৩ অক্টোবৰ (ইংৰাজী : 3 October ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২৭৬তম (অধিবৰ্ষ ত ২৭৭তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮৯টা দিন বাকী থাকে।
আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
১৯৩২ – ইৰাকে যুক্তৰাজ্যৰ পৰা স্বাধীনতা লাভ কৰে।
১৯৪৩ – দ্বিতীয় বিশ্বযুদ্ধঃ গ্ৰীচৰ লিংজিয়াডেছত (Lingiades) জাৰ্মান বাহিনীয়ে ৯২জন নাগৰিকক হত্যা কৰে।
১৯৫২ – যুক্তৰাজ্যই বিশ্বৰ তৃতীয় পাৰমাণৱিক শক্তি হিচাপে পৰিগণিত হ'বলৈ সফলতাৰে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰে।
১৯৭৮ - কলকাতাত ভাৰতৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয় টেষ্ট টিউৱ শিশু দুৰ্গা ওৰফে কানুপ্ৰিয়া আগৰৱালা ৰ জন্ম হয়। চিকিৎসা বিজ্ঞানী সুভাষ মুখোপাধ্যায় সৃষ্টিকৰ্তা আছিল।
১৯৯২ - গীত চেঠীয়ে বিশ্ব পেছাদাৰী বিলিয়ৰ্ড চেম্পিয়নশ্বিপ জয় কৰে।
২০১০ - দিল্লীত ১৯তম কমনৱেল্থ গেইমৰ শুভাৰম্ভ হৈছিল।
১৯২১ - তিলক হাজৰিকা , অসমীয়া সাংবাদিক আৰু সাহিত্যিক।
১৯৩০ - শশী শৰ্মা , অসমীয়া শিক্ষাবিদ, সাহিত্যিক, অনুবাদক, সমালোচক।
১৯৩৪ - হিতেশ্বৰ শইকীয়া , অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। (কিছুমান ঠাইত ৫ অক্টোৱৰ বুলি আছে) [ 1]
১৯৩৫ - প্ৰতিমা পাণ্ডে বৰুৱা , গোৱালপৰীয়া লোকগীতৰ শিল্পী।
১৯৩৯ - উমেশ বৈশ্য , অসমীয়া শিল্পী,শিক্ষাবিদ, সাহিত্যিক।
১৯৪৯ - জে.পি. দত্ত , ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু চিত্ৰনাট্য লেখক।
১৯৫৩ - দীপক মিশ্ৰ , ভাৰতৰ ৪৫তম মুখ্য ন্যায়াধীশ।
১৯৮১ - জ্লাটান ইব্ৰাহিমোভিছ , চুইডিছ পেছাদাৰী ফুটবলাৰ।
১৮৬৭ - ইলিয়াছ হোৱে , আমেৰিকান অভিযন্তা আৰু চিলাই মেচিনৰ আৱিষ্কাৰক।
১৮৯৬ - ৱিলিয়াম মৰিছ , ইংৰাজ কবি আৰু সাহিত্যিক। (জন্ম: ১৮৩৪ চন)
১৯২৩ - কাদম্বিনী গাংগুলী , ভাৰতীয় চিকিৎসক। তেওঁ ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী মহিলা।
২০০৭ - এম এন বিজয় , ভাৰতীয় লেখক।
২০১১ - উত্তম বৰুৱা , অসমীয়া প্ৰবন্ধকাৰ আৰু নাট্যকাৰ।
২০১২ - আব্দুল হক আনছাৰী , ভাৰতীয় ধৰ্মতত্ত্ববিদ আৰু পণ্ডিত।(জঃ ১৯৩১)
২০১৭ - জালাল তালাবানি , ইৰাকী-কুৰ্দিছ ৰাজনীতিবিদ আৰু ইৰাকৰ ৰাষ্ট্ৰপতি (২০০৫-২০১৪), ৮৩ বছৰ বয়সত মৃত্যু হয়।
↑ সমীন কলিতা (২০০৭). অসমৰ মুখ্যমন্ত্ৰীসকল, পঞ্চম প্ৰকাশ . ৰাজেন্দ্ৰ মোহন শৰ্মা, চন্দ্ৰ প্ৰকাশ পাণবজাৰ. পৃষ্ঠা. ৯১, ৯২, ৯৩, ৯৪ পৃষ্ঠা.