১৭ ডিচেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

১৭ ডিচেম্বৰ (ইংৰাজী: 17 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৫১তম (অধিবৰ্ষত ৩৫২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯২৮ - ভাৰতীয় বিপ্লৱী ভগত সিং, সুখদেৱ থাপাৰ আৰু শিৱৰাম ৰাজগুৰুৱে আৰক্ষীৰ হাতত লালা লাজপত ৰায়ৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ পঞ্জাৱলাহোৰত ব্ৰিটিছ আৰক্ষী বিষয়া জেমছ চণ্ডাৰ্ছক হত্যা কৰে। এই তিনিওজনক ১৯৩১ চনত মৃত্যুদণ্ড দিয়া হৈছিল।
  • ১৯৯৬ - কফি আন্নান ৰাষ্ট্ৰসংঘৰ সচিব পদত অধিষ্ঠিত হৈছিল।
  • ২০১৮ - অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু অসম মৰাণ সভাৰ সহযোগত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পোনপ্ৰথমবাৰৰ বাবে আয়োজিত বীৰ ৰাঘৱ মৰাণ দিৱসত মৰাণ ভাষা, লোক-সংস্কৃতিৰ বিশিষ্ট সাধক তথা সমাজসেৱক সুখীদৰ দহোটীয়াক তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল-এ ২০১৮ বৰ্ষৰ বীৰ ৰাঘৱ মৰাণ বঁটা প্ৰদান কৰে।
  • ২০১৯ - নাগৰিকত্ব সংশোধনী আইন "কা"ৰ বিৰুদ্ধে ৰাজপথৰ অসমীয়াৰ ব্ৰজধ্বনি। দ্বিতীয় দিনাও লতাশিল খেলপথাৰত সমবেত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী।
  • ২০২০ - ভাৰত আৰু বাংলাদেশৰ মাজত সাতখনকৈ বুজাবুজি চুক্তিত স্বাক্ষৰ হয়। ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ৰ পৰা বন্ধ হৈ থকা ৰে'ল সেৱা ৫৫ বছৰৰ পিছত ভাৰ্চুৱেল মাধ্যমেৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই চিলহাটী-হালদিবাৰীৰ মাজত ৰে'ল সেৱা শুভ উদ্বোধন কৰে।
  • ২০২১ - ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চুবুৰীয়া দেশ ভূটান-এ তেওঁলোকৰ সৰ্বোচ্চ অসামৰিক সন্মান নগদগ পেল জী খৰল বঁটা দিয়াৰ কথা ঘোষণা কৰে।

জন্ম[সম্পাদনা কৰক]

  • ১৫৫৬ - খানজাদা মিৰ্জা খান আব্দুল ৰহিম, যাক সাধাৰণভাৱে ৰহিম বুলি জনা যায় আৰু খান-ই-খানান উপাধি লাভ কৰা এজন কবি আছিল যি মোগল সম্ৰাট আকবৰৰ শাসনকালত ভাৰতত বাস কৰিছিল আৰু আকবৰৰ পৰামৰ্শদাতা আছিল। তেওঁ সম্ৰাট আকবৰৰ ৰাজসভাৰ নজন গুৰুত্বপূৰ্ণ মন্ত্ৰীৰ (দেৱান) এজন আছিল, যাক নৱৰত্ন বুলি জনা যায়। ৰহিম তেওঁৰ ভাৰতীয় দোহা আৰু জ্যোতিষশাস্ত্ৰৰ বিষয়ক তেওঁৰ কিতাপসমূহৰ বাবে জনাজাত আছিল। মৃত্যু ১ অক্টোবৰ, ১৬২৭।
  • ১৭৭০ - লুডৱিগ ভেন বীথোভেন, জাৰ্মান সুৰকাৰ আৰু পিয়ানোবাদক আছিল। বিথ'ৱেন পাশ্চাত্য সংগীতৰ ইতিহাসৰ আটাইতকৈ প্ৰশংসিত ৰচয়িতাসকলৰ মাজৰ এজন। তেওঁৰ তৈয়াৰ কৰা সুৰবোৰ শাস্ত্ৰীয় সংগীতৰ সৰ্বাধিক পৰিৱেশনকৰা সুৰৰ তালিকাৰ ভিতৰত স্থান লাভ কৰে আৰু সেই সুৰ শাস্ত্ৰীয় যুগৰ পৰা শাস্ত্ৰীয় সংগীতৰ ৰোমান্টিক যুগলৈ পৰিৱৰ্তন কৰে। মৃত্যু ২৬ মাৰ্চ, ১৮২৭।
  • ১৯০৫ - মহম্মদ হিদায়াতুল্লাহ, ভাৰতৰ এগৰাকী আইনবিদ, পণ্ডিত, শিক্ষাবিদ, লেখক আৰু ভাষাবিদ আছিল। মহম্মদ হিদায়াতুল্লাহ আছিল ভাৰতবৰ্ষৰ একাদশ সংখ্যক মুখ্য ন্যায়াধীশ যি ১৯৬৮ চনৰ ২৫ ফেব্ৰুৱাৰীৰ পৰা ১৬ ডিচেম্বৰ ১৯৭০ লৈ সেৱা আগবঢ়াইছিল, আৰু ভাৰতৰ ষষ্ঠ উপ-ৰাষ্ট্ৰপতি' আছিল, যি ৩১ আগষ্ট ১৯৭৯ ৰ পৰা ৩০ আগষ্ট ১৯৮৪ লৈ কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰি তেওঁ ১৯৬৯ চনৰ ২০ জুলাইৰ পৰা ২৪ আগষ্ট ১৯৬৯ লৈ, ১৯৮২ চনৰ ৬ অক্টোবৰৰ পৰা ১৯৮২ চনৰ ৩১ অক্টোবৰলৈ , ১৯৮৩ চনৰ ২৫ জুলাইৰ পৰা ২৫ জুলাই ১৯৮৩ লৈ আৰু ১৯৮৪ চনৰ ২৫ জুলাইৰ পৰা ২৫ জুলাই ১৯৮৪ লৈ ভাৰতৰ কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল— "ভাৰতত গণতন্ত্ৰ আৰু ন্যায়িক প্ৰক্ৰিয়া(১৯৬৬)", "দক্ষিণ-পশ্চিম আফ্ৰিকা গোচৰ(১৯৬৭)", "সাংবিধানিক আৰু সংসদীয় অধ্যয়ন প্ৰতিষ্ঠানৰ বাবে প্ৰকাশিত ন্যায়িক পদ্ধতি(১৯৭০)", "এজন ন্যায়াধীশ ভিন্ন কথা, এন এম ত্ৰিপাঠী(১৯৭২)", "আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰত: অল ইণ্ডিয়া ৰিপ'ৰ্টাৰ(১৯৭৭)" ইত্যাদি। মৃত্যু ১৮ ছেপ্তেম্বৰ, ১৯৯২।
  • ১৯৩৩ - নগেন্দ্ৰ নাথ ভট্টাচাৰ্য্য, অসমীয়া সাহিত্যিক।
  • ১৯৫১ - দীপ গগৈ, ভাৰতীয় ৰাজনীতিক তথা অসম লোকসভাৰ সাংসদ।
  • ১৯৭৮ - ৰিতেশ দেশমূখ, ভাৰতীয় অভিনেতা, প্ৰযোজক।

মৃত্যু[সম্পাদনা কৰক]

  • ১৯২৭ - ৰাজেন্দ্ৰ নাথ লাহিড়ী, যাক সাধাৰণতে ৰাজেন্দ্ৰ লাহিড়ী বুলি জনা যায়। এজন ভাৰতীয় বিপ্লৱী আছিল, যি কাকোৰী ষড়যন্ত্ৰ আৰু দক্ষিণেশ্বৰ বোমা বিস্ফোৰণৰ আঁৰৰ এজন মাষ্টাৰমাইণ্ড আছিল। তেওঁ হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েচনৰ সক্ৰিয় সদস্য আছিল যাৰ উদ্দেশ্য আছিল ব্ৰিটিছসকলক ভাৰতৰ পৰা উৎখাত কৰা। ভাৰতীয় বিপ্লৱী ৰাজেন্দ্ৰ লাহিড়ীক নিৰ্ধাৰিত তাৰিখৰ দুদিন আগতে অৰ্থাৎ আজিৰ দিনটোতে ভাৰতৰ উত্তৰ প্ৰদেশৰ গোণ্ডা কাৰাগাৰত ফাঁচী দিয়া হয়। জন্ম ২৯ জুন, ১৯০১।
  • ২০০২ - আইদেউ সন্দিকৈ, অসমীয়া চলচ্চিত্ৰৰ প্ৰথম চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত জয়মতী(১৯৩৫) চলচ্চিত্ৰত অভিনয় কৰিছিল। "গংগা চিলনী" চলচ্চিত্ৰত সামান্য চৰিত্ৰ আৰু তেওঁৰ জীৱনৰ ওপৰত নিৰ্মিত এখন চলচ্চিত্ৰত অতিথি ৰূপৰ বাহিৰে আইদেউ সন্দিকৈয়ে পুনৰ কেতিয়াও জয়মতীৰ পিছত অভিনয় কৰা নাছিল। ১৯৮৫ চনত যেতিয়া অসমীয়া চলচ্চিত্ৰৰ সোণালী জয়ন্তী উদযাপন কৰা হৈছিল, তেতিয়া তেওঁৰ অৱদান স্বীকাৰ কৰা হৈছিল। ইষ্ট ইণ্ডিয়ান মোচন পিকচাৰ এছ'চিয়েশ্যনে আইদেউ সন্দিকৈক এখন হুইলচেয়াৰ উপহাৰ দিছিল। বহুপিছত অসম চৰকাৰে তেওঁক পেঞ্চন হিচাপে মাহে ১,৫০০ টকাকৈ দিছিল। ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰীৰ বাবে তেওঁৰ নাম প্ৰস্তাৱ কৰা হৈছিল যদিও মাত্ৰ এখন চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে তেওঁক এই বঁটাৰ পৰা বঞ্চিত কৰা হৈছিল। ১৯৯১ চনত তেখেতৰ গাঁৱত এখন ছোৱালীৰ বিদ্যালয় তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছিল। গোলাঘাট জিলাৰ পানী দিহিঙ্গীয়া গাঁৱত ১৯২০ চনত আইদেউ সন্দিকৈৰ জন্ম হৈছিল।

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]