সমললৈ যাওক

ভূটান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Bhutanৰ পৰা পুনঃনিৰ্দেশিত)
ভুটান সম্ৰাজ্য
འབྲུག་ རྒྱལ་ཁབ་
Brug Rgyal-khab
Dru Gäkhap
Flag of ভুটান
Flag
Coat of arms of ভুটান
Coat of arms
Anthem: ভূটীয়া ভাষা: ড্ৰুক ছেন্ধেন
(অনুবাদ: "বাজ ড্ৰেগন ৰাজ্য")
Location of ভুটান
ৰাজধানীথিম্ফু
Official languagesঝোংঘা, ইংৰাজী
Governmentসাংবিধানিক ৰাজতন্ত্ৰ
• ৰজা
জিগমে ৱাংচুক
কান্ধু ৱাংচুক
গঠন 
সপ্তদশ শতাব্দীৰ প্ৰথম ভাগত
• ওয়াংচুক ৰাজবংশ
১৭ ডিচেম্বৰ, ১৯০৭
• Water (%)
নগণ্য
Population
• ২০০৯ estimate
৬৯৭,০০০[1]
GDP (PPP)২০০৯ estimate
• Total
৩.৮৪৬ বিলিয়ন ডলাৰ[2]
• Per capita
৫,৭৯২ ডলাৰ[2]
HDI (২০০৭)বৃদ্ধি ০.৬১৯[3]
Error: Invalid HDI value (১৩২তম)
Currencyঙুল্ট্ৰুম (BTN)
Time zoneUTC+৬:০০ (BTT)
Calling code৯৭৫
Internet TLD.bt

ভূটান (/bˈtɑːn/ ( শুনক); জংখা: འབྲུག་ཡུལ་ সাঁচ:IPA-dz) বা ভোটদেশ দক্ষিণ এছিয়াৰ এখন ৰাজতন্ত্ৰ। দেশখন ভাৰতীয় উপমহাদেশৰ হিমালয় পৰ্বতমালাৰ পূৰ্বাংশে অৱস্থিত। ভুটানৰ উত্তৰে চীনতিব্বত স্বায়ত্তশাসিত অঞ্চল, আৰু দক্ষিণ, পূৱ তথা পশ্চিমে ভাৰতবৰ্ষ অৱস্থিত। ভূটানৰ শব্দটো সংস্কৃত শব্দ "ভূ-উত্থান" পৰা আহিছে, অৰ্থাৎ উচ্চভূমি। ভূটান ছাৰ্কৰ (SAARC) এখন সদস্য ৰাষ্ট্ৰ। ভুটানৰ ৰাজধানীৰ নাম হৈছে থিম্ফু

অতীত কালত ভূটান পাহাৰৰ উপত্যকা অনেক ৰাজ্যত বিভক্ত আছিল। ১৬শ শতিকাত এখন ধৰ্মীয় ৰাষ্ট্ৰ হিচাবে ইয়াৰ আৱিৰ্ভাব ঘটে। ১৯০৭ চনত ওয়াংচুক বংশই দেশখনৰ শাসন চলাই আছিল। ১৯৫০ দশক পৰ্য্যন্ত ভূটান এখন বিচ্ছিন্ন দেশ আছিল। ১৯৬০ দশকত ভাৰতৰ পৰা অৰ্থনৈতিক সাহায্য লাভ কৰি দেশখন এখন আধুনিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হৈছিল। তেতিয়া ই বিশ্বৰ অনুন্নত দেশসমূহৰ ভিতৰত এখন আছিল।

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

ভূটানৰ নামৰ উৎপত্তি সংস্কৃত শব্দ "ভূ-উত্থান", (অৰ্থাৎ উচ্চভূমি) পৰা হৈছে। অন্য মতে, ভোটস-আন্ত, অৰ্থাৎ "তিব্বতৰ সীমান্ত"ৰ পৰা ভূটান শব্দটো আহিছে। যিহেতু ভূটান তিব্বতৰ দক্ষিণ দিশে অৱস্থিত।

ভুটানৰ মানচিত্ৰ (২০১০ অনুযায়ী)

ভূটান পূব হিমালয়ৰ দক্ষিণ ঢালত অৱস্থিত। উত্তৰে তিব্বত তথা পশ্চিম আৰু দক্ষিণ দিশত ভাৰতবৰ্ষৰ ছিক্কিম, পশ্চিমবংগ, অসম আৰু অৰুণাচল প্ৰদেশে আৱৰি আছে। দক্ষিণ অঞ্চলত উচ্চতা ২০০ মিটাৰ (৬৬০ ফুট)ৰ পৰা ৭০০০ মিটাৰ (২৩,০০০ফুট)লৈকে দেখা যায়।

ভুটানৰ আয়তন ৪৬,৫০০ বৰ্গকিলোমিটাৰ। থিম্ফু ভূটানৰ ৰাজধানী আৰু ই দেশখনৰ মধ্য-পশ্চিম অংশত অৱস্থিত। অন্যান্য চহৰৰ ভিতৰত, ফোয়েন্ত শোলিং, পুনাখা আৰু বুমথং উল্লেখযোগ্য। ভুটানৰ ভূ-প্ৰকৃতি পৰ্বতময়। উত্তৰে সুউচ্চ হিমালয় পৰ্বতমালা, মধ্য আৰু দক্ষিণভাগত পাহাৰ আৰু মালভূমি তথা দক্ষিণ প্ৰান্তসীমাত কিছু ছাভানা তৃণভূমি আৰু সমভূমি আছে। মধ্যভাগৰ মালভূমিৰ মধ্যকাৰ উপত্যকাতেই বেছিভাগ লোকে বসবাস কৰে। ভুটানৰ জলবায়ু উত্তৰত আল্পীয়, মধ্যত নাতিশীতোষ্ণ আৰু দক্ষিণত উপক্ৰান্তীয়; জুন পৰা ছেপ্টেম্বৰ পৰ্য্যন্ত মৌছুমী বায়ুৰ প্ৰভাৱৰ ফলত বৃষ্টিপাত হয়।

বহিৰ্বিশ্বৰপৰা বহুদিন বিচ্ছিন্ন হৈ থকাৰ কাৰণে ভুটানৰ প্ৰাণী আৰু উদ্ভিদৰ সৈতে এক অভয়াৰণ্য। ইয়াত বহু হাজাৰ দুৰ্লভ প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ দেখা পোৱা যায়। ভুটানৰ প্ৰায় ৭০% অঞ্চল অৰণ্যাবৃত।

ভূটানৰ ভৌগোলিক মানচিত্ৰ


প্ৰশাসনিক অঞ্চলসমূহ

[সম্পাদনা কৰক]

ভূটানক মূলতঃ ২০টা যঙখাগ (Dzongkhag) অথবা জিলাত ভগোৱা হৈছে। এই জিলাসমূহ যঙখাগ ছ’গডু নামৰ সমিতিয়ে পৰিচালনা কৰে। নগৰ সমূহ থ্ৰমডে (Thromde) নামৰ সমিতিয়ে পৰিচালনা কৰে। গাঁওসমূহ গেৱগ (Gewog) নামৰ সমিতিয়ে পৰিচালনা কৰে।[4]

জনগাঁথনি

[সম্পাদনা কৰক]
ওয়াংদি ফোদ্ৰাং উৎসৱত জাতীয় পোছাকৰ পৰিহিত ভূটানী লোক

ভুটানৰ অধিবাসীসকল ভুটানী নামে পৰিচিত। ২০০৫ চনৰ লোকপিয়ল অনুসৰি ভূটানত ৬,৭২,৪২৫ জন লোকে বাস কৰে। প্ৰতি বছৰে ভূটানৰ জনসংখ্যা ২% হাৰত বাঢ়িছে। জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ৪৫ জন। ভুটানৰ মুঠ জনসংখ্যাৰ প্ৰায় ৫০% দ্ৰুপকা জাতিৰ লোক। ইয়াৰ বাহিৰে ৩৫% লোক নেপালী আৰু বাকীসকল আদিবাসী বা অভিবাসী জাতি। দেশৰ প্ৰায় তিনি-চতুৰ্থাংশ লোক লামাবাদী বৌদ্ধধৰ্মত বিশ্বাস কৰে। বাকীসকলে ভাৰত আৰু নেপালী ধাৰাৰ হিন্দু ধৰ্ম পালন কৰে। ভুটানৰ চৰকাৰী ভাষা হৈছে “জোংখা”। ইয়াত বুমথাং-খা, শাৰচোপ-খা আৰু নেপালী ভাষাও প্ৰচলিত। ইংৰাজী ভাষাৰো শিক্ষা দিয়া হয়। ভূটানৰ সাক্ষৰতা হাৰ হৈছে প্ৰায় ৬০%। মুঠ জনসংখ্যাৰ প্ৰায় ৯৪% শতাংশ লোক কৃষি কৰ্মত নিয়োজিত। নিবনুৱাৰ হাৰ ৩.১% (২০০৫ চনৰ প্ৰাক্কলন)। জংখা ভাষা বা ভুটানী ভাষা ভূটানৰ চৰকাৰী ভাষা। ইয়াৰ বাহিৰেও ভূটানত প্ৰায় ১০টা ভাষা প্ৰচলিত। ইয়াৰ ভিতৰত বহু লক্ষাধিক লোকে নেপালী ভাষা ব্যৱহাৰ কৰা দেখা যায়। আন্তৰ্জাতিক ব্যৱসায় বাণিজ্য আৰু পৰ্যটন শিল্পৰ ক্ষেত্ৰত ইংৰাজী ভাষা ব্যৱহাৰ কৰা হয়।

ভূটানৰ ধৰ্ম
ধৰ্ম শতকৰা হাৰ
বৌদ্ধ ধৰ্ম
  
৭৬%
হিন্দু ধৰ্ম
  
২৩%
অন্যান্য
  
১%

অনুমান কৰা হয় যে মুঠ জনসংখ্যাৰ দুই-তৃতীয়াংশ লোকেই হ'ল "বজ্ৰায়ানা বৌদ্ধ" ধৰ্মাৱলম্বী লোক। বাকীসকলে ভাৰত আৰু নেপালী ধাৰাৰ হিন্দু ধৰ্মত বিশ্বাস ৰেখে।[6]

সপ্তদশ শতিকাত ভূটানত বৌদ্ধ ধৰ্মৰ প্ৰচাৰ হৈছিল। তিব্বতৰ ৰজা ছঙৎচান গম্পু (ৰাজত্বকাল ৬২৭-৪৯) মধ্য ভূটানত বুমথাঙ আৰু ক্যিছু (পাৰোৰ ওচৰত) দুটা বৌদ্ধ বিহাৰ নিৰ্মাণ কৰাইছিল।

ভূটানৰ ৰাষ্ট্ৰীয় ভাষা হৈছে জোংখা ভাষা, যাক ভূটানীজ ভাষা বুলিও কোৱা হয়। ইয়াৰ লিপিৰ নাম হৈছে "চৌকী" (ধৰ্ম ভাষা) (Chhokey, Dharma Language)। এই লিপিৰ তিব্বতীয় ভাষাৰ লগত মিল আছে। বিদ্যালয়সমূহত শিক্ষাৰ মাধ্যম ইংৰাজী আৰু জোংখা ভাষা জাতীয় ভাষা হিচাপে পঢ়োৱা হয়। বৰ্তমান ভূটানত ২৪টা ভাষা প্ৰচলিত। এই ভাষাসমূহ তিব্বত-বাৰ্মা ভাষাৰ পৰা উৎপত্তি হৈছে। আনহাতে ভূটানত প্ৰচলিত নেপালী ভাষাৰ উৎপত্তি ইণ্ডো-আৰ্য্য ভাষাৰ পৰা হৈছে।

চিত্ৰ ভঁৰাল

[সম্পাদনা কৰক]
৯০০ মিটাৰ ওখ ভূটানৰ এটি টিলাৰ ওপৰত অৱস্থিত তাকৎচাঙ গ্যম্বা (Tiger's nest) maps.google

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. অৰ্থনৈতিক এবং সামাজিক বিষয়ক জনসংখ্যা বিভাগেৰ দপ্তৰ (২০০৯) (.PDF). পৃথিবী জনসংখ্যা উন্নতিৰ, টেবিল এ.১. ২০০৮ পৰিমাৰ্জিত. জাতিসংঘ. http://www.un.org/esa/population/publications/wpp2008/wpp2008_text_tables.pdf। আহৰণ কৰা হৈছে: ২০০৯-০৩-১২. 
  2. 2.0 2.1 "Bhutan". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2009/02/weodata/weorept.aspx?sy=2006&ey=2009&scsm=1&ssd=1&sort=country&ds=.&br=1&c=514&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=&pr.x=57&pr.y=4। আহৰণ কৰা হৈছে: 2009-10-01. 
  3. "মানুষ উন্নয়ন প্ৰতিবেদন ২০০৯। মানুষ উন্নয়ন সূচক প্ৰবণতা: টেবিল জি". জাতিসংঘ. http://hdr.undp.org/en/media/HDR_2009_EN_Complete.pdf। আহৰণ কৰা হৈছে: ২০০৯-১০-০৫. 
  4. "Local Government Act of Bhutan 2009" (PDF). Government of Bhutan. 2009-09-11. Archived from the original on 2011-07-06. https://web.archive.org/web/20110706162642/http://www.nab.gov.bt/downloadsact/Dzo74.pdf। আহৰণ কৰা হৈছে: 2011-01-20. 
  5. "Delimitation". Election Commission, Government of Bhutan. 2011. Archived from the original on 2011-07-20. https://web.archive.org/web/20110720105402/http://www.election-bhutan.org.bt/index.php?option=com_content&id=132&Itemid=84। আহৰণ কৰা হৈছে: 2011-07-31. 
  6. "International Religious Freedom Report 2007–Bhutan". U.S. Department of State. 2007-09-14. http://www.state.gov/g/drl/rls/irf/2007/90227.htm। আহৰণ কৰা হৈছে: 2008-01-06. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]