২৮ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

২৮ জুলাই (ইংৰাজী: 28 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৯তম (অধিবৰ্ষত ২১০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫৬টা দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৮২১ - পেৰুৱে স্বাধীনতা লাভ কৰে।
  • ১৯১৪ - ছাৰ্বিয়াৰ বিৰুদ্ধে অষ্টিয়াৰ যুদ্ধ ঘোষণা কৰে। এই যুদ্ধত জাৰ্মানীয়ে সমৰ্থন কৰে অষ্টিয়াক আৰু ছাৰ্বিয়াক সমৰ্থন কৰে। ব্ৰিটেইন,ফ্ৰান্স আৰু ৰাছিয়াই ছাৰ্বিয়াৰ পক্ষ অৱলম্বন কৰে। সূচনা হয় প্ৰথম মহাসমৰৰ।
  • ১৯৭৯ - চৌধুৰী চৰণ সিং ভাৰতবৰ্ষৰ পঞ্চম গৰাকী প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।
  • ২০০১ - ৰামায়ণী সাহিত্যৰ গৱেষক, যশস্বী অসমীয়া ঔপন্যাসিক ড° মামণি ৰয়ছম গোস্বামী ওৰফে ড॰ ইন্দিৰা গোস্বামীলৈ ভাৰতীয় জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়।
  • ২০০৭ - মহানন্দ শৰ্মা আৰু জ্ঞানদা বৰালৈ নটসূৰ্য ফণী শৰ্মা বঁটা আগবঢ়োৱা কথা ঘোষণা কৰা হয়।
  • ২০১১ - লোকপালৰ খচৰাত ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনায়।
  • ২০১১ - ভাৰত আৰু মংগোলিয়াৰ মাজত প্ৰতিৰক্ষা চুক্তিখন স্বাক্ষৰিত হয়।
  • ২০১২ - উজনি অসমত জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ ৬৪ জনলোক মৃত্যু মুখত পৰে।
  • ২০১২ - ফৰাচী বেংকত ভাৰতীয়ৰ ৫৬৫কোটি টকাৰ জমা তথ্য ফাদিল হয়।

জন্ম[সম্পাদনা কৰক]

  • ১৬৩৫ - ৰবাৰ্ট হুক, পদাৰ্থ আৰু ৰসায়ন বিজ্ঞানী, কোষৰ আৱিষ্কাৰক হিচাপে আৰু হুকৰ সূত্ৰৰ বাবে বিখ্যাত।
  • ১৯৩২ - হীৰেন ভট্টাচাৰ্য, সুগন্ধি পখিলাৰ কবি ৰূপে খ্যাত। তেখেতৰ জন্মদিনটো অসমত কাব্যস্নেহ দিৱস হিচাপে পালন কৰা হয়।
  • ১৯৮৩ - ধনুশ বা ভেংকটেশ প্ৰভু কস্তুৰি ৰাজা, টলীউড আৰু বলীউডৰ অভিনেতা। [1]
  • ১৯৮৭ - পেড্ৰ' ৰ'ড্ৰিগেজ, স্পেইনৰ ফুটবল খেলুৱৈ, ২০১০ চনৰ ফিফা বিশ্বকাপ বিজয়ী দলৰ সদস্য।
  • ১৯৯৩ - হাৰি কেন, ইংলেণ্ডৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ অধিনায়ক।

মৃত্যু[সম্পাদনা কৰক]

  • ১৭৫০ - যোহান ছোষ্টিন বাখ, ইউৰোপৰ বিশিষ্ট সংগীত শিল্পী।
  • ১৯৩৯ - দেশভক্ত তৰুণ ৰাম ফুকন, ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা।
  • ২০১৬ - মহাশ্বেতা দেৱী, পশ্চিমবংগৰ লেখিকা আৰু মানৱ অধিকাৰ কৰ্মী।

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]


  1. "On Dhanush's birthday, his 8 mantras for a happy and successful life" (en ভাষাত). The Indian Express. 28 July 2021. https://indianexpress.com/article/entertainment/tamil/dhanush-birthday-his-8-mantras-for-a-happy-and-successful-life-7425069/। আহৰণ কৰা হৈছে: 18 January 2022.