ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)
| ৰাইজৰ চ'ৰা প্ৰস্তাৱ |
| ৰাইজৰ চ'ৰা: নীতি • ৱিকিমিস্ত্ৰীৰ দোকান • প্ৰস্তাৱসমূহ (সততে উত্থাপিত প্ৰস্তাৱসমূহ) • উদ্ভাৱনশালা • বিবিধ |
| সূচী • প্ৰথম আলোচনা • পৃষ্ঠাৰ শেষলৈ যাওক • নতুন মন্তব্য আৰম্ভ কৰক |
| ৰাইজৰ চ’ৰাৰ এই পৃষ্ঠাত নতুন ভাব আৰু প্ৰস্তাৱসমূহ আপুনিও যোগ কৰিব পাৰে। ইয়াৰ বাহিৰে অন্য ৱিকিপিডিয়াৰ নীতি বিষয়ক পৃষ্ঠাসমূহ নৱ-প্ৰস্তাৱিত আৰু প্ৰচলিত নীতি-নিৰ্দেশনাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ কৰিবলৈ অনুগ্ৰহ কৰি নীতি বিভাগৰ পৃষ্ঠা ব্যৱহাৰ কৰক। কোনো নীতি-নিৰ্দেশনাৰ প্ৰয়োগ বা ব্যৱহাৰ সম্পৰ্কীয় সন্দেহ মৰিষণৰ কাৰণে বিভিন্ন জাননী ফলকসমূহ ব্যৱহাৰ কৰিব পাৰে। যদি আপোনাৰ কাৰিকৰী জ্ঞান আছে তেন্তে উপযুক্তভাৱে অৱদান/আলোচনা/সহায় আগবঢ়াওক। সততে উদয় হোৱা প্ৰশ্নসমূহৰ এখন সূচী এই FAQ পৃষ্ঠাত (FAQ: Frequently Asked Questions) আছে, অনুগ্ৰহ কৰি প্ৰথমে তাত চাই লয় যেন। |
|
| অনুগ্ৰহ কৰি নতুন বিষয়/আলোচনা যোগ কৰিবলৈ এই পৃষ্ঠাৰ শেষলৈ যাওক। | |
| কেন্দ্ৰীয় আলোচনা | ||
|---|---|---|
| প্ৰস্তাৱসমূহ | আলোচনা | পৌনঃপুনিক প্ৰস্তাৱসমূহ |
|
| ||
| আৰ্কাইভ • আলোচনা • সম্পাদনা • ইতিহাস • প্ৰদৰ্শন | ||
আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি এটি ৱিকি কৰ্মশালাৰ আয়োজনৰ প্ৰস্তাৱ সম্পৰ্কে আলোচনাৰ বাবে শেহতীয়া সংৰক্ষণ চাওক।
[সম্পাদনা কৰক]নৱবৰ্ষৰ ৱিকি সংকল্প, ২০২৫
[সম্পাদনা কৰক]অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।
নতুন বছৰৰ আৰম্ভণিতে আমি বহুতেই বছৰটোত আশা কৰা কথা বা কামৰ বিষয়ে সংকল্প ল'বলৈ চেষ্টা কৰোঁ। বছৰৰ প্ৰথম দিনটোতে নিজৰ ওচৰত এনেকৈ প্ৰতিশ্ৰুতিবদ্ধ হ'লে সেই কথাটোৱেই বছৰটোলৈ আমাক অনুপ্ৰেৰণা যোগাই থাকিব পাৰে। সেই আশাৰেই ২০২৫ চনৰ প্ৰাকক্ষণত সকলোকে একোটাকৈ ৱিকি সংকল্প ল'বলৈ আহ্বান জনাব খুজিছোঁ। অনাগত বছৰটোত আপুনি ৱিকিৰ যিকোনো প্ৰকল্পত কেনেধৰণে অৱদান আগবঢ়াব বিচাৰে সেয়া এই প্ৰস্তাৱত মন্তব্য হিচাপে যোগ দিব পাৰে। এই সংকল্পসমূহ যিমান পাৰি স্মাৰ্ট (SMART: নিৰ্দিষ্ট (Specific), জুখিব পৰা (Measurable), কৰিব পৰা (Achievable), ৱিকি সম্পৰ্কীয় (Relevant), আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত (Time-Bound)) হ'লে ভাল।
২০২৫ চনৰ বাবে মোৰ ৱিকি সংকল্প হৈছে-
- অসমীয়া ৱিকিমিডিয়া সমাজৰ সমৰ্থন থকালৈকে ২০২৫ চনৰ প্ৰতিমাহে অনলাইন মাহিলী ৱিকিসভা পৰিচালনা কৰি যাম।
- বছৰটোত ৱিকিকমন্সত কমেও ৩৬৫খন ফটো সংযোগ কৰিম (আজিৰ তাৰিখত সৰ্বমুঠ:৭৩০)।
- ৱিকিৰ সকলো প্ৰকল্প মিলাই বছৰটোত অন্তত: ১০০০টা সম্পাদনা কৰাৰ চেষ্টা কৰিম (আজিৰ তাৰিখত সৰ্বমুঠ: ১১,৮৭৭)।
-Joli Rumi (বাৰ্তা) 14:13, 14 December 2024 (ইউ.টি.চি.)
মোৰ সংকল্প
[সম্পাদনা কৰক]- প্ৰতিদিনে অসমীয়া ৱিকিমিডিয়াৰ যিকোনো এটা প্ৰকল্প (পাৰিলে একাধিক)ত সম্পাদনা কৰিবলৈ যত্ন কৰিম, আৰু বছৰটোত কমেও এজন ব্যক্তিক ৱিকিমিডিয়াৰ যিকোনো প্ৰকল্পত সম্পাদনা কৰাৰ শিক্ষা দিম। -Pranamikaadhikary (বাৰ্তা) 12:36, 20 December 2024 (ইউ.টি.চি.)
- ১ জানুৱাৰীৰপৰা অসমীয়া ৱিকিউৎসত প্ৰতিদিনে অন্ততঃ ১ পৃষ্ঠা মুদ্ৰণ সংশোধন কৰাৰ ১০০ দিনীয়া সংকল্প লৈছোঁ। - JyotiPN (বাৰ্তা) 06:11, 1 January 2025 (ইউ.টি.চি.)JyotiPN
- ২০২৫ বৰ্ষত ৱিকিপিডিয়াত নতুন প্ৰবন্ধ সৃষ্টিৰ লগতে সম্পাদনা, ৱিকিউদ্ধৃতি আৰু ৱিকিকমন্সত ফটো আপলোড কৰিবলৈ চেষ্টা কৰিম। Naruna Baruah (বাৰ্তা) 13:53, 1 January 2025 (ইউ.টি.চি.)
- ৱিকিপিডিয়াত বছৰটোত ৩০০ প্ৰবন্ধ সৃষ্টিৰে ব্যক্তিগতভাৱে ১০০০ প্ৰবন্ধৰ সীমা অতিক্ৰম কৰিবলৈ চেষ্টা কৰিম। -Nayan j Nath (বাৰ্তা) 14:13, 1 January 2025 (ইউ.টি.চি.)
মন্তব্য
[সম্পাদনা কৰক]নাৰীবাদ আৰু লোকগাথা ২০২৫ৰ আয়োজন
[সম্পাদনা কৰক]অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।
প্ৰিয় স্বেচ্ছাসেৱকসকল, প্ৰতি বছৰৰ দৰে এইবাৰো আমি নাৰীবাদ আৰু লোকগাথা সম্পাদনা-মেলা আয়োজন কৰিবলৈ ওলাইছোঁ। নাৰীবাদ আৰু লোকগাথা হৈছে ৱিকিপিডিয়াত সাংস্কৃতিক বৈচিত্ৰ্য আৰু লৈংগিক সমতাৰ বাৰ্ষিক উদ্যাপন। এয়া হৈছে ৱিকিপিডিয়াত বিশ্বৰ বিভিন্ন অঞ্চলৰ লোক-সংস্কৃতি, লোকগাথা আৰু মহিলা বিষয়ক সমল বৃদ্ধিৰ উদ্দেশ্যে প্ৰতি বছৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আয়োজিত এক আন্তঃৰাষ্ট্ৰীয় অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাই অৱদানকাৰীসকলক স্থানীয় সাংস্কৃতিক অনুষ্ঠান, লোক-সম্পৰ্কীয় কাৰ্যকলাপ, আৰু মহিলাসকলৰ সততে অৱহেলিত কিন্তু উল্লেখযোগ্য অৱদানসমূহৰ অন্তৰ্ভুক্তিকৰণৰ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। এই প্ৰতিযোগিতা ৱিকি লাভছ্ লোকগাথা (WLF) অভিযানৰ এক অবিচ্ছেদ্য অংশ। বাকীসমূহ ভাষাৰ দৰে এইবেলিও অসমীয়া ৱিকিপিডিয়াই উক্ত প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাখন ১ ফেব্ৰুৱাৰী ২০২৫-ৰ পৰা ৩১ মাৰ্চ ২০২৫-লৈ চলিব। আশা কৰিছোঁ, আপোনালোকে উক্ত প্ৰতিযোগিতাত অংশ লৈ প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰি তুলিব।
প্ৰতিযোগিতাৰ বাবে ইতিমধ্যেই এটা প্ৰকল্প-পৃ্ষ্ঠা সাজু কৰা হৈছে। চাবলৈ ইয়াত ক্লিক কৰক। গোলকীয় পৰ্যায়ৰ মূল পৃষ্ঠাৰ বাবে ইয়াত ক্লিক কৰক।
- প্ৰতিযোগিতাখনি চলাই নিবলৈ মই সমন্বয়ক হিচাপে নয়ন জ্যোতি নাথ আৰু দিব্য দত্তৰ নামটো প্ৰস্তাৱ কৰিলোঁ।
- আনহাতে বিচাৰক হিচাপে জলি ৰুমী বৰা, অজয় দাস আৰু মই ঈশান জ্যোতি বৰা নিজকে মনোনীত কৰিছোঁ।
আপোনালোকৰ মতামত জনাব। ধন্যবাদেৰে Ishanjyotibora (বাৰ্তা) 07:04, 6 January 2025 (ইউ.টি.চি.)
মন্তব্য
[সম্পাদনা কৰক]- সমৰ্থন জনালোঁ। -দিব্য দত্ত (বাৰ্তা) 09:52, 6 January 2025 (ইউ.টি.চি.)
- সমৰ্থন জনাইছোঁ। -Joli Rumi (বাৰ্তা) 14:05, 6 January 2025 (ইউ.টি.চি.)
- সমৰ্থন জনাইছোঁ। Rumi Borah~aswiki (বাৰ্তা) 14:36, 6 January 2025 (ইউ.টি.চি.)
সমৰ্থন — চাণক্য (বাৰ্তা) 20:06, 10 January 2025 (ইউ.টি.চি.)- সমৰ্থন জনালোঁ। Mridul Kumar Sharmah
ইণ্ডিক ৰাইটিং চিষ্টেম কেম্পেইন, ২০২৫
[সম্পাদনা কৰক]অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।
ইণ্ডিক ৰাইটিং চিষ্টেম কেম্পেইন, ২০২৫ ৰ সৈতে সংগতি ৰাখি অসমীয়া ৱিকিপিডিয়াটো এটি এডিট-আ-থন আয়োজন কৰা হৈছে। মূল প্ৰতিযোগিতাত এগৰাকী বা দুগৰাকী আয়োজকৰ উল্লেখ থকালৈ চাই আয়োজকৰ দায়িত্বভাৰ লবলৈ ইচ্ছুক অন্য কোনো এজনক নিজৰ নাম যোগ দিবলৈ আন্তৰিক আহ্বান জনালোঁ। বিচাৰক হিচাপে অভিজ্ঞ ৱিকিপিডিয়ান দিব্য দত্তৰ সৈতে নিজৰ নাম প্ৰস্তাৱ কৰিলোঁ। ইচ্ছুক কোনোৱে মোৰ নামৰ ঠাইত বিচাৰক ৰূপে নিজৰ নাম প্ৰস্তাৱ কৰিলে ভাল পাম। প্ৰতিযোগিতাখন যিহেতু ইতিমধ্যে আৰম্ভ হৈছে, প্ৰস্তাৱ দিয়াৰ আগতে প্ৰতিযোগিতা পৃষ্ঠাটো সজা হ'ল। অভিজ্ঞসকলক প্ৰতিযোগিতা পৃষ্ঠাৰ ভুলখিনি শুধৰাই দিয়াৰ লগতে সকলোকে প্ৰতিযোগিতাত যোগদানৰ বাবে আন্তৰিক আহ্বান জনালোঁ। JyotiPN (বাৰ্তা) 19:16, 25 January 2025 (ইউ.টি.চি.)JyotiPN
- মন্তব্য
ৱিকি লাভছ্ ফ'ক্ল'ৰ ২০২৫, অসম
[সম্পাদনা কৰক]অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।
ৱিকি লাভছ্ ফ'ক্ল'ৰ হৈছে ৱিকিমিডিয়া প্ৰকল্প (মূলতঃ Wikipedia আৰু Wikimedia Commons)ৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক বৈচিত্ৰ্যক উপভোগ আৰু উদযাপনৰ বাবে আয়োজিত এক আন্তৰ্জাতিক ফটোগ্ৰাফিক প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত সকলোৱেই অংশগ্ৰহণ কৰিব পাৰে। ৱিকি লাভছ্ ফ'ক্ল'ৰ ইন ইণ্ডিয়াৰ নেতৃত্বত আছে কেৰালা ৱিকিমিডিয়ান ইউজাৰ গ্ৰুপ আৰু ইয়াৰ সমৰ্থনত আছে সাহ্যা ডিজিটেল কনজাৰ্ভেচন ফাউণ্ডেচন আৰু সাহ্যা অপেন হেৰিটেজ ফাউণ্ডেচন। এই আন্তৰ্জাতিক প্ৰতিযোগিতা খনৰে দেশীয় সংস্কৰণৰ ভাগ হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ স্থানীয় ভাষাৰ ৱিকি প্ৰকল্পৰ বাবে ৱিকি লাভছ্ ফ'ক্ল'ৰ ২০২৫, অসম আয়োজনৰ বাবে দিহা কৰা হৈছে। যাৱতীয় খা-খৰচৰ বাবে এই প্ৰকল্পৰ হৈ জমা কৰা বাজেটৰ বাবে ৱিকিমিডিয়া ফাউণ্ডেচনে ইতিমধ্যেই অনুমোদন জনাইছে, ইয়াত অসমীয়া ৱিকি পৰিয়ালৰো অংশীদাৰিত্ব আছে। এই প্ৰকল্পৰ বাবে সমন্বয়ক হিচাপে মোৰ লগতে দিব্য দত্তকো অন্তৰ্ভুক্ত কৰা হৈছে। বিচাৰকৰ বাবে পূৰ্বৰ প্ৰতিযোগিতাত সফলতাৰে বিচাৰকৰ দায়িত্ব পালন কৰা ৰংগুণ দত্তক পুনৰাই প্ৰস্তাৱ আগবঢ়োৱাৰ কথা ভাৱিছোঁ, লগতে অসমীয়া ৱিকি পৰিয়ালৰ হৈ জলি ৰুমী বৰাৰ নামটো প্ৰস্তাৱ হিচাপে আগবঢ়াইছোঁ।
সমৰ্থন
[সম্পাদনা কৰক]- Jyoti Chiring (বাৰ্তা) 09:11, 15 February 2025 (ইউ.টি.চি.)
- কুমুদ ঘোষ (বাৰ্তা) 15:08, 15 February 2025 (ইউ.টি.চি.)
- AjayDas (বাৰ্তা) 09:25, 18 February 2025 (ইউ.টি.চি.)
- Joli Rumi (বাৰ্তা) 13:51, 21 February 2025 (ইউ.টি.চি.)
- - অনামিকা কথা-বতৰা 18:20, 21 February 2025 (ইউ.টি.চি.)
- Bibhuti Gogoi
( বাৰ্তা)
বিৰোধ
[সম্পাদনা কৰক]মন্তব্য
[সম্পাদনা কৰক]- বিচাৰক হিচাপে মোৰ সলনি গীতাৰ্থ বৰদলৈৰ নামটো প্ৰস্তাৱ কৰিছোঁ। এইক্ষেত্ৰত তেওঁৰ দখল আৰু অৱদান মোতকৈ বহুত বেছি! লগতে সময়ৰ নাটনিৰ কাৰণে অন্যান্য দায়িত্বৰ উপৰি ৱিকি লাভছ্ ফ'ক্ল'ৰৰ বিচাৰক হিচাপে সময়মতে কাম আগবঢ়াবলৈ মোৰ অসুবিধা হ'ব। -Joli Rumi (বাৰ্তা) 13:57, 21 February 2025 (ইউ.টি.চি.)
সামাজিক প্ৰতিষ্ঠানৰ সৈতে সহযোগিতামূলক কাৰ্যসূচী
[সম্পাদনা কৰক]সামাজিক/ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে সহযোগিতামূলক এলানি কাৰ্যসূচীৰ পৰিকল্পনাৰে আৰু ৱিকিমিডিয়ান “প্ৰয়াত চন্দন চিৰিং ফুকনৰ সোঁৱৰণ’’ত অহা ২৭ এপ্ৰিল, ২০২৫ৰ পৰা ২৭ এপ্ৰিল ২০২৬ চনলৈ এক বছৰজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ মনস্থ কৰা হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় খৰচ-পাতিৰ বাবে CIS-A2K লৈ আৰ্থিক অনুদানৰ প্ৰস্তাৱ শীঘ্ৰেই দিয়া হ’ব। -Pranamikaadhikary (বাৰ্তা) 08:11, 18 February 2025 (ইউ.টি.চি.)
- সম্ভাব্য স্থান নগাঁও জিলা।
- ২৭-০৪-২০২৫ ৱিকি সম্পাদক আৰু স্থানীয় লোকৰ মাজত এদিনীয়া সন্মিলন, ৱিকিউৎসৰ চমু কৰ্মশালা।
- বছৰজোৰা অনলাইন মেণ্টৰশ্বিপ, মেণ্টিসকল ২৭-০৪-২০২৫ৰ অনুষ্ঠানত উপস্থিত থকা হ’ব লাগিব।
- মেণ্টিৰ তিনিমহীয়া প্ৰত্যাহ্বান। প্ৰতিযোগিতা আদিত অংশ গ্ৰহণ।
- ২৭-০৪-২০২৬ ত একেই স্থানত সামৰণি অনুষ্ঠান।
অসমীয়া ৱিকি-সমাজৰ সকলো সক্ৰিয় সদস্যৰ মতামত কামনা কৰিলোঁ।
- কাৰ্যসূচীখন সংলগ্ন কৰি দিয়া হ’ল। কিবা ভুল বা অধিক কিবা সংযোগ কৰিবলগীয়া থাকিলে সন্মানীয় সদস্যসকলে আঙুলিয়াই দিব বুলি আশা কৰিলোঁ।
সমৰ্থন
[সম্পাদনা কৰক]- AjayDas (বাৰ্তা) 09:26, 18 February 2025 (ইউ.টি.চি.)
- কুমুদ ঘোষ (বাৰ্তা) 06:29, 20 February 2025 (ইউ.টি.চি.)
- দিব্য দত্ত (বাৰ্তা) 14:55, 20 February 2025 (ইউ.টি.চি.)
- Joli Rumi (বাৰ্তা) 13:50, 21 February 2025 (ইউ.টি.চি.)
- - অনামিকা কথা-বতৰা 18:19, 21 February 2025 (ইউ.টি.চি.)
- Rumi Borah~aswiki (বাৰ্তা) 02:08, 22 February 2025 (ইউ.টি.চি.)
- BhuyanBhaskar (বাৰ্তা) 02:44, 28 February 2025 (ইউ.টি.চি.)
- Naruna Baruah (বাৰ্তা) 12:01, 28 February 2025 (ইউ.টি.চি.)
- Dipankar Das (বাৰ্তা) 05:18, 1 March 2025 (ইউ.টি.চি.)
বিৰোধ
[সম্পাদনা কৰক]মতামত
[সম্পাদনা কৰক]সোঁৱৰণ আৰু সংকল্প
(অসমীয়া ৱিকিমিডিয়াৰ বছৰজোৰা প্ৰশিক্ষণ কাৰ্যসূচী)
প্ৰকল্প পৃষ্ঠা
[সম্পাদনা কৰক]
স্থান: বুক নুক,
(ব্যক্তিগত পুথিভঁৰাল)
স্বত্বাধিকাৰী: বিজিত বৰঠাকুৰ
নগাঁও, অসম
তাৰিখ:
প্ৰথম অধিৱেশন ইং ২৭-০৪-২০২৫
দ্বিতীয় অধিৱেশন ইং ২৭-০৪-২০২৬
আয়োজক:
- প্ৰণামিকা অধিকাৰী (Pranamika Adhikary)
সহ-আয়োজক:
- দিব্য দত্ত ( Dibya Dutta)
- ৰুমী বৰা (Rumi Borah~aswiki)
সমল ব্যক্তি:
- সুস্মিতা লেখাৰু (Sushmita Lekharu)
- দিম্পল দাস (দিম্পল দাস)
- কুমুদ ঘোষ (কুমুদ ঘোষ)
- পৱন বৰ্মন (পৱন বৰ্মন)
কাৰ্যসূচী:
২৭-০৪-২০২৫
পুৱা৯-৩০ বজাত: পুৱাৰ আহাৰ
১০ বজাত: আদৰণি সম্ভাষণ
১০-১০ বজাত: শ্ৰদ্ধাঞ্জলি
১০-২০ বজাত: নিমন্ত্ৰিত স্থানীয় ব্যক্তিলৈ ৱিকি-সমাজৰ প্ৰতীক প্ৰদান।
১০-৩০ বজাত: বুক নুকৰ স্বত্বাধিকাৰীৰ বক্তব্য
১০-৪৫ বজাত: স্থানীয় ব্যক্তিৰ বক্তব্য
১১ বজাৰ পৰা ৱিকিউৎসৰ শিক্ষণ কাৰ্যসূচী
দুপৰীয়া ০১ বজাত আহাৰ বিৰতি
দুপৰীয়া ০২ বজাৰ পৰা ৱিকিপিডিয়াৰ শিক্ষণ কাৰ্যসূচী
বিয়লি ৪ বজাত : চাহ বিৰতি
৪-২০ বজাত : ধন্যবাদ জ্ঞাপন।
৪-৩০ বজাত: কাৰ্যসূচী সমাপ্তি ঘোষণা।
ইয়াৰ পিছৰ দিনবোৰত উপস্থিত প্ৰশিক্ষাৰ্থীসকলক প্ৰয়োজনত অনলাইন মাধ্যমত প্ৰশিক্ষণ দিয়া হ’ব। পৰৱৰ্তী অধিৱেশন অৰ্থাৎ ২৭-০৪-২০২৬ৰ দিনা প্ৰশিক্ষাৰ্থীসকলক নিজৰ কৃতিত্ব দেখুৱাই ভিদিঅ’ প্ৰেজেণ্টেছনৰ সুবিধা দিয়া হ’ব।
উপস্থিতিৰ সংখ্যা (আনুমানিক)
- ১০ গৰাকী শিক্ষাৰ্থী
- ১০ গৰাকী ৱিকিমিডিয়ান
- ১০ গৰাকী স্থানীয় লোক
মুঠ ৩০ গৰাকী
বাজেট:
২৭-০৪-২০২৫ ৰ বাবদ
(আনুমানিক)
১) বেনাৰ (দুখন) 500 টকা
২) প্ৰজেক্টৰ 2000 টকা
৩) খাদ্য: 15000 টকা
৪) পানী 1000 টকা
৫) অন্যান্য 1500 টকা
৬) উপহাৰ আৰু মানপত্ৰ (বুক নুকক দিবলগীয়া) 2000 টকা
৭) ৱিকিমিডিয়ানৰ অহাযোৱা 20000 টকা।
মুঠ: 42000 টকা।
ইউজাৰ গ্ৰুপৰ মান্যতা
[সম্পাদনা কৰক]অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।
প্ৰিয় ৱিকিসতীৰ্থ, আমি ৱিকিমিডিয়াৰ সৈতে সংযোগ সুৰক্ষিত কৰাৰ স্বাৰ্থত ইউজাৰ গ্ৰুপৰ মান্যতা প্ৰাপ্তিৰ বাবে কৰা আৱেদনৰ ভিত্তিত এটা সু-নিৰ্দিষ্ট গোট হিচাপে স্বীকৃতি পাবলৈ মাত্ৰ দুখোজমানহে বাকী। এই পৰিপ্ৰেক্ষিতত এফিলিয়েচন কমিটিৰ সন্মুখত এটা শৃংখলাবদ্ধ গোট হিচাপে আমাৰ ঐক্য প্ৰদৰ্শন কৰাটো অতি গুৰুত্বপূৰ্ণ। এই সপ্তাহত হৈ যোৱা দলীয় সাক্ষাৎকাৰত ৱিকিমিডিয়া এফিলিয়েচনৰ দলটোৱে আমাৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া, প্ৰশাসনিক গাঁথনি, নেতৃত্বৰ দল, সদস্যপদৰ মাপকাঠী আৰু সম্বন্ধিত বিষয় সম্পৰ্কে কিছু প্ৰশ্ন কৰিছে।
ইয়াৰ প্ৰত্যুত্তৰত সদস্য জলি ৰুমী বৰাই নেতৃত্ব নিৰ্বাচনৰ সময়সীমা আৰু প্ৰক্ৰিয়াৰ বাবে তলত দিয়া মাপকাঠীসমূহ প্ৰস্তাৱ কৰিছে-
- অসমীয়া ৱিকিমিডিয়া সমাজৰ নেতৃত্বৰ দলটো ৰাইজৰ চ'ৰাত সক্ৰিয় সদস্যৰ ভোটিং প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচিত কৰা হ’ব।
- নেতৃত্বৰ কাৰ্যকাল দুবছৰ হ'ব, দ্বিতীয় বছৰৰ অন্ত পৰাৰ আগতে ডিচেম্বৰ মাহত নতুন দলৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।
- যিকোনো সক্ৰিয় অসমীয়া ৱিকিমিডিয়ানে নেতৃত্বৰ ভূমিকা ল'বলৈ নিজকে বা সম্প্ৰদায়ৰ আন সদস্যক মনোনীত কৰিব পাৰিব।
- নেতৃত্বৰ দলটো গঠন কৰাৰ ক্ষেত্ৰত কাৰিকৰী দিশ, সংগঠন, আৰু সমন্বয়ৰ ক্ষেত্ৰত অৰ্হতা আৰু অভিজ্ঞতাৰ লগতে লিংগ সমতাৰ দিশতো গুৰুত্ব দিয়া হ'ব।
বৰ্তমানৰ সক্ৰিয়তা, আগ্ৰহ, দক্ষতা, আৰু জ্যেষ্ঠতাৰ ওপৰত ভিত্তি কৰি আমি (সদস্য:গীতাৰ্থ, জলি আৰু নয়ন) তলত উল্লেখকৰা ধৰণেৰে নেতৃত্বৰ দল এটাও প্ৰস্তাৱ কৰিছো-
| Leadership Team | ||||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
|
| ||||||||||||||||||
আমি আপোনালোকক এই প্ৰস্তাৱটো পৰ্যালোচনা কৰিবলৈ আৰু আপোনালোকৰ অতিকৈ মূল্যৱান পৰামৰ্শসমূহ মাত্ৰ দুদিনৰ ভিতৰতে জনাবলৈ আহ্বান জনাইছোঁ। এটা শক্তিশালী আৰু বৰ্ণিল প্ৰশাসনিক গাঁথনি গঢ়ি তোলাত আপোনালোকৰ সমৰ্থন অতিকে প্ৰয়োজনীয়।
সমৰ্থন
[সম্পাদনা কৰক]- --দিব্য দত্ত (বাৰ্তা) 19:15, 27 February 2025 (ইউ.টি.চি.)
- Joli Rumi (বাৰ্তা) 21:48, 27 February 2025 (ইউ.টি.চি.)
- 01:55, 28 February 2025 (ইউ.টি.চি.)
- দিম্পল দাস (বাৰ্তা) 02:12, 28 February 2025 (ইউ.টি.চি.)
- Jyoti Chiring (বাৰ্তা) 02:42, 28 February 2025 (ইউ.টি.চি.)
- BhuyanBhaskar (বাৰ্তা) 02:42, 28 February 2025 (ইউ.টি.চি.)
- Bibhuti Gogoi
- Pranamikaadhikary (বাৰ্তা) 05:11, 28 February 2025 (ইউ.টি.চি.)
- Rajdweep nlb (বাৰ্তা) 07:23, 28 February 2025 (ইউ.টি.চি.)
- - অনামিকা কথা-বতৰা 09:23, 28 February 2025 (ইউ.টি.চি.)
- Naruna Baruah (বাৰ্তা) 12:02, 28 February 2025 (ইউ.টি.চি.)
- AjayDas (বাৰ্তা) 12:38, 28 February 2025 (ইউ.টি.চি.)
- হানিফ আলী (বাৰ্তা) 15:29, 28 February 2025 (ইউ.টি.চি.)
- কুমুদ ঘোষ (বাৰ্তা) 04:28, 1 March 2025 (ইউ.টি.চি.)
- Dipankar Das (বাৰ্তা) 05:18, 1 March 2025 (ইউ.টি.চি.)
বিৰোধিতা
[সম্পাদনা কৰক]মন্তব্য
[সম্পাদনা কৰক]বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসমীয়া ৱিকিপিডিয়া কৰ্মশালা
[সম্পাদনা কৰক]অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।
কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত অহা ১৯ মাৰ্চ তাৰিখে অসমীয়া ৱিকিপিডিয়া সম্পৰ্কত এক কৰ্মশালা অনুষ্ঠিত কৰা হ'ব। কৰ্মশালাত কোকৰাঝাৰৰ ৱিকিমিডিয়ান জয়সাগৰ মূৰ্মু আৰু যোৰহাটৰ ৱিকিমিডিয়ান প্ৰাণজ্যোতি নাথওে (সদস্য:JyotiPN) সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিবলৈ সন্মতি জনাইছে। কৰ্মশালা সম্পৰ্কে সকলোকে সম্যক আভাস দিবলৈ ৩ মাৰ্চত অসমীয়া বিভাগত এক প্ৰাক্-কৰ্মশালা অনুষ্ঠানৰো আয়োজন কৰা হৈছে।
মূল কৰ্মশালাৰ সম্ভাব্য খৰছৰ বাবে CIS ৰ সৈতে প্ৰাৰম্ভিক কথা পতা হৈছে। বিতং আলোচনা বাকী আছে। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 18:09, 2 March 2025 (ইউ.টি.চি.)
প্ৰাক্-কৰ্মশালাৰ কাৰ্যসূচী
[সম্পাদনা কৰক]৩ মাৰ্চ দুপৰীয়া ১২ বজাৰ পৰা ১ বজালৈ
- অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ পৰিচয়/ৱিকিপিডিয়া কি
- ৱিকিপিডিয়া কিয় লাগে
- ৱিকিপিডিয়াৰ মূল নীতিসমূহ
- সততে উদিত প্ৰশ্নসমূহ
- ৱিকিপিডিয়াত একাউণ্ট খোলা (সকলোৱে হাতে-কামে)
কৰ্মশালাৰ কাৰ্যসূচী
[সম্পাদনা কৰক]মেটা পৃষ্ঠা চাওক৷
সময় পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ টালৈ।
অংশগ্ৰহণকাৰী
[সম্পাদনা কৰক]শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী মিলি আনুমানিক ৩০ গৰাকী।
ৰাইজৰ মতামত
[সম্পাদনা কৰক]পোখালি পৃষ্ঠা বিস্তাৰ প্ৰতিযোগিতা
[সম্পাদনা কৰক]অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।
অহা ২ জুন অসমীয়া ৱিকিপিডিয়াৰ যাত্ৰাৰম্ভৰ দিন। এই উল্লেখযোগ্য দিনটো উদযাপন কৰাৰ উপলক্ষ্যে অহা ১৬ মে’ ২০২৫ৰ পৰা ৩০ মে’ ২০২৫লৈ অসমীয়া ৱিকিপিডিয়াত থকা পোখালি পৃষ্ঠাসমূহ প্ৰতিযোগিতাৰ মাধ্যেমেৰে বিস্তাৰ কৰাৰ এক কাৰ্যসূচী ল’ব বিচাৰিছোঁ। সন্মানীয় সদস্যসকলৰ মতামত বিচাৰিলোঁ।-Pranamikaadhikary (বাৰ্তা) 17:27, 4 May 2025 (ইউ.টি.চি.)
মতামত
[সম্পাদনা কৰক]সমৰ্থন
[সম্পাদনা কৰক]- কন্দৰ্পজিৎ কল্লোল (বাৰ্তা)
- Joli Rumi (বাৰ্তা) 19:40, 4 May 2025 (ইউ.টি.চি.)
- দিম্পল দাস (বাৰ্তা) 08:41, 5 May 2025 (ইউ.টি.চি.)
- নৰুনা বৰুৱা (বাৰ্তা) 12:49, 5 May 2025 (ইউ.টি.চি.)
- Nayan j Nath (বাৰ্তা) 17:48, 5 May 2025 (ইউ.টি.চি.)
- পৱন বৰ্মন (বাৰ্তা) 18:07, 5 May 2025 (ইউ.টি.চি.)
- কুমুদ ঘোষ (বাৰ্তা) 05:26, 7 May 2025 (ইউ.টি.চি.)
- Sushmita Lekharu (বাৰ্তা) 15:55, 13 May 2025 (ইউ.টি.চি.)
- দিব্য দত্ত (বাৰ্তা) 17:48, 13 May 2025 (ইউ.টি.চি.)
বিৰোধ
[সম্পাদনা কৰক]Editing contest about Norway
[সম্পাদনা কৰক]Hello! Please excuse me from writing in English. If this post should be posted on a different page instead, please feel free to move it (or tell me to move it).
I am Jon Harald Søby from the Norwegian Wikimedia chapter, Wikimedia Norge. During the month of April, we are holding an editing contest about India on the Wikipedias in Norwegian Bokmål, Norwegian Nynorsk, Northern Sámi and Inari Sámi̩, and we had the idea to also organize an "inverse" contest where contributors to Indian-language Wikipedias can write about Norway and Sápmi.
Therefore, I would like to invite interested participants from the Assamese-language Wikipedia (it doesn't matter if you're from India or not) to join the contest by visiting this page in the Norwegian Bokmål Wikipedia and following the instructions that are there.
Hope to see you there! Jon Harald Søby (WMNO) (বাৰ্তা) 10:24, 4 April 2025 (ইউ.টি.চি.)
Rollbacker অধিকাৰ প্ৰদানৰ বাবে অনুৰোধ
[সম্পাদনা কৰক]বিনীত অনুৰোধ: মোৰ নাম নাইম। মই ২০১৮ চনৰ পৰা বাংলা ৱিকিপিডিয়াত সক্ৰিয় অৱদান আগবঢ়াই আছোঁ আৰু বৰ্তমানে অসমীয়া ৱিকিপিডিয়াতো নিয়মিতভাৱে সম্পাদনা কৰি আছোঁ। অসমীয়া ৱিকিপিডিয়াত ভ্যাণ্ডালিজম (অৰুচিকৰ বা ভ্ৰান্ত সম্পাদনা) নিয়মিত দেখা পোৱা যায়, যাৰ ফলত প্ৰবন্ধৰ গুণমান আৰু বিশ্বস্ততা প্ৰভাৱিত হয়। এই ধৰণৰ ভ্যাণ্ডালিজম সোনকালে পৰিস্কাৰ কৰি ৱিকিপিডিয়াৰ মান অটুট ৰাখিবলৈ Rollbacker অধিকাৰ বিশেষ সহায়ক হব বুলি বিশ্বাস কৰোঁ। সেইবাবে, মোক Rollbacker অধিকাৰ প্ৰদান কৰিবলৈ বিনীত অনুৰোধ জনাইছোঁ। Eftekhar Naeem (বাৰ্তা) 10:48, 8 April 2025 (ইউ.টি.চি.)
অসমীয়া ৱিকিপিডিয়াৰ জন্মদিন উদযাপন
[সম্পাদনা কৰক]অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।
অহা ২ জুন, ২০২৫ তাৰিখে অসমীয়া ৱিকিপিডিয়াই ২৩ বছৰ গৰকিব! এই উপলক্ষে অনলাইন আৰু অফলাইন কাৰ্যসূচীৰে জন্মদিন উদযাপন কৰাৰ যা-যোগাৰ কৰিবলৈ সকলো ন-পুৰণি সদস্যক আহ্বান জনাইছোঁ। ০৪ মে' দেওবাৰৰ অনলাইন ৱিকিসভাৰ প্ৰস্তাৱসমূহ সদ্যহতে তলত যোগ দিছোঁ। তাৰ লগতে অন্য কিবা প্ৰস্তাৱ বা আপত্তি থাকিলে ইয়াতে জনাবলৈ অনুৰোধ কৰিছোঁ।
জন্মদিনৰ প্ৰাকক্ষণত
[সম্পাদনা কৰক]- ৱিকিৰ জন্মদিন বিশেষ বেনাৰ (অনলাইন সভা বা প্ৰফাইলত প্ৰচাৰৰ বাবে)
- চ'ছিয়েল মিডিয়াত পৰিসংখ্যা, বিকাশ আৰু আৱদানৰ প্ৰচাৰ (#AssameseWiki23/#অসমীয়া_ৱিকি২৩?)
- ৱিকিমিডিয়ানৰ ভিডিঅ' শুভেচ্ছা বাৰ্তা
- পোখালি পৃষ্ঠা বিস্তাৰ প্ৰতিযোগিতা (২৬-৩০ মে', ২০২৫)
- জন্মদিন বিশেষ ৱিকিপত্ৰিকা
অনলাইন
[সম্পাদনা কৰক]১ জুন, দেওবাৰে সন্ধিয়া অসমীয়া ৱিকিপিডিয়াৰ জন্মদিন বিশেষ অনলাইন ৱিকিসভা অনুষ্ঠিত কৰা হ'ব।
প্ৰস্তাৱিত কাৰ্যসূচী
০৭:৩০- আৰম্ভণি আৰু ৱিকি আড্ডা
০৭:৪০ -বিশেষ শুভেচ্ছা বাৰ্তা
০৭:৫০- জন্মদিন বিশেষ ৱিকি কুইজ: জলি ৰুমী বৰা
০৭:৫৫- ৱিকিৰ কেক কটাৰ পৰ্ব
০৮:০০- অসমীয়া ৱিকিপিডিয়াৰ ২৩ বছৰ: গীতাৰ্থ বৰদলৈ
০৮:১০- নিমন্ত্ৰিত অতিথিৰ বক্তব্য: প্ৰভাকৰ শৰ্মা নেওগ, অঞ্জল বৰা
০৮:৩০- ৱিকিৰ প্ৰকল্পত আলোকপাত:
- ৱিকিপত্ৰিকা: নয়ন জ্যোতি নাথ
- গ্ৰন্থযাত্ৰা: প্ৰণামিকা অধিকাৰী
- সৰাপাতৰ সৌৰভ: অনিমেষ বৰা
- ইণ্ডিক অৰেল কালচাৰ: বিকাশ দিহিঙীয়া
- ৱিকিসংযোগ: জলি ৰুমী বৰা
- ৱিকিপত্ৰিকা: নয়ন জ্যোতি নাথ
০৮:৪৫- ৱিকিমিডিয়ানৰ মনৰ কথা: কুমুদ ঘোষ, নৰুনা বৰুৱা,দিম্পল দাস, পাপৰি বৰা, হিমাশ্ৰী বড়া, পৱন বৰ্মন
০৯:০০- সভা ভংগ
অফলাইন
[সম্পাদনা কৰক]- উত্তৰ লখিমপুৰ:জ্যোতি চিৰিং, নয়ন জ্যোতি নাথ, ৰুমী বৰা
- ?: পৱন বৰ্মন
- ?: চাণক্য কুমাৰ দাস
গ্ৰন্থযাত্ৰা পৰিকল্পনাৰ পুনৰ্চিন্তন
[সম্পাদনা কৰক]অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।
- এই লিংকটো যোৱাবছৰ গ্ৰন্থযাত্ৰাৰ বাবে সজা প্ৰকল্প পৃষ্ঠাৰ।
সন্মানীয় সদস্যসকল, গ্ৰন্থযাত্ৰা অসমীয়া ৱিকিউৎসলৈ মুক্তমনে কিতাপ আগবঢ়োৱা লেখক আৰু পাব্লিক ড’মেইনৰ আওতাৰ কিতাপৰ সংৰক্ষণ কৰা ৰাজহুৱা আৰু ব্যক্তিগত পুথিভঁৰাল/অনুষ্ঠানৰ কৰ্তৃপক্ষক অসমীয়া ৱিকি-সমাজৰ পৰা আনুষ্ঠানিক আদৰণি জনোৱাৰ এক পৰিকল্পনা আছিল। বিভিন্ন অসুবিধাত ই এতিয়ালৈকে ৰূপায়িত হোৱা নাই। সেয়ে, ৱিকিমিডিয়া ফাউণ্ডেচনৰ দক্ষিণ-পূব এছিয়াৰ বিষয়া প্ৰবীণ দাসৰ সৈতে এই বিষয়ে আলোচনা কৰাত, তেওঁ মুঠ ৩০,০০০ টকাৰ ভিতৰত হ’লে সিমানখিনি ধন দিবলৈ সন্মত হৈছে।
গুৱাহাটীৰ কোনো শিক্ষানুষ্ঠানত এই কাৰ্যসূচী অনুষ্ঠিত কৰিব পাৰিলে, হলঘৰ, আচবাব আৰু প্ৰজেক্টৰৰ খৰচ ৰেহাই হ’ব।
এই বিষয়ে যিমান পাৰি সোনকালে আলোচনা কৰি বিষয়টো আগবঢ়াবলৈ সকলোলৈকে অনুৰোধ জনালোঁ।
ধন্যবাদ। Pranamikaadhikary (বাৰ্তা) 13:53, 15 June 2025 (ইউ.টি.চি.)
মতামত
[সম্পাদনা কৰক]- পূৰ্বৰ পৰিকল্পনা মতেই যদি প্ৰকল্পৰ প্ৰথম অনুষ্ঠানৰ সৈতে সংযোগ কৰি আগবঢ়া হয় তেন্তে সভাঘৰ আৰু খাদ্যৰ টকাখিনি প্ৰকল্পৰ পৰাই হৈ যাব। ইয়াৰোপৰি অংশগ্ৰহণ কৰা সকলৰ একাংশৰ বাবে যাতায়তি খৰচো বহন কৰিব পৰা হ'ব। প্ৰকল্পৰ বাজেটৰ পৰা অতিৰিক্ত ৫০০০-১০০০০ টকা গ্ৰন্থ যাত্ৰা কাৰ্যসূচীৰ বাবে আগবাঢ়ব পাৰিম। অৱশ্যে তেতিয়া অনুষ্ঠানটো জুলাইৰ শেষ সপ্তাহত অনুষ্ঠিত কৰিব লাগিব। -Nayan j Nath (বাৰ্তা) 14:17, 15 June 2025 (ইউ.টি.চি.)
- গ্ৰন্থদাতাৰ তালিকাখন সাজু হ’লেই সাম্ভাব্য মুঠ খৰচৰ হিচাপটো পোৱা যাব। তেতিয়াই তুমি কি কি শিতানত সহযোগ কৰিব পাৰিবা উল্লেখ কৰিবা। তাৰপিছত বাকীখিনি মিলাব পৰা যাব। জুলাই মাহৰ চতুৰ্থ শনিবাৰ হ’লে সকলোৰে সুবিধা হ’ব যেন লাগে।শিক্ষানুষ্ঠানক জড়িত কৰিলে হলঘৰ আৰু প্ৰজেক্টৰৰ খৰচ কমি যাব। Pranamikaadhikary (বাৰ্তা) 15:31, 15 June 2025 (ইউ.টি.চি.)
- সোনকালে হ'লে ভাল। আগষ্ট পাবগৈ নালাগে। সহযোগ কৰিম। - অনামিকা কথা-বতৰা 14:46, 15 June 2025 (ইউ.টি.চি.)
কাৰ্যসূচী
[সম্পাদনা কৰক]২৬ জুলাই ২০২৫ ত অনুষ্ঠিতব্য এই অনুষ্ঠানৰ প্ৰাৰম্ভিক কাম প্ৰায় শেষ হৈছে। উক্ত দিনটোৰ কাৰ্যসূচী তলত উল্লেখ কৰা হ’ল:
স্থান: আইৰিচ হোটেল, মানিক নগৰ, ৰাধাগোবিন্দ বৰুৱা পথ, গুৱাহাটী
সময়: পুৱা ১০:০০ বজাৰ পৰা আবেলি ০৪:৩০ বজালৈ
- পুৱা ১০:০০ বজাত- লঘু আহাৰেৰে অতিথি আপ্যায়ন
- ১০:১০ বজাত -আদৰণি আৰু উদ্দেশ্য ব্যাখ্যা
- ১০:২০ বজাত: অসমীয়া ৱিকিউৎসৰ গতিপথ: ভিদিঅ’ প্ৰেজেণ্টেছন- দিব্য দত্ত, বাবুল বৈশ্য
- ১০:৪০ বজাত- আলোচনা চক্ৰ: বিষয়-অসমীয়া সাহিত্যৰ ঐতিহ্য ৰক্ষাত ৱিকিউৎসৰ ভূমিকা আৰু পকেট পুথিভঁৰাল হিচাপে ইয়াৰ জনপ্ৰিয়কৰণত গুৰুত্ব৷
- আঁত ধৰোঁতা: ড° গীতাৰ্থ বৰদলৈ৷
- ১১:২০ বজাত- অতিথিসকলক সম্বৰ্দ্ধনা
- ১২:০০ বজাত- উপস্থিত সকলৰ বক্তব্য
- ০১:০০ বজাত- দুপৰীয়াৰ আহাৰ।
- ০২:১৫ বজাত- দলীয় ফটো।
- ০২:৩০ বজাত- অসমীয়া সংস্কৃতিৰ প্ৰেমত ৱিকি প্ৰকল্পৰ ওপৰত আলোচনা (নয়ন জ্যোতি নাথ, বিকাশ দিহিঙীয়া)।
- ৩:৩০ বজাত- সদস্য সকলৰ মাজত অন্তৰংগ আলাপ।
মত
[সম্পাদনা কৰক]- আলোচনা চক্ৰৰ আঁত ধৰোঁতা হিচাপে মোৰ সলনি সদস্য:Mridul Kumar Sharmahৰ নাম প্ৰস্তাৱ কৰিলোঁ। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 11:03, 11 July 2025 (ইউ.টি.চি.)
- @Gitartha.bordoloi, তেখেত আলোচনা চক্ৰৰ এগৰাকী আলোচক হিচাপে আছেই। Nayan j Nath (বাৰ্তা) 11:39, 11 July 2025 (ইউ.টি.চি.)
- Nayan j Nath, তেন্তে আটাইৰে নামবোৰ জানিলে ভাল হয়। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 11:50, 11 July 2025 (ইউ.টি.চি.)
- @Gitartha.bordoloi, নিমন্ত্ৰণ কৰা হৈছে লেখক সকলৰ মাজৰে আনকেইগৰাকীমান। কিন্তু সকলোৰে পৰা উত্তৰ পোৱা নাই বাবে জনাবলৈ অসুবিধা। ৱিকিৰ মানুহ হিচাপে আপোনালোক দুজন আছে। মৃদুল দা থাকিব। নিমন্ত্ৰিত সকল উপস্থিত নাথাকিলে অনুস্থানৰ মাজতে সিদ্ধান্ত ল'ব লগা হ'ব। - Nayan j Nath (বাৰ্তা) 13:45, 11 July 2025 (ইউ.টি.চি.)
- Nayan j Nath, তেন্তে আটাইৰে নামবোৰ জানিলে ভাল হয়। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 11:50, 11 July 2025 (ইউ.টি.চি.)
- স্থান ইয়াতে আপডে’ট কৰি দিয়াটো ভাল হ’ব বোধকৰোঁ। — চাণক্য (বাৰ্তা) 08:33, 12 July 2025 (ইউ.টি.চি.)
- অশেষ ধন্যবাদ। দিলোঁ। Pranamikaadhikary (বাৰ্তা) 14:07, 12 July 2025 (ইউ.টি.চি.)
তৃতীয় স্তৰ সম্পূৰ্ণকৰণ অভিযানৰ প্ৰস্তাৱ
[সম্পাদনা কৰক]অসমীয়া ৱিকিপিডিয়াৰ তৃতীয় স্তৰৰ বাবে অত্যাৱশ্যকীয় এহেজাৰ প্ৰবন্ধৰ ভিতৰত বাকী থকা ৭০টা জীৱনীভিত্তিক প্ৰবন্ধ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত জুলাই মাহত প্ৰতিযোগিতা এখন পাতিব পাৰি নে? বিশেষকৈ নতুন সদস্যসকলৰ বাবে।
প্ৰবন্ধৰ সংখ্যা যিহেতু কম (৭০ টা), সেয়ে প্ৰবন্ধৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি ১-ৰ পৰা ৫-লৈ নম্বৰ দিয়াৰ ব্যৱস্থা কৰিলে কেনে হ'ব?
পুৰস্কাৰ হিচাপে ৱিকিপিডিয়াৰ আয়োজকৰ ফালৰ পৰা অংশগ্ৰহণকাৰীসকলক ডিজিটেল মানপত্ৰ আৰু বাৰ্ণষ্টাৰ প্ৰদান কৰিব পাৰিব! লগতে শ্ৰেষ্ঠ অনুবাদকলৈ মই ব্যক্তিগত ভাবে সামান্য পৰিমানৰ মাননি (দুশ টকা) আগবঢ়াম বুলি ভাবিছোঁ।
আপোনালোকৰ মতামত আশা কৰিলোঁ। ধন্যবাদ।
কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 18:56, 27 June 2025 (ইউ.টি.চি.)
- “তৃতীয় স্তৰ’’ শব্দাংশ নুবুজিলোঁ। প্ৰথম আৰু দ্বিতীয় স্তৰৰ পৃষ্ঠাসমূহতেই অনেক তথ্য অন্তৰ্ভূক্তিৰ থল আছে। যিহেতু প্ৰায়বোৰ পৃষ্ঠাই ইংৰাজী ভাষাৰ পৰা অনূদিত, সেয়ে, যিবোৰত অধিক তথ্য নাই, সেইবোৰ ইংৰাজীৰ সমপৰ্যায়ৰ কৰাৰ চেষ্টা কৰাহে ভাল। আমাৰ উদ্দেশ্য হ’ব লাগে, যি পৃষ্ঠাই অনুসন্ধানকাৰীয়ে খোলে, তেওঁলোক যাতে নিৰাশ হ’বলগীয়া নহয়। ব্যক্তিগতভাৱে মই অনুবাদ পৃষ্ঠাৰ ক্ষেত্ৰত একোটা বিষয়ৰ যিমান পাৰি সিমান তথ্য অন্তৰ্ভূক্তিৰ চেষ্টা কৰোঁ। প্ৰতিযোগিতা হৈ থাকিব লাগে। বাকীখিনি ঠিকেই আছে।--Pranamikaadhikary (বাৰ্তা) 17:33, 29 June 2025 (ইউ.টি.চি.)
বেটুপাতৰ নিৰ্বাচিত প্ৰবন্ধ,ভাল প্ৰবন্ধ আৰু শ্ৰেষ্ঠ প্ৰবন্ধ
[সম্পাদনা কৰক]সন্মানীয় সক্ৰিয় সদস্যসকলৰ লগতে এডমিনসকললৈ তিনিটা বিষয়ৰ জিজ্ঞাসা:
- অসমীয়া ৱিকিপিডিয়াৰ বেটুপাতৰ নিৰ্বাচিত প্ৰবন্ধ কি নীতিৰ ভিত্তিত নিৰ্বাচন কৰা হয়? প্ৰবন্ধ নিৰ্বাচন কৰিবলৈ কোনো কমিটি আছে নেকি? (যদি নাই, কৰিব লাগে।)
- প্ৰতি মাহৰ ভাল প্ৰবন্ধ নিৰ্বাচনৰ কিবা নীতি আৰু কমিটি আছে নেকি? যদি নাই কিদৰে নিৰ্বাচিত হয়?
- নাৰীবাদ আৰু লোকগাথা সম্পাদনা মেলা-২৫ৰ শ্ৰেষ্ঠ প্ৰবন্ধ হিচাপে নলিনীপ্ৰভা ডেকা কি কি দিশৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰেষ্ঠ বিবেচিত হ’ল জানিব খোজোঁ। (এই বিষয়ত প্ৰতিযোগিতাৰ বিচাৰকসকলৰ পৰা মতামত আশা কৰিলোঁ।)
অসমীয়া ৱিকিপিডিয়াৰ সক্ৰিয় সদস্য হিচাপে উক্ত বিষয়সমূহ পৰিষ্কাৰ হোৱাৰ কামনা কৰিলোঁ।-Pranamikaadhikary (বাৰ্তা) 14:53, 30 June 2025 (ইউ.টি.চি.)
- বেটুপাতৰ নিৰ্বাচিত প্ৰবন্ধ, চিত্ৰ আদি প্ৰতিমাহে নিৰ্বাচন কৰা নহয়, এই দুটা নিৰ্বাচন কৰাৰ কোনো ভিত্তি নাই চাগে, আছে যদিও মই জ্ঞাত নহয়৷ কেতিয়াবা ঈশানে সলনি কৰে, কেতিয়াবা নয়নে বা নয়নৰ অনুৰোধত মই কৰোঁ৷
- প্ৰতিমাহৰ ভাল প্ৰবন্ধ বুলি যদি ৱিকিপ্ৰত্ৰিকাৰ ভাল প্ৰবন্ধৰ কথা কৈছে তেন্তে সেইটো নিৰ্বাচন কৰাৰো কোনো সমিতি নাই৷ ৱিকিপত্ৰিকাত কাম কৰা যিকোনো এজনে কৰে, বিশেষকৈ নয়নে কৰে৷
- বিচাৰকেহে জানিব৷
- দিব্য দত্ত (বাৰ্তা) 15:05, 30 June 2025 (ইউ.টি.চি.)
- বেটুপাতৰ নিৰ্বাচিত প্ৰবন্ধৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা আৰু প্ৰস্তাৱিত প্ৰবন্ধৰ পৰা ভোটৰ আধাৰত নিৰ্বাচন কৰাৰ ব্যৱস্থা এটা আছে, পুৰ্বতে এই প্ৰক্ৰিয়াৰে দুই এটা প্ৰবন্ধ লোৱা হৈছিল যদিও এই কামটো অতি লেহেম হোৱাৰ লগতে কোনো সহাৰি নেদেখাৰ ফলত পিছত এই ব্যৱস্থাটোক প্ৰায়ে এৰাই চলি ট্ৰেণ্ডত থকা বিষয় ভিত্তিক যদি কোনো ভাল প্ৰবন্ধ থাকে তেন্তে তেনেকৈয়ে সেই প্ৰবন্ধটো ৰখাৰ ব্যৱস্থা কৰা হ'ল। পত্ৰিকাৰ ক্ষেত্ৰত কোনো মাহত সৃষ্টি কৰা প্ৰবন্ধৰ সবাটোকৈ দীঘল আৰু সৰু হ'লেও প্ৰবন্ধ এটাত কাৰিকৰী সকলো দিশত ঠিক থকা দেখিলে নিৰ্বাচন কৰা হয়। প্ৰায়েই প্ৰথম দফাতে বাক্যৰ খেলিমেলি থকা প্ৰবন্ধ বাদ দিয়া হয়। এই কামখিনিত অধিক জটিলতা আহিলেই আগৰদৰে পত্ৰিকাৰ কাম ৰৈ যায়। পূৰ্বতে জলি বাই আৰু শেহতীয়াকৈ পত্ৰিকাৰ ভাল প্ৰবন্ধটো ময়ে নিৰ্বাচন কৰি আছোঁ (মই লিখা প্ৰবন্ধ বাদ দি) যদিও, ইয়াত কোনো ব্যক্তি বিশেষৰ ধৰাবন্ধা নাই, ইচ্ছা কৰিলে আন সদস্যয়ো কৰিব পাৰে। Nayan j Nath (বাৰ্তা) 15:47, 30 June 2025 (ইউ.টি.চি.)
- অসমীয়া ৱিকিপিডিয়াৰ বেটুপাতৰ নিৰ্বাচিত প্ৰবন্ধবোৰ ইং ৱিকিৰ সমপৰ্যায়ৰ নহয় যদিও ভাল প্ৰবন্ধবোৰৰ নিৰ্বাচন আগৰেপৰা Good article criteria ৰ ভিত্তিতে হৈ আহিছে। সমিতি নাই, সদস্যসকলে ইচ্ছা কৰিলে সমিতিৰ প্ৰস্তাৱ দিব পাৰে। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 08:32, 8 July 2025 (ইউ.টি.চি.)
মানসিক আতিশৰ্য্য সম্পৰ্কে অভিযোগ
[সম্পাদনা কৰক]শেহতীয়াকৈ অসমীয়া ৱিকিমিডিয়াৰ এগৰাকী সদস্যই সৰ্বভাৰতীয় টেলিগ্ৰাম গ্ৰুপত ২০২০ চনৰ পৰা তেওঁ মানসিক আতিশৰ্য্য আৰু গোষ্ঠীবাদ (Mental harassment and Groupism)-ৰ সন্মুখীন হোৱা বুলি কৈ সেয়া মোকাবিলা কৰা উপায় বিচাৰিছে। ইয়াত তেওঁ কাৰো নাম উল্লেখ কৰা নাই। অভিযোগ আৰু তাৰ উত্তৰসমূহৰ সকলো কথাৰ লগত মই একমত নহয় যদিও ইয়াৰ পৰা ৱিকি বা ৱিকিৰ বাহিৰতো বহু সমস্যাৰ সৃষ্টি হ'ব পাৰে। ৱিকিৰ বাহিৰত ব্যক্তিগত পৰ্য্যায়ত আমি একো পদক্ষেপ লোৱা সম্ভৱ নহ'ব পাৰে। তথাপি ৱিকিৰ ভিতৰচ'ৰাত আমি ভালদৰে বিচাৰ-খোচাৰ কৰি অভিযোগৰ সঁচা-মিছা আৰু তাৰ নিৰশনৰ উপায় উলিয়াব পাৰোঁ। ৰাইজৰ চ'ৰাত আনুষ্ঠানিকভাৱে তেওঁ একো কোৱা নাই, কিন্তু সৰ্বভাৰতীয় পৰ্য্যায়ত এই কথা উলিওৱাৰ বাবে এক মান্য ইউজাৰ গ্ৰুপ হিচাপে বোধকৰোঁ আমি এইখিনি কৰিব পাৰোঁ। নহ'লে ইউজাৰ গ্ৰুপৰ লক্ষ্যও বিফল হ'ব। ৱিকিপিডিয়াত সদস্যৰ উপস্থিতি অধিক বাবে ৱিকিউৎসৰ সলনি ইয়াতে মই এইখিনি উত্থাপন কৰিলোঁ।
সদস্যগৰাকীৰ অভিযোগ সম্পৰ্কে অনুসন্ধান আৰু বিচাৰ কৰিবলৈ মই এক সমিতি গঠনৰ প্ৰস্তাৱ দিলোঁ। সমিতিৰ সদস্য হিচাপে সদস্য:JonaliB, সদস্য:Joli আৰু সদস্য:দিব্য দত্তৰ নাম প্ৰস্তাৱ কৰিলোঁ। এইটো ঘটনাৰ লগতে আমাৰ ছ'চিয়েল মিডিয়া গোটত গোলকীয় আচৰণ নীতি অনুসৰণ কৰা হয়নে নাই আৰু সেয়া উলংঘা কৰা সদস্যৰ প্ৰতি কিবা ব্যৱস্থা গ্ৰহণ কৰিবলৈ সমিতিক অনুৰোধ জনালোঁ। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 09:16, 6 July 2025 (ইউ.টি.চি.)
মন্তব্য
[সম্পাদনা কৰক]- বিষয়টো কিহৰ আধাৰত অনুসন্ধান কৰা হ’ব, সেই বিষয়ে কোনো আঁত পোৱা নাই। সেয়ে মোৰ সলনি অন্য এজনৰ নাম প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। দিব্য দত্ত (বাৰ্তা) 13:27, 6 July 2025 (ইউ.টি.চি.)
- বিষয়টো স্পষ্টকৈ বুজি নাপালোঁ। – কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 14:40, 6 July 2025 (ইউ.টি.চি.)
- অজ্ঞাত ভুক্তভোগীয়ে এতিয়ালৈকে অসমীয়া ৱিকিমিডিয়া সমাজত কোনো অভিযোগ দাখিল কৰা নাই। তেন্তে কিহঁৰ ভিত্তিত অনুসন্ধান কৰা হ'ব? ধৰা হ'ল, কাইলৈ ময়ো উক্ত টেলিগ্ৰাম গোটত বা অসমীয়া ৱিকিমিডিয়া সমাজৰ হোৱাটচএপ বা ফেচবুক গোটত কাৰোবাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলো, তেন্তে মোৰ অভিযোগো ৱিকিপিডিয়া ৰাইজৰ চৰাত বিচাৰৰ বাবে গ্ৰহণ কৰা হ'ব নে? অসমীয়া ৱিকিমিডিয়া সমাজ এক মান্য ইউজাৰ গ্ৰুপ হ'ল বুলিয়ে যাৰেতাৰে ভিত্তিহীন অভিযোগৰ পিছত দৌৰি ফুৰিবনে? ভিত্তিহীন এই কাৰণে কৈছো যে যেতিয়া আমি কাৰোবাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰো, তেতিয়া অভিযোগ specific আৰু to the point হোৱা উচিত। বাবুল বৈশ্য (বাৰ্তা) 17:50, 6 July 2025 (ইউ.টি.চি.)
- এই অভিযোগৰ এক শতাংশও নিজা গোট বা ৰাইজৰ পৃষ্ঠাত নিদি পোনপটীয়াকৈ ৰাষ্ট্ৰীয় মাধ্যমত দিয়াৰ কিবা কাৰণ থাকিব পাৰে নেকি? এইটো লাজৰ বিষয় হৈছে বুলি ভাবিছোঁ। BhuyanBhaskar (বাৰ্তা) 18:04, 6 July 2025 (ইউ.টি.চি.)
- বিষয়টো সংবেদনশীল বাবে মাননীয় সদস্যসকলক মন্তব্য দিওঁতে সংযত হ'বলৈ অনুৰোধ জনালোঁ। অভিযোগ য'তেই দিয়া নহওক, আশা কৰিছোঁ যাতে অভিযোগৰ নাৰ্য্যতা, ভুক্তভোগীৰ সৈতে কথা-বাৰ্তা আৰু পৰৱৰ্তী ব্যৱস্থা প্ৰস্তাৱিত সমিতিৰ সদস্যসকলে গ্ৰহণ কৰিব। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 08:48, 8 July 2025 (ইউ.টি.চি.)
- অসমীয়া ৱিকিৰ লক্ষ্য সদায় সহযোগিতা কৰা, বিভাজন সৃষ্টি কৰা নহয়। যদি আমাৰ অজ্ঞাতে মানসিক আতিশয্য আৰু গোষ্ঠীবাদৰ দৰে কিবা এটা হৈছে তেন্তে আমি নিশ্চিতভাৱে ইয়াৰ সমাধানৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিম। প্ৰথমে যিহেতু আমি সঠিককৈ বিষয়টো বুজি লʼব লাগিব, আমাক কিছু সময়ৰ প্ৰয়োজন। ধন্যবাদ। Jonali Baruah (বাৰ্তা) 8:18, 8 July 2025 (ইউ.টি.চি.)
- সকলো প্ৰাসংগিক বাৰ্তা আৰু দৃষ্টিভংগী পৰ্যালোচনা কৰাৰ পাছত সংঘাত নিষ্পত্তিকাৰী সমিতিয়ে এটা বিশদ প্ৰতিবেদন তৈয়াৰ কৰিছে, যিটো প্ৰয়োজন হ’লে পঠিওৱা হʼব। নিষ্পত্তিকাৰী সমিতি আৰু জড়িত সদস্যসকলৰ বিশদ কথা-বতৰা ইমেইলৰ কথোপকথনত উপলব্ধ আছে।
- সাৰাংশহিচাপে নিষ্পত্তিকাৰী সমিতিয়ে এই সিদ্ধান্তত উপনীত হয় যে ওপৰত আলোচিত ঘটনাসমূহ বিচ্ছিন্ন ভুল বুজাবুজি বা কাৰ্য্য সম্পৰ্কীয় মতানৈক্য আছিল, প্ৰণালীগত গোটবাদ বা ইচ্ছাকৃত হাৰাশাস্তি নহয়। বহু সময়ত মন্তব্যৰ ক্ষতিকাৰক উদ্দেশ্য নাথাকিলেও ইয়াৰ ফলত ব্যক্তিবিশেষৰ আৱেগিক দুখৰ সৃষ্টি হ’ব পাৰে। গতিকে সকলোৱে সেই কথাত সচেতন হোৱা উচিত।
- অসমীয়া ৱিকিমিডিয়া সদস্যসকলৰ প্ৰতি নিষ্পত্তিকাৰী সমিতিৰ আবেদন:
- ১) থমকি ৰওক আৰু চিন্তা কৰক: ৱিকি সম্পৰ্কীয় প্ৰশ্নই হওক কৌতুকেই হওক, যিকোনো বাৰ্তা প্ৰেৰণ কৰাৰ আগতে আপোনাৰ শব্দবোৰ ভালদৰে চালি-জাৰি লওক আৰু সেইবোৰ কেনেকৈ গ্ৰহণ কৰা হ’ব পাৰে সেই বিষয়ে বিবেচনা কৰক।
- ২) ভাল উদ্দেশ্য অনুধাৱন কৰক: প্ৰতিটো মন্তব্যই আঘাত দিবলৈ কৰা হোৱা নাই। যদি কিবা আচহুৱা অনুভৱ হয়, তেন্তে সিদ্ধান্তত জপিয়াই পৰাতকৈ স্পষ্টীকৰণ বিচাৰিব।
- ৩) প্ৰথমে স্থানীয় মঞ্চত থাকক: যদি আপোনাৰ কোনো সমস্যা আছে, তেন্তে পোনেই গোলকীয় মঞ্চত উপস্থাপন কৰাৰ আগতে আমাৰ নিজা গোটৰ ভিতৰত ইয়াক সমাধান বিচাৰক।
- ৪) আমাৰ ভূমিকাক সন্মান কৰক: মনত ৰাখিব আমি এটা উমৈহতীয়া লক্ষ্যৰে একত্ৰিত স্বেচ্ছাসেৱক, ঘনিষ্ঠ বন্ধু নহয়। মতামতসমূহ ইতিবাচক, সৌজন্যশীল আৰু দলীয় কামত সীমাবদ্ধ ৰাখক—আলোচনাক ব্যক্তিগতভাৱে ল’ব নালাগে।
- ৫) সংবেদনশীল মতামত ব্যক্তিগতভাৱে প্ৰদান কৰক: কাৰোবাৰ সামাজিক আচৰণ বা মানসিক স্বাস্থ্যৰ দৰে বিষয়ৰ বাবে ব্যক্তিগত বাৰ্তা প্ৰেৰণ কৰক আৰু প্ৰকৃত প্ৰশংসাৰে আৰম্ভ কৰক (যেনে, “মই আপোনাৰ কামক সঁচাকৈয়ে মূল্য দিওঁ আৰু আলোচনা কৰিব বিচাৰিছিলোঁ যে...”)।
- ৬) সচেতন বাৰ্তা: বিশেষকৈ একাধিক কাম কৰাৰ সময়ত লিখিত আলোচনাত আনৰ দৃষ্টিভংগী বিবেচনা কৰিবলৈ থমকি ৰওক আৰু খৰখেদাকৈ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰাটো এৰক।
- ৭) বৈচিত্ৰ্যক আঁকোৱালি লওক: আমি সকলো লোক বিভিন্ন ব্যক্তিত্ব, মানসিক অৱস্থা আৰু জীৱনৰ প্ৰত্যাহ্বানেৰে ভৰা। আহক আমি সুসমসন্মতভাৱে সহাৱস্থান কৰোঁ, সদিচ্ছা বৃদ্ধি কৰোঁ, আৰু ইজনে সিজনক সমৰ্থন কৰোঁ৷
- ৮) সহযোগ কৰা আৰু গঢ়া: যিকোনো গোটৰ অভ্যন্তৰতে ভুল বুজাবুজি ঘটে। স্থানীয়ভাৱে সেইবোৰ সমাধান কৰক, সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়ক, আৰু আমাৰ ভাষা, সাহিত্য আৰু সংস্কৃতি সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে একেলগে কাম কৰক।
- ৯) দল গঠন অধিবেশন: স্বেচ্ছাসেৱকৰ গোট সম্পৰ্ক শক্তিশালী কৰিবলৈ আৰু ভৱিষ্যতৰ সংঘাত হ্ৰাস কৰিবলৈ সহযোগিতা-দক্ষতা আৰু দল-গঠন কৰ্মশালা ৱিকি অনুষ্ঠানবোৰত অন্তৰ্ভুক্ত কৰক।
- এই নিৰ্দেশনাসমূহ মানি চলি আমি এক অধিক সন্মানীয়, সৰ্বাংগীন পৰিৱেশ গঢ়ি তুলিব পাৰোঁ আৰু একেলগে কাম কৰি অসমীয়া ভাষাৰ বাবে আমাৰ অৱদান অব্যাহত ৰাখিব পাৰোঁ।
- ধন্যবাদ,
- সংঘাত নিষ্পত্তিকাৰী সমিতি:
- সদস্য:JonaliB
- সদস্য:দিব্য দত্ত
- সদস্য:গীতাৰ্থ বৰদলৈ
- সদস্য:Nitesh Gill (বাহ্যিক সদস্য আৰু নিৰৱ সাক্ষী) JonaliB (বাৰ্তা) 19:45, 25 July 2025 (ইউ.টি.চি.)
- ২৫ জুলাইৰ এই বিদ্বেষ নিস্পত্তি বাৰ্তা সত্বেও ২৬ জুলাইৰ অন্তৰংগ অনুষ্ঠানত কিছু সদস্যক গোট বান্ধি বিদ্বেষমূলক আচৰণ কৰা দেখা গ'ল। লগতে সংঘাত নিস্পত্তিকাৰী সমিতিৰ বিচাৰৰ সতে সহমত নথকাত, সকলো মাননীয় সদস্যক আজিৰেপৰা মোক অসমীয়া ৱিকিমিডিয়া সমাজৰ অংশ হিচাপে নধৰিবলৈ আৰু মোৰ ফটো, কোনোধৰণৰ ভিডিঅ' বা মই আগবঢ়োৱা অৱদানৰ কোনো অংশ গোটৰ সামূহিক কাম ৰূপে নধৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। লগতে গোট সম্পৰ্কীয় কোনো বিষয়ত মোক মেইল, বাৰ্তা বা অন্য ধৰণে যোগাযোগ কৰি মোৰ মানসিক শান্তিক বিঘ্নিত নকৰিবলৈও অনুৰোধ কৰিলোঁ।JyotiPN (বাৰ্তা) 20:50, 26 July 2025 (ইউ.টি.চি.)JyotiPN
২৬ জুলাইৰ অন্তৰংগ সমাৱেশ
[সম্পাদনা কৰক]আপোনালোকক জনাবলৈ পাই অতি আনন্দিত এয়ে যে, মই আৱেদন কৰা "অসমীয়া সংস্কৃতিৰ প্ৰেমত ৱিকি-২০২৫" প্ৰকল্পটোৰ বাবে ৰেপিড গ্ৰাণ্টৰ প্ৰস্তাৱ ইতিমধ্যে গৃহীত হৈছে।
এই প্ৰকল্পৰ আৰম্ভণি উপলক্ষে আমি ২৬ জুলাই ২০২৫ তাৰিখে গুৱাহাটীত এদিনৰ বাবে এখন প্ৰীতিসভা আয়োজনৰ পৰিকল্পনা কৰিছোঁ। প্ৰণামিকা অধিকাৰীৰ নেতৃত্বত চলি থকা প্ৰকল্প "গ্ৰন্থ যাত্ৰা"ৰ সহযোগত যুটীয়াকৈ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মূলতঃ অসমীয়া ৱিকিউৎস প্ৰকল্পক কেন্দ্ৰ কৰি এলানি আলোচনাৰ ওপৰত গুৰুত্ব দিয়া হ’ব, আৰু এই ৱিকিমিডিয়াৰ পদক্ষেপসমূহৰ সমৰ্থনত বিশেষ অনুজ্ঞাপত্ৰৰ অধীনত নিজৰ গ্ৰন্থ দান কৰা লেখকসকলক সম্বৰ্ধনা জনোৱাৰ বাবেও এক অভিনন্দন কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে।
এই অন্তৰংগ সমাৱেশ সম্প্ৰদায়টোৰ সক্ৰিয় সদস্যসকলৰ এটা সৰু গোটৰ মাজতে সীমাবদ্ধ থাকিব, যিসকল ইয়াৰ যিকোনো এটা বা দুয়োটা প্ৰকল্পৰ সৈতে জড়িত। লগতে, ইয়াত সংলগ্ন কৰা "অসমীয়া সংস্কৃতিৰ প্ৰেমত ৱিকি" প্ৰকল্পৰ বাবে পৰিকল্পনা কৰা আনুষ্ঠানিক ল'গ'টো ইয়াৰ জৰিয়তে মুকলি কৰা হ'ল।
আপোনালোকৰ সহায় আৰু অংশগ্ৰহণে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত সহায় কৰিব। -Nayan j Nath (বাৰ্তা) 17:29, 6 July 2025 (ইউ.টি.চি.)
মন্তব্য
[সম্পাদনা কৰক]প্ৰণামিকা অধিকাৰী কোনটো দিশৰ পৰা এই প্ৰকল্পটোৰ নেত্ৰী হিচাপে বিবেচিত হ'ল জনালে ভাল পাম। প্ৰকল্পৰ মুঠ ১০২ কিতাপৰ প্ৰায় ৫৩ খন মৃদুল কুমাৰ শৰ্মাই,ৰ্প্ৰায় ১৫খন ঈশান জ্যোতি বৰাই, প্ৰায় ১০ খন প্ৰাণজ্যোতি নাথে, প্ৰায় ১০/৫/৩/২/১ খনকৈ অন্যান্য সদস্যই অ'টিআৰএছ কৰাত অৰিহণা যোগোৱাৰ পাছত এইসকলৰ মাজৰপৰা কোনো এজনক প্ৰকল্পৰ নেতা হিচাপে কিয় বাছি লোৱা নহ'ল, সেই বিষয়ে এটা সুদুত্তৰ আশা কৰিলোঁ।JyotiPN (বাৰ্তা) 21:00, 26 July 2025 (ইউ.টি.চি.)
- সন্মানিয় @JyotiPN,
- "লগতে গোট সম্পৰ্কীয় কোনো বিষয়ত মোক মেইল, বাৰ্তা বা অন্য ধৰণে যোগাযোগ কৰি মোৰ মানসিক শান্তিক বিঘ্নিত নকৰিবলৈও অনুৰোধ কৰিলোঁ।JyotiPN (বাৰ্তা) 20:50" এইচোৱা মন্তব্যৰ পিছত মই এই বাৰ্তাৰ উত্তৰ দিবলৈ দোমোজাত পৰিছোঁ। এই প্ৰকল্পটো যিহেতু অসমীয়া ৱিকিমিডিয়া সমাজৰ, গতিকে এয়া এক গোট সম্পৰ্কীয় কথা। যদি উত্তৰ দিয়াহয়, তেন্তে আপোনাৰ উক্ত বাক্যাংশৰ আধাৰত এয়া আমাৰদ্বাৰা আপোনাৰ মানসিক শান্তি বিঘ্নিত কৰা হ'ব। -Nayan j Nath (বাৰ্তা) 02:39, 27 July 2025 (ইউ.টি.চি.)
- উত্তৰৰ আশা কৰিলোঁ। মেটাৰ গ্লেম প্ৰজেক্টটোত তেওঁক মেনেজাৰ পতাৰ আগতে এই প্ৰজেক্টৰ সৈতে জড়িত হৈ থাকিও মই কিয় গম নাপালোঁ? এই প্ৰজেক্টৰ একো কাম নকৰাকৈ নয়ন জ্যোতি নাথ কৈনেকৈ ক'ৰডিনেটৰ হ'ল আৰু ১৫খনকৈ কিতাপৰ অ'টিআৰএছৰ কাম কৰিও ঈশান জ্যোতি বৰাৰ নাম কেনেকৈ থাকি গ'ল? কাম কৰা মানুহখিনিখিনি কিয় একাষৰীয়া কৰি থোৱা হ'ল, এই কথাটোৰ এটা সুদুত্তৰ পালেই সুখী হ'ম। JyotiPN (বাৰ্তা) 04:15, 27 July 2025 (ইউ.টি.চি.)
- মেটাৰ গ্ৰন্থযাত্ৰা প্ৰকল্প পৃষ্ঠাত প্ৰজেক্ট মেনেজাৰ বুলি প্ৰণামিকা অধিকাৰীৰ নাম উল্লেখ আছে। বাবুল বৈশ্য (বাৰ্তা) 04:50, 27 July 2025 (ইউ.টি.চি.)
- উত্তৰৰ আশা কৰিলোঁ। মেটাৰ গ্লেম প্ৰজেক্টটোত তেওঁক মেনেজাৰ পতাৰ আগতে এই প্ৰজেক্টৰ সৈতে জড়িত হৈ থাকিও মই কিয় গম নাপালোঁ? এই প্ৰজেক্টৰ একো কাম নকৰাকৈ নয়ন জ্যোতি নাথ কৈনেকৈ ক'ৰডিনেটৰ হ'ল আৰু ১৫খনকৈ কিতাপৰ অ'টিআৰএছৰ কাম কৰিও ঈশান জ্যোতি বৰাৰ নাম কেনেকৈ থাকি গ'ল? কাম কৰা মানুহখিনিখিনি কিয় একাষৰীয়া কৰি থোৱা হ'ল, এই কথাটোৰ এটা সুদুত্তৰ পালেই সুখী হ'ম। JyotiPN (বাৰ্তা) 04:15, 27 July 2025 (ইউ.টি.চি.)
“২৬ জুলাইৰ অন্তৰংগ সমাৱেশ’’ৰ আয়োজন সম্পৰ্কে ক’বলগীয়া আৰু কিছু কথা
[সম্পাদনা কৰক]সন্মানীয় সকলো সদস্যৰ প্ৰতি, আমি সকলোৱে জানো, যোৱা ২৬ জুলাই ২০২৫ত গুৱাহাটীত “গ্ৰন্থযাত্ৰা’’ শীৰ্ষক এটা অনুষ্ঠান হৈ গ’ল। সকলোৱে জানো শব্দদুটাৰে বুজোৱা হৈছে যে, ই গোপনে অনুষ্ঠিত কৰা অনুষ্ঠান নাছিল। ৱিকিপিডিয়াৰ সকলো নীতি-নিয়ম মানি এই মঞ্চতে আলোচনামৰ্মে এই অনুষ্ঠান পতাৰ সিদ্ধান্ত লোৱা হৈছিল। ৰাইজৰ চ’ৰাৰ পুৰণি প্ৰস্তাৱসমূহ অনুসন্ধান কৰিলে কিমান সদস্যই ইয়াত পৰ্যায়ক্ৰমে সন্মতি দিছিল গম পোৱা যায়। “প্ৰণামিকা অধিকাৰী কেনেকৈ ইয়াৰ নেত্ৰী হ’ল?’’ আৰু অসমীয়া ৱিকিমিডিয়াত বহুকেইজন নবীন-প্ৰবীণ ৱিকিমিডিয়ানে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি নোপোৱাকৈ নীৰৱে অথচ আন্তৰিকতাৰে কাম কৰি আছে। সেইসকলো সময়ে সময়ে স্বীকৃত হ'লে, নতুন সদস্যসকলে কাম কৰিবলৈ উদ্যম পাব বুলি মই ভাবোঁ। বাক্যাংশ মোৰ বাবে চৰম অপমানজনক। মই কাৰো হক কাঢ়ি অনা নাই। ৱিকিপিডিয়াত সংযুক্ত হোৱাৰ দিনধৰি মই গণতান্ত্ৰিক আৰু নিৰপেক্ষ ব্যৱস্থা মানি চলিছোঁ। “গ্ৰন্থযাত্ৰা’’ প্ৰকল্পটো কোনে কিমান কিতাপ ৱিকিউৎসত সংযোগ কৰিলে, তাৰ ওপৰত হোৱা নাছিল; বৰং যিসকল লেখকে স্ব-ইচ্ছাই কিতাপ দান দিছিল, তেওঁলোকক আদৰণি জনাবৰ বাবেহে লোৱা হৈছিল। বহুকেইখন কিতাপ আপোলড কৰাৰ আগৰ কামখিনি মই কৰি আপলোড কৰিবলৈ পিডিএফটো সময়ৰ অভাৱত আন সদস্যক দিছিলোঁ। লক্ষ্য আছিল, “কোনে কৰিছে কিয় লাগে, আমাৰ ৱিকিউৎস সমৃদ্ধিশালী হ’ব লাগে। তুমি /আপুনিয়ে কৰক।’’ মই ব্যক্তিগত লাভৰ বিষয়ে কেতিয়াও ভবাই নাছিলোঁ। লগতে এইটোও কৈ থওঁ, কোনোবাই যদি এবছৰ আগতেই আপত্তি দৰ্শালেহেঁতেন, মই গ্ৰন্থযাত্ৰা অনুষ্ঠিত কৰিবলৈ ধন বিচাৰি ফাউণ্ডেচনৰ বিষয়ববীয়াৰ সৈতে সময় খৰচ নকৰিলোঁহেঁতেন। “মন আৰু মানসিক আঘাত’’ কিছুমান ব্যক্তিৰে নহয়, সকলো সুস্থ মনৰ মানুহৰে থাকে, হয়। সন্মানীয় সদস্যসকলে ভাবি চাব পাৰে।
গুৰুত্বপূৰ্ণ বিষয়ত ধীৰে-সুস্থিৰে উত্তৰ দিয়া ভাল। যোৱা দিনবোৰত মোৰ মন-মগজু মোৰ প্ৰতি কৰা ভিত্তিহীন অভিযোগ আৰু সক্ৰিয় সদস্যসকলৰ বিষয়টোৰ প্ৰতি উদাসীনতা বা মৌনতাই কাহিল কৰি ৰাখিছে। দহবছৰ পিছত যদি কোনো সদস্যই এই আলোচনা দেখে, তেওঁ বিষয়টোৰ ইতিহাস নাজানি ভুল ধাৰণা লৈ থাকিব পাৰে বুলি মোৰ ক’ব লগীয়াখিনি ক’লোঁ।
লগতে কেইটামান প্ৰশ্ন:১) ৱিকিউৎসৰ হৈ আন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত স্বাক্ষৰ কৰাৰ কৰ্তৃত্ব অসমীয়া ৱিকিমিডিয়াৰ এগৰাকী সদস্যক কোনটো আলোচনামৰ্মে দিয়া হৈছিল। সেই সদস্যগৰাকীয়ে এটি সম্প্ৰদায়ৰ হৈ চহী কৰা কৰ্তৃত্ব ক’ত পালে?
২) স্কেনাৰ এটাৰ বাবে আমি দীৰ্ঘ সময়ৰ পৰাই দাবী জনাই আহিছিলোঁ। তাৰ বাবে তেওঁলোকৰ চৰ্ত পূৰাবলৈ যথেষ্ট কষ্টও কৰিছিলোঁ(আনে স্বীকাৰ কৰিব নালাগে বাৰু, নিজেই ক’লোঁ)। কথা হৈছিল, প্ৰথমে স্কেনাৰটো আহিলে মৃদুল কুমাৰ শৰ্মাৰ তাতেই থাকিব। এতিয়া, সেই আলোচনাক অস্বীকাৰ কৰি, কি আলোচনা আৰু ক’ত লোৱা সিদ্ধান্তমৰ্মে স্কেনাৰটো আন ঠাইত ৰখা হ’ল?
দুখ অথবা অপমানবোধ প্ৰতিগৰাকী সদস্যৰে থাকিব পাৰে, এই কথাটো অভিযোগকাৰীয়ে মনত ৰখা ভাল। অসমীয়া ৱিকিমিডিয়াৰ জয়যাত্ৰা অব্যাহত থাকক। -Pranamikaadhikary (বাৰ্তা) 15:22, 3 September 2025 (ইউ.টি.চি.)
Q No 2.A scanner had long been an essential need for the Assamese community. One of our active members, Joli Borah, had requested a scanner quite a few years ago. However, the member who had taken responsibility for preparing a list of 50 books was unable to meet the required criteria, so we did not receive the scanner at that time.
Later, during TTT2024, we raised the request again with a few well-known personalities from the Wikimedia movement in India. Unfortunately, the same criterion—preparing a list of 50 books—was brought up once more. This time, however, we successfully compiled a solid list and began digitizing the books using a mobile phone.
Meanwhile, a few of our community members submitted an application on Meta requesting a scanner and a few workshops. Pranjyoti Nath was introduced to the idea of a GLAM and outreach collaboration while participating in TTT2024, where her mentors placed her in a group focused on collaboration. The knowledge and inspiration she gained from the event, along with her mentors’ support, motivated her to take the initiative forward from her hometown.
Pranjyoti’s efforts are entirely community-driven, she is contributing to the growth of Assamese Wikisource with the limited resources available to her. The GLAM projects officially began in November 2024, following the conclusion of TTT2024 in October. The scanner was finally received in June 2025. So far, she has personally funded all the projects and workshops.
Since the scanner was sent from Shillong, Pranjyoti and other community members jointly coordinated the communication and logistics. So, I respectfully urge the senior member of our community to refrain from assigning blame without understanding the complete situation.
Q No 1.During TTT2024, it was clearly communicated to us that some of us would need to take responsibility for the scanner. At that time, I proposed the name of Ishan Jyoti Borah. The initial plan was to keep the scanner in Guwahati. However, since the GLAM project officially began at the Asam Sahitya Sabha, Jorhat Library, the scanner was later shifted to Jorhat. As I was the one who took responsibility for the scanner, it was appropriate for me to sign the necessary documents on behalf of the community.
I am responding to these questions solely to clarify any confusion among new community members. However, I personally believe that taking over others' projects for personal benefit and then placing blame on them is not a good practice.
With best regards JyotiPN (বাৰ্তা) 18:20, 5 September 2025 (ইউ.টি.চি.)
নতুন সদস্যৰ দ্বাৰা সৃষ্টি কৰা প্ৰৱন্ধ
[সম্পাদনা কৰক]ইংৰাজী ৱিকিপিডিয়াত নতুন সদস্যক পোনে পোনে প্ৰবন্ধ লিখিবলৈ অনুমতি দিয়া নহয়। কোনো নতুন সদস্যই প্ৰবন্ধ লিখিলে সেইটো ড্ৰাফ্ট ম’ডলৈ গুচি যায় আৰু পুনৰীক্ষণ কৰাৰ পিছতহে সেইটো মুখ্য নামস্থানত প্ৰকাশিত হয়। কিন্তু অসমীয়াত সেই ব্যৱস্থাটো নাই।
মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ বিভিন্ন প্ৰকল্প আৰু বিভিন্ন ঠাইত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীৰ অংশ হিচাপে নতুনসকলৰ দ্বাৰা অসমীয়াত বহুতো প্ৰবন্ধৰ সৃষ্টি হয় আৰু এইবোৰ লগে লগে মুখ্য নামস্থানত প্ৰকাশ হয়। এইবোৰৰ ভিতৰত দুই এটা ভাল প্ৰবন্ধ সৃষ্টি হয় যদিও বেছিভাগ প্ৰবন্ধই যথেষ্ট ত্ৰুটিযুক্ত। কাৰণ এজন নতুন সদস্যৰ বাবে এদিনতে এটা ত্ৰুটিমুক্ত পূৰ্ণাংগ প্ৰবন্ধ সৃষ্টি সহজ কথা নহয়। সেয়েহে প্ৰস্তাৱ এটা দিব বিচাৰিছোঁ। প্ৰকল্প বা প্ৰশিক্ষণৰ অংশ হিচাপে সৃষ্টি কৰা প্ৰবন্ধবোৰ প্ৰথমে সদস্য পৃষ্ঠাত সৃষ্টি কৰা হওক আৰু প্ৰশিক্ষক, মেণ্টৰ বা অন্য অভিজ্ঞ সদস্যই সেইবোৰ ঠিক-ঠাক কৰি দিয়াৰ পাছতহে সেইবোৰ মুখ্য নামস্থানলৈ অনা হওক। আপোনালোকৰ মন্তব্য আশা কৰা হ’ল। বাবুল বৈশ্য (বাৰ্তা) 15:36, 24 July 2025 (ইউ.টি.চি.)
মন্তব্য
[সম্পাদনা কৰক]- @Babulbaishya, আপোনাৰ কথাৰ সৈতে সহমত পোষন কৰিলোঁ। — কন্দৰ্পজিৎ কল্লোল (বাৰ্তা)
- একমত।- হানিফ আলী (বাৰ্তা) 16:56, 24 July 2025 (ইউ.টি.চি.)
- একমত পোষণ কৰিলোঁ।নৰুনা বৰুৱা (বাৰ্তা) 16:58, 24 July 2025 (ইউ.টি.চি.)
- সহমত পোষণ কৰিলোঁ। - অনামিকা কথা-বতৰা 17:20, 24 July 2025 (ইউ.টি.চি.)
সমৰ্থন – Dipankar Das (বাৰ্তা) 17:26, 24 July 2025 (ইউ.টি.চি.)- কুমুদ ঘোষ (বাৰ্তা) 04:13, 25 July 2025 (ইউ.টি.চি.) আপোনাৰ সৈতে সহমত পোষণ কৰিলোঁ।
- সদস্য পৃষ্ঠালৈ নিয়াৰ লগতে যদি সম্ভৱ Draft নামস্থান সৃষ্টি কৰিবলৈ আৱেদন কৰিব লাগে৷ দিব্য দত্ত (বাৰ্তা) 08:07, 25 July 2025 (ইউ.টি.চি.)
- সমৰ্থন কৰিলোঁ। কিছুমান অত্যন্ত সৰু প্ৰবন্ধ বহলাবও নোৱাৰি; তাতকৈ নতুনকৈ লিখা বা অনুবাদ কৰা ভাল যেন লাগে।— Mridul Kumar Sharmah
- @দিব্য দত্ত, আপুনি খুব ভাল কথা এটা কৈছে। ড্ৰাফ্ট নামস্থানৰ বাবে আবেদন কৰিবৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়িলে ভাল হয়। বাবুল বৈশ্য (বাৰ্তা) 04:27, 27 July 2025 (ইউ.টি.চি.)
- সমৰ্থন কৰিলোঁ। লগতে মৃদুল কুমাৰ শৰ্মাৰ প্ৰস্তাৱৰ সৈতেও একমত।-Pranamikaadhikary (বাৰ্তা) 16:39, 28 July 2025 (ইউ.টি.চি.)
২৬ জুলাইৰ অন্তৰংগ সমাৱেশ
[সম্পাদনা কৰক]অসমীয়া ৱিকিমিডিয়া সমিতিৰ মাননীয় সদস্যসকল,
আপোনালোকক জনাবলৈ ভাল পাম যে, সন্মানীয় ৱিকিমিডিয়ান নিতেশ গীলৰ আহ্বান ক্ৰমে, কালি অৰ্থাৎ, ২৬ জুলাই তাৰিখে আপোনালোকৰ অন্তৰংগ অনুষ্ঠানত কিছু সময়ৰ বাবে উপস্থিত আছিলোঁ। এই সময়ছোৱাত কেইগৰাকীমান সদস্যৰ সহমৰ্মিতাৰ বিপৰীতে নিমন্ত্ৰণী পত্ৰ মেইল কৰা সদস্যগৰাকী সহিতে, ভাস্কৰ ভূঞাকে ধৰি কেইগৰাকীমান সদস্যৰ জোঁট বান্ধি কৰা বিদ্বেষমূলক আচৰণ দেখি আচৰিত হ'লোঁ। আমি অনুষ্ঠানটোত অনাকাংক্ষিত আছিলোঁ যদি অপমানৰ লক্ষ্যৰে আমাক মিটিঙলৈ মতা হৈছিল নেকি জানিলে সুখী হ'ম।
লগতে আপোনালোকৰপৰা এই কথাৰ এক সুদুত্তৰ বিচাৰিলোঁ যে, অ'টিআৰএছ যোগে ৱিকিউৎসলৈ কিতাপ দান কৰাৰ প্ৰক্ৰিয়াটোৰ মূল হোতা আছিল, মৃদুল কুমাৰ শৰ্মা। তাৰ লগতে ঈশান জ্যোতি বৰা আৰু প্ৰাণজ্যোতি নাথকে আদি কৰি কেইবাগৰাকী সদস্যই এই প্ৰকল্পটোলৈ ভালেখিনি অৰিহণা আগ বঢ়াইছিল। তেনে ক্ষেত্ৰত সামুহিক আলোচনা নোহোৱাকৈ এই প্ৰকল্পটোৰ মেনেজাৰ আৰু ক'ৰ্ডিনেটৰ কেনেকৈ প্ৰণামিকা অধিকাৰী আৰু নয়ন জ্যোতি নাথ হ'ল? আশাকৰোঁ আমাৰ কৌতূহলৰ এটি সুদুত্তৰ আমি ইয়াতে পাম।JyotiPN (বাৰ্তা) 05:50, 27 July 2025 (ইউ.টি.চি.)
- @JyotiPN এই বিষয়ত যি অভিযোগ আপুনি উত্থাপন কৰিছে, তাৰ প্ৰমাণ হিচাপে কিবা নথিপত্ৰ বা তথ্য আপোনাৰ ওচৰত উপলব্ধ নে? ~ Eftekhar Naeem (বাৰ্তা) 02:30, 31 July 2025 (ইউ.টি.চি.)
- @Eftekhar Naeem: বিষয়টোৰ প্ৰতি আপুনি আগ্ৰহ প্ৰকাশ কৰাত সুখী হৈছোঁ। হয়, এই তালিকাখনত Wikimedian involved (in the OTRS process) বুলি এটা শাৰী কৰা হৈছে। মোৰ বোধেৰে এই বিষয়টো অতি স্পৰ্শকাতৰ। অসমীয়া ৱিকিমিডিয়াত বহুকেইজন নবীন-প্ৰবীণ ৱিকিমিডিয়ানে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি নোপোৱাকৈ নীৰৱে অথচ আন্তৰিকতাৰে কাম কৰি আছে। সেইসকলো সময়ে সময়ে স্বীকৃত হ'লে, নতুন সদস্যসকলে কাম কৰিবলৈ উদ্যম পাব বুলি মই ভাবোঁ। বিষয়টো আপুনি আন্তৰিকতাৰে বিচাৰ কৰিব বুলি মই আশাবাদী। JyotiPN (বাৰ্তা) 06:54, 31 July 2025 (ইউ.টি.চি.)
ৱিকিপিডিয়া এছিয়ান মাহ ২০২৫ এডিটাথন
[সম্পাদনা কৰক]মাননীয় সদস্যসকল,
২০২৪ বৰ্ষৰ দৰে ২০২৫ বৰ্ষতো ৱিকিপিডিয়া এছিয়ান মাহ আয়োজনৰ কথা ভবা হৈছে আৰু এই প্ৰতিযোগিতাৰ জুৰী ৰূপে কন্দৰ্পজিৎ কল্লোল, কুমুদ ঘোষ আৰু চাণক্য কুমাৰ দাসৰ নাম প্ৰস্তাৱ কৰিলোঁ। আপোনালোকৰ মতামত আৰু অংশগ্ৰহণে প্ৰতিযোগিতাখন সফল কৰিব বুলি আশা ৰাখিলোঁ। কোনো সালসলনি আশা কৰিলে মন্তব্য ৰূপে জনাবলৈ অনুৰোধ জনালোঁ।
প্ৰতিযোগিতাৰ ফাউণ্টেইন টুলটো সাজি দিবলৈ মাননীয় সদস্য দিব্য দত্তক অনুৰোধ কৰিলোঁ।
প্ৰতিযোগিতাখন যিহেতু প্ৰতিবছৰে নৱেম্বৰ মাহত অনুষ্ঠিত হয়, সেয়ে সকলোৰে সুবিধা হোৱাকৈ আয়োজক ৰূপে মাননীয় সদস্য চাণক্য, ৰুমি বাইদ' আৰু পৱন বৰ্মনক নিৰ্দিষ্ট তাৰিখ এটা ঠিক কৰিবলৈ অনুৰোধ কৰিলোঁ।
JyotiPN (বাৰ্তা) 14:01, 28 August 2025 (ইউ.টি.চি.)
সমৰ্থন
[সম্পাদনা কৰক]- -chanakyakdas (বাৰ্তা) 05:16, 29 August 2025 (ইউ.টি.চি.)
- নৰুনা বৰুৱা (বাৰ্তা) 05:27, 29 August 2025 (ইউ.টি.চি.)
- পৱন বৰ্মন (বাৰ্তা) 05:34, 29 August 2025 (ইউ.টি.চি.)
- Rumi Borah~aswiki (বাৰ্তা) 05:37, 29 August 2025 (ইউ.টি.চি.)
- দিব্য দত্ত (বাৰ্তা) 09:38, 30 August 2025 (ইউ.টি.চি.)
সমৰ্থন -𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 00:25, 1 September 2025 (ইউ.টি.চি.)
সমৰ্থন -Nayan j Nath (বাৰ্তা) 06:48, 3 September 2025 (ইউ.টি.চি.)- Jyoti Chiring (বাৰ্তা)
বিৰোধ
[সম্পাদনা কৰক]মন্তব্য
[সম্পাদনা কৰক]ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৫-ৰ জুৰীৰ এজন হিচাপে আমাৰ নাম প্ৰস্তাৱ আৰু সমৰ্থন কৰা প্ৰতিজন সদস্যলৈ আন্তৰিক ধন্যবাদ জনালোঁ। ৱিকিপিডিয়াৰ মঞ্চত এনে দায়িত্ব প্ৰথমবাৰৰ বাবে পালন কৰিম, সেয়ে কিছু পৰিমাণে চিন্তিত হৈছোঁ; সেই চিন্তাৰ মূল কাৰণ কাৰিকৰী কথা-বতৰাসমূহ। আশা কৰোঁ, অভিজ্ঞসকলে আমাক সহায়-সহযোগ কৰাৰ লগতে দিহা-পৰামৰ্শ দি আগুৱাই নিব। আনহাতে সকলোৰে প্ৰতি বিনম্ৰ অনুৰোধ, প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূ্ৰ্বেই খুঁটি-নাটি মাৰি আলাপ-আলোচনা আৰু ৰাইজৰ মতামতৰ ভিত্তিত প্ৰতিযোগিতাৰ নীতি-নিময়সমূহ যাতে ঠিক কৰি লোৱা হয়। ধন্যবাদ। কুমুদ ঘোষ (বাৰ্তা) 15:12, 30 August 2025 (ইউ.টি.চি.)
মাননীয় সদস্যসকল;
নমস্কাৰ গ্ৰহণ কৰিব।
- প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ এটা নিদিৰ্ষ্ট তাৰিখ ঠিক কৰি জনাবলৈ অনুৰোধ কৰা আজি এমাহেই হ'ল। কিন্তু আয়োজকসকলৰপৰা একো মতামত নাপাই যোৱাবছৰৰ দৰেই এইবছৰো প্ৰতিযোগিতাৰ তাৰিখ ১৫ নৱেম্বৰৰপৰা ১৫ ডিচেম্বৰলৈ হ'লেই ভাল হ'ব বুলি ভবা হৈছে।
- প্ৰতিযোগিতাৰ বিচাৰক ৰূপে তিনিগৰাকী ৱিকিপিডিয়ানৰ নাম প্ৰস্তাৱ কৰা হৈছিল। ইয়াত চাণক্য আৰু ঘোষ ছাৰে সন্মতি দিয়ে, যদিও মাননীয় কন্দৰ্পজিৎ কল্লোলৰপৰা একো মতামত নোপোৱালৈ লক্ষ্য কৰি ২০২৫ বৰ্ষৰ ৱিকিপিডিয়া এছিয়ান মাহৰ বিচাৰক ৰূপে চাণক্য আৰু ঘোষ ছাৰকে দায়িত্বভাৰ লবলৈ অনুৰোধ কৰিলোঁ।
- তৃতীয়তে যোৱা বছৰৰ দৰে প্ৰতিযোগিতাৰ শেষ হোৱাৰে এক-দুদিনৰ ভিতৰতে এটি অফলাইন ইভেণ্টৰ কথা ভবা হৈছে। আয়োজকসকলৰ ভিতৰত কোনোৱে দায়িত্ব লবলৈ ভাল পাব নেকি জনাব। নহ'লে যোৱাবছৰৰ দৰে যোৰহাটতে অফলাইন ইভেণ্টটো আয়োজন কৰা হ'ব। ইভেণ্টটো ডিচেম্বৰৰ ১৬ তাৰিখৰপৰা ২০ তাৰিখৰ ভিতৰত আয়োজন কৰিব লাগিব।
আন্তৰিকতাৰে, JyotiPN (বাৰ্তা) 15:47, 24 September 2025 (ইউ.টি.চি.)
- @JyotiPN, হয়, ১৫ নৱেম্বৰৰপৰা ১৫ ডিচেম্বৰলৈ হ'লেই ভাল হ'ব। – কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 04:58, 27 September 2025 (ইউ.টি.চি.)
- @JyotiPN, অসুবিধা নাছিল, কিন্তু ভুলবশতঃ মন্তব্য দিয়া নহ'ল। যিয়ে নহওক বিচাৰকদ্বয়ৰ দ্বাৰা এছিয়ান মাহ ২০২৫ এডিটাথন সুচাৰুৰূপে পৰিচালিত হ'ব বুলি আশা ৰাখিলোঁ তথা বিচাৰকদ্বয়ক সমৰ্থন কৰিলোঁ। — কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 19:48, 27 September 2025 (ইউ.টি.চি.)
- মৰমৰ কন্দৰ্পজিৎ,
- আশাকৰোঁ আপুনি প্ৰতিযোগিতাখনিত অংশ লব আৰু বিগত বছৰৰ দৰেই আপোনাৰ অমূল্য বৰঙণি আগবঢ়োৱাৰ লগতে অহা বছৰ উদ্যমেৰে বিচাৰকৰ ভাৰো গ্ৰহণ কৰিব। মই যোৱাবছৰেই অনলাইন চাৰ্টিফিকেট প্ৰদানৰ বাবে ইজন-সিজনক আপোনাৰ ই-মেইল বিচাৰিছিলোঁ। আপোনাৰ অসুবিধা নহ'লে, মোক আপোনাৰ ই-মেইল ঠিকনাটো দি থলে ভালপাম। যোগাযোগৰ সুবিধা হয়। আন্তৰিক ধন্যবাদ আপোনাক। -JyotiPN (বাৰ্তা) 19:56, 27 September 2025 (ইউ.টি.চি.)
- @JyotiPN, kallolkandarpajit@gmail.com – কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 20:07, 27 September 2025 (ইউ.টি.চি.)
- ধন্যবাদ, কন্দৰ্প। JyotiPN (বাৰ্তা) 20:11, 27 September 2025 (ইউ.টি.চি.)
- @JyotiPN, kallolkandarpajit@gmail.com – কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 20:07, 27 September 2025 (ইউ.টি.চি.)
- প্ৰতিযোগিতাৰ ফাউণ্টেইন টুলটো সাজি দিয়া হ’ল৷ দিব্য দত্ত (বাৰ্তা) 16:23, 20 October 2025 (ইউ.টি.চি.)
- @দিব্য দত্ত, আন্তৰিক ধন্যবাদ। JyotiPN (বাৰ্তা) 09:13, 8 November 2025 (ইউ.টি.চি.)
- অফলাইন ইভেণ্ট সম্পৰ্কীয় আপডেট
মাননীয় সদস্যসকল,
৮ ডিচেম্বৰ তাৰিখে যোৰহাটৰ এখন মহাবিদ্যালয়ত ৱিকিপিডিয়া এছিয়ান মাহ বিষয়ক এটি কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ভাগ লবলৈ সকলোকে আন্তৰিক আমন্ত্ৰণ জনালোঁ। ইচ্ছুকসকলে মোৰ সৈতে যোগাযোগ কৰিব পাৰিব। ইয়াৰ উপৰিও আমাৰ সক্ৰিয় সদস্যসকলৰ কোনোজনে ইচ্ছা কৰিলে ডিচেম্বৰৰ ২০ তাৰিখৰ ভিতৰত নিজা অঞ্চলত নিজাববীয়াকৈ এই বিষয়ক কৰ্মশালা আয়োজন কৰিব পাৰিব। বিনয়েৰে, JyotiPN (বাৰ্তা) 20:08, 27 September 2025 (ইউ.টি.চি.)
মহাত্মা গান্ধী এডিটাথন, ২০২৫
[সম্পাদনা কৰক]মাননীয় সদস্যসকল,
২০২০, ২১ আৰু ২৩ চনৰ দৰে ২০২৫ চনতো ওড়িয়া ৱিকিমিডিয়ান সংগ্ৰাম কেশৰী সেনাপতিৰ উদ্যোগত, জাতিৰ পিতা গান্ধীজীৰ জন্মদিনটি উদযাপন কৰাৰ উদ্দেশ্যে মহাত্মা গান্ধী এডিটাথন, ২০২৫ আয়োজন কৰাৰ পৰিকল্পনা কৰা হৈছে। আমি অসমীয়া ৱিকিপিডিয়াইও ২০২৩ বৰ্ষৰ দৰে এই এডিটাথনত ভাগ লবলৈ মন মেলিছোঁ। আশাকৰোঁ যোৱা বৰ্ষবোৰৰ দৰে আপোনালোকে আপোনালোকৰ বৰঙণিৰে প্ৰতিযোগিতাখন সমৃদ্ধ কৰিব। ৩০ ছেপ্টেম্বৰৰপৰা অহা ২ অক্টোবৰলৈ হ’ব লগা এই এডিট-আ-থনটিৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ এগৰাকী সক্ৰিয় সদস্য নৰুনা বৰুৱাৰ নামটিও আয়োজক ৰূপে প্ৰস্তাৱ কৰিলোঁ।
বিনয়েৰে, JyotiPN (বাৰ্তা) 15:24, 26 September 2025 (ইউ.টি.চি.)
- মন্তব্য
মেটাৰ প্ৰকল্প পৃষ্ঠাৰ লিংক:মহাত্মা গান্ধী এডিটাথন, ২০২৫
আন্তঃৱিকি সহযোগিতামূলক কাৰ্যসূচীৰ প্ৰস্তাৱ
[সম্পাদনা কৰক]- পূৰ্বৰ সহযোগিতামূলক কাৰ্যসূচীৰ লিংক: https://w.wiki/8ZvC
শ্ৰদ্ধাৰ সদস্যসকলক ইয়াৰ দ্বাৰাই জনাব খোজোঁ যে, যোৱাবছৰৰ দৰে এইবছৰো বাংলাদেশ ৱিকি-সমাজৰ কিছু সদস্যই অসমীয়া ৱিকি-সমাজৰ সৈতে সহযোগিতামূলকভাবে অনুবাদৰ মাধ্যমেৰে প্ৰবন্ধ সৃষ্টিৰ কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। এইবছৰ নেপালী ৱিকি-সমাজৰ ফালৰ পৰাও এই কাৰ্যত অংশগ্ৰহণৰ ইচ্ছা ব্যক্ত কৰিছে। তিনিওটা সম্প্ৰদায়ৰ তিনিগৰাকী সদস্যৰ মাজত হোৱা আলাপৰ মাজেৰে এই কাৰ্যৰ বাবে উপযুক্ত সময় নৱেম্বৰৰ প্ৰথম ভাগ হ’ব পাৰে বুলি ভবা হৈছে যদিও, সকলো কথা সদস্যসকলৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰিব। সেয়ে এই দিশত সকলোৱে মতামত দিব বুলি আশা কৰিলোঁ।-Pranamikaadhikary (বাৰ্তা) 13:21, 10 October 2025 (ইউ.টি.চি.)
- সম্পাদনা মেলাখনৰ প্ৰবন্ধ পৰীক্ষক হিচাপে বাবুল বৈশ্য, গীতাৰ্থ বৰদলৈ আৰু অজয় দাসৰ নাম প্ৰস্তাৱ কৰা হ’ল৷ দিব্য দত্ত (বাৰ্তা) 12:26, 24 October 2025 (ইউ.টি.চি.)
সমৰ্থন আৰু মতামত
[সম্পাদনা কৰক]- সহমত জনালোঁ। – কন্দৰ্পজিৎ কল্লোল (বাৰ্তা)
- সমৰ্থন কৰিলোঁ। – দিব্য দত্ত (বাৰ্তা) 15:45, 11 October 2025 (ইউ.টি.চি.)
- সহমত পোষণ কৰিলো। নৰুনা বৰুৱা (বাৰ্তা) 15:47, 11 October 2025 (ইউ.টি.চি.)
- সমৰ্থন জনালোঁ। কুমুদ ঘোষ (বাৰ্তা) 17:43, 11 October 2025 (ইউ.টি.চি.)
- Mridul Kumar Sharmah (বাৰ্তা) 18:53, 11 October 2025 (ইউ.টি.চি.)
- --JonaliB (বাৰ্তা) 15:40, 12 October 2025 (ইউ.টি.চি.)
- সমৰ্থন জনালোঁ। – Dipankar Das (বাৰ্তা) 18:03, 12 October 2025 (ইউ.টি.চি.)
- Nayan j Nath (বাৰ্তা) 18:26, 12 October 2025 (ইউ.টি.চি.)
- সমৰ্থন। প্ৰস্তাৱিত সময়-সূচী মোৰ মতে ঠিকেই আছে। বাবুল বৈশ্য (বাৰ্তা) 07:49, 13 October 2025 (ইউ.টি.চি.)
- 👍 — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 08:20, 13 October 2025 (ইউ.টি.চি.)
সমৰ্থন AjayDas (বাৰ্তা) 09:52, 30 October 2025 (ইউ.টি.চি.)
- সন্মানীয় সদস্যসকলৰ সমৰ্থনত আৰু বাংলা-ৱিকি(বাংলাদেশ শাখা), নেপালী-ৱিকি আৰু অসমীয়া-ৱিকিসম্প্ৰদায়ৰ আটাইৰে সুবিধাজনক সময় এই বছৰটোত ৫ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ এই কাৰ্যসূচীৰ বাবে ঠিৰাং কৰা হৈছে। সেয়ে, এই কাৰ্যসূচীৰ বাবে প্ৰয়োজনীয় প্ৰকল্প পৃষ্ঠাদি তৈয়াৰ কৰাৰ কামত সদস্য দিব্য দত্তক অনুৰোধ জনালোঁ।
- এইবাৰৰ সম্পাদনা মেলাৰ বিষয়বস্তু হিচাপে তিনিওটা সম্প্ৰদায়ৰ সংস্কৃতি( খাদ্য, বস্ত্ৰ, নৃত্য, গীত, বাদ্য, স্থাপত্য, ভাস্কৰ্য আৰু লোকাচাৰ)ৰ আদান-প্ৰদানেৰে সামৰি লোৱা হ’ব। মাধ্যম হ’ব ইংৰাজী ৱিকিপিডিয়া; অৰ্থাৎ নিজ নিজ ভাষাত থকাৰ উপৰি সেই পৃষ্ঠাবোৰ ইংৰাজী ভাষাতো থাকিব লাগিব। প্ৰতিযোগিতা সম্পৰ্কীয় আন আন নিয়মাৱলী প্ৰকল্প পৃষ্ঠাতে সন্নিৱিষ্ট কৰি অংশগ্ৰহণকাৰীলৈ উলিয়াই দিয়া হ’ব। এই সংক্ৰান্তত সাম্ভাব্য ভুল-ত্ৰুটি আঙুলিয়াই দি সকলোৱে সহায়-সহযোগিতাৰে সম্পাদনা-মেলাখনি সফল কৰি তুলিব বুলি আশা কৰিলোঁ।-Pranamikaadhikary (বাৰ্তা) 18:59, 13 October 2025 (ইউ.টি.চি.)
- প্ৰকল্প পৃষ্ঠা তৈয়াৰ কৰা হ’ল৷ দিব্য দত্ত (বাৰ্তা) 12:28, 24 October 2025 (ইউ.টি.চি.)
বিৰোধ
[সম্পাদনা কৰক]উচ্চতৰ কৰ্মশালালৈ অতিথি ৱিকিমিডিয়ানক আমন্ত্ৰণ
[সম্পাদনা কৰক]প্ৰিয় সতীৰ্থসকল ! আপোনালোকে জানে যে, অসমীয়া ৱিকিউৎসৰ ডিজিটাইজেছন প্ৰকল্পৰ লগত সংগতি ৰাখি আগন্তুক বৰ্ষত আমি এখন কৰ্মশালাৰ আয়োজন কৰিবলৈ ওলাইছোঁ৷ অনুষ্ঠিত কৰিবলৈ ওলোৱা এই উচ্চতৰ অসমীয়া ৱিকিউৎস আৱাসিক কৰ্মশালাখনলৈ তিনিগৰাকী ভাৰতীয় ভাষাৰ ৱিকিমিডিয়ান অতিথি হিচাপে আমন্ত্ৰণ কৰিব খোজা হৈছে৷ তেখেতসকলে আমাৰ মাজত উপস্থিত থাকি আমাৰ স্বেচ্ছাসেৱকসকলক কাৰিকৰী দিশত শিক্ষিত কৰাৰ লগতে ৱিকিউৎসৰ অন্যান্যা প্ৰাসংগিক দিশসমূহতো গুৰুত্বাৰোপ কৰিব৷
আমি কৰ্মশালাৰ বাবে নেটটাইম সুজাতা (উল্লেখযোগ্য অৱদানকাৰী, বঙালী ৱিকিউৎস), বোধিসত্ত্ব(বঙালী ভাষাৰ ৱিকিউৎসৰ প্ৰশাসক), সুবোধ কুলকাৰ্ণি (মাৰাঠী ৱিকিমিডিয়ান, জ্যেষ্ঠ কৰ্মসূচী বিষয়া, অকেআই, আইআইআইটি-এইচ্ছ) আমন্ত্ৰণ কৰাৰ কথা ভাবিছোঁ৷ এই সম্পৰ্কত আপোনালোকৰ অনুভৱ তথা পৰামৰ্শ আশা কৰিলোঁ।
-Ishanjyotibora (বাৰ্তা) ১৩:৩৫, ৮ নৱেম্বৰ ২০২৫ (IST)