২০১৬ৰ অসম বিধানসভা নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(2016 Assam Legislative Assembly electionৰ পৰা পুনঃনিৰ্দেশিত)
অসম বিধানসভা নিৰ্বাচন, ২০১৬
ভাৰত
২০১১ ←
৪–১১ এপ্ৰিল ২০১৬
→ ২০২১

অসম বিধানসভা সমগ্ৰ ১২৬ টা সমষ্টি
সংখ্যাগৰিষ্ঠতাৰ বাবে ৬৪ খন আসনৰ প্ৰয়োজন
ভোটদানৰ হাৰ ৮৪.৭২% (বৃদ্ধি৮.৬৮%)
  সংখ্যাগৰিষ্ঠ দল সংখ্যালঘিষ্ঠ দল তৃতীয় দল
 
নেতা সৰ্বানন্দ সোণোৱাল তৰুণ গগৈ বদৰুদ্দিন আজমল
দল বিজেপি কংগ্ৰেছ এ আই ইউ ডি এফ
মিত্ৰদল ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা ইউ পি এ মহাগটবন্ধন
নেতা হৈছে ২০১৬ ১৯৭৬ ২০০৫
নেতাৰ আসন মাজুলী তিতাবৰ দক্ষিণ শালমাৰা
(পৰাজিত)
বিগত নিৰ্বাচন ২৬ ৭৮ ১৮
বিজয়ী আসন ৮৬ ২৬ ১৩
পৰিৱৰ্তিত আসন বৃদ্ধি ৬০ decrease ৫২ decrease
Popular ভোট ৭,০৩৫,৭২৪
(BJP+AGP+BPF)
৫,২৩৮,৬৫৫
(INC only)
২,২০৭,৯৪৫
(AIUDF only)
শতাংশ ৪১.৯% ৩১.০% ১৩.০%

নিৰ্বাচনৰ ফলাফল


নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

তৰুণ গগৈ
কংগ্ৰেছ

নিৰ্বাচিত মুখ্যমন্ত্ৰী

সৰ্বানন্দ সোণোৱাল
বিজেপি

চতুৰ্দশ অসম বিধানসভাৰ নিৰ্বাচন ৪ আৰু ৫ এপ্ৰিল, ২০১৬ তাৰিখে অসমৰ মুঠ ১২৬টা বিধানসভা সমষ্টিৰ বাবে দুটাটা পৰ্যায়ত অনুষ্ঠিত হয়। ফলাফল ঘোষণা কৰা হয় ১৯ মে', ২০১৬ তাৰিখে।[1] এই নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮৪.৭২%।[2][3] ইয়াৰ পূৰ্বৱতী অসম বিধানসভাৰ নিৰ্বাচনতকৈ এই নিৰ্বাচনত ভোটদানৰ হাৰ যথেষ্ট বৃদ্ধি পায়, ২০১১ চনত ভোটদানৰ হাৰ আছিল ৭৫%।[4]

২০১৬ চনত হোৱা এই নিৰ্বাচনত, ২০০১ চনৰ পৰা শাসনত থকা তৰুণ গগৈৰ নেতৃত্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰকাৰক পৰাজিত কৰি সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ভাৰতীয় জনতা দলৰ চৰকাৰ গঠন হৈছিল।

পৃষ্ঠভূমি[সম্পাদনা কৰক]

ইয়াৰ পূৰ্বৰ ত্ৰয়োদশ অসম বিধানসভাৰ নিৰ্বাচন ৪ আৰু ১১ এপ্ৰিল, ২০১১ তাৰিখে ১২৬টা সমষ্টিৰ বাবে দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। ফলাফল ঘোষণা কৰা হৈছিল ১৩ মাৰ্চ, ২০১১ তাৰিখে।[5] সেই নিৰ্বাচনত ৭৮খন আসম লাভ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছে নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল আৰু তৰুণ গগৈয়ে একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰিছিল।[6]

ফলাফল[সম্পাদনা কৰক]

দল আৰু মিত্ৰদল জনপ্ৰিয় ভোট আসন
ভোট % বিজয়ী +/-
ভাৰতীয় জনতা পাৰ্টি NDA ৪,৯৯২,১৮৫ ২৯.৫ ৬০ বৃদ্ধি৫৫
অসম গণ পৰিষদ ১,৩৭৭,৪৮২ ৮.১ ১৪ বৃদ্ধি
বিপিএফ ৬৬৬,০৫৭ ৩.৯ ১২ steady
ৰাভা জাতীয় ঐক্য মঞ্চ steady
তিৱা জাতীয় ঐক্য মঞ্চ steady
ভাৰতীয় জাতীয় কংগ্ৰেছ UPA ৫,২৩৮,৬৫৫ ৩০.৯ ২৬ decrease৫৩
ইউ পি পি এল steady
এ আই ইউ ডি এফ G.A ২,২০৭,৯৪৫ ১৩.০ ১৩ decrease
জনতা দল (সংযুক্ত) ১২,৫৩৮ ০.০৭ steady
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাক্সবাদী) বাঁও ৯৩,৫০৮ ০.৫৫ steady
ভাৰতীয় কমিউনিষ্ট পাৰ্টি ৩৭,২৪৩ ০.২২ steady
নিৰ্দলীয় ১,৮৬৭,৫৩১ ১১.০৪ decrease
মুঠ ১৬৯১৯৩৬৪ ১০০.০ ১২৬
বৈধ ভোট
অবৈধ ভোট
ভোটদান / হাৰ
পঞ্জীকৃত ভোটাৰ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]