সমললৈ যাওক

গান্ধী, ফাইটাৰ ৱিদাউট আ চৰ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গান্ধী, ফাইটাৰ ৱিদাউট আ চৰ্ড  

কিতাপখনৰ বেটুপাত
লেখক জেনেট ইটন
ভাষা ইংৰাজী

গান্ধী, ফাইটাৰ ৱিদাউট  আ চৰ্ড (ইংৰাজী: Gandhi, Fighter Without a Sword) হ'ল জেনেট ইটনে লিখা মোহনদাস কৰমচান্দ গান্ধীৰ জীৱনী। এইখন শিশুসকলৰ বাবে লিখা হৈছিল। ৰাফ ৰেই ইয়াৰ ছবিবোৰ আঁকিছিল।[1] জীৱনীখন ১৯৫০ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ হয় আৰু ১৯৫১ চনত ই নিউবেৰী অ'নৰ লাভ কৰে।[2]

লেখক পৰিচিতি

[সম্পাদনা কৰক]

জেনেট ইটন এগৰাকী আমেৰিকান শিশু সাহিত্যিক। তেখেতে ঘাইকৈ শিশুৰ বাবে উপযোগী ইতিহাস আৰু জীৱনী-গ্ৰন্থ লিখে। তেখেত চাৰিবাৰকৈ নিউবেৰী বঁটাৰ ৰাণাৰ-আপ। ১৮৮৬চনৰ ৩০ নৱেম্বৰ তাৰিখে অহিঅ'ত তেখেতে জন্ম গ্ৰহণ কৰিছিল আৰু ১৯৬৮ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে নিউয়ৰ্কত তেখেতৰ মৃত্যু হয়। তেখেতৰ আ ডটাৰ অৱ দ্য চেইন: দ্য লাইফ অৱ মাডাম ৰণাল্ড(১৯২৯), লিডাৰ বাই ডেষ্টিনি(১৯৩৮), ল'ন জাৰ্নি: দ্য লাইফ অৱ ৰ'গাৰ ৱিলিয়ামচ্‌(১৯৪৪) আৰু গান্ধী, ফাইটাৰ ৱিদাউট আ চৰ্ড গ্ৰন্থই ক্ৰমে ১৯৩০, ১৯৩৯, ১৯৪৫ আৰু ১৯৫১চনত নিউবেৰী অ'নৰ লাভ কৰি কৰিছিল।[3]

ইটনে তেওঁৰ কিতাপখনৰ জৰিয়তে গান্ধীৰ আধ্যাত্মিক আৰু ৰাজনৈতিক নেতৃত্বৰ গুণবোৰ ব্যক্তিগত আৰু ইতিবাচক ভাৱে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে। ইটনে বিচাৰিছিল যে, গান্ধী আৰু তেখেতৰ পৰিয়ালে সহ্য কৰা ত্যাগ আৰু পৰীক্ষাসমূহ যুৱ পঢ়ুৱৈয়ে বুজি পাওঁক কাৰণ তেওঁলোকক অপ্ৰয়োজনীয় ভয় আৰু কুসংস্কাৰৰ মুক্ত কৰিবলৈ তেওঁলোকে সংগ্ৰাম কৰিছিল। ইটনে গান্ধীক এজন আত্ম-ত্যাগী, আধ্যত্মিক পুৰুষৰ ৰূপত চিত্ৰণ কৰিছে। কিতাপখনৰ সংলাপসমূহ ইটনে এনেকৈ সজাইছে যাতে কিশোৰ পঢ়ুৱৈৰ পঢ়াত সুবিধা হয়। গান্ধীয়ে আন্দোলনৰ বাবে যি অহিংস নীতি গ্ৰহণ কৰিছিল কৰিছিল গভীৰ অন্তৰ্দৃষ্টিয়ে সেয়া বৰ্ণনাত ইটনে জোৰ দিছে।

পঢ়ুৱৈৰ মতামত

[সম্পাদনা কৰক]

পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বয়সৰ পঢ়ুৱৈয়ে কিতাপখন পঢ়ি সামাজিক মঞ্চত মন্তব্য কৰিছে যে, এই কিতাপখনৰ পঠনে কেৱল শিশুসকলকে নহয় প্ৰাপ্তবয়স্ক সকলকো উদ্বুদ্ধ কৰিব।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Enotes summary". Archived from the original on 2012-10-08. https://web.archive.org/web/20121008053017/http://www.enotes.com/gandhi-jeanette-eaton-salem/gandhi আহৰণ কৰা হৈছে: 2020-10-03.
  2. "Newbery Medal and Honor Books, 1922-Present". American Library Association. 30 November 1999. http://www.ala.org/ala/mgrps/divs/alsc/awardsgrants/bookmedia/newberymedal/newberyhonors/newberymedal.cfm আহৰণ কৰা হৈছে: 2009-12-30.
  3. "জেনেট ইটন". ইংৰাজী ৱিকিপিডিয়া. https://en.wikipedia.org/wiki/Jeanette_Eaton আহৰণ কৰা হৈছে: 6 October 2020.