১২ ছেপ্টেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

১২ ছেপ্টেম্বৰ (ইংৰাজী: 12 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৫তম (অধিবৰ্ষত ২৫৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১০টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৩৯৮ - তুৰ্কী অভিযানকাৰী টাইমূৰৰ ভাৰত আক্ৰমণ আৰু দিল্লী দখল কৰি সমগ্ৰ উত্তৰ ভাৰততে লুণ্ঠন চলায়।
  • ১৬২৪ - ইংলেণ্ডৰ টেমছ্ (থেমছ্) নদীত প্ৰথমবাৰৰ বাবে ক'ৰনেলিয়াছ ভন ড্ৰেবেলে (Cornelius Van Drebbel) ৰাজহুৱাকৈ ইংলেণ্ডৰ ৰজা জেমছ প্ৰথমৰ বাবে ছাবমেৰিনৰ পৰীক্ষণ কৰিছিল।
  • ১৭৮৬ - লৰ্ড কৰ্নৱালিছ ভাৰতৰ গৱৰ্নৰ জেনেৰেল হয়।
  • ১৯৬৬ - ভাৰতৰ মিহিৰ সেনে ৪০ মাইল দূৰত্বৰ দাৰদানেল (Dardanelles - গেলিপ'লি, ইউৰোপৰ পৰা ছেডুলবাহিৰ, এছিয়া মাইনৰ) ১৩ ঘণ্টা ৫৫ মিনিটত সাঁতুৰি পাৰ হৈ বিশ্বৰ প্ৰথম ব্যক্তি হৈ পৰে।
  • ১৯৫৯ - ৰাছিয়ই লুনা-২ উৎক্ষেপণ কৰে চন্দ্ৰলৈ। প্ৰথমবাৰৰ বাবে চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰা আৰু মহাকাশৰ যিকোনো বস্তুৰ সংস্পৰ্শত অহা মহাকাশযান।
  • ১৯৭০ - চন্দ্ৰ অভিমুখে ৰাছিয়াৰ অনুসন্ধানী যান লুনা-১৬ৰ উৎক্ষেপণ কৰে। চন্দ্ৰত অৱতৰণ কৰি প্ৰথমবাৰৰ বাবে তাৰপৰা চন্দ্ৰশিলা সংগ্ৰহ কৰি পৃথিৱীলৈ কঢ়িয়াওৱা মহাকাশযান।
  • ১৯৮৩ - ব্ৰজনাথ শৰ্মাক তেজপুৰৰ 'অনামিকা যুৱ শিল্পী সমাজ'ৰ দ্বাৰা আনুষ্ঠানিক 'অভিনয়াচাৰ্য' অভিধা প্ৰদান কৰা হয়।
  • ২০০১ - ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আৰু পেণ্টাগনত কৰা আক্ৰমণকাৰীৰ বিৰুদ্ধে আমেৰিকাই যুদ্ধ ঘোষণা কৰে।

জন্ম[সম্পাদনা কৰক]

মৃত্য়ু[সম্পাদনা কৰক]

  • ১৮৬৯ - পিটাৰ মাৰ্ক ৰ'জেট (Peter Mark Roget), ইংৰাজ অভিধানবিদ আৰু উদ্ভাৱক।
  • ১৯১৮ - মেক্সিমি বাচাৰ (Maxime Bôcher), আমেৰিকান গণিতজ্ঞ, এলজেব্ৰা, গণিতৰ সূত্ৰ আৰু শৃংখলাৰ ওপৰত ১০০ খন গৱেষণা পত্ৰ প্ৰকাশ কৰা বাবে বিখ্য়াত। (জঃ ২৮ আগষ্ট, ১৮৬৭)
  • ১৯৯২ - এণ্ঠনী পাৰ্কিনছ, হলীউডৰ অভিনেতা।
  • ২০০৩ - জনী কেছ, আমেৰিকান সংগীতজ্ঞ।
  • ২০০৯ - নৰমান বৰলাগ (Norman Borlaug), আমেৰিকাৰ বিশ্ব বিখ্য়াত কৃষি বিজ্ঞানী, সেইজ বিপ্লৱৰ পিতৃ পুৰুষ, ন'বেল বিজয়ী।
  • ২০১০ - স্বৰ্ণলতা, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
  • ২০১৩ - ৰেই ডলবী (Ray Dolby), ডলবী শব্দ ব্য়ৱস্থাৰ উদ্ভাৱক আৰু ডলবী গৱেষণাগাৰৰ প্ৰতিষ্ঠাপক।

দিৱস[সম্পাদনা কৰক]

  • ৰাষ্ট্ৰ সংঘৰ দক্ষিণ-দক্ষিণ সহযোগিতা দিৱস। (United Nations Day for South-South Cooperation)
  • ৰাষ্ট্ৰীয় দিৱস (কেপ ভাৰ্দে)।
  • প্ৰেৰণা দিৱস (আমেৰিকা যুক্তৰাষ্ট্ৰ)।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]



তথ্য়সূত্ৰ[সম্পাদনা কৰক]