১৬ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা


১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

১৬ জুন (ইংৰাজী: 16 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৭তম (অধিবৰ্ষত ১৬৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৮টা দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল:

ঘটনাৱলী[সম্পাদনা কৰক]

  • ৬৩২ খ্ৰীষ্টপূৰ্ব - জোৰষ্ট্ৰিয়ান কেলেণ্ডাৰৰ প্ৰচলন হয়। উল্লেখ্য যে ইৰান আৰু ভাৰতৰ পাৰ্চী সমাজত এই কেলণ্ডাৰৰ প্ৰচলন বহুল ভাৱে হয়।
  • ১৯৪৪ - দ্বিতীয় বিশ্বযুদ্ধত মাৰ্কিন বিমান বাহিনীয়ে জাপানৰ দক্ষিণ অঞ্চলৰ ফুকুলা চহৰত আক্ৰমণ কৰে।
  • ১৯৬৩ - বিশ্বৰ প্ৰথমগৰীকী মহিলা মহাকাশচাৰী ‘‘ভেলেণ্টিনা টেৰেচ’কভা’’ই মহাকাশলৈ উৰা মাৰিছিলে।
  • ১৯৯১ - যোৰহাটৰপৰা দৈনিক সংবাদ-পত্ৰ দি-ইষ্টাৰ্ণ ক্লেৰিয়ান প্ৰকাশিত হৈছিল।
  • ২০০৭ - ছলমান ৰুশ্বদীক নাইট উপাধি প্ৰধান কৰে ইংলেণ্ডৰ ৰাণীয়ে।

জন্ম[সম্পাদনা কৰক]

  • ১৭২৩ - অডাম স্মিথ, স্কটিছ দাৰ্শনিক আৰু অৰ্থনীতিবিদ। (মৃঃ ১৭৯০)
  • ১৭৩৩ - জোচেফ প্ৰিষ্টলি, ব্ৰিটেইনৰ বিখ্যাত ৰসায়নবিদ আৰু পদাৰ্থ বিজ্ঞানী, অম্লজান (অক্সিজেন), পেঞ্চিলৰ দাগ চাফা কৰা ৰবৰ, কাৰ্বনেটেড পানী (চৌদা পানী) আৰু বহুতো ৰাসায়নিক যৌগৰ আৱিষ্কাৰক।
  • ১৮৮৮ - আলেকজেণ্ডাৰ আলেকজেণ্ড্ৰ'ভিচ ফ্ৰিদমেন, বিশ্ব ব্ৰহ্মাণ্ড প্ৰসাৰণ তত্ত্বৰ আৱিষ্কাৰক আৰু প্ৰথম আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বৰ ব্যাখ্যা আৰু প্ৰমাণ কৰোতা, ৰুচ গণিতজ্ঞ, বিশ্বতত্ত্ববিদ আৰু পদাৰ্থবিজ্ঞানী। (মৃঃ ১৯২৫)
  • ১৮৯০ - ষ্টেন লৰেল, ইংৰাজ কৌতুক অভিনেতা, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক। (মৃঃ ১৯৬৫)
  • ১৯৪৩ - হৰেন্দ্ৰনাথ বৰঠাকুৰ, অসমীয়া শিশু সাহিত্যিক তথা নাট্যকাৰ।
  • ১৯৫০ - মিথুন চক্ৰৱৰ্তী, ভাৰতৰ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা, ৰাজনৈতিক নেতা, সমাজ সংগঠক আৰু উদ্যোক্তা।
  • ১৯৬৫ - এণ্ড্ৰিয়া এম. ঘেজ, আমেৰিকান জ্যোতিৰ্বিজ্ঞানী।

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

অন্যান্য[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]