সমললৈ যাওক

ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)

বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেন্দ্ৰীয় আলোচনা
প্ৰস্তাৱসমূহ আলোচনা পৌনঃপুনিক প্ৰস্তাৱসমূহ

টোকা: নিষ্ক্ৰিয় আলোচনাসমূহ, শেষ হওক বা নহওক, আৰ্কাইভ ক’ৰা হ’ব
আৰ্কাইভ • আলোচনা • সম্পাদনা • ইতিহাস • প্ৰদৰ্শন


সংৰক্ষিত পাঠ

সবাতোকৈ পুৰণি
সংৰক্ষণ ১
সংৰক্ষণ ২
সংৰক্ষণ ৩ (জানুৱাৰী ২০১২-ডিচেম্বৰ ২০১২)
সংৰক্ষণ ৪ (জানুৱাৰী ২০১৩-ডিচেম্বৰ ২০১৩)
সংৰক্ষণ ৫ (জানুৱাৰী ২০১৪-ডিচেম্বৰ ২০১৮)
সংৰক্ষণ ৬ (জানুৱাৰী ২০১৯-ডিচেম্বৰ ২০২১)
সংৰক্ষণ ৭ (জানুৱাৰী ২০২২-ডিচেম্বৰ ২০২২)
সংৰক্ষণ ৮ (জানুৱাৰী ২০২৩-ডিচেম্বৰ ২০২৩)
সংৰক্ষণ ৯ (জানুৱাৰী ২০২৪-ডিচেম্বৰ ২০২৪)
সংৰক্ষণ ১০ (জানুৱাৰী ২০২৫-ডিচেম্বৰ ২০২৫)

ৱিকি-জন্মদিন, ২০২৬ উদ্‌যাপন

[সম্পাদনা কৰক]

সন্মানীয় সদস্যসকল, আমি জানো যে, অহা ১৫ জানুৱাৰীত ৱিকিপিডিয়াৰ ২৫বছৰীয়া জন্মদিন। বিগত ২৪ বছৰ ধৰি ৱিকিপিডিয়াই আমাক এখন গোলকীয় গাঁৱৰ অনুভৱ আনি দিছে। ৱিকিপিডিয়াৰ সৈতে সংযুক্ত হৈ ব্যক্তিগতভাৱে মই তৃপ্ত। সেয়ে, উক্ত শুভ দিনটোত মই ২৫টা পৃষ্ঠা সৃষ্টিৰে উদ্‌যাপন কৰিম বুলি থিৰাং কৰিছোঁ। ১৪ জানুৱাৰীৰ ৰাতি ১২ বজাৰ পিছৰপৰা ১৫ জানুৱাৰী ৰাতি ১২ বজালৈ মোৰ এই উদ্‌যাপন চলিব।

সন্মানীয় সদস্যসকলৰ কোনোবাই যদি সহযোগ কৰে ইয়াতেই সংযুক্ত হৈ কিবা সংকল্প ল’ব পাৰে বা মোৰ দৰে আপোনালোকেও নিজা নিজা সংকল্প লৈ একোটা পৃষ্ঠা সৃষ্টি কৰি ৱিকি-জন্মদিন উদ্‌যাপন কৰিব পাৰে।

আহক আমি সকলোৱে মিলি গৌৰৱেৰে মুক্ত জ্ঞানৰ এই যাত্ৰাক উদ্‌যাপন কৰোঁ। -Pranamikaadhikary (বাৰ্তা) 18:06, 12 January 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৱিকিপিডিয়াৰ জন্মদিন উপলক্ষ্য্যে তলৰ লিংকটোত দিয়া পৃষ্ঠাসমূহ সৃষ্টি কৰা হ’ল।

সতীৰ্থ-মিলন

[সম্পাদনা কৰক]

সন্মানীয় সতীৰ্থ, অহা ইং ৩১ জানুৱাৰী ২০২৬ তাৰিখে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ ১১:০০ বজাৰপৰা ০১:০০ বজাৰ ভিতৰত সম্ভৱপৰ সকলোৱে মুখা-মুখি হোৱাৰ মানস কৰিছোঁ। সকলোৰে উপস্থিতিয়ে আমাৰ মনৰ উদ্যম বৃদ্ধি কৰিব বুলি ভবা হৈছে। যাতায়াত আৰু অন্যান্য খৰচ নিজৰ। সহমত হ’লে তলত সন্মতি দি ৱিকি-স্ৱাক্ষৰ কৰিব বুলি আশা কৰিলোঁ।Pranamikaadhikary (বাৰ্তা) 14:35, 23 January 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

উপস্থিতিৰ স্বাক্ষৰ

[সম্পাদনা কৰক]
সতীৰ্থ মিলন- ৱিকি সদস্যৰ মুখা-মুখি অনুষ্ঠান

নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৬

[সম্পাদনা কৰক]

১ ফেব্ৰুৱাৰী ২০২৬ৰপৰা আৰম্ভ হ'ব নাৰীবাদ আৰু লোকগাথা এডিটাথন-২০২৬ প্ৰবন্ধ লিখন প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনৰ এগৰাকী স্থানীয় আয়োজক হিচাপে মই প্ৰতিযোগিতাখনৰ বিচাৰকৰ দায়িত্ব পালন কৰিবলৈ সদস্য জোনালী বৰুৱা, প্ৰণামিকা অধিকাৰী আৰু চাণক্য কুমাৰ দাস অনুৰোধ জনাইছোঁ। লগতে সদস্যসকলক এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। অংশগ্ৰহণৰ বাবে ইয়াত ক্লিক কৰক। -Nayan j Nath (বাৰ্তা) 11:07, 31 January 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰস্তাৱটো মই দেখাই নাছিলোঁ। সদস্যসকলৰ আপত্তি নাথাকিলে দায়িত্ব পালন কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ।Pranamikaadhikary (বাৰ্তা) 13:11, 1 February 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৱিকিপিডিয়া এছিয়ান মাহ ফেজ-২

[সম্পাদনা কৰক]

প্ৰিয় সতীৰ্থসকল,

ৱিকিপিডিয়া এছিয়ান মাহত সৃষ্টি কৰা প্ৰবন্ধসমূহ প্ৰতিযোগিতাৰ বাবে খৰধৰকৈ লিখাৰ বাবে কোনো কোনো প্ৰবন্ধত কিছু খুঁটি-নাটি ৰৈ যায়, এই খুঁটি-নাটি সমূহ নাইকিয়া কৰি ইতিমধ্যে লেখা প্ৰবন্ধসমূহ উন্নত কৰাৰ উদ্দেশ্যেৰে ৱিকিপিডিয়া এছিয়ান মাহ ফেজ-২ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। এই সম্পাদনা মেলাত নতুন প্ৰবন্ধ সৃষ্টি কৰা নহয়, ইতিমধ্যে ৱিকিত থকা এছীয় বিষয়ক প্ৰবন্ধসমূহ বিচাৰি উলিয়াই সেইসমূহ সংশোধন আৰু পৰিৱৰ্ধন কৰা হ'ব। এপ্ৰিল মাহৰ ১৫ তাৰিখৰপৰা মে' মাহৰ ১ তাৰিখলৈ অনুষ্ঠিত হ'ব লগা ১৫ দিনীয়া এই সংশোধনী মেলাৰ বাবে মই আয়োজক ৰূপে ৱিকিপিডিয়া এছিয়ান মাহ ২০২৫-ৰ বিজয়ী নৰুনা বৰুৱা আৰু কন্দৰ্পজিৎ কল্লোলৰ নাম প্ৰস্তাৱ কৰিলোঁ আৰু আপোনালোকৰ সমৰ্থন আৰু সহযোগিতা আশা কৰিলোঁ। অংশগ্ৰহণকাৰীসকলক অৱদান অনুসৰি একোটিকৈ ৱিকিপিডিয়া এছিয়ান মাহ টি-চাৰ্ট প্ৰদান কৰা হ'ব। সমান্তৰালকৈ যোৰহাটত এখন অফলাইন কৰ্মশালাৰ আয়োজন কৰা হৈছে।

বিনয়েৰে, JyotiPN (বাৰ্তা) 07:28, 13 March 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

  1. JyotiPN (বাৰ্তা) 07:28, 13 March 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  2. কন্দৰ্পজিৎ কল্লোল  (বাৰ্তা) 08:40, 13 March 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  3. নৰুনা বৰুৱা (বাৰ্তা) 09:40, 13 March 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

মন্তব্য

[সম্পাদনা কৰক]

চন্দন চিৰিং ফুকন সোঁৱৰণী উদ্ধৃতি সংযোগ মেলা

[সম্পাদনা কৰক]

সন্মানীয় সদস্যসকল, অহা ২৭ এপ্ৰিল, চন্দন বিয়োগৰ দিনটোৰ সৈতে সংগতি ৰাখি এটা প্ৰস্তাৱ দিয়া হৈছে। অনুগ্ৰহ কৰি লিংকত গৈ মতামত দিব বুলি আশা কৰিলোঁ।Pranamikaadhikary (বাৰ্তা) 13:43, 26 March 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

বড়ো ভাষা আৰু সংস্কৃতি দৃশ্যমানতা প্ৰকল্প

[সম্পাদনা কৰক]

আমি অসমৰ জনগণে ইয়াৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত এক ভাতৃত্ববোধ আৰু সৌহাৰ্দ্যৰে বসবাস কৰি গৌৰৱ অনুভৱ কৰি আহিছোঁ। বড়ো জনগোষ্ঠী ইয়াৰ ভিতৰত আমাৰ অন্যতম গৌৰৱৰ উৎস, আৰু তেওঁলোকৰ সমৃদ্ধ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। সাম্প্ৰতিক সময়ত বড়ো সমাজে ৱিকিমিডিয়া প্লেটফৰ্মসমূহত নিজৰ দৃশ্যমানতা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো সক্ৰিয়ভাৱে কাম কৰি আছে।

দক্ষিণ এছিয়াৰ অংশীদাৰিত্ব ব্যৱস্থাপক, Wikimedia Foundationৰ প্ৰবীণ দাসৰ সৈতে এক দীঘলীয়া আলোচনা আৰু তেখেতৰ পৰামৰ্শৰ পাছত, মই "Bodo Language & Culture Visibility Project" নামৰ এটা প্ৰকল্প পৰিচালনাৰ পৰিকল্পনা কৰিছোঁ।

অসমীয়া ৱিকিসমাজৰ এজন সদস্য হিচাপে, এই পৰিকল্পনাটোৰ বাবে আপোনালোকৰ সমৰ্থন, পৰামৰ্শ আৰু মূল্যৱান মতামত আন্তৰিকতাৰে আশা কৰিছোঁ। -Nayan j Nath (বাৰ্তা) 13:31, 29 March 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

পাঠ্যক্ৰমত ৱিকিপিডিয়া

[সম্পাদনা কৰক]

সন্মানীয় সদস্যসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে নগাঁও বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পাঠ্যক্ৰমত ৱিকিপিডিয়াৰ অন্তৰ্ভূক্তিৰ প্ৰস্তাৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা পোৱা গৈছে৷ এই সংক্ৰান্তত আলোচনা কৰিবলৈ জৰুৰীভাৱে আমি মিলিত হোৱাৰ প্ৰয়োজন৷ সেয়ে আজি নিশা ৯ বজাৰ পৰা আধাঘণ্টামানৰ এখনি গুগল মিটৰ আয়োজন কৰা হৈছে৷ আশাকৰোঁ সৰহসংখ্যক সদস্যই আলোচনাটিত সহযোগ কৰিব৷ -Nayan j Nath (বাৰ্তা) 07:10, 11 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

মিটিঙৰ লিংক- meet.google.com/1A5Sve84Jc3Psxv26

উপস্থিত সদস্যৰ স্বাক্ষৰ

[সম্পাদনা কৰক]
  1. Pranamikaadhikary (বাৰ্তা) 16:17, 31 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  2. — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 16:20, 31 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  3. দিব্য দত্ত (বাৰ্তা) 16:21, 31 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  4. বাবুল বৈশ্য (বাৰ্তা) 05:54, 1 June 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

পাঠ্যক্ৰম সম্বন্ধীয় বিশেষ সভা

[সম্পাদনা কৰক]

সন্মানীয় সদস্যসকলৰ জ্ঞাতাৰ্থে জনাব খোজোঁ যে, যোৱা ১১ মে, ২০২৬ তাৰিখৰ নিশা ৯ বজাত এখন বিশেষ জৰুৰী সভা আহ্বান কৰা হৈছিল আৰু তাত ভালেকেইগৰাকীমান সদস্যৰ উপস্থিতিত নগাঁও বিশ্ববিদ্যালয়ে “ৱিকিমিডিয়া’’ক এক পাঠ্য বিষয় হিচাপে অন্তৰ্ভূক্ত কৰিবলৈ কৰা ইচ্ছাৰ ওপৰত আলোচনা কৰা হৈছিল। সভাত নীতেশ গীলকো আমন্ত্ৰণ কৰা হৈছিল আৰু তেওঁ উপস্থিত থাকি বিষয়টোত আগবঢ়াত উৎসাহিত কৰিছিল। সেইমৰ্মে, আমি নগাঁও বিশ্ববিদ্যালয়ৰ সৈতে কথা-বতৰা কিছু আগুৱাই নিয়া হৈছে। এইটো বিষয়কে পুনৰ আলোচনা কৰিবলৈ অহা ৩১ মে’ ২০২৬ তাৰিখৰ সন্ধিয়া ৮ বজাৰ পৰা ৯ বজালৈ এখনি গুগল মিটৰ আয়োজন কৰা হৈছে। সন্মানীয় সকলো সদস্যই এই সভাখনত উপস্থিত থাকি নিজ নিজ মতামত ব্যক্ত কৰিব বুলি আশা কৰিলোঁ।

সভাৰ লিংক পৰৱৰ্তী সময়ত দিয়া হ’ব।-Pranamikaadhikary (বাৰ্তা) 15:05, 29 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

উপস্থিত সদস্যৰ স্বাক্ষৰ

[সম্পাদনা কৰক]
  1. Pranamikaadhikary (বাৰ্তা) 16:17, 31 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  2. — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 16:20, 31 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  3. দিব্য দত্ত (বাৰ্তা) 16:21, 31 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  4. Jyoti Chiring (বাৰ্তা) 18:17, 31 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  5. Rumi Borah~aswiki (বাৰ্তা) 08:42, 1 June 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

বেটুপাতৰ নতুন শিতান

[সম্পাদনা কৰক]
Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

অসমীয়া ৱিকিপিডিয়াৰ বেটুপাতত “নিৰ্বাচিত মিডিয়া” নামৰ এটা নতুন শিতান সংযোগ কৰিব বিচৰা হৈছে৷ তাৰ বাবে আপোনালোকৰ সমৰ্থন আশা কৰিলোঁ৷ দিব্য দত্ত (বাৰ্তা) 14:04, 23 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৱিকিডাটাত অসমীয়া বিৱৰণ যোগ কৰাৰ প্ৰস্তাৱ

[সম্পাদনা কৰক]

সকলোকে নমস্কাৰ,
মই ৱিকিডাটাত ইংৰাজীৰপৰা বিৱৰণ অনুবাদ কৰিবলৈ এটা পাইথন স্ক্ৰিপ্ট প্ৰস্তুত কৰিছোঁ। ইয়াৰ সহায়ত মই ইতিমধ্যে ৱিকিডাটাত ৩০ লাখতকৈ অধিক বঙালী বিৱৰণ অনুবাদ কৰিছোঁ। সেইবোৰ প্ৰায় নিৰ্ভুল আছিল। ইয়াৰ উপৰি, পৰীক্ষামূলকভাৱে মই কিছুমান অসমীয়া বিৱৰণো যোগ কৰিছোঁ, যাৰ সংখ্যা ইতিমধ্যে কেইবা হাজাৰ অতিক্ৰম কৰিছে।
বাংলাৰ বাবে ব্যৱহাৰ কৰা সম্পূৰ্ণ অভিধানখন মই Gemini AI-ৰ সহায়ত অসমীয়ালৈ অনুবাদ কৰিছোঁ। এই অভিধানখন ব্যৱহাৰ কৰাৰ আগতে ইয়াত কোনো ভুল বা ত্ৰুটি আছে নেকি, সেয়া মই পৰীক্ষা কৰিব বিচাৰোঁ। এই বিষয়ত অসমীয়া ৱিকিমিডিয়া সম্প্ৰদায়ৰ পৰামৰ্শ আৰু মতামত আন্তৰিকতাৰে আশা কৰিছোঁ।
সেয়ে অসমীয়া ৱিকিমিডিয়া সম্প্ৰদায়ৰ সকলোলৈ অনুৰোধ, অনুগ্ৰহ কৰি এই লিংকত গৈ অভিধানখন পৰীক্ষা কৰি চাওক। যদি কোনো ভুল চকুত পৰে, তেন্তে আপোনালোকে নিজেই সেয়া সংশোধন কৰি দিব পাৰে অথবা মোক জনাব পাৰে।
ধন্যবাদ। ≈   MS Sakib  📩 ·📝 01:21, 2 July 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

নমস্কাৰ MS SAKIB, আপোনাৰ সজ প্ৰচেষ্টাৰ শলাগ ল’লোঁ। সামান্য এটা অংশ চকু ফুৰালোঁ। শব্দবোৰ বাংলাসুৰীয়া হ’লে ই অসমীয়া ভাষাৰ ক্ষতি কৰিব। বিশেষভাৱে “ৱ’’ আৰু “ৰ’’-ৰ যথোচিত ব্যৱহাৰ হ’ব লাগিব। সময় হাতত লৈ আমি চকু ফুৰাম। আশাকৰোঁ আমাৰ লগত সহযোগ কৰিব। Pranamikaadhikary (বাৰ্তা) 15:51, 2 July 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
@Pranamikaadhikary আপোনাক বহুত ধন্যবাদ।
হয়, মোৰো সেইটোৱেই আটাইতকৈ ডাঙৰ চিন্তা যে অনুবাদবোৰ যেন বাংলা-সুলভ নহয়। সেইবাবেই মই অসমীয়া ৱিকি-সম্প্ৰদায়ৰ সহায় বিচাৰিছোঁ। আপোনালোকৰ পৰামৰ্শ আৰু সহযোগিতা পালে মই বৰ আনন্দিত হ'ম।
আৰু এটা কথা উল্লেখ কৰিব বিচাৰোঁ। মোৰ বিৱৰণ অনুবাদৰ স্ক্ৰিপ্টটো সম্পূৰ্ণৰূপে dictionary-based। অৰ্থাৎ, ইংৰাজীত কোনো নিৰ্দিষ্ট শব্দ থাকিলে অভিধানত তাৰ বিপৰীতে থকা অসমীয়া শব্দটোৱেই ব্যৱহাৰ হ'ব; ইয়াৰ বাহিৰে আন কোনো শব্দ অহাৰ সুযোগ নাই।
সেয়ে যদি অভিধানত কোনো ভুল অনুবাদ থাকি যায়, তেন্তে আন এটা Correction স্ক্ৰিপ্টৰ সহায়ত সেই নিৰ্দিষ্ট ইংৰাজী শব্দৰ বিপৰীতে থকা সকলো ভুল অনুবাদ বিচাৰি সঠিক শব্দেৰে সহজেই সলনি কৰিব পাৰি। বাংলাতো আৰম্ভণিতে এনে কিছুমান ভুল হৈছিল। পিছত মই সেই Correction স্ক্ৰিপ্ট চলাই শব্দাৰ্থগত ভুলসমূহ সম্পূৰ্ণৰূপে সংশোধন কৰিছিলোঁ।
গতিকে এতিয়া বা ভৱিষ্যতে যদি কোনো ৱিকিডাটা আইটেমৰ বিৱৰণত ভুল অসমীয়া অনুবাদ আপোনালোকে লক্ষ্য কৰে, অনুগ্ৰহ কৰি মোক জনাব। মই মাত্ৰ কেইমিনিটমানৰ ভিতৰতে স্ক্ৰিপ্ট চলাই সেই ভুল শব্দসমূহ সকলো ঠাইতে সঠিক শব্দেৰে সলনি কৰিব পাৰিম। ≈   MS Sakib  📩 ·📝 23:33, 2 July 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

গুৱাহাটীত ৱিকিমিডিয়াৰ যিকোনো এটা প্ৰকল্পৰ কৰ্মশালা

[সম্পাদনা কৰক]

ইয়াৰ দ্বাৰা সন্মানীয় সদস্যসকলক জনাব খোজোঁ যে, অহা ১১ জুলাই শনিবাৰে দিনৰ ১০:৩০ বজাৰ পৰা ০১:৩০ বজালৈ গুৱাহাটীস্থিত স্বেচ্ছাসেৱী সংগঠন সৃষ্টি-এক ৰূপান্তৰৰ যাত্ৰাৰ উদ্যোগত আৰু বৃহত্তৰ ৰুক্মিণীনগৰ সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত অসমীয়া ৱিকিমিডিয়াৰ এক চমু পৰিচয় আৰু যিকোনো এটা প্ৰকল্পৰ সম্পাদনা কৌশল প্ৰদানৰ কাম হাতত লোৱা হৈছে। উক্ত কাৰ্যত আপোনালোকৰ সমৰ্থন আৰু সহযোগিতা কামনা কৰাৰ লগতে গুৱাহাটীস্থিত সদস্যসকলৰ কায়িক উপস্থিতি কামনা কৰা হ’ল। যাতায়াতৰ বাবে কোনো ব্যয় বহন কৰা নহয়।-Pranamikaadhikary (বাৰ্তা) 05:32, 3 July 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

সতীৰ্থসকলৰ কোন কোন উক্ত অনুষ্ঠানত উপস্থিত থাকিব পাৰিব, জনালে আয়োজকসকলৰ সুবিধা হয় বুলি জনাইছে৷ সেয়ে অনুগ্ৰহ কৰি উপস্থিতি নিশ্চিত কৰিব৷Pranamikaadhikary (বাৰ্তা) 04:56, 7 July 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

ঠিকনা

  • বৃহত্তৰ ৰুক্মিণীনগৰ সামাজিক সাংস্কৃতিক কেন্দ্ৰ
  • স্থান: ৰুক্মিনী নগৰ প্ৰেক্ষাগৃহ
  • পথ: ৰঙ্গমঞ্চ পথ
  • লেণ্ডমাৰ্ক: হোটেল ৰয়েল দি কাচা ৰ ওচৰত
  • হাউচিং বাছ ষ্টপ

কাৰ্যসূচী

[সম্পাদনা কৰক]

১১/৭/২০২৬ শনিবাৰ

  • ১০:৩০ বজাত- অনুষ্ঠানৰ আৰম্ভণি আৰু আদৰণি -পূৰবী চৌধুৰী
  • ১০:৪৫ বজাত- পৰিচয় পৰ্ব (দুয়োফালৰ)
  • ১১:০০ বজাত- ৱিকিমিডিয়াৰ চমু পৰিচয় -প্ৰণামিকা অধিকাৰী, জোনালী বৰুৱা
  • ১১:১৫ বজাত- চাহ-বিৰতি
  • ১১:৩০ বজাত- ৱিকিপিডিয়াৰ প্ৰশিক্ষণ -সমল ব্যক্তি: উপস্থিত ৱিকিমিডিয়ান
  • ০১:৩০ বজাত- সামৰণি

উপস্থিত সদস্যৰ স্বাক্ষৰ

[সম্পাদনা কৰক]
  1. Minati handique (বাৰ্তা) 07:23, 11 July 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  2. পাৰুল বৰুৱা (বাৰ্তা) 07:25, 11 July 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  3. অপূৰ্ব কুমাৰ শৰ্মা (বাৰ্তা) 07:25, 11 July 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  4. Pranita Gogoi (বাৰ্তা) 07:26, 11 July 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  5. Bhaswati.Deka.Borah (বাৰ্তা) 07:29, 11 July 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  6. Anju saikia (বাৰ্তা) 07:32, 11 July 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  7. মানসী দাস (বাৰ্তা) 07:33, 11 July 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  8. Sunami K Dutta (বাৰ্তা) 07:34, 11 July 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  9. দিম্পল দাস (বাৰ্তা) 11:15, 11 July 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  10. Pranamikaadhikary (বাৰ্তা) 16:31, 11 July 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  11. — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 17:21, 11 July 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

কেৰালা সংস্কৃতি মাহ, ২০২৬

[সম্পাদনা কৰক]

প্ৰিয় সতীৰ্থসকল,

কেৰালা ৱিকি কনফাৰেঞ্চৰ লগত সংগতি ৰাখি মালয়ালম ৱিকিমিডিয়া সমাজে কেৰালাৰ সংস্কৃতি আৰু ঐতিহ্যক ৱিকিমিডিয়াৰ মাধ্যমেৰে তুলি ধৰাৰ উদ্দেশ্যে কেৰালা সংস্কৃতি মাহ,২০২৬ আৰম্ভ কৰিছে। সক্ৰিয় মালয়ালম ৱিকিমিডিয়ান অতুল আৰ টিৰ অনুৰোধমৰ্মে এই অনলাইন এডিটাথনটোত সহযোগ কৰাৰ উদ্দেশ্যেৰে আমি অসমীয়া ৱিকিমিডিয়াতো এটা প্ৰকল্প পৃষ্ঠা সাজি সাধ্য অনুসৰি সহযোগ আগবঢ়োৱাৰ সংকল্প কৰিছোঁ আৰু এডিটাথনটি পৰিচালনা কৰি সফলতাৰে আগুৱাই নিবলৈ নৰুৱা বৰুৱা, দুহিতা ৰাগিণী কলিতা, জ্যোতি চিৰিং নাম প্ৰস্তাৱ কৰিলোঁ। আশাকৰোঁ এই এডিটাথনটিত সকলোৱে আন্তৰিকতাৰে ভাগ ল'ব আৰু এই সমন্বয়ে ভৱিষ্যত সময়ত দুইখন সমাজৰ মাজত সম্প্ৰীতিৰ এটি মাইলৰ খুঁটি স্থাপন কৰিব।

বিনয়েৰে, JyotiPN (বাৰ্তা) 07:52, 25 July 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক


চীনা সাংস্কৃতিক ঐতিহ্য সম্পাদনা মেলা, ২০২৬

[সম্পাদনা কৰক]

প্ৰিয় সতীৰ্থসকল,

চীনা ৱিকি সম্প্ৰদায়ে তেওঁলোকক ঐতিহ্য আৰু সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ মানসেৰে ৱিকিমিডিয়াত অহা ১৫ আগষ্টৰপৰা ১৫ অক্টোবৰলৈ চীনা সাংস্কৃতিক ঐতিহ্য সম্পাদনা মেলা ২০২৬ আয়োজন কৰিছে। এই বিষয় অৱগত কৰি তেওঁলোকে আগবঢ়োৱা সহ-আয়োজকৰ প্ৰস্তাৱ সমৰ্থন কৰি আমি, JyotiPN আৰু নৰুনা বৰুৱাই অসমীয়া ৱিকিপিডিয়াত অহা ২৫ আগষ্টৰপৰা ২৫ অক্টোবৰলৈ চীনা সাংস্কৃতিক ঐতিহ্য সম্পাদনা মেলা ২০২৬ আয়োজন কৰাৰ মানস কৰিছোঁ। আশাকৰোঁ আপোনালোকে চীনা-অসমীয়া ভাতৃত্ববোধক আন্তৰিকতাৰে আঁকোৱালি ল'ব আৰু এই মেলালৈ আপোনালোকৰ পৰামৰ্শ আৰু অৱদান আগবঢ়াব। নৰুনা বৰুৱা এই মেলাৰ আয়োজক হৈ থাকিব। তেওঁৰ লগতে ইচ্ছুক কোনো এগৰাকীক আয়োজক ৰূপে নিজৰ নাম প্ৰস্তাৱ কৰিবলৈ অনুৰোধ কৰিলোঁ।

JyotiPN (বাৰ্তা) 18:54, 14 August 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
সমন্বয়ক, চীনা সাংস্কৃতিক ঐতিহ্য সম্পাদনা মেলা ২০২৬

Wiki Loves Birds - Assam Chapter

[সম্পাদনা কৰক]

প্ৰিয় সতীৰ্থসকল,

যোৱা বছৰ আমি অসমৰ চৰাইখিনি ডকুমেণ্টেচন কৰাৰ মানসেৰে ৱিকি লাভচ্‌ ৱাৰ্ডচ্‌ - আসাম চেপ্টাৰ শীৰ্ষক এক কেম্পেইনেৰে মালয়াময়াম ৱিকিমিডিয়া সমাজৰ ৱিকি লাভচ্‌ ৱাৰ্ডচ, ইণ্ডিয়া, ২০২৫ কেম্পেইনত সহযোগ কৰিছিলোঁ আৰু ডিচেম্বৰ-জানুৱাৰী মাহত সোৱণশিৰি গ্ৰাছলেণ্ড, দুলুং হাইড আৰু মাগুৰী বিলত তিনিটা ৱাৰ্ড ৱাক কৰি অসমৰপৰা প্ৰায় ৫০ বিধ চৰাইৰ ফটো যোগ দিছিলোঁ।

ৰিপৰ্ট : Wiki Loves Birds - Assam Chapter/BirdWalks

এই বছৰো ৱিকিমিডিয়া ফাউণ্ডেচনৰ সহযোগত আমি এই প্ৰকল্পটো আগবঢ়াই লৈ যোৱাৰ মানস কৰিছোঁ আৰু ইয়াৰ বাবে আপোনালোকৰ সমৰ্থন আৰু সহযোগিতা আশা কৰিছোঁ।

বিনয়েৰে, JyotiPN (বাৰ্তা) 08:46, 20 August 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

  1. AjayDas (বাৰ্তা) 09:05, 20 August 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  2.  সমৰ্থন - Rishiraj Dutta01 (বাৰ্তা) 09:06, 20 August 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  3. নৰুনা বৰুৱা (বাৰ্তা) 09:27, 20 August 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  4.  সমৰ্থন -Nayan j Nath (বাৰ্তা) 12:17, 20 August 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  5.  সমৰ্থন -Firozhussain (বাৰ্তা) 12:24, 20 August 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  6. Jyoti Chiring (বাৰ্তা) 12:33, 20 August 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  7.  সমৰ্থন - কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 12:37, 20 August 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  8. Sameer Kalita14 (বাৰ্তা) 19:35, 20 August 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  9.  সমৰ্থন Lakhinandan herper (বাৰ্তা) 16:48, 21 August 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  10. প্ৰয়াসী বৰঠাকুৰ (বাৰ্তা) 17:13, 22 August 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

মহাত্মা গান্ধী এডিটাথন, ২০২৬

[সম্পাদনা কৰক]

সন্মানীয় সদস্যসকল,

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে বিগত বছৰবোৰৰ দৰে ওড়িয়া ৱিকিমিডিয়াৰ সহযোগত এইবছৰো মহাত্মা গান্ধী এডিট-আ-থন, ২০২৬ আয়োজন কৰা হৈছে। এই সম্পাদনামেলাখন কালিলৈ অৰ্থাৎ ২ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ চলিব। আশা কৰোঁ সকলোৱে এই সম্পাদনামেলালৈ অৱদান আগবঢ়াই ইয়াক সফল কৰি তুলিব।

অংশগ্ৰহণ কৰিবৰ বাবে এই লিংকত ক্লিক কৰক।

বিনয়েৰে,

মন্তব‍্য

[সম্পাদনা কৰক]
  1. দুয়োগৰাকী নৱআয়োজকলৈ শুভেচ্ছা থাকিল।-AjayDas (বাৰ্তা) 16:12, 1 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৱিকি মিট

[সম্পাদনা কৰক]

প্ৰিয় ৱিকি সতীৰ্থ!

যোৱা কেইটামান মাহ ধৰি অসমীয়া ৱিকিমিডিয়া সমাজৰ মাহেকীয়া ৱিকি মীটখন নিয়মীয়াকৈ অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল। সেয়েহে, চলিত অক্টোবৰ মাহৰ পৰা পুনৰ এই ৱিকি মীট আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে।

প্ৰতিমাহৰ প্ৰথম সপ্তাহত দেওবাৰে (দিনটো পৰিস্থিতি অনুসৰি সলনি হ’ব পাৰে), সন্ধিয়া ৭:৩০ বজাৰ পৰা ৯ বজালৈ এই মীট অনুষ্ঠিত কৰা হ’ব।

০৪/১০/২৬ তাৰিখ দেওবাৰে অক্টোবৰ মাহৰ প্ৰথমখন ৱিকিমিটত আপোনালোক সকলোকে লগ পোৱাৰ অপেক্ষাত থাকিলোঁ। মিটিৰ লিংকঃ https://meet.google.com/sid-xwwn-vqf

কাৰ্যসূচীঃ
  • ৭:৩০ সম্ভাষণ আৰু পৰিচালনা: অজয় দাস
  • ৭:৪৫ নতুন সদস্যৰ পৰিচয় পৰ্ব
  • ৭:৫০ অসমীয়া ৱিকিৰ আপডে’ট আৰু ৱিকিপত্ৰিকা: নয়ন জ্যোতি নাথ
  • ৮:০০ ৱিকি কনফাৰেঞ্চ ইণ্ডিয়া ২০২৬ত অংশগ্ৰহণৰ অভিজ্ঞতা বৰ্ণনা: অজয় দাস/জ্যোতি চিৰিং
  • ৮:১০ ৱিকি কনফাৰেঞ্চ নৰ্থ আমেৰিকাত অংশগ্ৰহণৰ অভিজ্ঞতা বৰ্ণনা: গীতাশ্ৰী গগৈ আপ্তে/জলি ৰুমী বৰা
  • ৮:২০ কুইয়াৰিং ৱিকি, এক্সটেণ্ডেট ৰাইট কনফাৰেঞ্চত অংশগ্ৰহণৰ আপডে’ট, ৱিকিমেনিয়াৰ জলপানি, অসমীয়া ৱিকি সমাজৰ ভৱিষ্যত পৰিকল্পনা আৰু সদস্যৰ মনৰ কথা।
  • ৮:৩০ - ৯ ৱিকিপাঠ: দিব্য দত্ত

উপস্থিতিৰ স্বাক্ষৰ

[সম্পাদনা কৰক]
  1. AjayDas (বাৰ্তা) 16:42, 4 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  2. BhuyanBhaskar (বাৰ্তা) 16:50, 4 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  3. Sameer Kalita14 (বাৰ্তা) 16:51, 4 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  4. পৱন বৰ্মন (বাৰ্তা) 16:56, 4 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  5. Rumi Borah~aswiki (বাৰ্তা) 16:58, 4 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  6. কুমুদ ঘোষ (বাৰ্তা) 17:01, 4 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  7. Nayan j Nath (বাৰ্তা) 17:15, 4 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  8. Pranamikaadhikary (বাৰ্তা) 17:16, 4 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  9. বাবুল বৈশ্য (বাৰ্তা) 17:19, 4 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  10. কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 17:30, 4 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  11. বিকাশ দিহিঙ্গীয়া (বাৰ্তা) 23:19, 4 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  12. Nilotpal Hazarika123 (বাৰ্তা) 18:51, 4 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  13. দিম্পল দাস (বাৰ্তা) 02:20, 5 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
  14. গীতাশ্ৰী গগৈ আপ্তে (বাৰ্তা) ০২:২৭, ৫ October ২০২৬ (ইউ.টি.চি.)
  15. দিব্য দত্ত (বাৰ্তা) 05:28, 5 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৬

[সম্পাদনা কৰক]

প্ৰিয় ৱিকি সতীৰ্থসকল,

বিগত বছৰসমূহৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবছৰো অসমীয়া ৱিকিপিডিয়াত ৱিকিপিডিয়া এছিয়ান মাহ ২০২৬ আয়োজন কৰা হৈছে। ১ নৱেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া এই সম্পাদনা মেলাৰ জৰিয়তে এছিয়াৰ বিভিন্ন দেশৰ ইতিহাস, সংস্কৃতি, ব্যক্তি, স্থান, খাদ্য, ঐতিহ্য আদি বিষয়ক নতুন প্ৰবন্ধ অসমীয়া ৱিকিপিডিয়াত সংযোজন কৰাৰ প্ৰয়াস কৰা হ'ব।

এই সম্পাদনা মেলাখন সুচাৰুৰূপে পৰিচালনা আৰু সমন্বয় কৰাৰ বাবে মই এইবাৰৰ সমন্বয়ক হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছোঁ। লগতে মোৰ সহযোগী হিচাপে দিম্পল দাসৰ নামটোৱো প্ৰস্তাৱ হিচাপে আগবঢ়াইছোঁ।

লগতে, যোৱা বছৰৰ ৱিকিপিডিয়া এছিয়ান মাহ ২০২৫ত অৱদান আগবঢ়োৱা আৰু প্ৰথম তিনিটা স্থান লাভ কৰা দুগৰাকী সদস্যক এইবাৰৰ বিচাৰক হিচাপে মনোনীত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ—

এই দুগৰাকী সদস্যই প্ৰতিযোগিতাৰ প্ৰবন্ধসমূহ নিৰপেক্ষভাৱে পৰীক্ষা কৰি নিয়ম অনুসৰি গ্ৰহণযোগ্য প্ৰবন্ধসমূহ নিৰ্ধাৰণ কৰাত সহায় কৰিব বুলি আশা কৰিছোঁ।

সকলোৱে এই প্ৰস্তাৱত নিজৰ মতামত আৰু সমৰ্থন আগবঢ়াবলৈ অনুৰোধ জনালোঁ। লগতে, কোনো সদস্যই সমন্বয়ক বা বিচাৰক হিচাপে দায়িত্ব গ্ৰহণৰ বাবে আন কোনো নাম প্ৰস্তাৱ কৰিব বিচাৰিলে সেয়াও জনাব পাৰে।

আশা কৰোঁ, বিগত বছৰসমূহৰ দৰে এইবাৰো সকলোৰে সক্ৰিয় অংশগ্ৰহণ আৰু সহযোগিতাৰে অসমীয়া ৱিকিপিডিয়াত ৱিকিপিডিয়া এছিয়ান মাহ সফলভাৱে অনুষ্ঠিত কৰিব পাৰিম।

বিনয়েৰে, Afughat (বাৰ্তা) 16:47, 6 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

মন্তব্য

[সম্পাদনা কৰক]

প্ৰিয় বিকাশ,

আপুনি ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৬ আয়োজন কৰিবলৈ আগবাঢ়ি অহা দেখি ভাল লাগিছে। আপুনি ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৬ আয়োজন কৰিবলৈ গ্ৰাণ্ট এপ্লাই কৰিছিল নেকি জনাব?

শুভকামনাৰে, JyotiPN (বাৰ্তা) 17:17, 6 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

স্থানীয় হিচাপে গ্ৰাণ্ট এপ্লাই মই কৰা নাই, আন কোনো সদস্যই কৰিছে যদিও মই অজ্ঞাত কাৰণ এই সম্পৰ্কত ৰাইজৰ চ'ৰাত কোনো আলোচনা মই দেখা নাই বা হোৱাটচ্ এপ গোটতো ইয়াৰ আলোচনা হোৱা নাই, গতিকে স্থানীয় ৱিকিৰ প্ৰতিযোগিতাখন আন্তৰ্জাতিক প্ৰতিযোগিতাৰ অংশ হিচাপে সমন্বয়ৰে আগবঢ়াই নিবলৈ মই আগ্ৰহী, সেয়ে ৰাইজৰ চ'ৰাত আন সদস্যৰ মতামতৰ বাবে এই প্ৰস্তাৱ আগবঢ়াইছোঁ‌। Afughat (বাৰ্তা) 17:41, 6 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক
মৰমৰ বিকাশ, মই গ্ৰাণ্টৰ কাৰণে এপ্লাই কৰিছিলোঁ। গ্ৰাণ্টৰ কাৰণে এপ্লাই কৰোঁতে এটা দল ধৰি দিব লাগে। আপুনি আগতেই জনোৱা হ'লে আপোনাৰ নামও ভৰাই দিব পৰা গ'ল হয়। ৱিকিপিডিয়া এছিয়ান মাহৰ এটা নিজা ছ'চিয়েল মিডিয়া গোট আছে। তাত ইতিমধ্যে আলোচনা হৈছে।
JyotiPN (বাৰ্তা) 18:23, 6 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

অসমীয়া ৱিকি-সমাজৰ নেতৃত্বত বহুভাষিক সন্মিলন

[সম্পাদনা কৰক]

সন্মানীয় সদস্যসকললৈ নমস্কাৰ জনালোঁ। মই Pranamikaadhikary য়ে অসমীয়া ৱিকি-সমাজৰ নেতৃত্বত অসমত এখনি বহুভাষিক ৱিকি-সন্মিলন অনুষ্ঠিত কৰাৰ পোষকতা কৰোঁ। এই বিষয়ে যোৱাবছৰৰ পৰাই দুই-এগৰাকী ৱিকি-সতীৰ্থৰ সৈতে অনানুষ্ঠানিক কথা-বতৰা হৈছিল যদিও কাম আগবঢ়া হোৱা নাই। অসমত আগতে হৈ যোৱা সন্মিলনসমূহতকৈ কিছু বহলকৈ অৰ্থাৎ দুই-তিনিদিনীয়াকৈ অসমৰ আন দুটা নৱ-গঠিত ৱিকি-সম্প্ৰদায়ৰ লগতে আন আন বিভিন্ন ভাষা-সম্প্ৰদায়ৰ কিছু নিৰ্বাচিত সদস্যৰ সৈতে মিলি অসমীয়া ৱিকিক অধিক শক্তিশালী কৰা আৰু ৱিকি-সম্প্ৰদায়সমূহৰ মাজত সৌহাৰ্দ্য গঢ়ি তুলিবলৈ ইয়াৰ প্ৰয়োজন আছে বুলি অনুভৱ কৰোঁ। মই নিজকে ধৰি বহুকেইগৰাকী ন-পুৰণি ৱিকি-সম্পাদককো কাৰিকৰী আৰু পৰিকল্পনাৰ দিশত উন্নত কৰিবলৈয়ো আমাৰ মাজত এখন উন্নত মানৰ সন্মিলন হোৱা প্ৰয়োজন। এই বিষয়ে সদস্যসকলে সহমত প্ৰদান কৰিলে অহাবছৰলৈ সকলোৰে সহযোগিতাত ই সম্ভৱ হৈ উঠিব পাৰে। সকলোৰে মতামত কামনা কৰিলোঁ। ধন্যবাদ।Pranamikaadhikary (বাৰ্তা) 17:34, 7 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

  1. সমৰ্থন কৰিছো। অসমীয়া ৱিকিক অধিক শক্তিশালী কৰি তুলিবলৈ এখন উন্নত মানৰ সন্মিলনৰ প্ৰয়োজন বুলি ভাবো। Rumi Borah~aswiki (বাৰ্তা) 05:42, 9 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক