২৪ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

২৪ জুন (ইংৰাজী: 24 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৫তম (অধিবৰ্ষত ১৭৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯০টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১২০৬ - কটুবুদ্দিন দিল্লীৰ চুলতান হয়। দিল্লীত চুলতানী শাসনৰ সূচনা হয়। উল্লেখ্য যে জীৱনৰ প্ৰথমচোৱা কুটুবুদ্দিন আছিল মহম্মদ ঘোৰীৰ ক্ৰীতদাস।
  • ১৯৬৩ - ভাৰতত প্ৰথম টেলেক্স সেৱা আৰম্ভ হয়।
  • ১৯৭৬ - ভিয়েটনাম যুদ্ধৰ অৱসান হয়। উত্তৰ আৰু দক্ষিণ ভিয়েটনাম লগ হৈ গঠন ছ’চিয়েলিষ্ট ৰিপাব্লিক অৱ ভিয়েটনাম বা ভিয়েটনাম ৰাষ্ট্ৰ।
  • ১৯৮৪ - কানাড়া সাহিত্যিক মাস্তি ভেংকটেশ আয়েংগাৰলৈ ১৯৮৩ চনৰ ভাৰতীয় জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়।
  • ২০১১ - ভাৰত চৰকাৰৰ গৃহমন্ত্ৰালয়ৰ কাৰ্যালয়ত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় আৰু বহুতো নথি পত্ৰ জুইত জাহ যায়।
  • ২০১১ - দেশৰ নতুন গৃহ সচিব ৰূপে আৰ কে সিঙে দায়িত্ব লয়।
  • ২০১২ - উজনি অসমত বানৰ তাণ্ডৱত ১০জন লোকৰ মৃত্যু হৈছিল।
  • ২০১২ - শিৱসাগৰ জিলাএনকেফেলাইটিছ ৰোগৰ ভয়াবহ আক্ৰমণৰ ফলত ৫ জনৰ মৃত্যু আৰু বহু লোক আক্ৰান্ত হয়।
  • ২০১২ - এনকেফেলাইটিছ ৰোগত অসমৰ লগতে বিহাৰ আৰু উত্তৰপ্ৰদেশতো ২০০ তকৈও অধিকলোকৰ মৃত্যু হয়।

জন্ম[সম্পাদনা কৰক]

  • ১৮৬৯ - দামোদৰ হৰি ছাপেৰকাৰ, ভাৰতীয় সশস্ত্ৰ বিপ্লৱী।
  • ১৮৮৫ - তাৰা সিং, ভাৰতীয় শিখ ৰাজনীতিবিদ আৰু ধৰ্মীয় নেতা।
  • ১৮৯৩ - ৰয় ডিজনী, আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, কণ্ঠ অভিনেতা, এনিমেটৰ, উদ্যোগী।
  • ১৮৯৭ - ওঙ্কাৰনাথ ঠাকুৰ, ভাৰতীয় সংগীত শিল্পী।
  • ১৯৩৭ - অনিতা দেশাই বা অনিতা মজুমদাৰ, ভাৰতীয় ঔপন্যাসিকা আৰু মাচাচুচেট্‌ছ ইন্‌ষ্টিটিউট অৱ টেক্‌ন'ল'জীৰ হিউমেনিটী বিষয়ৰ এমাৰিটাজন ই বুৰ্চাৰ্ড অধ্যাপিকা, ১৯৭৮ চনত Fire on the Mountain উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল, The Village by the Sea উপন্যাসৰ বাবে ব্ৰিটিছ গাৰ্ডিয়ান বঁটা লাভ কৰিছিল।
  • ১৯৬৬ - বিজয়াশান্তি, ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু ৰাজনীতিবিদ।
  • ১৯৮৭- লিঅ'নেল মেছি, আৰ্জেণ্টিনাৰ ফুটবল খেলুৱৈ।

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]