এই প্ৰবন্ধটোক
চুৰেম্ফা নামৰ প্ৰবন্ধৰ সৈতে খেলি-মেলি নকৰে যেন।
চাওফা চ্যু-ৰাম-ফা ইংৰাজী: Suramphaa আহোম ৰাজপাটত উঠে ১৬৪১ খ্ৰীষ্টাব্দত। এওঁ স্বৰ্গদেউ প্ৰতাপ সিংহৰ বৰপুতেক আছিল। এওঁ সময় নৌহওঁতেই ৰজা ভগা হৈছিল। সেইবাবে তেওঁ ভগাৰজা নামেৰেও জনাজাত আছিল।[1] এইজনা ৰজা নৈতিকতাবিহীন আছিল। এওঁ চুতীয়া মানু্হ এজনক বধ কৰাই তেওঁৰ তিৰোতাজনী লৈ আহিছিল। এই তিৰোতাজনীয়ে লগত ভতিজা ল’ৰা এটাও আনিছিল। ৰজাৰ পুত্ৰ নথকাত তাকে পুত্ৰৱতে মৰম-চেনেহ কৰি ৰজা পাতিবলৈ মন মেলিছিল। পিছে ল’ৰাটোৰ ৰজা হোৱাৰ আগতেই মৃত্যু হৈছিল। চুতীয়া তিৰোতাজনীৰ কথামতে ল’ৰাটোৰ মৈদামত পুতিবলৈ ভগাৰজাই ডাঙৰীয়া সকলৰ ল’ৰা একোটি খুজিছিল। ইয়াতে ডাঙৰীয়াসকল বিতুষ্ট হৈ চুৰাম্ফাক ৰজা ভাঙি চুত্যিন্ফাক ৰজা পাতিছিল। চুৰাম্ফাক দূৰৈৰ পাহাৰলৈ নি তাতে থাকিবলৈ দিয়া হৈছিল; আৰু কিছুদিন পিছত তেওঁক তাতে বধ কৰোৱা হৈছিল।[1]
ভগাৰজাৰ দিনৰ প্ৰধান কাম হৈছে শলগুৰি আলি নিৰ্মাণ।
- ↑ 1.0 1.1 ভূপেন্দ্ৰনাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. প্ৰকাশক গুৱাহাটী: শ্ৰী খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা; লয়াৰ্ছ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী. পৃষ্ঠা. ৬৪, ৬৫ পৃষ্ঠা.