সমললৈ যাওক

১৯৮৫ৰ অসম বিধানসভা নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(1985 Assam Legislative Assembly electionৰ পৰা পুনঃনিৰ্দেশিত)
অসম বিধানসভা নিৰ্বাচন, ১৯৮৫
ভাৰত
১৯৮৩ 
১৯৮৫
 ১৯৯১


নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

হিতেশ্বৰ শইকীয়া
কংগ্ৰেছ

মুখ্যমন্ত্ৰী

প্ৰফুল্ল কুমাৰ মহন্ত
অগপ

১৯৮৫ৰ অসম বিধানসভা নিৰ্বাচন ৮ম বিধানসভাৰ ১২৬খন আসনৰ সদস্য নিৰ্বাচন কৰিবলৈ দুটা স্তৰত অনুষ্ঠিত হৈছিল।[1][2] নিৰ্বাচনত অসম গণ পৰিষদে ৬৪খন আসন লাভ কৰি প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিল। অসম গণ পৰিষদ আছিল এক নতুনকৈ গঠিত দল।[3] নিৰ্বাচনৰ পিছতহে অগপই ৰাজনৈতিক দল হিচাপে ভাৰতৰ নিৰ্বাচনী আয়োগৰ স্বীকৃতি পায়। সেয়েহে ১৯৮৫ত একেলগে অনুষ্ঠিত হোৱা অসমৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনত অগপই হাতীৰ নিৰ্বাচনী চিহ্ন লৈ নিৰ্দলীয় ৰূপে অৱতীৰ্ণ হৈছিল৷[উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰেক্ষাপট

[সম্পাদনা কৰক]

ছয় বছৰ ধৰি চলা অসম আন্দোলনৰ পৰিসমাপ্তি ঘটাবলৈ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে প্ৰচেষ্টা হাতত লয়। ১৯৮৫ চনৰ ১৫ আগষ্টৰ মাজনিশা প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃবৃন্দৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। কেন্দ্ৰীয় চৰকাৰে তদানিন্তন বিধানসভাখন ভঙ্গ কৰি নতুনকৈ নিৰ্বাচন পাতিবলৈও সন্মত হয়। সেই মৰ্মে ১৮ আগষ্টত অসম বিধানসভা ভঙ্গ কৰি দিয়া হয়। আগন্তুক নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আন্দোলনৰ নেতৃবৃন্দই এটা নতুন ৰাজনৈতিক দল খোলাৰ যো-যা কৰে। গোলাঘাটত অনুষ্ঠিত হোৱা এখন ৰাজনৈতিক অভিবৰ্তনত ১৫ অক্টোবৰত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম গণ পৰিষদ নামেৰে এটা নতুন দল খোলা হয়। অসম আন্দোলনৰ অংশীদাৰ পূৰ্বাঞ্চলীয় লোক পৰিষদ আৰু গণ সংগ্ৰাম পৰিষদে নিজৰ সুকীয়া অস্তিত্ব বিলিন কৰি নতুন ৰাজনৈতিক দলত যোগ দিয়ে।[3]

ইফালে অসম চুক্তিৰ বিৰোধিতা কৰি সেই একে বছৰতে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা, নাগৰিক অধিকাৰ সংৰক্ষণ কমিটি (CRPC) তথা কিছুমান ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু সংগঠনৰ উদ্যোগত কালিপদ সেনৰ সভাপতিত্বত সংযুক্ত সংখ্যালঘু মৰ্চ্চা, অসম (UMFA) নামেৰে এটা নতুন ৰাজনৈতিক দলৰো জন্ম হয়। এই দলটোৱে মূলত বাংলাভাষী হিন্দু আৰু পূৰ্ববঙ্গীয় মূলৰ মুছলমানসকলৰ সমৰ্থন লাভ কৰিছিল।[4]

১৬ ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হয়। ২৪ ডিচেম্বৰত নেহৰু ষ্টেডিয়ামত প্ৰফুল্ল মহন্তৰ চৰকাৰে শপত গ্ৰহণ কৰে।[3]

নিৰ্বাচনত অংশগ্ৰহণকাৰী দল

[সম্পাদনা কৰক]

ভাৰতৰ নিৰ্বাচনী আয়োগৰ স্বীকৃতিপ্ৰাপ্ত ৭টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰু ২টা ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দলে অংশগ্ৰহণ কৰে।

  1. ভাৰতীয় জনতা পাৰ্টী (BJP)
  2. ভাৰতীয় জাতীয় কংগ্ৰেছ (INC)
  3. ভাৰতৰ কমিউনিষ্ট পাৰ্টী (CPI)
  4. ভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) (CPM)
  5. ভাৰতীয় কংগ্ৰেছ (সমাজবাদী) (ICS)
  6. জনতা পাৰ্টী (JNP)
  7. লোকদল (LKD)
  8. অসম ভৈয়াম জনজাতি পৰিষদ (ৰাজ্যিক পৰ্যায়ৰ) (PTC)
  9. ৰিভ'লুচনাৰী ছোচিয়েলিষ্ট পাৰ্টী (ৰাজ্যিক পৰ্যায়ৰ) (RSP)

ইয়াৰে ভাৰতীয় জাতীয় কংগ্ৰেছে ২৫খন, সমাজবাদী কংগ্ৰেছে ৪খন, ভৈয়াম জনজাতি পৰিষদে ৩খন আৰু মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টীয়ে ২খন আসনত বিজয় সাব্যস্ত কৰে। বাকী ৫টা স্বীকৃতিপ্ৰাপ্ত দলে এখনো আসন লাভ কৰা নাছিল[1]

১৯৮৫ৰ নিৰ্বাচনত নৱগঠিত অসম গণ পৰিষদ আৰু সংযুক্ত সংখ্যালঘু মৰ্চা, অসমেও নিৰ্দলীয় ৰূপে, কিন্তু নিজা দলীয় প্ৰতীক চিহ্নৰে নিৰ্বাচনত অৱতীৰ্ণ হয়। নিৰ্বাচন হৈ যোৱাৰ পিছতহে এই দুয়োটা দলে নিৰ্বাচনী আয়োগৰ স্বীকৃতি লাভ কৰে। ৬৪খন[3] আসন লাভ কৰি অগপই চৰকাৰ গঠন কৰে। সংযুক্ত সংখ্যালঘু মৰ্চ্চাই লাভ কৰা আসনৰ সংখ্যা ১৭খন।[3]

বিজয়ী প্ৰাৰ্থীসকল[1]

[সম্পাদনা কৰক]
সমষ্টি নংসমষ্টিৰ নামবিধায়কৰ নামৰাজনৈতিক দলদ্বিতীয় স্থানৰ প্ৰাৰ্থীৰ সৈতে ভোট ব্যৱধান
ৰাতাবাৰী
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
কুমাৰী ৰবিদাসভাৰতীয় জাতীয় কংগ্ৰেছ
পাঠৰকান্দিমণিলাল গোৱালাভাৰতীয় জাতীয় কংগ্ৰেছ
কৰিমগঞ্জ উত্তৰচিৰাজুল হক চৌধুৰীনিৰ্দলীয়
কৰিমগঞ্জ দক্ষিণআব্দুল মুকদ্দিৰ চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
বদৰপুৰৰমেন্দ্ৰ দেভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)
হাইলাকান্দিআব্দুল মুহিব মজুমদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
কাটলিচেৰাগৌতম ৰয়ভাৰতীয় জাতীয় কংগ্ৰেছ
আলগাপুৰচহিদুল আলম চৌধুৰীনিৰ্দলীয়
শিলচৰকৰ্ণেন্দু ভট্টাচাৰ্যভাৰতীয় জাতীয় কংগ্ৰেছ
১০সোণাইআব্দুল ৰব লস্কৰভাৰতীয় জাতীয় কংগ্ৰেছ
১১ধলাই
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
দিগেন্দ্ৰ পুৰকায়স্থভাৰতীয় জাতীয় কংগ্ৰেছ
১২উদৰবন্দজয়প্ৰকাশ তেৱাৰীনিৰ্দলীয়
১৩লক্ষীপুৰদিনেশ প্ৰসাদ গোৱালাভাৰতীয় জাতীয় কংগ্ৰেছ
১৪বৰখলাআলতাফ হুছেইন মজুমদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
১৫কাটিগড়াআব্দুল মুহিব মজুমদাৰভাৰতীয় কংগ্ৰেছ (সমাজবাদী)
১৬হাফলং
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
গোবিন্দ চন্দ্ৰ লাংথাচাভাৰতীয় জাতীয় কংগ্ৰেছ
১৭বোকাজান
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ৰাজেন টিমুংভাৰতীয় জাতীয় কংগ্ৰেছ
১৮হাওৰাঘাট
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
খৰচিং ইংতিনিৰ্দলীয়
১৯ডিফু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
চামচিং হানচেনিৰ্দলীয়
২০বৈঠালংচু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
হলিৰাম টেৰাংনিৰ্দলীয়
২১মানকাচৰআমিনুল ইচলামনিৰ্দলীয়
২২শালমাৰা দক্ষিণদেৱান জয়নাল আবেদিননিৰ্দলীয়
২৩ধুবৰীমচিৰুদ্দিন শ্বেখভাৰতীয় জাতীয় কংগ্ৰেছ
২৪গৌৰীপুৰঅনুৰুদ্ধ সিং চৌধুৰীনিৰ্দলীয়
২৫গোলোকগঞ্জডালিম ৰয়নিৰ্দলীয়
২৬বিলাসীপাৰা পশ্চিমইউচুফ আলি আহমেদনিৰ্দলীয়
২৭বিলাসীপাৰা পূবশৰৎ চন্দ্ৰ সিংহভাৰতীয় কংগ্ৰেছ (সমাজবাদী)
২৮গোসাইগাঁওমিথিয়াচ টুডুভাৰতীয় জাতীয় কংগ্ৰেছ
২৯কোকৰাঝাৰ পশ্চিম
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
অমৃত লাল বসুমতাৰীভাৰতীয় কংগ্ৰেছ (সমাজবাদী)
৩০কোকৰাঝাৰ পূব
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
চৰণ নাৰ্জাৰীঅসম ভৈয়াম জনজাতি পৰিষদ
৩১চিদলীজনেন্দ্ৰ বসুমতাৰীঅসম ভৈয়াম জনজাতি পৰিষদ
৩২বঙাইগাঁওফণী ভূষণ চৌধুৰীনিৰ্দলীয়
৩৩বিজনীগণেশ বৰাঅসম ভৈয়াম জনজাতি পৰিষদ
৩৪অভয়াপুৰী উত্তৰমকবুল হুছেইননিৰ্দলীয়
৩৫অভয়াপুৰী দক্ষিণ
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
ৰত্নেশ্বৰ সৰকাৰনিৰ্দলীয়
৩৬দুধনৈ
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
অকণ ৰাভানিৰ্দলীয়
৩৭গোৱালপাৰা পূবমজিৰুদ্দিন আহমেদনিৰ্দলীয়
৩৮গোৱালপাৰা পশ্চিমশ্বেখ চমন আলিনিৰ্দলীয়
৩৯জলেশ্বৰআফজালুৰ ৰহমাননিৰ্দলীয়
৪০সৰভোগহেমেন দাসভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)
৪১ভবানীপুৰসুৰেন্দ্ৰনাথ মেধিনিৰ্দলীয়
৪২পাটাচাৰকুচিপবিন চন্দ্ৰ ডেকানিৰ্দলীয়
৪৩বৰপেটাকুমাৰ দীপক দাসনিৰ্দলীয়
৪৪জনীয়াএ. এফ. গোলাম ওচমানীনিৰ্দলীয়
৪৫বাঘবৰশ্বেখ এ. হামিদনিৰ্দলীয়
৪৬সৰুক্ষেত্ৰীদীনবন্ধু চৌধুৰীনিৰ্দলীয়
৪৭চেঙামুখতাৰ হুছেইননিৰ্দলীয়
৪৮বকো
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
গোপীনাথ দাসনিৰ্দলীয়
৪৯ছয়গাঁওকমলা কলিতানিৰ্দলীয়
৫০পলাশবাৰী।যতীন মালীনিৰ্দলীয়
৫১জালুকবাৰীভৃগু কুমাৰ ফুকননিৰ্দলীয়
৫২দিশপুৰঅতুল বৰানিৰ্দলীয়
৫৩গুৱাহাটী পূববিৰাজ কুমাৰ দাসনিৰ্দলীয়
৫৪গুৱাহাটী পশ্চিমৰমেন্দ্ৰ নাৰায়ণ কলিতানিৰ্দলীয়
৫৫হাজোকামাখ্যা চৰণ চৌধুৰীনিৰ্দলীয়
৫৬কমলপুৰময়িদুল ইচলাম বৰানিৰ্দলীয়
৫৭ৰঙিয়াথানেশ্বৰ বড়োনিৰ্দলীয়
৫৮তামুলপুৰভবেন নাৰ্জীনিৰ্দলীয়
৫৯নলবাৰীনগেন শৰ্মানিৰ্দলীয়
৬০বৰক্ষেত্ৰীপুলকেশ বৰুৱানিৰ্দলীয়
৬১ধৰ্মপুৰচন্দ্ৰমোহন পাটোৱাৰীনিৰ্দলীয়
৬২বৰমা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ৰেখাৰাণী দাসবড়োনিৰ্দলীয়
৬৩চাপাগুৰি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
সুৰেন স্বৰ্গীয়াৰীনিৰ্দলীয়
৬৪পানেৰীদুৰ্গাদাস বড়োনিৰ্দলীয়
৬৫কলাইগাঁওমহেন্দ্ৰ মোহন ৰায়চৌধুৰীনিৰ্দলীয়
৬৬ছিপাঝাৰজয়নাথ শৰ্মানিৰ্দলীয়
৬৭মঙ্গলদৈনীলমণি শৰ্মানিৰ্দলীয়
৬৮দলগাঁওআব্দুল জব্বৰনিৰ্দলীয়
৬৯ওদালগুৰিবিনাই খুংগুৰ বসুমতাৰীনিৰ্দলীয়
৭০মাজবাটচিলভিয়াচ কন্দপানভাৰতীয় জাতীয় কংগ্ৰেছ
৭১ঢেকিয়াজুলিহিৰণ্য বৰাভাৰতীয় জাতীয় কংগ্ৰেছ
৭২বৰচলাপ্ৰফুল্ল গোস্বামীনিৰ্দলীয়
৭৩তেজপুৰবৃন্দাবন গোস্বামীনিৰ্দলীয়
৭৪ৰঙাপৰাগোলোক ৰাজবংশীভাৰতীয় জাতীয় কংগ্ৰেছ
৭৫চটিয়াৰবীন শইকীয়ানিৰ্দলীয়
৭৬বিশ্বনাথপদ্মনাথ কৈৰীনিৰ্দলীয়
৭৭বিহালীস্বৰূপ উপাধ্যায়ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৮গহপুৰগণেশ কুটুমনিৰ্দলীয়
৭৯জাগীৰোডমতি দাসনিৰ্দলীয়
৮০মৰিগাঁওহৰেন্দ্ৰ বৰানিৰ্দলীয়
৮১লাহৰিঘাটআব্দুল জলিলভাৰতীয় কংগ্ৰেছ (সমাজবাদী)
৮২ৰহাউমেশ চন্দ্ৰ দাসনিৰ্দলীয়
৮৩ধিংচহিদুল ইচলামনিৰ্দলীয়
৮৪বটদ্ৰবাদিগেন চন্দ্ৰ বৰানিৰ্দলীয়
৮৫ৰূপহীহাটৰচিদুল হকনিৰ্দলীয়
৮৬নগাঁওপ্ৰফুল্ল কুমাৰ মহন্তনিৰ্দলীয়
৮৭বঢ়মপুৰগিৰিন্দ্ৰ কুমাৰ বৰুৱানিৰ্দলীয়
৮৮চামগুৰিআব্দুল হুছেইন সৰকাৰনিৰ্দলীয়
৮৯কলিয়াবৰপ্ৰফুল্ল কুমাৰ মহন্তনিৰ্দলীয়
৯০যমুনামুখআব্দুল জলিল ৰাগিবীনিৰ্দলীয়
৯১হোজাইশান্তি ৰঞ্জন দাসগুপ্তনিৰ্দলীয়
৯২লামডিংঅৰ্দ্ধেন্দু কুমাৰ দেনিৰ্দলীয়
৯৩বোকাখাটবলোৰাম তামুলীনিৰ্দলীয়
৯৪সৰুপথাৰবিনোদ গোৱালানিৰ্দলীয়
৯৫গোলাঘাটদেৱেশ্বৰ বৰানিৰ্দলীয়
৯৬খুমটাইপ্ৰবীন কুমাৰ গগৈনিৰ্দলীয়
৯৭দেৰগাঁওভবেন্দ্ৰ নাথনিৰ্দলীয়
৯৮যোৰহাটঅভিজিত শৰ্মানিৰ্দলীয়
৯৯মাজুলিপদ্মেশ্বৰ দলেনিৰ্দলীয়
১০০তিতাবৰদেৱকুমাৰ বৰানিৰ্দলীয়
১০১মৰিয়নিনৰেন তাঁতীনিৰ্দলীয়
১০২টিয়কললিত চন্দ্ৰ ৰাজখোৱানিৰ্দলীয়
১০৩আমগুৰিপ্ৰদীপ হাজৰিকানিৰ্দলীয়
১০৪নাজিৰাহিতেশ্বৰ শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
১০৫মাহমৰাপদ্ম আৰন্ধৰানিৰ্দলীয়
১০৬সোণাৰিভদ্ৰেশ্বৰ বুঢ়াগোহাঁইনিৰ্দলীয়
১০৭থাওৰাবাৰ্কী প্ৰসাদ তেলেংগানিৰ্দলীয়
১০৮শিৱসাগৰপ্ৰদীপ গগৈনিৰ্দলীয়
১০৯বিহপুৰীয়াকেশৰাম বৰানিৰ্দলীয়
১১০নাওবৈচাজগত হাজৰিকানিৰ্দলীয়
১১১লক্ষীমপুৰউৎপল দত্তনিৰ্দলীয়
১১২ঢকুৱাখনাভৰত চন্দ্ৰ নৰহনিৰ্দলীয়
১১৩ধেমাজীদিলীপ কুমাৰ শইকীয়ানিৰ্দলীয়
১১৪জোনাইফণীৰাম টায়েংনিৰ্দলীয়
১১৫মৰাণকিৰণ কুমাৰ গগৈনিৰ্দলীয়
১১৬ডিব্ৰুগড়কেশৱ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১১৭লাহোৱালদ্বীপেন তাঁতীনিৰ্দলীয়
১১৮দুলিয়াজানঅমিয়া গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১১৯টিংখংঅতুল চন্দ্ৰ কোঁচনিৰ্দলীয়
১২০নাহৰকটীয়াকুসুম্বৰ টাইৰাই গগৈনিৰ্দলীয়
১২১চাবুৱাভুৱন বৰুৱানিৰ্দলীয়
১২২তিনিচুকীয়াশিৱশম্ভু ওঝাভাৰতীয় জাতীয় কংগ্ৰেছ
১২৩ডিগবৈৰামেশ্বৰ ধানোৱাৰভাৰতীয় জাতীয় কংগ্ৰেছ
১২৪মাৰ্ঘেৰিটাকুলবাহাদুৰ চেত্ৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১২৫ডুমডুমাদিলেশ্বৰ তাঁতীভাৰতীয় জাতীয় কংগ্ৰেছ
১২৬শদিয়াজ্যোৎস্না সোণাৱালনিৰ্দলীয়

উপ-নিৰ্বাচন

[সম্পাদনা কৰক]

১৯৮৫ৰ নিৰ্বাচনত প্ৰফুল্ল কুমাৰ মহন্তই ২খন আসনত জয়লাভ কৰাত ৮৯-কলিয়াবৰ আসনখন এৰি দিয়ে। ইফালে হিতেশ্বৰ শইকীয়া মিজোৰামৰ ৰাজ্যপাল হৈ যোৱাত ১০৪-নাজিৰা সমষ্টিৰ বিধায়কৰ পৰা পদত্যাগ কৰে। সেয়েহে এই দুটা সমষ্টিত ১৯৮৬ চনত উপ-নিৰ্বাচন অনুষ্ঠিত হয়। নাজিৰা সমষ্টিৰ পৰা তনু কোঁৱৰ আৰু কলিয়াবৰ সমষ্টিৰ পৰা গুণীন হাজৰিকা বিজয়ী হয়।[2] দুয়োগৰাকী অসম গণ পৰিষদৰ প্ৰাৰ্খী আছিল।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 "STATISTICAL REPORTS OF GENERAL ELECTION TO STATE LEGISLATIVE ASSEMBLY (VIDHANSABHA)". Election Commission of india. https://eci.gov.in/statistical-report/statistical-reports/ আহৰণ কৰা হৈছে: 28 November 2020.
  2. 1 2 "Assam Legislative Assembly - Members 1985-91". Govt. of Assam. http://assamassembly.gov.in/mla-1985-91.html আহৰণ কৰা হৈছে: 29 November 2020.
  3. 1 2 3 4 5 দত্ত, দিলীপ (১৯৯১). খোঁচা বিন্ধা বুৰঞ্জী. অসমী প্ৰকাশন, পান বজাৰ, গুৱাহাটী. পৃষ্ঠা. ৯৪-১০০.
  4. "Alliance in trouble". frontline.thehindu.com. https://frontline.thehindu.com/static/html/fl1809/18090340.htm আহৰণ কৰা হৈছে: 2019-10-08.[সংযোগবিহীন উৎস]