১ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

১ আগষ্ট (ইংৰাজী: 1 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৩তম (অধিবৰ্ষত ২১৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫২টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

উল্লেখযোগ্য ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৭৭৪ - যোছেফ প্ৰিষ্টলিয়ে অক্সিজেন আবিষ্কাৰ কৰিছিল।
  • ১৯৩৬ - একাদশ গ্ৰীষ্মকালীন অলিম্পিক এডল্ফ হিটলাৰে বাৰ্লিনত শুভাৰম্ভ কৰিছিল।
  • ১৯৪৪ - এন ফ্ৰাংকে শেষ বাৰৰ বাবে ডায়েৰী লিখে।
  • ১৯৫৩ - ফিডেল কাষ্ট্ৰ'ক কিউবাত গ্ৰেপ্তাৰ কৰা হৈছিল।
  • ১৯৫৭ - নেচনেল বুক ট্ৰাষ্ট গঠন হৈছিল।
  • ১৯৬৫ - ধেমাজি জিলাৰ আটাইতকৈ পুৰণি মহাবিদ্যালয় ধেমাজি মহাবিদ্যালয় স্থাপন কৰা হৈছিল।
  • ১৯৭১ - এপ'লো-১৫-ৰ মহাকাশচাৰীসকলে ফলেন এষ্ট্ৰ'নট নামৰ এলুমিনিয়ামেৰে নিৰ্মিত মহাকাশ-যাত্ৰাৰ পোছাক পিন্ধা অৱস্থাত মহাকাশচাৰী এগৰাকীৰ এক ভাস্কৰ্য চন্দ্ৰপৃষ্ঠৰ মনছ হেড্‌লি বা হেড্‌লি ৰিলে নামৰ ঠাইত স্থাপন কৰে।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৭১৪ - এন ষ্টুৱাৰ্ট, ইংলেণ্ডৰ মহাৰানী।
  • ১৮৪৬ - দ্বাৰকানাথ ঠাকুৰৰ লণ্ডনত মৃত্য়ু, উদ্য়োগপতি, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ককাক আছিল।
  • ১৮৭৩ - উইলিয়াম ৱাৰ্ড, অসমলৈ অহা এগৰাকী খৃষ্টান মিছনেৰী, 'অৰুনোদই' কাকতৰ সম্পাদক আৰু বাইবেলৰ অসমীয়া ভাঙনিৰ উদ্যোক্তাসকলৰ অন্যতম।
  • ১৯২০ - বাল গঙ্গাধৰ তিলক, এগৰাকী ভাৰতীয়, শিক্ষক, সাংবাদিক, উকীল, সমাজ সংস্কাৰক তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰে জড়িত সক্ৰিয় ব্যক্তি।
  • ১৯৯৮ - উমেশ বৈশ্য, অসমীয়া শিল্পী,শিক্ষাবিদ, সাহিত্যিক।
  • ১৯৯৯ - নীৰদ চন্দ্ৰ চৌধুৰী, বঙালী লেখক।

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]