৬ নৱেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০

৬ নৱেম্বৰ (ইংৰাজী: 6 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১০তম (অধিবৰ্ষত ৩১১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯২৫ - মহাত্মা গান্ধীৰ শিষ্য তথা ভাৰতৰ খাদী আন্দোলনৰ সক্ৰিয় কৰ্মী ইংৰাজ মহিলা মীৰা বেন ভাৰতলৈ আহে।
  • ১৯৪৩ - আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ অধিকাৰ জাপানৰ পৰা আজাদ হিন্দ ফৌজলৈ হস্তান্তৰিত হয়।
  • ১৯৬২ - ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পৰা দক্ষিণ আফ্ৰিকাক বহিষ্কাৰ কৰা হয়।
  • ২০০১ - অসমীয়া দৈনিক বাতৰি কাকত অসমীয়া খবৰ প্ৰকাশ আৰম্ভ হয়।
  • ২০২২ - অসমৰ দৰং জিলাৰ মঙ্গলদৈত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয় অসম দক্ষতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰা হয়। এছিয়ান ডেভলেপমেণ্ট বেংকৰ ১০০০ কোটি পুজিৰে নিৰ্মাণ হ'বলগীয়া এই বিশ্ববিদ্যালয়খনৰ ৫টা কেন্দ্ৰত ৯টা বিষয়ত বছৰি ১০০০০ শিক্ষাৰ্থীয়ে পাব ডিগ্ৰী, ডিপ্লমা আৰু গৱেষণাৰ সুবিধা। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰূপে নিযুক্তি দিয়া হয় প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসক।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]