সমললৈ যাওক

চুতুফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চ্যু-তু-ফাৰ পৰা পুনঃনিৰ্দেশিত)
চাওলুং চ্যু-তু-ফা
𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜄𑜥 𑜇𑜡
চাওলুং (টাই-আহোম ভাষা)
শাসন কাল ১৩৬৯ – ১৩৭৬ সাধাৰণ যুগ
খেউন ৰোণ মাই ক' ১৩৬৯ সাধাৰণ যুগ
পূৰ্বৰ চাওফা চুখ্ৰাংফা
পৰৱৰ্তী চাওফা ত্যাও খাম্‌টি
সম্পূৰ্ণ নাম
চাওলুং চ্যু-তু-ফা
পিতৃ চুখ্ৰাংফা
জন্ম আহোম ৰাজ্য
মৃত্যু ১৩৭৬ সাধাৰণ যুগ চুতীয়া সকলৰ দ্ৱাৰা
চফ্ৰাই নদী (চুতীয়া আৰু আহোম ৰাজ্যৰ সীমান্ত)
ধৰ্ম ফুৰালুং ধৰ্ম
আহোম ৰাজবংশ
চ্যু-কা-ফা১২২৮১২৬৮
চুতেওফা১২৬৮১২৮১
চুবিণ্‌ফা১২৮১১২৯৩
চুখাংফা১২৯৩১৩৩২
চুখ্ৰাম্‌ফা১৩৩২১৩৬৪
শাসক নাই১৩৬৪১৩৬৯
চুতুফা১৩৬৯১৩৭৬
শাসক নাই১৩৭৬১৩৮০
ত্যাও খাম্‌টি১৩৮০১৩৮৯
শাসক নাই১৩৮৯১৩৯৭
চুডাংফা১৩৯৭১৪০৭
চুজান্‌ফা১৪০৭১৪২২
১০চুফক্‌ফা১৪২২১৪৩৯
১১চুচেনফা১৪৩৯১৪৮৮
১২চুহেনফা১৪৮৮১৪৯৩
১৩চুপিম্‌ফা১৪৯৩১৪৯৭
১৪চুহুন্মুং১৪৯৭১৫৩৯
১৫চুক্লেণমুং১৫৩৯১৫৫২
১৬চুখাম্‌ফা১৫৫২১৬০৩
১৭চুচেংফা১৬০৩১৬৪১
১৮চুৰাম্‌ফা১৬৪১১৬৪৪
১৯চুত্যিণ্‌ফা১৬৪৪১৬৪৮
২০চুতাম্লা১৬৪৮১৬৬৩
২১চুপংমুং১৬৬৩১৬৭০
২২চুন্যৎফা১৬৭০১৬৭২
২৩চুক্লমফা১৬৭২১৬৭৪
২৪চুহুংফা১৬৭৪১৬৭৫
২৫গোবৰ ৰজা১৬৭৫১৬৭৫
২৬চুজিন্‌ফা১৬৭৫১৬৭৭
২৭চুদৈফা১৬৭৭১৬৭৯
২৮চুলিক্‌ফা১৬৭৯১৬৮১
২৯চুপাতফা১৬৮১১৬৯৬
৩০চুখ্ৰংফা১৬৯৬১৭১৪
৩১চুতণফা১৭১৪১৭৪৪
৩২চুণেণফা১৭৪৪১৭৫১
৩৩চুৰেম্‌ফা১৭৫১১৭৬৯
৩৪চুণ্যেউফা১৭৬৯১৭৮০
৩৫চুহিত্পংফা১৭৮০১৭৯৫
৩৬চুক্লিংফা১৭৯৫১৮১১
৩৭চুদিংফা১৮১১১৮১৮
৩৮পুৰন্দৰ সিংহ১৮১৮১৮১৯
৩৯চুদিংফা১৮১৯১৮২১
৪০যোগেশ্বৰ সিংহ১৮২১১৮২৪
৪১পুৰন্দৰ সিংহ১৮৩২১৮৩৯

চুতুফা বা চাওলুং চ্যু-তু-ফা (টাই-আহোম: 𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜄𑜥 𑜇𑜡) অসমৰ ষষ্ঠজন চাওফা আছিল। বুৰঞ্জী অনুসৰি ১৩৬৯ - ১৩৭৬ সাধাৰণ যুগ লৈ আৰু কিছু বুৰঞ্জীবিদ অনুসৰি ১৩৬৯ - ১৩৭৬ সাধাৰণ যুগলৈ তেওঁ ৰাজত্ব কৰিছিল।[1][2] ককায়েক চুখ্ৰাংফাৰ কোনো পুত্ৰ সন্তান নথকা বাবে তেঁওক অসমৰ পৰৱৰ্তী চাওফা হিচাপে বাছনি কৰা হৈছিল। ১৩৭৬ সাধাৰণ যুগত চুতীয়া ৰজা জয়ধ্বজপালে চুতুফাক চাফ্ৰাই নদীৰ কাষত এখন বন্ধুত্বপূৰ্ণ নিমন্ত্ৰণ জনাই অংগৰক্ষী নোহোৱাকৈ নিজৰ ব্যক্তিগত নাওখনলৈ মাতি হত্যা কৰিছিল।[3][4][5][6] চুতুফাৰ মৃত্যুৰ বাবে পৰৱৰ্তী চাওঁফা ত্যাও খামটিয়ে শাসনভাৰ লৈয়ে প্ৰথম পদক্ষেপ হিছাপে প্ৰতিশোধ গ্ৰহণৰ সিদ্ধান্ত লৈছিল।[7] আৰু ইয়াৰ পিছতেই দুয়োখন ৰাজ্যৰ মাজত দশক দশক ধৰি তীব্ৰ যুদ্ধ আৰু অৰাজকতাৰ সৃষ্টি হৈছিল। এই সংঘাৰ ফল স্বৰূপে ১৬ শতিকাত আহোমে চুতীয়া ৰাজ্য সম্পূৰ্ণৰূপে জয় কৰে।[8][9]

পৰিয়াল

[সম্পাদনা কৰক]

চুতুফা আছিল অসমৰ চতুৰ্থ জন চাওফা চুখাংফাৰ দ্বিতীয় পুত্ৰ। দেউতাকৰ মৃত্যুৰ পাছত বৰ পুত্ৰ চুখ্ৰাম্‌ফা অসমৰ পঞ্চম জন চাওফা হৈছিল। ৩২ বছৰ শাসন কৰাৰ পাছত ১৩৬৪ চনত চুখ্ৰাম্‌ফাৰ মৃত্যু হয়। কিছু বুৰঞ্জীবিদৰ মতে চুখ্ৰাম্‌ফাৰ মৃত্যুত তেখেতৰ ভায়েক চুতুফা ১৩৬৪ সাধাৰণ যুগত চাউফা হয়।[10][11][12] আৰু বুৰঞ্জীবিদ পদ্মেশ্বৰ গগৈ আৰু স্বৰ্ণলতা বৰুৱাৰ মতে ১৩৬৪ চনৰ পৰা ১৩৬৯ চনলৈ বুঢ়াগোহাঁই শাসনকাল আছিল।

শাসন গ্ৰহণ

[সম্পাদনা কৰক]

চাওফা হোৱাৰ আগত চুতুফা লাহনজিং গাঁৱত কোঁৱৰ হিচাপে বাস কৰিছিল।[13] বুৰঞ্জীবিদৰ মতে ১৩৬৪ খ্ৰীষ্টাব্দত টাই-আহোম পৰম্পৰা অনুসৰি পূৰ্বৱৰ্তী শাসক চুখ্ৰাম্‌ফাৰ কোনো পুত্ৰ সন্তান নথকাৰ বাবে থাও ফ্ৰাং দাম আৰু তা-ফী-কুন নামৰ গোহাঁই দুজনৰ পৰামৰ্শ অনুসৰি সিদ্ধান্ত মৰ্মে চুতুফাক পৰৱৰ্তী ৰজা হিচাপে নিৰ্বাচিত কৰা হৈছিল।[14] [15][16][17][18][19] এই ৰাজ্যাভিষেক সমাৰোহে ৰাজ্যখনত চলি থকা সাময়িক ৰাজনৈতিক অনিশ্চয়তাৰ অন্ত পেলাইছিল।

ৰাজত্বকাল আৰু হত্যা

[সম্পাদনা কৰক]

বুৰঞ্জী সমূহৰ মতে চুকাফাৰ‌ পুত্ৰৰ সময়ৰ পৰা চুতুফাৰ মৃত্যুৰ আগলৈকে আহোমসকলে চুতীয়া ৰাজ্যৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিছিল।[20][21][22]

চুতুফাই আহোম ৰাজ্যৰ পৰিসীমা বঢ়াব বিচাৰিছিল। ইয়াৰ ফলত কাষৰীয়া চুতীয়া ৰাজ্যৰ লগত সংঘাতৰ সৃষ্টি হয়। ১৩৭৬ চনত চুতীয়া ৰজা জয়ধ্বজপালে চাপাগুৰিত চুতুফাক লগ কৰে আৰু মিত্ৰতাৰ ভাও জুৰি তেখেতক চফ্ৰাই নদীৰ নাওখেললৈ নিমন্ত্ৰণ জনায়। বিবৰণৰ অনুসৰি চুতীয়া ৰজাই চুতুফাক নিজৰ নাওত উঠাই প্ৰলোভিত কৰি বিশ্বাসঘাতকতাৰে হত্যা কৰিছিল। বুৰঞ্জীসমূহত কিন্তু তেওঁৰ মৃত্যুৰ ধৰণ সম্পৰ্কে একে মত পোৱা নাযায়। কিছুমান বিৱৰণত উল্লেখ আছে যে তেওঁক এটা বলধ গৰুৱে গছকাই হত্যা কৰিছিল[23][24], আন কিছুমানত আকৌ কোৱা হৈছে যে তেওঁক নাওতে হত্যা কৰা হৈছিল বুলি কোৱা হৈছে।[25][26] চুতুফাৰ লগত যোৱা সৈন্যবোৰ ৰাজধানীলৈ ঘূৰি আহি এই কথা সদৰি কৰে।[27][28][29] আহোম ভাষাত লিখা "আহোম বুৰঞ্জী"ত চুতীয়াসকলে (তিউৰা হিচাপে) চুতুফাক লৈ গৈ হত্যা কৰিছিল বুলি উল্লেখ কৰিছে।[30]

অধিকাংশ বুৰঞ্জীবিদে চুতীয়া ৰজা জয়ধ্বজপাল এই হত্যা কাণ্ডত জড়িত বুলি বিশ্বাস কৰে।[31][32] পিছে কিছুমান সংখ্যা লঘু বুৰঞ্জীবিদে এই খণ্ডটোৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে। সৰ্বেশ্বৰ বৰুৱাই লিখে যে চুতুফাৰ মৃত্যু পৰিকল্পিত ভাৱে হোৱা নাছিল আৰু চুতীয়া ৰজাৰ নিমন্ত্ৰণত সংঘটিত হোৱা নাও খেলত চুতুফাৰ মৃত্যু হোৱাৰ বাবে চুতীয়া ৰজাক ভুলকৈ দোষাৰোপ কৰা হৈছিল।[33] স্বৰ্ণলতা বৰুৱাই (২০০৭) লিখে যে বিদেশী দেশত ৰজাক হত্যা কৰিলে নিশ্চয়কৈ তাৎক্ষণিক সামৰিক সঁহাৰিৰ সূচনা হ’লহেঁতেন, তথাপিও এনে কোনো সংঘাতৰ লিপিবদ্ধ হোৱা নাই। তদুপৰি চুতুফাৰ লগত থকা আহোম বাহিনীয়ে তেওঁক ৰক্ষা কৰা বা প্রত্যাক্রমণ কৰাৰ বাবে পদক্ষেপ লোৱাৰ কথা উল্লেখ নাই৷[34] চুতুফাৰ মৃত্যুৰ পাছত ১৩৭৬ চনৰ পৰা ১৩৮০ চললৈ আহোম ৰাজ্যত আন্তঃশাসন চলি থাকে।[35]

পৰৱৰ্তী কাল

[সম্পাদনা কৰক]

চুতুফাৰ মৃত্যুৰ পাছত আহোম ডাঙৰীয়াসকলে স্বৰ্গদেউৰ উপযোগী কোনো ৰাজকোঁৱৰ বিচাৰি নাপালে আৰু সেই বাবে চাৰি বছৰ (১৩৭৬-১৩৮০ চন) চাও ফ্ৰংদাম বুঢ়াগোহাঁই আৰু চাও তাপ্ৰিখিন বৰগোহাঁইয়ে নিজে প্ৰশাসনৰ ভাৰ চম্ভালে।[36] ৰজা অবিহনে ৰাজ্য চলোৱা টান দেখি ১৩৮০ চনত তেওঁলোকে চুতুফাৰ ভায়েক আৰু চুখাংফাৰ তৃতীয় পুত্ৰ ত্যাও খাম্‌টিক স্বৰ্গদেউ পাতে।[37][38] চুতুফাৰ মৃত্যুৰ বাবে পৰৱৰ্তী চাওঁফা ত্যাও খামটিয়ে শাসনভাৰ লৈয়ে প্ৰথম পদক্ষেপ হিছাপে প্ৰতিশোধ গ্ৰহণৰ সিদ্ধান্ত লৈছিল।[39]

  1. (ফুকন,বৰুৱা ১৯৬৪:১৩৯)
  2. (গেইট ১৯২৬:৮১)
  3. Gait, Edward Albert (1926). A History of Assam. প্ৰকাশক Calcutta: Thacker, Spink & Co.. পৃষ্ঠা. 81. ""...the Chutia king lured Sutuphaa onto his barge without attendants and treacherously murdered him...""
  4. Barua, Gunaviram (2008). Assam Buranji or A History of Assam. প্ৰকাশক Guwahati: Publication Board of Assam. পৃষ্ঠা. 55–56. ""...Sutuphaa's rule ended abruptly when he was treacherously assassinated by the Sutiya king...""
  5. "..Ahom king, Sutuphaa, was killed by the Chutiya king..""Sutiya kingdom". Abhimanu IAS. https://abhimanuias.com/state/Searchdetail.aspx?type=BL&id=8471 আহৰণ কৰা হৈছে: 20 May 2026.
  6. "...In fact, according to both the Assam Buranji of Kasinath Tamuli Phukan (1844) and the Ahom Buranji (Barua 1930), Sutupha was murdered by the Chutiyaking Sankhadhvaj during a boat race....Nath, Sauradeep (2023). "Ahom Military Engagements: War, Warfare, and Weapon". International Journal of Science and Research খণ্ড 12 (12): 1188–1193. doi:10.21275/SR231214182552. https://www.ijsr.net/archive/v12i12/SR231214182552.pdf.
  7. "..his firstmission was against the Chutiyas to take avenging action for the death of Ahom king Sutupha..""Status of Women under the Ahoms: A Historical Study (1228–1826 A.D.)". পৃষ্ঠা: 44. https://ir.nbu.ac.in/server/api/core/bitstreams/5252374a-1365-4b40-a721-37b369fdc567/content আহৰণ কৰা হৈছে: 18 May 2026.
  8. (গেইট ১৯২৬:৮১)
  9. (গেইট ১৯২৬:৮১)
  10. বৰবৰুৱা হিতেশ্বৰ- আহোমৰ দিন or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 32
  11. Gait E.A. A History of Assam 2nd edition 1926 Thacker, Spink & Co Calcutta page 81
  12. বৰুৱা গুণাভিৰাম- অসম বুৰঞ্জী or A History of Assam 4th edition 2008 Publication Board of Assam Guwahati page 55
  13. "The Tai and the Tai Kingdoms". পৃষ্ঠা: 273. https://ia601402.us.archive.org/14/items/in.ernet.dli.2015.149949/2015.149949.The-Tai-And-The-Tai-Kingdoms.pdf আহৰণ কৰা হৈছে: 18 May 2026.
  14. "Asamar Buranji Ed. 3rd : Barua, Padmanath Gohain : Free Download, Borrow, and Streaming : Internet Archive". Internet Archive. 22 Sep 2015. https://archive.org/details/in.ernet.dli.2015.452455/page/%E0%A7%A9%E0%A7%AA/mode/1up আহৰণ কৰা হৈছে: 18 May 2026.
  15. "The Tai and the Tai Kingdoms". পৃষ্ঠা: 273. https://ia601402.us.archive.org/14/items/in.ernet.dli.2015.149949/2015.149949.The-Tai-And-The-Tai-Kingdoms.pdf আহৰণ কৰা হৈছে: 18 May 2026.
  16. "A History Of Assam : E.a.gait : Free Download, Borrow, and Streaming : Internet Archive". Internet Archive. 4 Aug 2015. https://archive.org/details/in.ernet.dli.2015.279344/page/n93/mode/1up আহৰণ কৰা হৈছে: 18 May 2026.
  17. বৰবৰুৱা হিতেশ্বৰ- আহোমৰ দিন or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 32
  18. Gait E.A. A History of Assam 2nd edition 1926 Thacker, Spink & Co Calcutta page 81
  19. বৰুৱা গুণাভিৰাম- অসম বুৰঞ্জী or A History of Assam 4th edition 2008 Publication Board of Assam Guwahati page 55
  20. Bhuyan, S.K, Satsari Assam Buranji,p.9, "Previously, since the time of one of Sukapha’s sons, there was alliance and coordial relations with the Chutia king"
  21. Bhuyan, SK, "Assam Buranji(SM), p. 7
  22. বৰবৰুৱা হিতেশ্বৰ- আহোমৰ দিন or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 32
  23. বৰবৰুৱা হিতেশ্বৰ- আহোমৰ দিন or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 32
  24. Bhuyan, S K, Satsari Buranji,p.9
  25. Goswami, Hemchandra, "Purani Assam Buranji, p.37
  26. Assam Buranji (SM), p.7
  27. বৰবৰুৱা হিতেশ্বৰ- আহোমৰ দিন or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 32
  28. Gait E.A. A History of Assam 2nd edition 1926 Thacker, Spink & Co Calcutta page 81
  29. Barua Gunaviram Assam Buranji or A History of Assam 4th edition 2008 Publication Board of Assam Guwahati page 56
  30. Barua, Gopal Chandra, "Ahom Buranji, p.48
  31. Gait, Edward Albert (1926). A History of Assam. প্ৰকাশক Calcutta: Thacker, Spink & Co.. পৃষ্ঠা. 81. ""...the Chutia king lured Sutuphaa onto his barge without attendants and treacherously murdered him...""
  32. Barua, Gunaviram (2008). Assam Buranji or A History of Assam. প্ৰকাশক Guwahati: Publication Board of Assam. পৃষ্ঠা. 55–56. ""...Sutuphaa's rule ended abruptly when he was treacherously assassinated by the Sutiya king...""
  33. Barua, Sarbeswar,"Manideep"(1965), p.300
  34. (Barua 2007)
  35. Barua, Gopal Chandra,"Ahom Buranji",p.49, "After the death of Sutuphaa, the country was in interregnum for four years."
  36. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 32
  37. Gait E.A. A History of Assam 2nd edition 1926 Thacker, Spink & Co Calcutta page 81
  38. Barua Gunaviram Assam Buranji or A History of Assam 4th edition 2008 Publication Board of Assam Guwahati page 56
  39. "..his firstmission was against the Chutiyas to take avenging action for the death of Ahom king Sutupha..""Status of Women under the Ahoms: A Historical Study (1228–1826 A.D.)". পৃষ্ঠা: 44. https://ir.nbu.ac.in/server/api/core/bitstreams/5252374a-1365-4b40-a721-37b369fdc567/content আহৰণ কৰা হৈছে: 18 May 2026.

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  • ফুকন,বৰুৱা (১৯৬৪) (আহোম ভাষা, ইংৰাজী, অসমীয়া ভাষাত). আহোম লেগজিকন, ঐতিহাসিক আৰু প্ৰাচীন গ্ৰন্থ অধ্যয়ন বিভাগ
  • বৰবৰুৱা হিতেশ্বৰ আহোমৰ-দিন or A History of Assam under the Ahoms first edition 1981 Publication Board of Assam Guwahati
  • বৰুৱা গুণাভিৰাম অসম বুৰঞ্জী or A History of Assam fourth edition 2008 Publication Board of Assam Guwahati
  • Gait E.A. A History of Assam second edition 1926 Thacker, Spink & Co Calcutta
  • Barua, Swarnalata (2007). Chutia Jatir Buranji. প্ৰকাশক Guwahati.