৪ ডিচেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

৪ ডিচেম্বৰ (ইংৰাজী: 4 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৩৮তম (অধিবৰ্ষত ৩৩৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • আজি ভাৰতীয় নৌ-সেনা দিৱস। ভাৰতীয় নৌ-সেনাৰ সাফল্য আৰু ভূমিকাক স্বীকৃতি দিবলৈ প্ৰতি বছৰে ৪ ডিচেম্বৰত ভাৰতত নৌ-সেনা দিৱস পালন কৰা হয়। ১৯৭১ চনৰ ৪ ডিচেম্বৰত হোৱা অপাৰেচন ট্ৰাইডেণ্টৰ সময়ত, ভাৰতীয় নৌ-সেনাই পিএনএছ খাইবাৰকে ধৰি চাৰিখন পাকিস্তানী জাহাজ ডুবাই দিছিল, যাৰ ফলত পাকিস্তানী নৌ-সেনাৰ শ শ জোৱান নিহত হৈছিল। আজিৰ দিনটোতে ১৯৭১ চনৰ ইন্দো-পাকিস্তান যুদ্ধত নিহত সকলকো স্মৰণ কৰা হয়।
  • ১৮২৯ - ভাৰতবৰ্ষত সতীদাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল আৰু ইয়াৰ প্ৰধান উদ্যোক্তা আছিল লৰ্ড বেণ্টিক
  • ১৯৭১ - ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত ভাৰতীয় নৌসেনাই পাকিস্তান নৌসেনা আৰু কৰাচী আক্ৰমণ কৰে। এই নৌযুদ্ধৰ ফলত পাকিস্তানী নৌসেনাৰ চাবমেৰিন পিএনএছ গাজী ডুবি যায়।
  • ১৯৯৭ - ভাৰত গণৰাজ্যৰ একাদশ লোকসভা ভঙ্গ কৰি দিয়া হয়।
  • ২০১০ - ভাৰতীয় ফুটবল খেলুৱৈ ৰবীন গুৰুঙে কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত অ' এন জি চি দলৰ হৈ ইষ্ট বেংগল দলৰ বিৰুদ্ধে নিজৰ পেছাদাৰী ফুটবল কেৰিয়াৰৰ পাতনি মেলে।

জন্ম[সম্পাদনা কৰক]

  • ১৯১০ - অমৰ সিং, ভাৰতীয় টে'ষ্ট ক্ৰিকেটাৰ। প্ৰকৃত নাম লাধাভাই নকুম অমৰ সিং। এজন সোঁহাতৰ ফাষ্ট-মিডিয়াম বলাৰ আৰু নিম্ন ক্ৰমৰ বেটছমেন অমৰ সিং লাধাই দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বে ভাৰতৰ হৈ সাতখন টেষ্টত খেলিছিল। তেওঁ এই খেলসমূহত ২৮ টা উইকেট দখল কৰিছিল। তেওঁ প্ৰথম ভাৰতীয় ফাষ্ট বলাৰ আৰু অলৰাউণ্ডাৰ আছিল। তাৰোপৰি টেষ্ট কেপ লাভ কৰা প্ৰথম ভাৰতীয়। অমৰ সিঙে ভাৰতীয় ক্ৰিকেট দলে ১৯৩২ চনত খেলা প্ৰথমখন টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ হৈ অৰ্ধশতক অৰ্জন কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ। মৃত্যু ২১ মে', ১৯৪০।
  • ১৯১০ - ৰামস্বামী ভেংকটৰমন, ভাৰতবৰ্ষৰ অষ্টম ৰাষ্ট্ৰপতি। ইয়াৰ উপৰিও তেখেত এগৰাকী ভাৰতীয় স্বাধীনতা কৰ্মী আৰু ৰাজনীতিবিদ আছিল যি কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ভেঙ্কটৰমণৰ জন্ম মাদ্ৰাজ প্ৰেচিডেন্সিৰ তাঞ্জোৰ জিলাৰ ৰাজামাদাম গাঁৱত হৈছিল। তেওঁ আইন অধ্যয়ন কৰিছিল আৰু মাদ্ৰাজ উচ্চ ন্যায়ালয় আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ত অনুশীলন কৰিছিল। কম বয়সতে তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনৰ কৰ্মী আছিল আৰু ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল। তেওঁক সংবিধান সভা আৰু অস্থায়ী কেবিনেটৰ সদস্য হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁ চাৰিবাৰ লোকসভালৈ নিৰ্বাচিত হৈছিল আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত তেওঁ ভাৰতৰ সপ্তম উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় আৰু ১৯৮৭ চনৰ পৰা ১৯৯২ চনলৈ তেওঁ ভাৰতৰ অষ্টম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ কে কামৰাজ আৰু এম ভক্তৱতছালামৰ অধীনত ৰাজ্যিক মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। মৃত্যু ২৭ জানুৱাৰী, ২০০৯।
  • ১৯১৯ - ইন্দৰ কুমাৰ গুজৰাল, ভাৰতবৰ্ষৰ দ্বাদশগৰাকী প্ৰধানমন্ত্ৰী। ইয়াৰ উপৰিও তেওঁ এজন ভাৰতীয় কূটনীতিবিদ আৰু স্বাধীনতা কৰ্মী আছিল। তেওঁ এপ্ৰিল ১৯৯৭ ৰ পৰা মাৰ্চ ১৯৯৮ লৈ ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মৃত্যু ৩০ নৱেম্বৰ, ২০১২।
  • ১৯২১ - নলিনীধৰ ভট্টাচাৰ্য, অসমীয়া কবি, সাহিত্যি সমালোচক। জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ভ্ৰাতৃ নলিনীধৰ ভট্টাচাৰ্যই ৰামধেনুৰ পাতত অনুবাদক হিচাপে নিজৰ সাহিত্য জীৱন আৰম্ভ কৰে। ভট্টাচাৰ্যই তেওঁৰ গ্ৰন্থ কবিতাৰ কথাৰ বাবে ১৯৮৩ চনত ভাৰতীয় ভাষা পৰিষদ বঁটা আৰু মহৎ ঐতিহ্য গ্ৰন্থৰ বাবে অসমীয়া ভাষাত ২০০২ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। ইয়াৰ উপৰি ২০০৬ চনত তেখেতে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে আৰু ২০১০ চনত অসম সাহিত্য সভা'সাহিত্যচাৰ্য সন্মান প্ৰদান কৰে। তেওঁৰ প্ৰকাশিত কেইখনমান গ্ৰন্থ হ'ল— "এই কুঁৱলীতে (১৯৭৯)", "বেজবৰুৱা আৰু আধুনিকতাৰ ধাৰণা(১৯৮৭)", "মহৎ ঐতিহ্য(১৯৯৯)", "বিষ্ণু ৰাভা: জীৱন আৰু কৃতি(১৯৯৫)", "প্ৰাচীন ভাৰতৰ সংস্কৃতি আৰু সভ্যতা" ইত্যাদি। মৃত্যু ১ ছেপ্তেম্বৰ, ২০১৬।
  • ১৯২৫ - এলবাৰ্ট বান্দুৰা, কানাডীয়-আমেৰিকান মনোবিজ্ঞানী।
  • ১৯৭৭ - অজিত আগেৰকাৰ, সম্পূৰ্ণ নাম অজিত ভালচন্দ্ৰ আগেৰকাৰ। এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আৰু ধাৰা ভাষ্যকাৰ। তেওঁ খেলৰ তিনিওটা ফৰ্মেটত ২০০ তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। তেওঁ এদিনীয়া আন্তৰ্জাতিক খেলত ভাৰতৰ হৈ তৃতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী। আগেৰকাৰে ১৯৯৯, ২০০৩ আৰু ২০০৭ চনৰ বিশ্বকাপ ক্ৰিকেটত ভাৰতক প্ৰতিনিধিত্ব কৰিছে আৰু ২০০৭ চনৰ আইচিচি বিশ্ব টুৱেণ্টি-২০ বিজয়ী দলৰ উদ্বোধনী সদস্য আছিল।

মৃত্যু[সম্পাদনা কৰক]

  • ২০০৬ - ভৱানন্দ ডেকা, অসমীয়া শিক্ষাবিদ আৰু অৰ্থনীতিবিদ। তেওঁ অৰ্থনীতি, সাহিত্য আৰু ৰাজনীতি বিজ্ঞানৰ বিষয়ত প্ৰায় ১১২খন পাঠ্যপুথিৰ ৰচনা কৰিছিল। তেওঁ অসমত অৰ্থনীতিৰ ওপৰত পাঠ্যপুথি লিখাৰ পথপ্ৰদৰ্শক আছিল। ১৯৬১ চনত প্ৰথমবাৰৰ বাবে অসমৰ অৰ্থনীতিৰ বিষয়ক তেওঁৰ অসমীয়া গ্ৰন্থ প্ৰকাশ হয়।তেওঁ কীৰ্তন ঘোষাক অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিছিল। ১৯৬৮ চনত পৰীক্ষিত নাৰায়ণ আৰু উপেন্দ্ৰ নাথ গোস্বামীৰ সৈতে দিল্লীঅসমীয়া সাহিত্য সমাজ গঠন কৰা অসমীয়াসকলৰ ভিতৰত তেওঁ এজন প্ৰথম শাৰীৰ ব্যক্তি আছিল। জন্ম ১৯ আগষ্ট, ১৯২৯।
  • ২০১১ - অম্বিকাচৰণ চৌধুৰী, অসমীয়া সাহিত্যিক, ইতিহাস গৱেষক তথা সমাজকৰ্মী। ২০০৮ চনত চৌধুৰীক অসম চৰকাৰে বীৰ চিলাৰায় বঁটা প্ৰদান কৰে। চৌধুৰীক কোচ-ৰাজবংশী ভাষা আন্দোলনৰ মেৰুদণ্ড বুলি গণ্য কৰা হৈছিল আৰু কেইবাটাও সাংস্কৃতিক আৰু সাহিত্য সংগঠনে তেওঁক কমতাৰত্ন উপাধি প্ৰদান কৰিছিল। তেওঁ ১২৩টাকৈও অধিক মূল্যৱান প্ৰবন্ধ আৰু ২৯ খন কিতাপ লিখিছিল যিবোৰ বেছিভাগ ৰাজবাংশী ভাষা আৰু সংস্কৃতিৰ ওপৰত আছিল। কোচ-ৰাজবংশী জাতিৰ ইতিহাস আৰু সংস্কৃতি, কমাতাপুৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শান্তিদূত হাজৰত মহম্মদ, বিশ্বজুৰি কোচসকল, কোচ-ৰাজবংশীসকলক কৰা বিশ্বাসঘাতকতা, বিশ্ববীৰ চিলাৰয় সাহিত্য প্ৰতিভা, ৰাণী অভয়েশ্বৰী আৰু বিজনী ৰাজ্যৰ ইতিবৃত্ত হৈছে অসমীয়া আৰু ইংৰাজী ভাষাত লিখা তেওঁৰ কেইখনমান উল্লেখযোগ্য কিতাপ। জন্ম ১৬ আগষ্ট, ১৯৩০ বঙাইগাঁও জিলাত।
  • ২০১৭ - শশী কাপুৰ, প্ৰকৃত নাম বলবীৰ ৰাজ কাপুৰ। ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক আছিল যি হিন্দী চলচ্চিত্ৰত তেওঁৰ কামৰ বাবে সৰ্বাধিক পৰিচিত। চাৰিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু দুটাকৈ ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও সন্মান লাভ কৰা শশী কাপুৰে কেইবাখনো ইংৰাজী ভাষাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ, বিশেষকৈ মাৰ্চেণ্ট আইভৰীৰ দ্বাৰা প্ৰযোজিত চলচ্চিত্ৰতো অভিনয় কৰিছিল। ভাৰত চৰকাৰে ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১১ চনত পদ্মভূষণ আৰু ২০১৪ চনত দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰিছিল। জন্ম ১৮ মাৰ্চ, ১৯৩৮।

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]