ্যোতিপ্ৰসাদ জন্ম-শতবৰ্ষ অৰ্ঘ্য". গৰীয়সী খণ্ড চতুৰ্থ সংখ্যা (দশম বছৰ). জানুৱাৰী ২০০৩.
  14. "Jyoti Prasad Agarwala, Indian Theatre Artist". Indianetzone.com. Archived from the original on 2013-03-30. https://web.archive.org/web/20130330160137/http://www.indianetzone.com/28/jyoti_prasad_agarwala_indian_theatre_artist.htm আহৰণ কৰা হৈছে: 2013-01-31.
  15. "অনলাইন শিৱসাগৰ". Archived from the original on 2023-11-01. https://web.archive.org/web/20231101154723/http://onlinesivasagar.com/movies/jyotiprasad-agarwala.html আহৰণ কৰা হৈছে: জানুৱাৰী 17, 2014.
  16. "বিপুলজ্যোতি শইকীয়াৰ ৱেবছাইট". Archived from the original on 2013-05-17. https://web.archive.org/web/20130517064723/http://www.bipuljyoti.in/authors/jyotiprasad/rupkonwar.html আহৰণ কৰা হৈছে: জানুৱাৰী 17, 2014.
  17. "KUSHAL KONWAR OR SWAHID KUSHAL KONWAR OR MARTYR KUSHAL KONWAR". assaminfo.com. http://www.assaminfo.com/famous-people/21/kushal-konwar-or-swahid-kushal-konwar-or-martyr-kushal-konwar.htm আহৰণ কৰা হৈছে: February 28, 2013.
  18. Babul Tamuli (February 2008). "Bishnu Rabha – A Revolutionary Artiste". bipuljyoti.in. Archived from the original on March 5, 2016. https://web.archive.org/web/20160305020021/http://www.bipuljyoti.in/authors/bishnurabha/bishnurabha02.html আহৰণ কৰা হৈছে: February 01, 2013.
  19. গৰীয়সী, পঞ্চদশ বছৰ, তৃতীয় সংখ্যা,ডিচেম্বৰ, ২০০৭, বিষ্ণুৰাভা শ্ৰদ্ধাৰ্ঘ্য সংখ্যা
  20. Pathak, Guptajit (2008). Assamese Women in Indian Independence Movement: With a Special Emphasis on Kanaklata Barua. প্ৰকাশক New Delhi: Mittal Publications. পৃষ্ঠা. 52. ISBN 9788183242332. https://books.google.com/books?id=6igd9NaJFlUC&q=Kanaklata+Barua&pg=PA52.