১১ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

১১ জুলাই (ইংৰাজী: 11 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯২তম (অধিবৰ্ষত ১৯৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৩টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯২৫ - ৱাৰ্নাৰ হাইজেনবাৰ্গৰ ‘‘মেট্ৰিস্ক’’ বলবিজ্ঞানৰ প্ৰথমখন গৱেষণা পত্ৰৰ চূড়ান্ত ৰূপত প্ৰকাশ কৰা হৈছিল।
  • ১৯৩০ - অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ড'নাল্ড ব্ৰেডমেনে টেষ্ট ক্ৰিকেটত ইংলেণ্ডৰ বিৰুদ্ধে খেলি প্ৰথম দিনাই এককভাৱে ৩০৯ ৰাণ সংগ্ৰহ কৰি বিশ্ব ৰেকৰ্ড কৰে।
  • ১৯৭৩ - বিশ্ব ডবা চেম্পিয়নশ্বীপ আৰম্ভ হয়।
  • ১৯৭৯ - আমেৰিকাৰ প্ৰথম মহাকাশ কেন্দ্ৰ "স্কাইলেব" ধ্বংসপ্ৰাপ্ত হৈ ভাৰত মহাসাগৰত পতিত হয়।
  • ২০০৩ - ঐতিহাসিক দিল্লী-লাহোৰ বাছ সেৱা পুনৰ আৰম্ভ হয়।
  • ২০০৬ - মুম্বাই মহানগৰীৰ বিভিন্ন ঠাইত সন্ত্ৰাসবাদীয়ে ঘটোৱা বোমা বিস্ফোৰণত ৬০জন লোকৰ মৃত্যু হয় আৰু সহস্ৰাধিক লোক আহত হয়।
  • ২০০৭ - ভাৰত স্কাউট আৰু গাইডৰ ৰাজ্যিক মুখ্যালয়ৰ মুখ্য আয়ুক্ত ডি এন শইকীয়াক "ছিলভাৰ এলিফেণ্ট" বঁটাৰে সন্মানীত কৰা হয়।
  • ২০১২ - জ্যোৰ্তিবিজ্ঞানী সকলে প্লুটো গ্ৰহৰ পঞ্চমটো উপগ্ৰহ ষ্টিক্স আৱিষ্কাৰ কৰে।
  • ২০১৩ - অসমৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান শিক্ষা জনপ্ৰিয়কৰণত সহায়ৰ বাবে যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহটি দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হয়।

জন্ম[সম্পাদনা কৰক]

  • ১২৭৪ - ৰবাৰ্ট ব্ৰুছ, স্কটলেণ্ডৰ ৰজা।
  • ১৬৫৭ - ফ্ৰেডৰিক দি গ্ৰেট, প্ৰুছিয়াৰ ৰজা।
  • ১৭৬৭ - জন কুইঞ্চি আদামছ্, আমেৰিকাৰ ষষ্ঠ ৰাষ্ট্ৰপতি।
  • ১৯১৬ - আলেকজেণ্ডাৰ মিখাইলোভিছৰ অষ্টেলিয়াৰ প্ৰখোৰভ, প্ৰখ্যাত ৰুছ বিজ্ঞানী। তেওঁ ১৯৬৪ চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৯২৩ - টুন টুন বা উমা দেৱী খাত্ৰি, ভাৰতীয় কৌতুক অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী।
  • ১৯৩১ - বেজান দাৰুৱালা, ভাৰতীয় জ্যোতিষ স্তম্ভলেখক।
  • ১৯৫৩ - লিঅ'ন স্পিংকছ, আমেৰিকাৰ বক্সিং খেলুৱৈ, কিংবদন্তি বক্সাৰ মহম্মদ আলীক পৰাস্ত কৰিছিল।
  • ১৯৫৬ - অমিতাভ ঘোষ, ভাৰতীয় ঔপন্যাসিক, প্ৰবন্ধকাৰ‎ তথা শিক্ষাবিদ।
  • ১৯৬৭ - ঝুম্পা লাহিড়ী, পুলিৎজাৰ বঁটা বিজয়ী প্ৰখ্যাত আমেৰিকান সাহিত্যিক।

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৭৪ - পাৰ ফবিয়ান লাগেৰভিষ্ট, ১৯৫১ চনৰ সাহিত্যৰ নোবেল বিজয়ী ছুইডেনৰ সাহিত্যিক।
  • ১৯৮৯ - লৰেন্স অলিভিয়াৰ, প্ৰখ্যাত ব্ৰিটিছ অভিনেতা।
  • ১৯৯৪ - ৰাম ৰাঘোবা ৰাণে, পৰম বীৰ চক্ৰ লাভ কৰোতা ভাৰতীয় সেনা বিষয়া।
  • ২০১৫ - পূৰ্ণিমা সিন্‌হা, ভাৰতীয় পদাৰ্থ বিজ্ঞানী।

দিৱস[সম্পাদনা কৰক]