সমললৈ যাওক

বুদ্ধ পূৰ্ণিমা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Vesakৰ পৰা পুনঃনিৰ্দেশিত)
বুদ্ধ পূৰ্ণিমা
বুদ্ধ পূৰ্ণিমা
থাইলেণ্ডবেংককত বুদ্ধ পূৰ্ণিমা উদযাপন
সম্পূৰ্ণ নাম বেশক, বেশখ, বুদ্ধ জয়ন্তী, বৈশাখী পূৰ্ণিমা
অন্য নাম বুদ্ধৰ জন্মদিন
পালন কৰে দক্ষিণ ভাৰতৰ বৌদ্ধ আৰু হিন্দু ধৰ্মাৱলম্বী সকল আৰু বুদ্ধৰ জন্মদিন হিচাপে দক্ষিণ পূব আৰু পূব এছিয়ান সকল
প্ৰকাৰ ধৰ্মীয়
মহত্ব গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মহাপৰিনিৰ্বাণ তিথি
তাৰিখ বহাগ মাহৰ পূৰ্ণিমা তিথিত
আচাৰ ধ্যান, অষ্টাংগ মাৰ্গ, নিৰামিষ খাদ্য গ্ৰহণ, দান আৰু বুদ্ধৰ অভিষেক
সম্পৰ্কিত বুদ্ধৰ জন্মদিন
অৱধি এদিন
সংঘটন বাৰ্ষিক

বুদ্ধ পূৰ্ণিমা বা বুদ্ধ জয়ন্তী বা বেশক (পালি: Vesākha, সংস্কৃত: Vaiśākha ),[1] পাৰম্পৰিক ভাবে ঘাইকৈ বৌদ্ধ ধৰ্মাৱলম্বী সকলে পালন কৰা এটি উৎসৱ। হিন্দু আৰু বৌদ্ধ সকলে বুদ্ধ পূৰ্ণিমা হিচাপে ভাৰত, শ্ৰীলংকা, নেপাল, তিব্বত, বাংলাদেশ, ভূটান, ইণ্ডোনেছিয়া, ফিলিপাইন, চিংগাপুৰ, থাইলেণ্ড, কম্বোডিয়া, লাউচ, মালয়েছিয়া, ম্যানমাৰ, মংগোলীয়া, আৰু চীন, জাপান, কোৰিয়া, টাইৱান আৰু ভিয়েটনামত বুদ্ধৰ জন্মদিন হিচাপে পালন কৰা হয়।[2] থেৰবাদ বৌদ্ধ বা দক্ষিণ অঞ্চলৰ বৌদ্ধ সকলে বুদ্ধ পূৰ্ণিমাক গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মৃত্যু বা মহাপৰিনিৰ্মাণৰ দিৱস হিচাপে পালন কৰে।[3]হিন্দুসকলৰ বাবেও এই দিনটো অতি পৱিত্ৰ। হিন্দুসকলে বুদ্ধক বিষ্ণুৰ নৱম অৱতাৰ বুলি বিশ্বাস কৰে।[4]

ৰাণী মায়াই সিদ্ধাৰ্থক জন্ম দিওঁতে গছৰ ডাল ধৰি আছে আৰু অন্যান্য দেৱ-দেৱীয়ে চাই আছে

১৯৫০ চনত শ্ৰীলংকাত অনুষ্ঠিত প্ৰথম বিশ্ব বৌদ্ধ ফেল'শ্বিপ সন্মিলনত বেশক বা বুদ্ধ পূৰ্ণিমাক বুদ্ধৰ জন্মদিন হিচাপে পালন কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আগৰে পৰা শতিকা জুৰি বৌদ্ধসকলে ইয়াক বুদ্ধৰ জন্মদিন হিচাপে পালন কৰি আহিছিল যদিও এই সন্মিলনৰ যোগেদি যি সৰ্বজনীন ৰূপত প্ৰতিষ্ঠিত হয়। এই সন্মিলনত বুদ্ধ পূৰ্ণিমাক বিশ্বৰ সকলো বৌদ্ধ ধৰ্মাৱলম্বী বাস কৰা দেশৰ চৰকাৰক চৰকাৰী বন্ধৰ দিন হিচাপে উদযাপন কৰিবলৈ আহ্বান জনোৱা হৈছিল।[5] বুদ্ধ পূৰ্ণিমাত বিশ্বৰ সকলো প্ৰান্তৰ বৌদ্ধ ধৰ্মাৱলম্বী সকলে গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মৃত্যু দিন হিচাপে পালন কৰে। বৌদ্ধ ধৰ্ম ভাৰতৰ পৰা পৃথিৱীৰ অন্যান্য দেশত সিঁচৰিত হোৱাৰ বাবে বুদ্ধ পূৰ্ণিমাৰ উদযাপন ভিন ভিন দেশত ভিন ভিন হয়।

২০০০ চনত ৰাষ্ট্ৰসংঘই নিউয়ৰ্কত অৱস্থিত ইয়াৰ মুখ্য কাৰ্যালয়ত আন্তৰ্জাতিক ভিত্তিত বুদ্ধ পূৰ্ণিমা অনুষ্ঠিত কৰে।[6]

বুদ্ধ পূৰ্ণিমাৰ জনপ্ৰিয় পালি নাম vesākha আৰু সংস্কৃত vaiśākha নাম প্ৰাচীন ভাৰতীয় চন্দ্ৰমাহ বৈশাখৰ পৰা আহিছে। এই মাহ অসমীয়া বহাগ মাহৰ সমপৰ্যায়ৰ। বৈশাখ মাহৰ পূৰ্ণিমা তিথিত বুদ্ধ পূৰ্ণিমা পৰা বাবে ইয়াক বেশক নামে জনাজাত। পৃথিৱীৰ অনান্য ভাষাত এই দিন বেলেগ বেলেগ নামেৰে পৰিচিত। যেনে:

শিশু বৌদ্ধ ভিক্ষু

বুদ্ধ পূৰ্ণিমাৰ দিনা বৌদ্ধ ধৰ্মাৱলম্বী সকলে বুদ্ধ মন্দিৰ আৰু বিহাৰত গোট খায়। তাত তেওঁলোকে বৌদ্ধ পতাকা উত্তোলন কৰে আৰু বৌদ্ধ ধৰ্মৰ ত্ৰিনীতি বুদ্ধ, ধৰ্ম আৰু সংঘৰ গৰিমা গায়। ভক্ত সকলে ফুল, চাকি বা মমবাটি আৰু ধুপেৰে বুদ্ধৰ পূজা কৰে আৰু লগতে গুৰুকো সেৱা জনায়। এই দিনা নিৰামিষ আহাৰ গ্ৰহণ কৰা নিয়ম। শ্ৰীলংকাত বুদ্ধ পূৰ্ণিমাৰ সময়ত দুদিনৰ বাবে সকলো সুৰাৰ দোকান আৰু কচাইখানা বন্ধ ৰখা হয়। ইয়াৰ লগতে বন্দী চৰাই, পোক আৰু জন্তুক এইদিনা এৰি দিয়া হয়।[7]

বৌদ্ধ ধৰ্মাৱলম্বী সকলৰ কিছুমানে এইদিনা সাধাৰণ বগা বসন পিন্ধে আৰু গোটেই দিন মন্দিৰত থাকি অষ্টাংগ মাৰ্গ পালন কৰে। কিছুমান মন্দিৰত বুদ্ধ প্ৰতিমাক অভিষেক কৰা হয়। ভক্ত সকলে এই দিনা বৌদ্ধ ভিক্ষুৰ প্ৰবচন আৰু বুদ্ধৰ বাণী শুনে।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "BBC on Buddhism". BBCBBC Religions. http://www.bbc.co.uk/religion/religions/buddhism/holydays/wesak.shtml আহৰণ কৰা হৈছে: 21 November 2018.
  2. Fowler, Jeaneane D. (1997). World Religions: it is celebrated to mark the birth, enlightenment and the passing away of the Lord Buddha. An Introduction for Students. Sussex Academic Press. ISBN 1-898723-48-6.
  3. "Visakha Puja". Accesstoinsight.org. http://www.accesstoinsight.org/lib/thai/lee/visakha.html আহৰণ কৰা হৈছে: 20 March 2012.
  4. শান্তনু কৌশিক বৰুৱা (২০২১). অসম ইয়েৰ বুক, ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ১৮৪.
  5. "World Fellowship of Buddhists Second Two-Year Plan (B.E. 2544-2545/2001-2002)". Buddha Dhyana Dana Review Online. http://www.bdcu.org.au/bddronline/bddr11no3/wfbs2ypn.html#plan1 আহৰণ কৰা হৈছে: 2015-12-25.
  6. "Resolution Adopted by the General Assembly: 54/115. International recognition of the Day of Vesak at United Nations Headquarters and other United Nations offices". United Nations. http://www.worldlii.org/int/other/UNGARsn/1999/192.pdf আহৰণ কৰা হৈছে: 6 February 2012.
  7. "Vesak Day practice of releasing animals harms ecosystems". 22 May 2016. Archived from the original on 19 July 2021. https://web.archive.org/web/20210719123724/http://www.tnp.sg/news/singapore-news/vesak-day-practice-releasing-animals-harms-ecosystems আহৰণ কৰা হৈছে: 2 December 2019.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]