সোণোৱাল কছাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সোনোৱাল কছাৰীৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search


সোণোৱাল কছাৰী
ভাষাসমূহ

অসমীয়া

ধৰ্ম

হিন্দু ধৰ্ম

সোণোৱাল কছাৰী সকল উজনি অসমৰ এক ভূমিপুত্ৰ জনজাতি। সোণোৱাল কছাৰী সকল তিব্বত-বৰ্মী ভাষাভাষী বড়ো-কছাৰী মূলৰ এটা ঠাল আৰু অসমৰ ধেমাজি, লক্ষীমপুৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত বিস্তাৰিতভাৱে বসবাস কৰে। শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, শোণিতপুৰ আৰু পূৰ্বভাৰতৰ নগাভূমি আৰু অৰুণাচল প্ৰদেশৰ কিছুমান ঠাইতো বিক্ষিপ্তভাবে বসবাস কৰা দেখা যায়।[1]

ইতিহাস[সম্পাদনা কৰক]

আদিম কালত এইসকল লোকে সোৱণশিৰি নদীৰ বালিৰ পৰা সোণ বুটলা কাম কৰা কাৰণেই এওঁলোকে সোণোৱাল কছাৰী নাম পোৱা বুলি কিছুমানে ক’ব খোজে[1]। সোণোৱাল সকলৰ মাজত মুখ বাগৰি অহা এক লোক কথাৰ মতে, উজনি অসমত থকা কেইঘৰমান সোণোৱাল কছাৰীয়ে আউনিআটীয় গোসাঁই কেশৱ দেৱগোস্বামীক অলৌকিক গুণসম্পন্ন লোক জ্ঞান কৰি বাঁহ চুঙাৰে এচুঙা সোণ দক্ষিণা দি তেওঁৰ ওচৰত শৰণ লোৱা বাবে এই সকল কছাৰী সোণোৱাল কছাৰী হ’ল বুলি কিছুমানে ক’ব বিচাৰে। বৰ্তমান এওঁলোকৰ জনসংখ্যা প্ৰায় আঢ়ৈ লাখৰ (২,৫০,০০০) ওচৰাওচৰি।

বংশমূল[সম্পাদনা কৰক]

সোণোৱাল কছাৰী সকলে নিজকে মহাবীৰ বলীৰজা, প্ৰহ্লাদ, ভগদত্ত, বাণৰজা, নৰকাসুৰ আৰু ভাস্কৰ বৰ্মন আদিৰ উত্তৰ পুৰুষ বুলি ভাবে।[1] বলীৰজা, বিষ্ণুপুৰাণৰ মতে যাক ভগৱান বিষ্ণুৱে পাতাল পুৰীলৈ নিৰ্বাসণ দিছিল, তেওঁকেই সোণোৱাল কছাৰী সকলে তেওঁলোকৰ আদিৰজা বুলি গন্য কৰে। (সোণোৱাল কছাৰী সকলৰ হাইদাং হুচৰি গীতত এই কথাৰ উল্লেখ পোৱা যায় )। চুতিয়া সকলৰ আগেয়ে শদিয়া অঞ্চলত যে কোনো এক সময়ত সোণোৱাল কছাৰী সকলৰ ৰাজ্য আছিল সেই কথা তাম্ৰেশ্বৰী মন্দিৰ, কেঁচাইখাতী থান আৰু নদ-নদী বিলাকৰ নাম বিলাকে প্ৰমাণ কৰে। ড॰ লীলা গগৈৰ মতে ১১ আৰু ১২ শতাব্দীৰ ভিতৰত মাণিক নামৰ সোণোৱাল কছাৰী সকলৰ ৰজা এজনে শদিয়া ৰাজ্যত ৰাজত্ব কৰিছিল। প্ৰখ্যাত বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ মতে শদিয়াৰ কৌণ্ডিল্য বা কুণ্ডিলক সোণোৱাল কছাৰী সকলে ‘হালালী’ বুলিছিল।

যদিও সকলো কছাৰীৰে মূল একেটাই যদিও কছাৰীৰ কেইটামান ঠাল হৈছে -

  1. বড়চা
  2. ধ্যান বা দেহান
  3. লাথচা
  4. থাওথেনচা
  5. হাফলংচা আৰু
  6. হাম্মুচা।

সোণোৱাল কছাৰী সকল হাম্মুচা ঠালৰ উত্তৰ পুৰুষ।

সোণোৱাল কছাৰী সকলৰ মাজত প্ৰচলিত লোককথাত এনেধৰণৰ বিৱৰণ পোৱা যায়ঃ

সোণোৱাল কছাৰী সকলৰ আৰাধ্য দেৱতা খ্ৰীং ৰাজাৰ আশীৰ্বাদত মাণিকৰ স্ত্ৰীৰ গৰ্ভত এটা মেকুৰীৰ জন্ম হয়। মেকুৰীটো সৰিয়হৰ দুলিত থোৱাত আচৰ্য্যকৰ ভাৱে ই সোণালী ৰঙৰ হৈ পৰে। খ্ৰীং ৰজাৰ পৰা এনে স্বৰ্গীয় উপহাৰ লাভ কৰি মাণিক হালালীৰ ৰজা হ’বলৈ সক্ষম হয়। কালক্ৰমে ৰজা মাণিকৰ নাতিয়েক মুকুতা হালালী ৰাজ্যৰ ৰজা হয়। এইটো নিশ্চিত যে উত্তৰ আৰু উত্তৰপূব দিশৰ পৰা অতি কমেও দুটা জনপ্ৰবাস ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। এটা জনপ্ৰবাস তিস্তা, ধৰলা আৰু সোণকোষ নদীৰ উপত্যকায়েদি বেঙ্গল আৰু অসমত প্ৰৱেশ কৰিছিল আৰু আনটোৱে উজনী অসমৰ সোৱণশিৰি, দিবাং আৰু দিহং নদীৰ উপত্যকায়েদি অসমত উপত্যকাত প্ৰৱেশ কৰিছিল আৰু সোণোৱাল সকল সম্ভৱতঃ দ্বিতীয়টো জনশ্ৰোততহে অসমত প্ৰ্ৱেশ কৰে।

বংশ বৃক্ষ[সম্পাদনা কৰক]

সোণোৱাল কছাৰী সকলৰ হাইদাং হুচৰীৰ মতে সোণোৱাল সকলৰ প্ৰধানকৈ সাত খেল চৌধ বংশ আৰু ছাপন্নটা সঁচ বা পৰিয়াল হ’ব লাগে।

  1. উজনীকুচীয়া,
  2. নামনীকুচীয়া,
  3. অমৰাবমীয়া,
  4. তিপমীয়া,
  5. ধুলীয়াল,
  6. চিৰিপুৰীয়া আৰু
  7. বালিখিতিয়াৰী।

এই সাত খেলৰ অন্তৰ্গত বংশ বিলাক –

  1. মদনীয়াল,
  2. মাণিকীয়াল,
  3. হুগ্ৰাল,
  4. মুক্তাল,
  5. এজমাল,
  6. ফৰমাল,
  7. সৰু-সাজোৱাল,
  8. বৰ-হাজোৱাল,
  9. লথিয়াল,
  10. চতীয়াল,
  11. কুমৰাল,
  12. বৰমাল,
  13. দংৰাল আৰু
  14. ডিঙীয়াল।

মিৰি, ডফলা, বড়ো, ৰাভা, ডিমাচা, নগা, শ্যাম, কোঁচ আৰু আহোম আদি মূলৰ পৰা সোণোৱাল কছাৰীত অন্তৰ্ভুক্তি হোৱা আৰু নটা বংশ পোৱা যায়। সেই কেইটা হ’ল-

  1. মুখৰাল
  2. হুকৰাল
  3. ডেকৰাল
  4. চুঙীয়াল
  5. চুনীয়াল
  6. ধনশিৰীয়াল
  7. হাকোৱাল
  8. ধাদুমীয়াল আৰু
  9. দলংগ্ৰীয়াল

ওপৰত উল্লেখ কৰা বংশ বিলাকক সৰ্বমুঠ ১০৮টা সঁচ বা পৰিয়ালত বিভক্ত হৈছে। পৰিয়াল বিলাকৰ নাম তলত উল্লেখ কৰা হ’ল।

  • গুঁইৰী
  • পিঠাৰ্‌
  • ধকোৱালী
  • বাগলাৰী
  • লক্ষণাৰী
  • ঘৰপুৰাৰী বা ফেটাৰী
  • গাওঁখোৱাৰী
  • বালিখেতীয়াৰী
  • বাইথৰী
  • আঁখুৱাৰী
  • ডেকাৰী
  • উঝাৰী
  • খনীৰী
  • লগুৱাৰী
  • গেলেপী
  • শুকুলী
  • মুক্তালী
  • মাক্ৰাৰী
  • গেজেপী
  • শগুণ মূৰাৰী
  • ধাকনাৰী
  • এজলাৰী
  • হাজাৰী
  • লাঙিৰী
  • তুহুৰী
  • তেপাৰী
  • লাপিটী
  • মুকুডুমী বা কেনাৰী
  • চৰুৰী
  • বৰমাঝিৰী, মিচনাৰী, নঘৰাৰী বা উদিৰী
  • খাটোৱালী
  • জাৰলগাৰী
  • মানাৰী বা মাৰাৰী
  • খটাৰী
  • নেজকাটাৰী
  • ফাটোৱালী
  • ফালাৰী
  • লালোৱাৰী
  • ঠাকুলী বা ঠাকুৰী
  • পেদাৰী
  • চেলেঙী
  • তাঙিৰী
  • শগুণমাৰাৰী
  • তাৰাৰী
  • কেদালী
  • হাটখোৱাৰী
  • বৰঘিয়াৰী বা বৰঘৰাৰী
  • বেতাৰী
  • কোমৰাৰী বা কুমাৰী
  • ধৱলী বা ধুৱঁলী
  • পিঙাৰী
  • ডুলিৰী
  • লেৰাঙী
  • ঝিঙিৰী
  • অকলশৰীয়াৰী
  • চৈতাৰী
  • বুঢ়ামুদৰী
  • মুদৰী
  • মেগ লাৰী
  • আঁঠুৱালী
  • ডাফলাৰী
  • কেওঁতাৰী
  • বাগগিৰী
  • লিকামিৰি
  • হাগুমিৰী
  • কলাৰী বা কপৌহিৰী
  • তুৰুকী
  • বাওলাৰী
  • তিতাৰী
  • গাঁঠিৰী
  • দেমাৰী বা দৈমাৰী
  • খাৰঘিয়াৰী বা খাৰঘৰাৰ
  • বৰগিয়াৰী বা বৰগঁয়াৰী
  • কেঁকোৱাৰী
  • সৰুমাঝিৰী
  • ঢেঁকীয়ালী
  • মুখৰাৰী
  • খেপৰাৰী
  • পিকৰাৰী বা পিকাৰী
  • ঘোঁতাৰী
  • লোকিৰী বা কান্ধভঙাৰী
  • ঘুঙিয়াৰী
  • গেবৰাৰী
  • ধকোৱালী
  • কলাখোৱাৰী
  • নাকৰী
  • ডেকানোৱাৰী
  • জপৰাৰী বা ঝপৰাৰী
  • আগাৰী
  • তিপামিয়াৰী
  • বুনিৰী
  • বাইলুং বা বাইলুঙিৰী
  • বেচনাৰী বা চাংপেতাৰী
  • ঘেৰাৰী
  • পলাশী
  • ধেমখাৰী বা ধামখাৰী
  • শদিয়াৰী
  • আহুৱাৰী
  • লোহাৰী
  • মটিয়াৰ বা মাটিয়াৰ
  • গহপুৰিয়াৰী
  • ধাদুমিয়াৰী
  • লোণপুৰিয়াৰী
  • ধাদুমিয়াল
  • হাজাৰী
  • কেনাৰী
  • লেধাৰী
  • তেজাৰী বা তেজিয়াৰী
  • ঘুণিয়াৰী আৰু
  • ফুটকাৰী।
পাৰম্পৰিক পোছাক পৰিধান কৰি এটা লেছেৰী বিহু দল

বংশ আৰু সঁচ বিলাকৰ মাজত তেজৰ সম্বন্ধ থকা গতিকে সোণোৱাল সকলৰ মাজত একে সঁচ আৰু বংশৰ মাজত বিবাহ নিষিদ্ধ। একবিবাহ প্ৰথাই সোণোৱাল সমাজত প্ৰচলিত নিয়ম যদিও একাধিক বিবাহ নিষিদ্ধ নহয়। দুয়ো পক্ষৰ সন্মতি মৰ্মে বিপত্নীক বা বিধবা সকলে পুনৰ্বিবাহ কৰাত বাধা নাই। সোণোৱাল কছাৰী সকলে তেওঁলোকৰ নামৰ পাচত সঁচৰ নাম প্ৰতিসৰ্গ হিচাবে ব্যৱহাৰ কৰাৰ উপৰি শইকীয়া, বৰশইকীয়া, হাজৰিকা, বড়া, বৰুৱা, ডেকাবৰুৱা, দাস আদি উপাধিও ব্যৱহাৰ কৰে। সোণোৱাল কছাৰী সকলৰ বৰ্তমান নিজ ভাষা নেথাকিলেও তেওঁলোকৰ মাজত কথিত উপভাষা প্ৰচলিত দেখা যায়। সোণোৱাল কছাৰী সকলে প্ৰধানকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিলেও তেওঁলোকে ব্যৱহাৰ কৰা উপভাষাৰ ভালেমান শব্দ অভিধানত পোৱা নেযায়।

খাদ্যাভ্যাস[সম্পাদনা কৰক]

সোণোৱাল কছাৰী সকলৰ খাদ্যাভ্যাসত সিদ্ধ ভাত, তৰকাৰী, মাছ, মাংস আদিয়েই প্ৰধান। সোণোৱাল কছাৰী সকল সাধাৰণতে আমিষ ভোজী। সোণোৱাল কছাৰী সকলে তেওঁলোকৰ দৈনন্দিন আহাৰত অতি ক্ষুদ্ৰ পৰিমাণৰ মচলা আৰু জাল ব্যৱহাৰ কৰে। সোণোৱাল কছাৰী সকলৰ খাদ্যাভ্যাসত জনজাতিয় অতুলনীয় সাংস্কৃতিক পৰম্পৰাগত বৈশিষ্ট্যবিদ্যমান। ধৰ্মীয় বিশ্বাসৰ বাবে সোণোৱাল কছাৰী সকলে কিছুমান জীৱ-জন্তুৰ মাংস অখাদ্য হিচাবে জ্ঞান কৰে যেনে কুকুৰ, মেকুৰী আৰু গোমাংস ইত্যাদি। মহিলা আৰু বৃদ্ধ-বৃদ্ধাৰ ক্ষেত্ৰত খাদ্যৰ বাধা অধিক পৰিলক্ষিত হয়। সোণোৱাল কছাৰী সকলে অধিক মচলাযুক্ত আহাৰ পচন্দ নকৰে। মাছ সোণোৱাল কছাৰী সকলৰ অতি প্ৰিয় খাদ্য। তেওঁলোকে দাতি-কাষৰীয় নৈ-বিলৰ পৰা মাছ ধৰি আনি বিধে বিধে তৃপ্তিকৰ আঞ্জা তৈয়াৰ কৰি লয়। সোণোৱাল কছাৰী সকলে নানাবিধ পোক পৰুৱাও হাবিৰ পৰা সংগ্ৰহ কৰি আনি খাদ্য হিচাবে গ্ৰহণ কৰে। কোমল চাউল, চিৰা, পিঠা, চেৱা দিয়া বৰা ভাত, চাউলচুঙা (চুঙাত দিয়া ভাত), টোপোলা ভাত ইত্যাদি জল পান হিচাবে ব্যৱহাৰ কৰে। সোণোৱাল কছাৰী সকলে চাউল আৰু ফলৰ পৰা নানাবিধ পানীয় তৈয়াৰ কৰি লয়। সোণোৱাল কছাৰী সকলৰ কেইবিধমান স্বকীয় পানীয় হ’ল- মদ, ৰহি মদ আৰু গুৰৰ লালিৰ পৰা তৈয়াৰ কৰা চেৰাপ। সোণোৱাল কছাৰী সকলে পুৰুষ-নাৰী, ল’ৰা-বুঢ়া সকলোৱে মিলি একেলগে পানীয় গ্ৰহণ কৰাত কোনো বাধা নাই।[2]

বস্ত্ৰ আৰু সাজপাৰ[সম্পাদনা কৰক]

তিৰোতাসকলে পৰিধান কৰা মুগাচাদৰ, মুগাৰ মেখেলা

গাঁৱত থকা সোণোৱাল কছাৰী সকলে নানা বৰণীয়া আটক ধুনীয়া সাজপাৰ পৰিধান কৰে। সম্ভ্ৰান্ত পুৰষ সকলে সাধাৰণতে ধুতী আৰু কামিজ পিন্ধি কান্ধত চেলেং চাদৰ লয়। সাধাৰণ চহালোকে আঁঠুৰ মূৰলৈকে চুৰীয়া পিন্ধি গাত গামোচা লয়। সোণোৱাল কছাৰী সকলৰ বয়ন শিল্প এক পৰম্পৰাগত ৰীতি-নীতি। ঘৰতে সাজি লোৱা তাঁতৰ শালত সোণোৱাল কছাৰী সকলৰ তিৰোতা সকল কাপোৰ বোৱাত বৰ পাকৈত। ছোৱালী বিয়া দিওঁতে ছোৱালীক তাঁতৰ শাল এযোৰ যৌতুক দিয়াতো প্ৰায় বাধ্যতামূলক। সোণোৱাল কছাৰী শিপিনী সকলে ঘৰতে বৈ লোৱা এড়ীচাঁদৰ, বৰকাপোৰ আদি গৰম কাপোৰ আৰু ৰংচঙীয়া ফুল বচা মুগা আৰু পাটৰ চাঁদৰ, মেখেলা, ৰিহাঁ,কপাহি মেখেলা, কপাহী চাঁদৰ, ধুতী,গামুচা, তিয়নি, একাঠীয়া, চেলেং কাপোৰ আদি সোণোৱাল কছাৰী শিপিনী সকলৰ শিল্পীসূলভ প্ৰতীক। সোণোৱাল কছাৰী মহিলা সকলে মূৰ ঢাকিবলৈ সদায় টকয়া ব্যৱহাৰ কৰে। সোণোৱাল কছাৰী সকলৰ সৰহ সংক্ষকেই খেতী-বাতি আৰু কৃষি কাৰ্যত আত্মনিয়োজিত। গাম খাৰু বা হাঁচৰমৰা খাৰু,কেৰু, জাংফাই কেৰু, ঠুৰিয়া, বিৰী, জোনবিৰি,কংকন, ডুগডুগি, লাটুমনি, মাদুলি আদি পৰম্পৰাগত আ-অলঙ্কাৰ সোণোৱাল কছাৰী মহিলা সকলে ব্যৱহাৰ কৰাত ৰুচি দেখুৱায়।

ধৰ্ম[সম্পাদনা কৰক]

সোণোৱাল কছাৰী সকলৰ পৰম্পৰাগত ধৰ্ম থাকিলেও সৰ্বশক্তিমান একঈশ্বৰ আৰু পৰজন্মত বিশ্বাস কৰে। সোণঝৱালকছাৰী সকলৰ এটা ভাগে এতিয়াও চৈতন্যবাদ আৰু জড়োপাসনাত বিশ্বাস ৰাখে। তেওঁলোকৰ মতে বিপদৰ সময়ত পূৰ্বপুৰুষ সকলৰ আত্মাই সহায় কৰে আৰু সেই বিশ্বাসতেই পূৰ্বপুৰুষ সকলৰ আত্মাৰ সন্তুষ্টিৰ অৰ্থে পূজা-পাতল কৰে। সোণোৱাল কছাৰী সকলৰ মাজত সত্ৰসংহতি সোমোৱাৰ আগেয়ে পূৰ্বপুৰুষ সকলৰ আত্মাৰ পূজা-পাতলতেই বিশ্বাস ৰাখিছিল। সোতৰ শতিকাৰ মাজ ভাগত সত্ৰাধিকাৰীৰ প্ৰভাৱত সোণোৱাল কছাৰী সকলৰ মাজত বৈষ্ণৱ ধৰ্ম প্ৰচলন হয় আৰু বৰ্তমান সোণোৱালকছাৰী সকলৰ সৰহ সংক্ষকেই বৈষ্ণৱ। সোণোৱালকছাৰী সকলৰ সকলো গাঁৱতে একোটা স্বকীয় নামঘৰ দেখা যায় যিয়ে তেওঁলোকৰ ধৰ্মীয় আৰু সংস্কৃতিৰ পৰম্পৰা বহন কৰি আহিছে। সোণোৱাল কছাৰী সকলৰ অন্য দেৱ-দেৱীক নমনা বৈষ্ণৱ ধৰ্মৰ প্ৰতি বিশ্বাস থাকিলেও তেওঁলোকে এতিয়াও পুৰণীকলিয়া ধৰ্মাচাৰ পদ্ধতিক সম্পূৰ্ণৰূপে এৰি পেলাব পৰা নাই। তেওঁলোকে এতিয়াও তেওঁলোকৰ পৰম্পৰাগত উপাস্য দেৱ-দেৱীক পূজাপাতল কৰি আহিছে। তেওঁলোকৰ পৰম্পৰাগত বিশ্বাস মতে এতিয়াও সমাজৰ হিতাৰ্থে বিভিন্ন জীৱ-জন্তু আৰু গছ-গছনিক উপাসনা কৰে।

সোণোৱাল কছাৰী সকলৰ পূজা-পাৰ্বণ দুই ধৰণৰ; সামোহিক আৰু পৰিয়াল কেন্দ্ৰিক। একোটা পৰিয়ালৰ সুখ-শান্তিৰ বাবে ঘৰুৱা দেৱ-দেৱীক আৰু সমোহ ৰাইজৰ বাবে বিশেষ বিশেষ দেৱ-দেৱীক সমজোৱাভাবে পূজা-পাতল কৰে। বাইথ’ পূজা, বাঘদেউ পূজা, গাতিগীৰি সবাহ, গজাই ভোজ, সৰগদেউ পূজা, গোকালিকা পূজা, জলখাই পূজা, ক’লাচামোন পূজা, ৰঙাচামোন পূজা, বৰচামোন পূজা, ক্ষেত্ৰ পূজা, কেঁচাইখাতী গোঁসানী পূজা, আচাৰকটা পূজা, তাপচিলিং পূজা, বুঢ়াবুঢ়ী থানৰ পূজা, বলিয়াবাবা থানৰ পূজা, ভূৰুলী-হাবুকী থানৰ পূজা, কলীআই থানৰ পূজা, লখিমী তোলা সবাহ, ভুৰ উটোৱা সবাহ, বালি সবাহ, চেঙেলী মাছৰ সবাহ, নৰাচিঙা সবাহ, বাটৰ সবাহ, ফল-মূলৰ সবাহ, মিঠৈ বটা সবাহ, বৰ সবাহ আদি সোণোৱাল কছাৰী সকলৰ সামোহিক পূজা পাতল। খিন ভঙা, বুঢ়া পোহা, চাউল খুউৱা, মৰাক দিয়া, পিৰি দিয়া, ন-পুৰষৰ সকাম, লখিমী মতা, বাৰিচুকৰ সকাম‌, আয়ুস তোলা সকাম, আই মতা, আপেশ্বৰী সবাহ, বাটৰুৱা সকাম, গৰখীয়া সবাহ, গা-চলনি দিয়া, উজান মাছ ধৰা পূজা, ডাঙৰ গছ কটা পূজা, হাবি জুই জলোৱা পূজা, চিটিকা পতা পূজা, কাছ-ঘাঁহ কটা পূজা, চুমনী পূজা, কচুকুৱঁৰী পূজা, ডাঙৰীয়া পূজা আদি সোণোৱাল কছাৰী সকলৰ ব্যক্তিগত ঘৰুৱা পূজা পাতল।[2]

সোণোৱাল কছাৰী সকলৰ আৰাধ্য দেৱতা ৰাজা খ্ৰীং দেউতাৰ সম্পৰ্কে :-

পৃথিৱীৰ প্ৰত্যেকটো জনগোষ্ঠীৰ মাজতে প্ৰত্যেকটো জনগোষ্ঠীৰে নিজ নিজ বিভিন্ন ধৰ্ম্ম-সংস্কৃতি বা লোকাচাৰ, লোকবিশ্বাস, লোকসাহিত্য, লোকসংগীত, স্বতন্ত্ৰ ভাবে প্ৰচলিত হৈ থকা দেখা যায়। পৃথিৱীৰ আন আন জনগোষ্ঠীৰ দৰে সোণোৱাল সকলৰ মাজতো নিজাকৈ বিভিন্ন ধৰ্ম্ম-সংস্কৃতি বা লোকাচাৰ, লোকবিশ্বাস, লোকসাহিত্য, লোকসংগীত স্বতন্ত্ৰ ভাবে প্ৰচলিত হৈ আহিছে। সোণোৱাল সকলৰ ধৰ্ম্ম-সংস্কৃতি বা লোকাচাৰ, বুলিলে সমাজ জীৱনত পালন কৰি অহা ধৰ্ম্মীয় অনুষ্ঠান সমূহ; বসবাহ কৰিবলৈ বিভিন্ন ধৰণৰ ঘৰ-বাৰী, অহিলাপাতি তৈয়াৰ কৰাৰ পদ্ধতি; জীয়াই থাকিবলৈ জীৱিকাৰ বাবে কৰা খেতি-বাতি, চিকাৰ কৰাৰ পদ্ধতি; বছৰটোৰ বিভিন্ন সময়ত উদযাপন কৰা বিভিন্ন উৎসৱ পাৰ্ৱন, বিয়াবাৰু আদি; সুস্বাস্থ্যৰ বাবে কৰা জৰা-ফুকা, বেজ-বেজালি সমূহ; জন্ম-মৃত্যুৰ বাবে কৰা বিভিন্ন নীতি-নিয়ম বিলাক; অৱসৰ বিনোদনৰ বাবে কৰা বিভিন্ন খেল-ধেমালি, গীত-মাত, উপকথা, কাহিনি ইত্যাদি। সোণোৱাল কছাৰী সকলৰ কিছুমান লোকাচাৰত বাহ্যিক প্ৰভাৱ পৰি লোকাচাৰৰ মৌলিকতাত হানি ঘটাইছে যদিও প্ৰায় বিলাক লোকাচাৰেই তেওঁলোকৰ নিজস্ব বৈশিষ্ট্যআৰু মৌলিকতা বহন কৰি আহিছে। সোণোৱাল কছাৰী সকলৰ ধৰ্ম্মীয় অনুষ্ঠান বিলাকৰ ভিতৰত ১/ খ্ৰীং খ্ৰীং বাইথ’ পূজা ২/ ভুৰুলী-হাবুকীৰ পূজা ৩/ বাঘদেউ পূজা ৪/ গাতিগিৰি পূজা ৫/ গজাই পূজা ৬/ সৰগদেউ পূজা ৭/ জলখাই পূজা ৮/ কোলাচামোন পূজা ৯/ ৰঙাচামোন বা ৰঙা-ৰাঙলী পূজা ১০/ বৰচামোন পূজা ১১/ ক্ষেত্ৰদেৱতাৰ পূজা ১২/ খীন ভঙা পূজা ১৩/ তাপচিলিঙ পূজা ১৪/ গোকালিকা পূজা ১৫/ বুঢ়া-বুঢ়ীৰ পূজা ১৬/ বলিয়া বাবাৰ পূজা ১৭/ কেঁচাই খাইতীৰ পূজা ১৮/ আই থানৰ পূজা ইত্যাদি। সোণোৱাল সকলে পালন কৰি অহা সবাহ সমূহ হ’ল ১/ লখিমী সবাহ ২/ ভূৰ উটোৱা সবাহ ৩/ বালি সবাহ ৪/ চেঙেলী মাছৰ সবাহ ৫/ নৰাচিগা সবাহ ৬/ গৰখীয়া সবাহ ৭/ ফল-মূলৰ সবাহ ৮/ মিঠৈ বটা সবাহ ৯/ আপেস্বৰাৰ সবাহ ১০/ বৰসবাহ ১১/ বাটৰ সবাহ আদি। সকামৰ ভিতৰত ১/ বুঢ়া পোহা ২/ চাউল খোওৱা ৩/ মৰাক দিয়া ৪/ পিৰি দিয়া ৫/ নপুৰুষৰ সকাম ৬/ আই সকাম ৭/ লখিমী সকাম ৮/ বাৰীৰ চুকৰ সকাম ৯/ চুমনি বা মুগা পোহা সকাম ১০/ উজান ধৰা সকাম ১১/ গছ কটা সকাম ১২/ হাবিত জুই জলোৱা সকাম ইত্যাদি। সোণোৱাল সকলৰ এই সকলোবোৰ লোকাচাৰতেই সোণোৱাল সকলৰ নিজস্ব বৈশিষ্ট্যআৰু মৌলিকতা বহন কৰিছে আৰু এই বিলাক লোকাচাৰ সোণোৱাল সকলে ঐতিহ্যৰে পৰা নিজাববিয়াকৈ মৌলিকতা ৰক্ষা কৰি স্বতন্ত্ৰ ভাৱে পালন কৰি আহিছে। বিশেষ ভাৱে সোণোৱাল সকলৰ পৰম আৰাধ্য দেৱতা খ্ৰীং খ্ৰী বাইথ’ পূজাৰ যি লোকবিশ্বাস বা লোকাচাৰ বা পৰম্পৰা তাত অদ্যাপি কোনো বাহ্যিকতাৰ প্ৰভাৱ পৰা নাই। সোণোৱাল সকলৰ হাইদাং দে বা হাইদাং গীতৰ ৰচনাশৈলী, গীতৰ সঞ্চাৰ আৰু তাৰ দৰ্শণে সোণোৱাল সকলৰ এক স্বকীয় পৰম্পৰাকে বহন কৰিছে। খ্ৰীং খ্ৰীং বাইথ’ পূজা প্ৰথমতে আৰম্ভ হৈছিল অৰণ্যৰ মাজত গছৰ গুৰিত। কালক্ৰমে গজাই গুৰুদেউৰ নিৰ্দেশ মৰ্মে পূজাৰীৰ ঘৰলৈ লৈ অহা হয়। গৰখীয়া সকলে হাবিৰ মাজত গৰু চাৰি থাকোঁতে গৰখীয়া সকলৰ মাজতে এই পূজা আৰম্ভ হয়। শিৱই মাধপুৰুষ আৰু পাৰ্ৱতীয়ে সুৰেশ্বৰীৰ ৰূপ ধৰি সোণোৱাল সকলৰ মাজলৈ আহি কৈৰাতীয় আচাৰ ব্যৱহাৰেৰে সোণোৱাল সকলক জীৱন ধাৰণৰ আভাস দিয়ে। গৰখীয়া সকলৰ মাজত মাধপুৰুষে ঘাই গৰখীয়া হৈ গৰু-গাই বিলাক নিৰাপদে থাকিবলৈ গন্ধসৰৈ গছৰ গুৰিত ফৰিং বলি দি পূজা কৰিবলৈ গৰখীয়া সকলক উপদেশ দিয়ে। মাধপুৰুষৰ উপদেশ মতে গৰখীয়া সকলে ফৰিং বিচাৰি আনি গন্ধসৰৈ গছৰ তলত উলুখেৰৰ পাতেৰে ফৰিং বলি দি গীত-মাতেৰে গীত-মাতৰ সঁজুলি সমোহ জামুক গছৰ তলত মাধপুৰুষক সঁপি দি এই খ্ৰীং খ্ৰীং বাইথ’ সূচনা কৰিছিল। এই কাম কেতিয়া আৰম্ভ হৈছিল তাক ঠাৱৰ কৰাটো সম্ভৱ নহয়। পূৰ্বৰ পৰম্পৰা অনুসৰি প্ৰতি বছৰে দৌল পূৰ্ণিমা মাহৰ শুক্লপক্ষৰ দ্বিতীয়টো সোমবাৰে শিৱৰাত্ৰিৰ পাচত ( ১৩ নং চন্দ্ৰমাহত ) সোণোৱাল সকলৰ খ্ৰীং খ্ৰীং বাইথ’ পূজাভাগ আগ বঢ়োৱা হয়। পূজাৰ আৰাধ্য দেৱতা জনক খ্ৰীং ৰাজা বোলা হয়। খ্ৰীং শব্দৰ তাৎপৰ্য এনে ধৰণৰ। খ, ৰ, ঈ আৰু ং, এই চাৰি বৰ্ণ লগ লাগি খ্ৰীং শব্দ গঠিত হৈছে। অৰ্থ হৈছে চাৰিমুঠি জীৱ- উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ, এই চাৰিমুঠি জীৱৰ ত্ৰানকৰ্তা বা ৰক্ষক। সোণোৱাল সকলে বাইথ’ মন্দিৰৰ পূজাৰী জনক ৰাজাগুৰু বা দেউতা বুলি সম্বোধন কৰে। মন্দিৰৰ মূল খুটাটো মুধচৰ ওপৰলৈ ওলাই যোৱাকৈ কলডিলৰ আকৃতিৰে গঢ়া হয়। কলডিলৰ তাৎপৰ্য হ’ল প্ৰজনন ক্ষমতা। মূল খুটাৰ গুৰিত দুখন হেতামাৰি লগাই দি দুয়োফালে দুটা চাৰিমুখীয়া মাটিৰ চাকী জলোৱা হয়। এটা চাকিৰ চাৰিডাল শলিতাই খ্ৰীং ৰাজা, গজাই, মনাই আৰু ফুলকোৱঁৰক প্ৰতিনিধিত্ব কৰে আৰু আনটো চাকিৰ চাৰিডাল শলিতাই উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ এই চাৰিমুঠি জীৱক প্ৰতিনিধিত্ব কৰে। এই চাকি দুটাক পুৰুষ আৰু প্ৰকৃতীৰ প্ৰতীক বুলিও গন্য কৰা হয়। বাইথ’ পূজাৰ সময়ত খ্ৰীং ৰাজাৰ পূজাৰ উপৰিও মন্দিৰৰ বাহিৰত ভূৰুলী আইৰ পূজাভাগ আগ বঢ়োৱা হয়। বাইথ’ শালৰ পূজাৰীক বাইথ’ বা ৰাজাগুৰু আখ্যা দিয়া হয় আৰু ভূৰুলী শালৰ পূজাৰীক শইকীয়া বোলা হয়। মূল খুটাৰ সৈতে ৬টা কুমৰ খুটা আৰু পালিখুটা ১৪ টাৰে তিনিচলিয়াকৈ মন্দিৰ নিৰ্ম্মান কৰি এখন মূল দুৱাৰ ৰখা হয়। এই খুটা কেইটাৰ মূল খুটাৰ সৈতে ৬টা কুমৰ খুটা লগাই ৭টা খুটাই সোণোৱাল সকলৰ সাতখেল আৰু ১৪টা পালি খুটাই চৌদ্ধ বংশক প্ৰতিনিধিত্ব কৰে। তিনিখন চালে খ্ৰীং ৰাজা, গজাই আৰু মনাইক প্ৰতিনিধিত্ব কৰে। মন্দিৰৰ মূল খুটাৰ চাৰিওফালে নভনী লখিমীৰ উদ্দেশ্যে নটা চাকি জলোৱা হয়। সোণোৱাল সকলৰ মতে নভনী লখিমী সকলৰ নাম এনে ধৰণৰ :- চেংদৈ, বেংদৈ, হাক্লাদৈ, ফাকলাদৈ, দোনদৈ, কুলাদৈ, দেউবুঢ়ী, সোমবুঢ়ী আৰু বুধবুঢ়ী আই। ভূৰুলী শালত কৰা তেত্ৰিচ কোটি দেৱতাৰ নাম বিলাকে সোণোৱাল সকলৰ স্বকীয়তাৰ এক বিশেষ তাৎপৰ্য বহন কৰিছে। তেত্ৰিচ কোটি দেৱতা সকল যেনে: ফুলকোঁৱৰ, ভূৰুলী, হাবুকী, বুঢ়া-বুঢ়ী, বলিয়া বাবা, টকালি পৰা, হুহুৰি বোৱা, ঢোল কুবুৱা, কুলামন, ৰিগিৰাগাম, চাৰিবুঢ়া, চাৰিগোঁসাই, ওঁঠৰকোঁৱৰ, বৰগাতিয়াল, জলখাই, বৰচামুন, সাতভাই, চেলাযখ, লোহিত কোঁৱৰ, বৰমবাহু, হৰিচৰণ, ৰঙাচৰণ, নমতা, সমতা, হেলৌ, দেলৌ, কনৈ, কণকণ, বায়ুৰ, বাংৰি, বৰুণ, সাতভাই ডাঙৰীয়া, নাক্লেং, চাক্লেং, সূৰ্য্য, থলৰ নভনী, কুবেৰ বুঢ়া-বুঢ়ী, নভনী লখিমী, হৰ, পাৰ্ৱতী, সৱস্বতী, আইৰ নভনী, জল কুবেৰ, জলৰ নভনী, ৰাজ মৰাক ইত্যাদি। তেত্ৰিচ কোটি দেৱতাৰ এই নামকৰণে সোণোৱাল সকলৰ মাজত প্ৰচলিত এক বিশেষ বৈশিষ্টপূৰ্ণ উমৈহতীয়া লোকাচাৰ বা সংস্কৃতিকেই প্ৰতিপন্ন কৰিছে।

জাতীয় উৎসৱ[সম্পাদনা কৰক]

সোণোৱাল কছাৰীসকলৰ দ্বাৰা বিহু নৃত্য পৰিৱেশন

সোণোৱাল কছাৰী সকলে বৰ উৎসাহ আৰু উদ্দীপনাৰে তেওঁলোকৰ স্বকীয় জাতীয় উৎসৱ উদযাপন কৰে। অনান্য অসমীয়া সমাজৰ দৰেই সোণোৱাল কছাৰী সকলৰো বিহু কেইটাই তেওঁলোকৰ জাতীয় উৎসৱ। বহাগ বা ৰঙালী বিহু, মাঘ বা ভোগালী বিহু আৰু কাতি বা কঙালী বিহু সোণোৱাল কছাৰী সকলে বৰ ৰং-ৰহস্য আৰু উল্লাহেৰে পালন কৰে। উৎসৱ, বিয়া, শস্য চপোৱা আদি যিকোনো আনন্দৰ মুহূৰ্তত সোণোৱাল কছাৰী সকলে নাচি-বাগি আনন্দত মতলীয়া হৈ পৰে।

ধৰ্মীয় অনুষ্ঠান সমূহ[সম্পাদনা কৰক]

১/ গজাই ডাঙৰীয়াৰ সকাম সোণোৱাল সকলৰ খ্ৰীং ৰাজা বাইথ’ দেৱতাৰ পাচতেই উপাচ্য দেৱতা হ’ল ‘গজাই ডাঙৰীয়া’। এই জনা দেৱতাকে সোণোৱাল সকলে গুৰু হিচাবেও মান্য কৰে। “খ্ৰীং ৰাজা ধৰণী, গজাই গুৰু ঢাকনী”। ইয়াৰ অৰ্থ হ’ল, সৃষ্টিকৰ্তা খ্ৰীং ৰাজা আৰু পালন্তা গজাই গুৰু। গজাই গুৰু ডাঙৰীয়াৰ নিৰ্দ্দেশ অনুসৰিয়েই সোণোৱাল সকলৰ সকলো পূজা-পাৰ্ৱন, নীতি-নিয়ম, জীৱন ধাৰণ প্ৰণালী আদি প্ৰচলন হ’ল। গৰখীয়া লৰাহঁতে গৰু চাৰি ফুৰোঁতে উঁই হাফলুতে উলুখেৰৰ পাতেৰে ফৰিং কাটি পূজা কৰিছিল। তাতে গজাই দেউৱে আৱিৰ্ভাৱ হৈ গৰখীয়া লৰাহঁতক জীৱন ধাৰণ প্ৰণালীৰ শিক্ষা দি যায়। সেয়ে আজিও সোণোৱাল সকলে ঘৰৰ ভেটি তুলিবলৈ আৰু ঘৰ মুচিবলৈ উঁই হাফলুৰ মাটি নলগায়। গজাই দেউৱে বুঢ়ামুদৰী পৰিয়ালত ধন নাম লৈ জন্ম লৈ মানুহক বেহা-বেপাৰ কৰিবলৈও শিকায়। গজাই দেৱে নাৱেৰে বেহা কৰিবলৈ ধন দি মানুহ লগাই ন-দিহিঙত পৰাকৈ এটা দীঘল খালো খন্দাইছিল। অৰুণাচল প্ৰদেশৰ আলুবাৰী নামৰ থাইত ‘ধনে খন্দা সূঁতি’ নামেৰে এতিয়াও আছে। “ধন ধন ঐ হয়েকি অহয়ে হয়। আইক লয়ে গ’লে সাউদ সদাগৰে, ভৰা দি নাওতে বোজা। বোপাইক লৈয়ে গ’লে শুকুলী হাতীয়ে, কোন দেশত পাতিলে ৰজা”। এইয়া সোণোৱাল সকলৰ হুচৰীত গজাই দেউক উদ্দেশি গোৱা এফাকি ঘোষা আৰু পদ। গজাই দেউৱে চাৰিবাৰ জন্ম লৈছিল বুলি জনা যায়। গজাই ডাঙৰীয়াই ধ্যানৰ যোগেদি ভৱিষ্যতবাণী কৰিব পাৰিছিল। এবাৰ কেবাদিনো ধ্যানত থাকোঁতে কোনোবা এজনে মৃত বুলি ঘোষণা কৰাত জ্ঞাতিয়ে তেওঁৰ জীৱন্ত দেহটো দাহ কৰি পেলায়। গজাই ডাঙৰীয়াৰ আত্মাই ঘোষণা কৰা জনক “কুকুৰাৰ জনম লবি আৰু তোকো জীয়াই জীয়াই পুৰি মাৰি মানুহে খাব আৰু তাৰ ভাগ পালেহে মই সন্তুস্ত হ’ম, তেতিয়াহে জ্ঞাতিয়ে উদ্ধাৰ পাব”, এই বুলি অভিশাপ দিয়ে। সেয়ে গজাই দেউৰ সকামত পক্ষী এটা জীয়াই জীয়াই পুৰি মৰা হয়। সোণোৱাল সকলৰ প্ৰত্যেকখন গাঁৱতে গজাই ডাঙৰীয়াৰ থান থাকিব লাগে। ডাঙৰীৰ লাইনা গাঁৱৰ বাহিৰে সোণোৱাল সকলৰ সকলো গাঁৱতে বছৰেকত এবাৰহে গজাই দেউৰ সকাম কৰা হয়। লাইনা গাঁৱত বছৰত পাঁচটাকৈ গজাই দেউৰ সকাম কৰা হয়। প্ৰতিখন সোণোৱাল গাঁৱতে বহাগ বিহুৰ পাচত জেঠ মাহত, এজাৰ ফুল ফুলি বাঁহৰ গাজ ওলালে গজাই দেউৰ সকাম সমাজৰ মঙ্গলৰ বাবে অনুষ্ঠিত কৰা হয়। বৰমাল/আঁঠুৱাল বংশৰ বুঢ়ামুদৰী আৰু মুদৰী পৰিয়ালত নিজা ববীয়াকৈ গজাই দেউৰ সকাম কৰে। এই পূজাত পূজাৰী নেথাকে। বেহাৰী নিয়মেৰে মৃতকৰ দহাকাজ কৰা জেষ্ঠ ব্যক্তি এজনক পুৰুহিত হিচাবে লোৱা হয়; অনুপস্থিতিত যি কোনো জেষ্ঠ এজনে পূজাৰ কাম সম্পাদন কৰে। পূজাৰ আৰম্ভণিতে শলিতা, তামোল-পাণ, চাউল, শাক-পাত, তেল-নিমখ, মাধপুৰুষৰ ৰস, সান্দহ, গুৰ, আলোৱা কুকুৰা এটা লৈ পূজাৰী, ৰান্ধনি-বাঢ়নিয়ে সেৱা আগ বঢ়ায়। পূজাৰী গৰাকীয়ে আলোৱা কুকুৰাটো জীয়াই জীয়াই জুইত পুৰি মাৰি তাৰে ৰান্ধনিয়ে খাজি বনায়। পূজাৰীয়ে শলিতা, তামোল-পাণ, ভাত, খাজি, শাক-পাত, মাধপুৰুষৰ ৰস ( নল চুঙাত দিয়া হয় ), সান্দহ, গুৰ ডাঙৰ গছ এজোপাৰ তলত আগ বঢ়াই সেৱা জনাই আশীৰ্বাদ লয়। ইয়াৰ পাচতে উপস্থিত সকলোৱে দেৱতাৰ অৱশিষ্টখিনি গ্ৰহণ কৰি ঘৰাঘৰি হয়। ওভতোঁতে পাচলৈ নেচাই পোনে পোনে ঘৰলৈ গৈ গা ধুইহে ঘৰত সুমুৱা নিয়ম।

২/ বহুৱা নাচ: বহুৱা নাচ অসমৰ সোণোৱাল কছাৰী সকলৰ এক ধৰ্মীয় অনুষ্ঠান। সোণোৱাল কছাৰীসকলৰ কলা-কৃষ্টীৰ এক প্ৰকাশ হ’ল এই বহুৱা নাচ। ডিব্ৰুগড় জিলাৰ বৃহৎ জামিৰা অঞ্চলৰ ধমল গাঁৱত বসবাস কৰা সোণোৱাল কছাৰী সকলৰ মাজত অতীজৰে পৰা বহুৱা নাচ প্ৰচলন হৈ আহিছে। প্ৰতি দুবছৰৰ অন্তত তেওঁলোকে এই নাচৰ আয়োজন কৰে। এই নৃত্যৰ আৰম্ভণি কেতিয়া হৈছিল সেইকথা তেওঁলোকে ক'ব নোৱাৰে কিন্তু তেওঁলোকৰ আজোককাকৰ দিনৰ পৰাই প্ৰচলিত আছিল বুলি বিশ্বাস কৰে।

বহুৱা নাচৰ এক দেৱাল অংকন

এই নাচ প্ৰদৰ্শন কৰোঁতে শিল্পীসকলে মুখা আৰু দেহটো কলপাতেৰে মেৰিয়াই লয়। এই নাচৰ প্ৰস্তুতিপৰ্বত শিল্পীসকলৰ সাজ-সজ্জা কৰা হয় এখন আওহতীয়া হাবিত। তাত কেৱল বয়সস্থ লোকৰহে প্ৰৱেশ অনুমতি থাকে। বহুৱা নাচত অভিনয় কৰা শিল্পীসকলৰ পৰিচয়ো অতি গোপনে ৰখা হয়। একোজন বহুৱাক সাজ-সজ্জাৰে তৈয়াৰ কৰিবলৈ প্ৰায় ৩-৪ ঘণ্টা সময় লাগে। হাবিৰপৰা ওলোৱা বহুৱাই মুকলি মঞ্চত প্ৰৱেশ কৰাৰ সময়ত শিল্পি সকলৰ আগত এখন ৰঙা আঁৰ কাপোৰ টানি দিয়া হয়। এই ৰঙা কাপোৰখনক সোণোৱাল কছাৰী সকলে ধ্বংস আৰু সৃষ্টিৰ ঐশ্বৰিক লীলাৰ প্ৰতীক বুলি জ্ঞান কৰে।

বহুৱা নাচত বাদ্যযন্ত্ৰ হিচাপে মৃদংগ (সোণোৱাল কছাৰী সকলে মৃদংগক মেদং বোলে) আৰু তাল ব্যৱহাৰ কৰা হয়। মৃদংগৰ তালে তালে গায়ন-বায়ন, বহুৱা, ভূত-প্ৰেত সকলোৱে একেলগে নাচে। বহুৱা দলৰ পিছতে এটা বিহুৱা দলেও মুকলি মঞ্চত বিহু নৃত্য প্ৰদৰ্শন কৰে। এই নাচ শেষ হোৱাৰ পিছত সকলো ভাৱৰীয়াই গা-পা ধুই গাঁৱৰ এঘৰত একেলগে ভোজ-ভাত খায়।


বৈৱাহিক প্ৰথা[সম্পাদনা কৰক]

আগেয়েই উল্লেখ কৰা হৈছে যে একবিবাহ প্ৰথাই সোণোৱাল সমাজত প্ৰচলিত নিয়ম যদিও একাধিক বিবাহ নিষিদ্ধ নহয় আৰু দুয়ো পক্ষৰ সন্মতি মৰ্মে বিপত্নীক বা বিধবা সকলেও পুনৰ্বিবাহ কৰাত বাধা নাই। কোনো বিশেষ কাৰণত প্ৰথমা পত্নীৰ অনুমতি সাপেক্ষে পুৰুষে দ্বিতীয় পত্নী গ্ৰহণ কৰাতো বাধা নাই। সোণোৱালকছাৰী সমাজত অসবৰ্ণ বিবাহো বিৰল নহয়। সোণোৱালকছাৰী সমাজত অভিভাৱক সকলে অসবৰ্ণ বিবাহক মানি লবলৈ টান পায় যদিও সেইয়া ধৰা-বন্ধা নিয়ম নহয়। সোণোৱালকছাৰী সমাজে কন্যামূল্য গ্ৰহণ নকৰে। বৰ্তমান সোণোৱাল কছাৰী সমাজত পাঁচ বিধ বৈৱাহিক প্ৰথা পৰিলক্ষিত হয়। এই বিলাকৰ ভিতৰত

  1. শান্তিবিয়া বা নোৱাই তোলনী বিয়া
  2. নোৱা-ধুৱা বা বৰবিয়া
  3. হোম দিয়া বিয়া
  4. গন্ধৰ্ব বিয়া

৫. ৰভা সৰকাই দিয়া বিয়া

সোণোৱাল সমাজত প্ৰচলিত নিয়ম অনুসৰি একে বংশ বা পৰিয়ালৰ মাজত বিবাহ সম্পুৰ্ণৰূপে নিষিদ্ধ। তেনে বিবাহ সংঘটিত হ'লে তেওঁলোকৰ উত্তৰ পুৰুষে তিনিখন মেখেলা পাৰ নোহোৱালৈকে তেওঁলোকক বংশৰ পৰা বহিস্কৃত কৰি ৰখাৰ নিয়ম।

সমাজ নেতৃত্ব[সম্পাদনা কৰক]

উত্তৰ পূব ভাৰতৰ অনান্য গাঁৱলীয়া জনসমাজ গাঁথনিৰ সৈতে সোণোৱালকছাৰী সকলৰ জনসমাজ গাঁথনিও প্ৰায় একে। গাওঁ একোখনৰ প্ৰসাশনিক মোক্ষ হিচাবে গাওঁবুঢ়াকে ধৰি আন কিছুমান বিষয় ববীয়াক লৈ গাওঁখনৰ প্ৰসাশন যন্ত্ৰ গঠিত হয়। অন্নান্য বিষয় ববীয়া সকল এনে ধৰণৰ – ৰাজাগুৰু, পূজাৰী, দেউৰী, টিকাধৰা, মূৰাধৰা, মজিন্দাৰ, বাৰিক, ভৰালী, তামুলী, বিলনীয়া, ৰান্ধনী, বাঢ়নী, গীতঘাই, মেধী, বায়ন, পাঠেকি, আশীৰ্বদীয়া ইত্যাদি। ইজনে সিজনৰ প্ৰতি থ’কা পাৰস্পৰিক সহায় আৰু সহযোগিতাৰ বাবে কোনো পাৰিশ্ৰমিক নোলোৱাকৈ শ্ৰমদান কৰা অনুষ্ঠান ‘হাৰি’ বা ‘হাউৰি’ সোণোৱাল কছাৰী সকলৰ সমাজত মিলাপ্ৰিতিৰ এক উৎকৃষ্ট নমুনা। এই অনুষ্ঠানত গৃহস্থই অৱশ্যে আমন্ত্ৰিত সকলক খাদ্য আৰু পানীয়ৰ যোগান ধৰিব লগা হয়। সোণোৱালকছাৰী সাহিত্য প্ৰকাশণ পৰিষদৰ দ্বাৰা প্ৰকাশিত "সোণোৱাল কছাৰী কৃষ্টি আৰু সংস্কৃতি"।

লগতে পঢ়ক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]


  1. 1.0 1.1 1.2 সোণোৱাল কছাৰীসকলৰ বিষয়ে শ্ৰীমন্ত ডট নেটৰ তথ্য আহৰণ ৭ মাৰ্চ, ২০১২
  2. 2.0 2.1 সোণোৱাল কছাৰীসকলৰ বিষয়ে শ্ৰীমন্ত ডট নেটৰ তথ্য আহৰণ ৭ মাৰ্চ, ২০১২