সমললৈ যাওক

চুক্লেণমুং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চ্যু-ক্লেণ-মু'ঙৰ পৰা পুনঃনিৰ্দেশিত)
চুক্লেণমুং
চাওফা
১৫৩৯ চনৰ পৰা ১৫৫২ চনলৈ
সম্পূৰ্ণ নাম
চাওফা চ্যু-ক্লেণ-মুং
বাসগৃহ ছ্যু ফৈদ, আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
চ্যু-কা-ফা১২২৮১২৬৮
চুতেওফা১২৬৮১২৮১
চুবিণ্‌ফা১২৮১১২৯৩
চুখাংফা১২৯৩১৩৩২
চুখ্ৰাম্‌ফা১৩৩২১৩৬৪
শাসক নাই১৩৬৪১৩৬৯
চুতুফা১৩৬৯১৩৭৬
শাসক নাই১৩৭৬১৩৮০
ত্যাও খাম্‌টি১৩৮০১৩৮৯
শাসক নাই১৩৮৯১৩৯৭
চুডাংফা১৩৯৭১৪০৭
চুজান্‌ফা১৪০৭১৪২২
১০চুফক্‌ফা১৪২২১৪৩৯
১১চুচেনফা১৪৩৯১৪৮৮
১২চুহেনফা১৪৮৮১৪৯৩
১৩চুপিম্‌ফা১৪৯৩১৪৯৭
১৪চুহুন্মুং১৪৯৭১৫৩৯
১৫চুক্লেণমুং১৫৩৯১৫৫২
১৬চুখাম্‌ফা১৫৫২১৬০৩
১৭চুচেংফা১৬০৩১৬৪১
১৮চুৰাম্‌ফা১৬৪১১৬৪৪
১৯চুত্যিণ্‌ফা১৬৪৪১৬৪৮
২০চুতাম্লা১৬৪৮১৬৬৩
২১চুপংমুং১৬৬৩১৬৭০
২২চুন্যৎফা১৬৭০১৬৭২
২৩চুক্লমফা১৬৭২১৬৭৪
২৪চুহুংফা১৬৭৪১৬৭৫
২৫গোবৰ ৰজা১৬৭৫১৬৭৫
২৬চুজিন্‌ফা১৬৭৫১৬৭৭
২৭চুদৈফা১৬৭৭১৬৭৯
২৮চুলিক্‌ফা১৬৭৯১৬৮১
২৯চুপাতফা১৬৮১১৬৯৬
৩০চুখ্ৰংফা১৬৯৬১৭১৪
৩১চুতণফা১৭১৪১৭৪৪
৩২চুণেণফা১৭৪৪১৭৫১
৩৩চুৰেম্‌ফা১৭৫১১৭৬৯
৩৪চুণ্যেউফা১৭৬৯১৭৮০
৩৫চুহিত্পংফা১৭৮০১৭৯৫
৩৬চুক্লিংফা১৭৯৫১৮১১
৩৭চুদিংফা১৮১১১৮১৮
৩৮পুৰন্দৰ সিংহ১৮১৮১৮১৯
৩৯চুদিংফা১৮১৯১৮২১
৪০যোগেশ্বৰ সিংহ১৮২১১৮২৪
৪১পুৰন্দৰ সিংহ১৮৩২১৮৩৯

চাওফা চুক্লেণমুং বা চ্যু-ক্লেণ-মুং ১৫৩৯ চনৰ পৰা ১৫৫২ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ। গড়গাঁৱত ৰাজধানী স্থাপন কৰা বাবে বুৰঞ্জীত তেওঁক গড়গঞা ৰজা বুলিও কোৱা হৈছে। তেওঁৰ ৰাজত্বকালতে মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱৰ জোঁৱায়েক হৰিক আটক কৰা হৈছিল আৰু হৰিক মৃত্যুদণ্ড বিহা হৈছিল।[1] এই কাৰণতে শংকৰদেৱে আহোম ৰাজ্য এৰি কোচ ৰাজ্যত আশ্ৰয় লয়।

মোহৰ সজোৱা তেৱেঁই প্ৰথম আহোম ৰজা আছিল। মোহৰবোৰ আঠকোণীয়া আছিল আৰু আহোম লিপিৰে তাত লিখা হৈছিল।[2]

সিংহাৰোহণ

[সম্পাদনা কৰক]

স্বৰ্গদেউ চুহুন্মুঙক ১৫৩৯ চনৰ জানুৱাৰীত লগুৱা ৰতিমনে শুই থকা অৱস্থাত হত্যা কৰাৰ পাছত চুক্লেণমুং ৰাজপাটত উঠে। কোনো কোনো বুৰঞ্জীৰ মতে এই কাৰ্য চুক্লেণমুঙৰ অভিসন্ধি মতেই হৈছিল।[3] চুক্লেণমুঙে এই অপবাদ আঁতৰাবলৈ হত্যাকাৰী ৰতিমনৰ ভায়েক-ককায়েকক মৃত্যুদণ্ড বিহিছিল।[4]

পিতাকৰ শাসনকালত ১৫৩২ চনত কোঁৱৰ চুক্লেঙে বংগৰ সেনাপতি তুৰ্বকৰ বিৰুদ্ধে পৰাজয় বৰণ কৰে আৰু বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। তেওঁৰ ঠাইত বৰপাত্ৰগোহাঁয়ে নেতৃত্ব দি তুৰ্বকক ঘটুৱায়।[5]

ৰাজ্যৰ পৰিসীমা

[সম্পাদনা কৰক]

চুক্লেণমুঙে বাৰ-ভূঞাসকলক কপিলী নদী উপত্যকাৰ পৰা ৰাজধানীৰ ওচৰ চপাই কছাৰী ৰাজ্যৰ পৰা অধিকাৰ কৰা অঞ্চলৰ ওপৰত শাসন কটকটীয়া কৰে। ১৫৪৬ চনত কোচ সেনাপতি চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰে। ৰজাৰ সতীয়া ভায়েক গোহাঁই কমলে সজা পথেদি (গোহাঁই কমল আলি)ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেৰে তেওঁলোক আগবাঢ়ি নাৰায়ণপুৰত (বৰ্তমানৰ উত্তৰ লখিমপুৰত) এটা কোঠ সাজে। চুক্লেণমুঙে কোচসকলক ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা বিতাড়ন কৰিবলৈ সমৰ্থ হয়।[6]

প্ৰশাসন

[সম্পাদনা কৰক]

চুক্লেণমুঙে ৰাজত্বকালত গড়গাঁও পুখুৰী খন্দাইছিল আৰু নগা আলি বন্ধাইছিল।

  1. That this incident must have happened during Suklenmung has been worked out by Maheswar Neog (neog 1980, পৃষ্ঠা 62). Some historical chronicles record that this happened during Suhungmung's reign.
  2. (Gait 1906:97)
  3. (Gait 1906:94)
  4. (Gait 1906:95)
  5. (Gait 1906:90)
  6. (Gait 1906:96)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]