২০ নৱেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০

২০ নৱেম্বৰ (ইংৰাজী: 20 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩২৪তম (অধিবৰ্ষত ৩২৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৮০ - ৰোনাল্ড ৰিগান আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।
  • ১৯৮০ - ভয়েজাৰ-১। বহিঃসৌৰজগত অধ্যয়ন কৰিবলৈ ১৯৭৭ চনত নাছাই উৎক্ষেপণ কৰা এই যানখনে ১৯৭৯ চনত বৃহস্পতি গ্ৰহ-প্ৰণালী আৰু ১৯৮০ চনত শনি গ্ৰহ-প্ৰণালীৰ অনুসন্ধান কৰাৰ পিছত অভিযান সমাপ্ত কৰে।
  • ১৯৮৫ - মাইক্ৰছফ্ট উইণ্ডোচ ১.০, মাইক্ৰছফ্টৰ দ্বাৰা তৈয়াৰ কৰা প্ৰথম গ্ৰাফিকেল ব্যক্তিগত কম্পিউটাৰ অপাৰেটিং চিষ্টেম, মুকলি কৰা হয়।
  • ১৯৯৮ - আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ বাবে প্ৰথম মহাকাশ কেন্দ্ৰ মাপদণ্ড সংগ্ৰাহক উপাদান-জাৰিয়া, কাজাখস্তানৰ বাইকোনুৰ কছমড্ৰোমৰ পৰা উৎক্ষেপণ কৰা হয়।
  • ২০২২ - আৰবীয়ান ৰাষ্ট্ৰ কাটাৰত ২২ সংখ্যক ফিফা বিশ্বকাপ আৰম্ভ। এই বিশ্বকাপ ২০ নৱেম্বৰ ২০২২ৰ পৰা ১৮ ডিচেম্বৰ ২০২২ লৈকে অনুষ্ঠিত হ'ব। আৰৱ বিশ্বত অনুষ্ঠিত হোৱা এইখন প্ৰথম বিশ্বকাপ আৰু, দক্ষিণ কোৰিয়া আৰু জাপানত ২০০২ চনৰ বিশ্বকাপৰ পিছত সম্পূৰ্ণৰূপে এছিয়াত অনুষ্ঠিত হোৱা দ্বিতীয়খন বিশ্বকাপ। মুঠ আঠখন ষ্টেডিয়ামত খেল খেলিবলগীয়া এই বিশ্বকাপত ৩২খন দেশে খেলিবলৈ যোগ্যতা অৰ্জন কৰে।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

  • বিশ্ব শিশু দিৱস। ১৯৫৯ চনৰ ২০ নৱেম্বৰত ৰাষ্ট্ৰসংঘই শিশুৰ অধিকাৰৰ ঘোষণা পত্ৰ গ্ৰহণ কৰে। শিশুৰ অধিকাৰৰ ঘোষণাক স্মৰণ কৰি প্ৰতিবছৰৰ ২০ নৱেম্বৰ তাৰিখে বিশ্ব শিশু দিৱস পালন কৰি অহা হৈছে।
  • শিক্ষক দিৱস (ভিয়েটনাম)।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]