সমললৈ যাওক

দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয় (বাক্সা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয়
স্থাপিত ২০১৬ চনত
ধৰ্মীয় ভুক্তি বড়োলেণ্ড বিশ্ববিদ্যালয়
অধ্যক্ষ শ্ৰী অমৃত বড়ো
স্থান আনন্দ বজাৰ বাক্সা, অসম, ভাৰতবৰ্ষ
উপনাম ডি. বি. ডি. কলেজ
ভুক্তি বড়োলেণ্ড বিশ্ববিদ্যালয়
ৱেবছাইট [1]

দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয় (ইংৰাজী: Dakshin Bijni Degree College) অসমবাক্সা জিলাশালবাৰী মহকুমাৰ অন্তৰ্গত আনন্দবজাৰ অঞ্চলৰ এখন উচ্চশিক্ষাৰ শিক্ষানুষ্ঠান।[2] এই মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত ডিগ্ৰী প্ৰদান কৰে।

দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয়খন অসমবড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ(বি.টি.চি.) অন্তৰ্ভুক্ত বাক্সা জিলাশালবাৰী মহকুমাৰ আনন্দবজাৰ অঞ্চলৰ উচ্চশিক্ষা শিক্ষানুষ্ঠানসমূহ ভিতৰত অন্যতম। সমগ্ৰ দক্ষিণ বিজনী অঞ্চলৰ উঠি অহা প্ৰজন্মৰ উচ্চ শিক্ষাৰ সুব্যৱস্থা অভাৱ দেখি কেইগৰাকীমান শিক্ষাবিদ,সমাজসেৱক আৰু সচেতন জনসাধাৰণৰ উদ্যোগত ২০১৬ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰে। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ এই মহাবিদ্যালয়খনে বিভিন্ন দিশত সুনাম অৰ্জন কৰি আজিৰ দিনত সমগ্ৰ অঞ্চলৰ ভিতৰতে এখন আগশাৰীৰ মহাবিদ্যালয় ৰূপে পৰিগণিত হৈছে। [3]

পাঠ্যক্ৰমসমূহ

[সম্পাদনা কৰক]

দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয় স্নাতক পৰ্যায়ত কলা শাখাৰ পাঠ্যক্ৰম আগবঢ়ায়। শেহতীয়াকৈ এই মহাবিদ্যালয়খনে ইংৰাজী স্নাতক(গুৰু) বিষয়ৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে। দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয় স্নাতক শাখা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ।[4]

বিভাগসমূহ

[সম্পাদনা কৰক]

মহাবিদ্যালয়ৰ সুবিধাসমূহ

[সম্পাদনা কৰক]
  • গ্ৰন্থাগাৰ
  • মনোবৈজ্ঞানিক পৰীক্ষাগাৰ
  • কেৰিয়াৰ কাউন্সেলিং
  • খেলপথাৰ

বৰটাৰী(আনন্দবজাৰ), পো.অ.:-আনন্দবজাৰ, থানা:-শালবাৰী, জিলা:-বাক্সা(বি.টি.আৰ.), অসম,পিন:-১৭৮৩১৮ ই.মেইল:-dbdcollegeac@gmail.com

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Dakshin Bijni Degree College". dbdcollege.mydurable.com. https://dbdcollege.mydurable.com/। আহৰণ কৰা হৈছে: 11 September 2024. 
  2. "DBD College". https://dbdcollege.mydurable.com/। আহৰণ কৰা হৈছে: 24 August 2024. 
  3. "Dakshin Bijni Degree College 1". dbdcollege.mydurable.com. https://dbdcollege.mydurable.com/। আহৰণ কৰা হৈছে: 10 September 2024. 
  4. "Dakshin Bijni Degree College/Bodoland University". shiksha.com. https://www.shiksha.com/college/dakshin-bijni-degree-college-assam-other-188197। আহৰণ কৰা হৈছে: 10 September 2024.