সমললৈ যাওক

ইয়ং ইণ্ডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Young Indiaৰ পৰা পুনঃনিৰ্দেশিত)
ইয়ং ইণ্ডিয়া

ইয়ং ইণ্ডিয়া (ইংৰাজী: Young India) হ'ল মহাত্মা গান্ধী য়ে প্ৰকাশ কৰা ইংৰাজী ভাষাৰ এখন সাপ্তাহিক কাকত, যিখন ১৯১৯ চনৰপৰা ১৯৩১ চনলৈ প্ৰকাশ হৈছিল।[1] এই কাকতখনত গান্ধীয়ে লিখা বিভিন্ন বাণীয়ে বহুজনক প্ৰভাৱিত কৰিছিল। ইয়ং ইণ্ডিয়াৰ জৰিড়তে তেওঁ অহিংস আন্দোলনৰ যথাযোগ্যতা প্ৰতিপন্ন কৰিবলৈ নিজৰ একক আদৰ্শ আৰু চিন্তাধাৰা ব্যক্ত কৰিছিল আৰু পাঠকসকললৈ আহ্বান কৰিছিল- তেওঁলোকে যাতে ভাৰতক ব্ৰিটিছ শাসন মুক্ত কৰিবলৈ আয়োজন আৰু যোজনা বনায়।

১৯১৯ চনত প্ৰকাশিত ইয়ং ইণ্ডিয়াৰ কপি

১৯৩৩চনত গান্ধীজীয়ে 'হৰিজন' নামে এখন সাপ্তাহিক কাকত প্ৰকাশ কৰে। হৰিজন মানে 'ভগৱানৰ মানুহ।' কাকতখন ইংৰাজী ভাষাত প্ৰকাশ হৈছিল। এই সময়খিনিতে গান্ধীয়ে গুজৰাটী ভাষাত 'হৰিজন বন্ধু' আৰু হিন্দী ভাষাত 'হৰিজন সেৱক' প্ৰকাশ কৰিছিল। এই গোটেইকেইখন কাকতে ভাৰতৰ লগতে পৃথিৱীৰ সামাজিক আৰু অৰ্থনৈতিক অসুবিধাসমূহৰ ওপৰত আলোকপাত কৰিছিল।[2]

কাকতখন লালা লাজপত ৰায়ে ১৯১৪ চনত আমেৰিকাৰ হ'ম ৰুল লীগ অৱ আমেৰিকাৰ দ্বাৰা পুনৰ প্ৰকাশ কৰিছিল।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]