সমললৈ যাওক

সাতসৰী (আলোচনী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাতসৰী
সাতসৰী
সাতসৰীৰ ল’গ’
সম্পাদক অনুৰাধা শৰ্মা পূজাৰী
পূৰ্বৰ সম্পাদক হোমেন বৰগোহাঞি
প্ৰকাৰ অসমীয়া আলোচনী
প্ৰকাশনৰ হাৰ মাহেকীয়া
বিতৰণ অসম
প্ৰকাশক যতীন চৌধুৰী, জয়ন্ত বৰুৱা
প্ৰতিষ্ঠাপক হোমেন বৰগোহাঞি
কোম্পানী সাদিন প্ৰকাশ
দেশ ভাৰত
ভিত্তি গুৱাহাটী
ভাষা অসমীয়া

সাতসৰী গুৱাহাটীৰ পৰা মাহেকীয়াভাৱে প্ৰকাশিত এখন অসমীয়া ভাষাৰ সাহিত্য-সংস্কৃতি বিষয়ক আলোচনী। সাদিন প্ৰকাশৰপৰা প্ৰকাশ পোৱা ভিন্নবিষয়ৰ আলোচনীখনৰ বৰ্তমানৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী।[1] বৰ্তমানৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্য। ২০০৫ চনত এই আলোচনীখনৰ প্ৰথম প্ৰকাশ হয়। প্ৰতিষ্ঠাপক সম্পাদক আছিল হোমেন বৰগোহাঞি। ২০০৭ চনৰপৰা আলোচনীখনৰ সম্পাদক হয় অনুৰাধা শৰ্মা পূজাৰী আৰু কাৰ্যবাহী সম্পাদক দিগন্ত ওজা। ২০১৫ চনৰপৰা অতনু ভট্টাচাৰ্যই কাৰ্যবাহী সম্পাদকৰূপে দায়িত্ব পালন কৰি আছে। ২০২২ চনত আলোচনীখন সপ্তদশ বছৰত চলি আছে। এই আলোচনীখন 'ইউ জি চি কেয়াৰ লিষ্ট'ত অন্তৰ্ভুক্ত গৱেষণা পত্ৰিকা হিচাপেও স্বীকৃত।[2]

২০০৫ চনত গুৱাহাটীৰ প্ৰতিষ্ঠিত সংবাদ গোষ্ঠী 'সাদিন-প্ৰতিদিন গোষ্ঠী' (সাদিন প্ৰকাশন)-ৰ উদ্যোগত এই মাহেকীয়া সাহিত্যিক আলোচনীখন প্ৰথম প্ৰকাশ কৰা হয়। বিগত দুই দশকৰো অধিক সময় ধৰি এই আলোচনীখনে অসমীয়া সাহিত্য আৰু বৌদ্ধিক জগতত এক বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে। সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞি আছিল এই আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক। তেওঁৰ বলিষ্ঠ নেতৃত্ব আৰু সুদূৰপ্ৰসাৰী চিন্তাৰ ফচল হিচাপেই 'সাতসৰী'য়ে অতি কম সময়ৰ ভিতৰতে অসমৰ পঢ়ুৱৈ সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। তেওঁ নতুন লেখক-লেখিকাক সুযোগ দিয়াৰ লগতে উচ্চমানৰ গম্ভীৰ সাহিত্য চৰ্চাৰ এক পৰিৱেশ গঢ়ি তুলিছিল।[2]

লক্ষ্য আৰু উদ্দেশ্য

[সম্পাদনা কৰক]

সাতসৰীয়ে উদীয়মান সাহিত্যপ্ৰেমীসকলৰ বাবে এক মঞ্চ হিচাপে কাম কৰি আহিছে। আলোচনীখনত কবিতা, চুটিগল্প, প্ৰবন্ধ, চিত্ৰকলা আদি বিভিন্ন সাহিত্যিক আৰু সৃষ্টিশীল বিষয়ৰ লেখা প্ৰকাশ কৰা হয়। ইয়াৰ জৰিয়তে যুৱ প্ৰজন্মৰ বিভিন্ন সাহিত্যিক মত, চিন্তা আৰু সৃষ্টিশীল অভিব্যক্তি প্ৰকাশৰ সুযোগ লাভ কৰিছে। বৰ্তমানৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে তেওঁৰ সম্পাদনাত আলোচনীখনে হোমেন বৰগোহাঞিৰ সময়ৰ পৰা চলি অহা সাহিত্য চৰ্চাৰ ধাৰাটো অব্যাহত ৰাখিছে আৰু নতুন লেখকসকলক সৃষ্টিশীল কামত উৎসাহিত কৰি আহিছে।

সাতসৰীৰ ভূমিকা কেৱল সাহিত্যিক ৰচনা প্ৰকাশৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। আলোচনীখনে যুৱ প্ৰজন্মৰ সাহিত্যিক ৰুচি আৰু সাহিত্যচেতনাৰ বিকাশতো ভূমিকা পালন কৰি আহিছে। বিভিন্ন লেখক আৰু সৃষ্টিশীল ব্যক্তিৰ লেখা প্ৰকাশৰ জৰিয়তে আলোচনীখনে অসমীয়া সাহিত্য আৰু কলা-সংস্কৃতিৰ ক্ষেত্ৰখনত নতুন কণ্ঠ আৰু নতুন দৃষ্টিভংগী প্ৰকাশৰ মাধ্যম হিচাপে কাম কৰিবলৈ সক্ষম হৈছে। সাতসৰীৰ জৰিয়তে সাদিন-প্ৰতিদিন গোষ্ঠীয়ে অসমৰ সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত কাম কৰি অহা উদীয়মান লেখকসকলক পাঠকৰ সন্মুখলৈ অহাৰ সুযোগ দিয়াৰ লগতে পাঠকসকলক নতুন সাহিত্যিক চিন্তা আৰু সৃষ্টিশীল অভিব্যক্তিৰ সৈতে পৰিচয় কৰাই দিবলৈ সক্ষম হৈছে।[3]

বিষয়বস্তু

[সম্পাদনা কৰক]

সাতসৰীত বিভিন্ন সাহিত্যিক আৰু সৃষ্টিশীল বিষয়ৰ লেখা প্ৰকাশ পায়। ইয়াৰ উল্লেখযোগ্য বিষয়সমূহৰ ভিতৰত— কবিতা, মতামত, চুটিগল্প, প্ৰবন্ধ, সাহিত্য-সমালোচনা, অনুবাদ বিষয়ক লেখা, ধাৰাবাহিক ৰচনা, গ্ৰন্থ-সমালোচনা, বৰ্ণালী, নিৰীক্ষণ, কলা আৰু সংস্কৃতি সংক্ৰান্ত লেখা, চিত্ৰকলা আৰু অন্যান্য সৃষ্টিশীল কৰ্ম আদি৷[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]