১০ অক্টোবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

১০ অক্টোবৰ (ইংৰাজী: 10 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮৩তম (অধিবৰ্ষত ২৮৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮২টা দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৪২ - শঙ্কৰ বৰুৱা, সুৰেন ফুকন আৰু বৈকুণ্ঠ সিংৰ নেতৃত্বত পুৱতি নিশা কিছুমান লোকে গোলাঘাট জিলাৰ সৰুপথাৰৰ ওচৰত ৰেলপথৰ কেইটামান ৰে'লৰ চিৰি আঁতৰাই ৰে'ল দূৰ্ঘটনা ঘটায়। এই দূৰ্ঘটনাত বহুতো ব্ৰিটিছ আৰু আমেৰিকান সৈন্যই প্ৰাণ হেৰুৱাইছিল। এই দূৰ্ঘটনাৰ বাবে ব্ৰিটিছ আৰক্ষীয়ে কুশল কোঁৱৰক মুখ্য ষড়যন্ত্ৰকাৰী বুলি অভিযোগ তোলে আৰু পিছত গ্ৰেপ্তাৰ কৰে। [1]
  • ১৯৫৭ - ইংলেণ্ডৰ কুম্ব্ৰিয়াৰ ৱিণ্ডস্কেল পাৰমাণৱিক প্ৰকল্পত সংঘটিত অগ্নিকাণ্ড বিশ্বৰ প্ৰথম বৃহৎ পাৰমাণৱিক দুৰ্ঘটনা হিচাপে পৰিণত হয়।
  • ১৯৬২ - অসম বিধানসভাত চৰকাৰী ভাষা আইন ( Official Language Act XXIII, 1960 ) উত্থাপন কৰা হয়।
  • ১৯৬৪ - টকিঅ'ত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয়।
  • ১৯৭০ - ফিজিয়ে স্বাধীনতা লাভ কৰে।
  • ১৯৯২ - হুগলী নদীৰ ওপৰত দ্বিতীয় দলং বিদ্যাসাগৰ সেতু উদ্বোধন কৰা হয়।
  • ১৯৯৯ - বিজেপি তথা আন কেইটামান দলৰ মিত্ৰজোঁটৰ কেন্দ্ৰত চৰকাৰ গঠন কৰে। অটল বিহাৰী বাজপেয়ী পুনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৯ - জাৰ্মাণিকাছ, ৰোমান সেনাপতি। (জঃ ১৫ খ্ৰীষ্টপূৰ্ব)
  • ১৬৫৯ - এবেল তাচমান, ডাচ নাৱিক আৰু অভিযাত্ৰী (তাচমেনিয়া, নিউজিলেণ্ড আৰু ফিজি দেখা প্ৰথম ইউৰোপীয়ান), প্ৰায় ৫৫ বছৰ বয়সত মৃত্যু বৰণ কৰে।
  • ১৯২৯ - এলিজা মেককয়, কানাডিয়ান-আমেৰিকান উদ্ভাৱক আৰু অভিযন্তা (৫৭টা পেটেণ্ট আছিল), ৮৬ বছৰ বয়সত মৃত্যু হয়।
  • ১৯৬৪ - গুৰু দত্ত, প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা।
  • ১৯৬৬ - চাৰ্লট কুপাৰ ((Charlotte Cooper), ব্ৰিটিছ টেনিছ খেলুৱৈ আৰু প্ৰথম মহিলা অলিম্পিক টেনিছ চেম্পিয়ন (১৯০০)।
  • ১৯৯৭ - মাইকেল জে এছ দেৱাৰ, ভাৰতত জন্ম হোৱা আমেৰিকান তাত্ত্বিক ৰসায়নবিদ, যি দেৱাৰ-চেট-ডানকানচন মডেল বিকশিত কৰিছিল। (জঃ ১৯১৮)
  • ২০০০ - শ্ৰীমাভো বন্দৰনায়ক, শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী, তেখেত বিশ্বৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী আছিল।
  • ২০০৪ - ক্ৰিষ্টোফাৰ ৰিভ, আমেৰিকান অভিনেতা।
  • ২০১১ - জগজিৎ সিং, প্ৰসিদ্ধ গজল গায়ক।
  • ২০১৫ - মনোৰমা, ভাৰতীয় (তামিল) অভিনেত্ৰী। (জঃ ১৯৩৭)
  • ২০২২ - মুলায়েম সিং যাদৱ, সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। [2]

ছুটী আৰু দিৱস[সম্পাদনা কৰক]

  • বিশ্ব মানসিক স্বাস্থ্য দিৱস[3]
  • বিশ্ব মহাকাশ সপ্তাহৰ অন্তিম দিন। (৪ ৰ পৰা ১০ অক্টোবৰলৈ পালন কৰা হয়)
  • বিশ্ব মৃত্যুদণ্ড বিৰোধ দিৱস।
  • ৰাষ্ট্ৰীয় ডাক দিৱস। (ভাৰত)

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. বৰা, সোনেশ্বৰ. শুভ যাত্ৰা-দূৰ্গম পথঃ মহামানৱ মহাত্মা গান্ধীৰ পৰা দৈয়াংলৈ. বি. এছ. পাব্লিকেশ্ব্যন, জু-নাৰেঙ্গী ৰ'ড, গুৱাহাটী-২১, ২০০৮ চন ১মাৰ্চ, p. ১০৭.
  2. "Mulayam Singh Yadav Passes Away". https://assam.news18.com/news/nation/sp-supremo-mulayam-singh-yadav-passes-away-breathed-his-last-at-medanta-hospital-in-gurugram-skd-257625.html। আহৰণ কৰা হৈছে: 10 October 2022. 
  3. Jenkins, Rachel; Lynne Friedli; Andrew McCulloch; Camilla Parker (2002). Developing a National Mental Health Policy. Psychology Press. পৃষ্ঠা. 65. ISBN 1-84169-295-6.