আৱৰ্তন (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আবৰ্তনৰ পৰা পুনঃনিৰ্দেশিত)
আৱৰ্তন
(On The Run)
পৰিচালক ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
চিত্ৰনাট্য ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
প্ৰযোজক ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
অভিনয়ত তপন দাস
মৃদুলা বৰুৱা
চিত্ৰগ্ৰহণকাৰী কমল নায়ক
সম্পাদনা নিকুঞ্জ ভট্টাচাৰ্য্য
সংগীত পৰিচালক নাৰায়ণ বৰুৱা
দেৱেশ্বৰ শৰ্মা
দিলিপ ৰয়[1]
প্ৰযোজনা
কোম্পানী
মুক্তি
৪ অক্টোবৰ ১৯৯৩
দেশ ভাৰত
ভাষা অসমীয়া

আৱৰ্তন (ইংৰাজী: Abartan (On the Run)) ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ ষষ্ঠখন অসমীয়া চলচ্চিত্ৰ[1][2] ড॰ শইকীয়া এই ছবিখনৰ একাধাৰে পৰিচালক, প্ৰযোজক, চিত্ৰনাট্য আৰু সংলাপ লেখক আছিল। এই ছবিখনৰ এটা বিশেষ বৈশিষ্ট্য এয়ে যে এইগৰাকী পৰিচালকৰ অন্যান্য ছবিৰ দৰে ইয়াৰ কাহিনীভাগ কোনো চুটিগল্প বা উপন্যাসৰ পৰা লোৱা হোৱা নাছিল। প্ৰথমবাৰৰ বাবে তেখেতে ভ্ৰাম্যমাণ থিয়েটাৰ আধাৰিত এটা মৌলিক কাহিনীৰে এই ছবিখন নিৰ্মাণ কৰিছিল। ছবিখনৰ আৱহ সঙ্গীততো ভ্ৰাম্যমাণ থিয়েটাৰৰ সঙ্গীতশৈলী ব্যৱহৃত হৈছিল। ১৬ মিলিমিটাৰত নিৰ্মিত এইখন এখন ৰঙীন ছবি আছিল।[3]

কাহিনী[সম্পাদনা কৰক]

১৯৮২ চনৰ পৰা ড॰ ভবেন্দ্ৰ নাথ শইকীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত হৈ আছিল। ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা-অভিনেত্ৰী, কলা-কুশলীসকলৰ জীৱন তেখেতে বহু ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছিল। এই অভিজ্ঞতাৰে তেখেতে আৱৰ্তনৰ কাহিনী ৰচনা কৰিছিল।[3]

গীত, নৃত্য, আবৃত্তি সকলোতে পাৰ্গত জয়ন্তী কিছুমান অবাঞ্ছিত পৰিস্থিতিৰ মুখামুখি হৈ ভ্ৰাম্যমাণ থিয়েটাৰলৈ অভিনয় কৰিবলৈ গৈছিল। একপ্ৰকাৰ বাধ্য হৈয়ে তাই থিয়েটাৰৰ জীৱন বাচি লৈছিল। কাৰণ অভিনয়ৰ বাদে কৰিব পৰা তাইৰ একো নাছিল। প্ৰথম অৱস্থাত তাইৰ ঘৰখনে এইক্ষেত্ৰত বিৰোধ কৰিছিল যদিও এসময়ত সমগ্ৰ ঘৰখন একমাত্ৰ তাইৰ উপাৰ্জনৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰিছিল। সুদীৰ্ঘ ১২ বছৰ তাই ভ্ৰাম্যমাণ থিয়েটাৰত কটালে। এই সময়ছোৱাৰ ভিতৰত তাইৰ ডাঙৰজনী ভনীয়েকৰ বিয়াও হৈ গ'ল। কিন্তু তাইৰ কথা ঘৰখনৰ কোনেও চিন্তা নকৰিলে। ঘটনাক্ৰমে জয়ন্তীয়ে ইঞ্জিনীয়াৰ, এখন সংবেদনশীল হৃদয়ৰ গৰাকী পৰিমল দত্তক লগ পায়। লাহে লাহে দুয়োৰো মাজত সহৃদয়তা বাঢ়ে। পৰিমলে তাইক বিয়াৰ প্ৰস্তাৱ দিয়ে। কিন্তু তাইৰ বিয়াৰ ক্ষেত্ৰত বিভিন্নজন বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে। প্ৰথম বাধা হয় তাইৰ ঘৰখন। কাৰণ তাইৰ বিয়া হৈ গ'লে তাইৰ উপাৰ্জনৰ পৰা ঘৰখন বঞ্চিত হব। থিয়েটাৰৰ নায়ক নিহাৰে বিৰোধিতা কৰে। কাৰণ বিবাহিত এই নায়কজনে তাইৰ শৰীৰটো আৰু উপভোগ কৰিবলৈ নাপাব। আনহাতে থিয়েটাৰৰ মালিকে তাইক এৰিব নিবিচাৰে। তাই তাৰকা অভিনেত্ৰী। তাইৰ ওপৰত থিয়েটাৰৰ ব্যৱসায়িক দিশটো বহু পৰিমাণে নিৰ্ভৰশীল। আনকি মালিকে থিয়েটাৰৰ চৰ্ত ভঙ্গ কৰিলে আদালতলৈ যোৱাৰো ভাবুকি দিয়ে। অৱশেষত থিয়েটাৰৰ কোনো ক্ষতি নোহোৱাকৈ কৌশলেৰে জয়ন্তীয়ে অভিনয় জীৱনৰ পৰা মেলানি মাগে আৰু পৰিমল দত্তৰ সৈতে এখন সুখৰ সংসাৰ গঢ়াৰ বাবে আগবাঢ়ে।[3][4]

অভিনেতা-অভিনেত্ৰী[সম্পাদনা কৰক]

  • বাবুল খাটনিয়াৰ
  • উৎসৱ কলিতা
  • লক্ষ্মী দাস
  • হেমন্ত চৌধুৰী
  • ৰবেন ৰয়
  • চেতনা দাস
  • মিতালী বৈশ্য
  • জুৰি শৰ্মা
  • শিল্পীশিখা বৰুৱা
  • বিনু কলিতা
  • বিনীতা দাস
লগতে আৱাহন থিয়েটাৰৰ অন্যান্য অভিনেতা-অভিনেত্ৰীসকল।[3]

বঁটা আৰু স্বীকৃতি[সম্পাদনা কৰক]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Abartan (On the Run) 1993, Colour". Rupaliparda.com. http://www.rupaliparda.com/english/Abartan.htm। আহৰণ কৰা হৈছে: November 19, 2011. 
  2. "Released Assamese Movies - A". Enajori.com. Archived from the original on November 27, 2011. https://web.archive.org/web/20111127004558/http://enajori.com/music/released_cinema/A.html। আহৰণ কৰা হৈছে: November 19, 2011. 
  3. 3.0 3.1 3.2 3.3 3.4 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 394. 
  4. Datta,Utpal. "Chalachitra". Lawyers Book Stall, Panbazar, Guwahati. https://as.wikisource.org/wiki/%E0%A6%9A%E0%A6%B2%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0/%E0%A6%86%E0%A7%B1%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A6%A8। আহৰণ কৰা হৈছে: 1 July 2020. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]