১৮ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

১৮ জুলাই (ইংৰাজী: 18 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৯তম (অধিবৰ্ষত ২০০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬৬টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৪৭ - ভাৰতৰ স্বাধীনতা আইন ১৯৪৭ক (ইংঃ The India Independence Act 1947) বৃটেইনৰ সংসদত ৰাজকীয় স্বীকৃতি দিয়া হৈছিল আৰু বলৱৎ হৈছিল। [1]
  • ১৯৮০ - এ এছ এল ভি-৩ (ইঃ ASLV-3) যানখনেৰে ভাৰতত তৈয়াৰী প্ৰথম কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপন কৰা হৈছিল।
  • ১৯৮০ - ভাৰতত প্ৰথম ৰঙীন দূৰদৰ্শনৰ কাৰ্যসূচী সম্প্ৰচাৰ কৰা হৈছিল।
  • ২০০২ - ড॰ এ পি জে আব্দুল কালাম ভাৰতবৰ্ষৰ দ্বাদশগৰাকী ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হয়।
  • ২০০৪ - তামিলনাডুৰ কুম্বাকোনত এখন বিদ্যালয়ত জুই লাগি ৯০জন শিশু শিক্ষাৰ্থীৰ মৃত্যু হৈছিল।
  • ২০০৫ - ৰাহুল দ্ৰাবিড় ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাবে নিৰ্বাচিত হয়।
  • ২০০৮ - জুনিয়ৰ এছিয়া কাপ হকীত ভাৰত চেম্পিয়ন হৈছিল।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ৭১৫ - মহম্মদ বিন কাচিম, সিন্ধু বিজয়ী আৰৱৰ সেনাপতি। (জঃ ৬৯৫)
  • ১৮১৭ - জে'ন অ'ষ্টিন, ইংৰাজ ঔপন্যাসিকা, প্ৰাইড এণ্ড প্ৰিজুডাছৰ লেখিকা।
  • ১৯৯৪ - মুনিছ ৰাজা, ভাৰতীয় শিক্ষাবিদ, দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য।
  • ২০২২ - ভূপিন্দৰ সিং, ভাৰতীয় সংগীত-শিল্পী, গজল গায়ক।

দিৱস[সম্পাদনা কৰক]

অন্যান্য[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]



তথ্যসূত্ৰ[সম্পাদনা কৰক]