ভৃগু কুমাৰ ফুকন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভৃগু কুমাৰ ফুকন
কাৰ্যকাল
১৯৮৫-১৯৯০, ১৯৯০-১৯৯৫ আৰু ১৯৯৫-২০০০
সমষ্টি জালুকবাৰী
ব্যক্তিগত তথ্য
জন্ম ২৫ এপ্ৰিল, ১৯৫৬
শিৱসাগৰ, অসম
মৃত্যু ২০ মাৰ্চ, ২০০৬
নতুন দিল্লী
ৰাজনৈতিক দল অসম গণ পৰিষদ
পেচা ৰাজনীতিবিদ

ভৃগু কুমাৰ ফুকন (ইংৰাজী: Bhrigu kumar Phukan) এজন জাতীয়তাবাদী নেতা তথা অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী আছিল। তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু অসম আন্দোলনৰ এজন গুৰি ধৰোঁতা আছিল। অসম চুক্তি স্বাক্ষৰকাৰী চাৰিজন ব্যক্তিৰ মাজৰ ভৃগু কুমাৰ ফুকনো এজন।

জন্ম আৰু শিক্ষা দীক্ষা[সম্পাদনা কৰক]

ভৃগু কুমাৰ ফুকনৰ জন্ম হৈছিল ১৯৫৬ চনৰ ২৫ এপ্ৰিল তাৰিখে, শিৱসাগৰত। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আইন বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল। [1]

কমৰ্জীৱন[সম্পাদনা কৰক]

১৯৭৯ চনৰপৰা ১৯৮৫ চনলৈ চলা অসম আন্দোলনৰ তেওঁ এজন গুৰি ধৰোঁতা আছিল। ১৯৮৫ চনৰ ১৫ আগষ্টত ছাত্ৰসন্থাৰ নেতৃবৃন্দ আৰু ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত নতুন দিল্লীঅসম চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিত ভৃগু কুমাৰ ফুকনৰো স্বাক্ষৰ আছিল।

অসম চুক্তিৰ স্বাক্ষৰৰ মুহূৰ্ত

তাৰ পিছতে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম গণ পৰিষদ নামেৰে এটা নতুন ৰাজনৈতিক দলৰ জন্ম হয় আৰু ১৯৮৫ চনৰ সাধাৰণ নিৰ্বাচনত এই দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। এই চৰকাৰৰ দিনত ভৃগু কুমাৰ ফুকনে অসমগৃহমন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। তেওঁ বৰ্তমানলৈ অসমৰ ইতিহাসৰ সৰ্বকনিষ্ঠ গৃহমন্ত্ৰী। ২৯ বছৰ বয়সতে তেওঁ গৃহমন্ত্ৰী হৈছিল। কিন্তু প্ৰফুল্ল কুমাৰ মহন্তৰ লগত মনোমালিন্য হোৱাৰ বাবে ১৯৮৯ চনত তেওঁ সেই পদ তথা দল ত্যাগ কৰে আৰু বৃন্দাবন গোস্বামীৰ লগ হৈ ১৯৯১ চনত নতুন অসম গণ পৰিষদ নামেৰে এটা নতুন ৰাজনৈতিক দল গঠন কৰে। ১৯৯৬ চনত এই দলটো পুনৰ অসম গণ পৰিষদৰ লগত সন্মিলিত হয় । ১৯৯৮ চনত ফুকন পুনৰবাৰ অগপ ৰ পৰা আঁতৰি যায় আৰু অসম জাতীয় সন্মিলনী নামেৰে আন এটা ৰাজনৈতিক দল গঠন কৰে। কিন্তু তাৰ কিছুদিন পিছতেই তেওঁ নেচনেলিষ্ট কংগ্ৰেছ পৰ্টিত যোগদান কৰে। পিছলৈ তেওঁ সেই দলটোৰ সভাপতি ৰূপেও নিৰ্বাচিত হৈছিল।[2]

১৯৮৫ চনৰপৰা একেৰাহে তিনিবাৰৰ বাবে জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হৈছিল। কিন্তু ২০০১ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাৰ হাতত পৰাজিত হ’বলগীয়া হয়।

২০০৪ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে অসম গণ পৰিষদলৈ ঘূৰি আহে। ২০০৫ চনৰ নিৰ্বাচনৰ বাবে তেওঁক অসম গণ পৰিষদৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা হৈছিল যদিও তেওঁ নিজৰ শাৰীৰিক অসুবিধাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰিলে।[3]

মৃত্যু[সম্পাদনা কৰক]

২০০৬ চনৰ ২০ মাৰ্চত নতুন দিল্লীসদৌ ভাৰত চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (AIIMS)ত তেওঁৰ মৃত্যু হয়।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]