৮ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

৮ আগষ্ট (ইংৰাজী: 8 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২০তম (অধিবৰ্ষত ২২১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪৫টা দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৫০৯ - বিজয় নগৰৰ সম্ৰাট হিচাপে মহাৰাজ কৃষ্ণদেৱ ৰয়ৰ ৰাজ অভিশেষ।
  • ১৮১৫ - ৱাৰ্টালু যুদ্ধত পৰাজিত আৰু বন্দী নেপোলিয়ন বোনাৰ্পাটক ছেণ্ট হেলেনা দ্বীপলৈ নিৰ্বাসন দিয়া হৈছিল।
  • ১৯৪২ - ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰা হৈছিল।
  • ১৯৫৫ - পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰ সম্পৰ্কে আলোচনাৰ বাবে জেনভাত এখন আন্তৰ্জাতিক সন্মিলন আৰম্ভ হয়। এই সন্মিলনত প্ৰায় ৭২খন দেশৰ ১,২০০ বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে।
  • ১৯৭৭ - ভাৰত চৰকাৰৰ অসামৰিক সন্মান ভাৰতৰত্ন আৰু পদ্ম সন্মান প্ৰদান অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছিল।
  • ১৯৮৫ - ট্ৰম্বেত ভাৰতৰ সৰ্ববৃহৎ গৱেষণাকেন্দ্ৰ নিউক্লিয় ৰিয়েক্টৰ ‘ধ্ৰুৱ’ কাৰ্যক্ষম কৰা হৈছিল।

জন্ম[সম্পাদনা কৰক]

  • ১৮৬৫ - অবলা বসু, ভাৰতীয় সামাজিক কৰ্মী।
  • ১৯০২ - পল এদ্ৰিয়েন মৰিছ ডিৰাক, 'কোৱাণ্টাম ইলেক্ট্ৰ'ডাইনেমিকছ'ৰ বাবে জনাজাত নোবেল বিজয়ী ইংৰাজ তাত্ত্বিক পদাৰ্থবিজ্ঞানী।
  • ১৯০৪ - ত্ৰিভুবন নাৰায়ণ সিং, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ।
  • ১৯০৮ - সিদ্ধেশ্বৰী দেৱী, শাস্ত্ৰীয় সংগীতৰ গায়িকা।
  • ১৯১৪ - সৰলা ঠকৰাল, প্ৰথম ভাৰতীয় মহিলা বৈমানিক।
  • ১৯৩১ - ছাৰ ৰ'জাৰ পেনৰ'জ, ইংৰাজ গাণিতিক পদাৰ্থবিদ।
  • ১৯৩৪ - সুদক্ষিণা শৰ্মা, অসমৰ এগৰাকী খ্যাতনামা গায়িকা।
  • ১৯৪০ - দিলীপ ছাৰদেশাই, ভাৰতীয় ক্ৰিকেটাৰ।
  • ১৯৪২ - শ্বেৰ চৌধুৰী, অসমৰ সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, আলোকচিত্ৰ শিল্পী আৰু চিত্ৰকৰ।
  • ১৯৪৮ - কপিল ছিব্বাল, ভাৰতৰ এগৰাকী ৰাজনীতিবিদ।
  • ১৯৫৫ - ইলিয়াছ আলি, অসমৰ এগৰাকী শল্য চিকিৎসক।
  • ১৯৬২ - দেৱশ্ৰী ৰায়, ভাৰতীয় বঙালী অভিনেত্ৰী, নৃত্যশিল্পী।
  • ১৯৯৪ - সাইখোম মীৰাবাই চানু, ভাৰতীয় ভাৰোত্তোলক।
  • ১৯৮১ - ৰ'জাৰ ফেডেৰাৰ, টেনিছৰ ২০টা গ্ৰেণ্ড শ্লেম জিকা প্ৰথম টেনিছ খেলুৱৈ।

মৃত্যু[সম্পাদনা কৰক]

  • ১৮২৭ - জৰ্জ কানিং, ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
  • ১৯৪৮ - ইয়েল্লাপ্ৰগডা চুব্বাৰাও, কোষত এ টি পি অনু শক্তিৰ উৎস হিচাপে আৱিষ্কাৰ আৰু কেন্সাৰ নিৰাময়ৰ মেথ'ট্ৰেক্সজিৰ আৱিষ্কাৰ কৰা ভাৰতীয় জৈৱ-ৰসায়ন বিজ্ঞানী।
  • ২০০০ - এছ নিজলিংগপ্পা, ভাৰতৰ এগৰাকী ৰাজনীতিবিদ।
  • ২০০৬ - চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া, অসমীয়া সাহিত্য জগতৰ ‘‘মহাৰথী’’ সাহিত্য অকাডেমি বিজয়ী সাহিত্যিক।

দিৱস[সম্পাদনা কৰক]

  • আন্তৰ্জাতিক মেকুৰি দিৱস।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]