১১ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জুন ১১ৰ পৰা পুনঃনিৰ্দেশিত)


১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

১১ জুন (ইংৰাজী: 11 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬২তম (অধিবৰ্ষত ১৬৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৩টা দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৭৬০ - মহীশূৰৰ নবাৱ হাইদৰ আলীৰ সৈতে ব্ৰিটিছৰ যুদ্ধ।
  • ১৯৭৭ - মহম্মদ ৰফিয়ে গ্ৰীনিজ বুক অৱ ৱাৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষলৈ সকলোতকৈ বেছি সংখ্যক গান ৰেকৰ্ড কৰাৰ অভিলেখৰ দাবী পত্ৰ প্ৰেৰণ কৰিছিল।
  • ১৯৮৭ - অসম গণিত শিক্ষায়তন নামৰ অনুষ্ঠানটিয়ে পোন প্ৰথমবাৰৰ বাবে গণিত অলিম্পিয়াদ অনুষ্ঠিত কৰিছিল।
  • ১৯৯৬ - দেবেশ চন্দ্ৰ চক্ৰৱৰ্তীদেৱে অসম বিধানসভাৰ অধ্যক্ষৰ কাৰ্যকাল ত্যাগ কৰিছিল।
  • ২০১০ - দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপ ফুটবল আৰম্ভ হয়।

জন্ম[সম্পাদনা কৰক]

  • ১৯৩৭ - কনক ৰেলে, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, ক'ৰিয়'গ্ৰাফাৰ আৰু শিক্ষাবিদ।
  • ১৯৪৭ - লালু প্ৰসাদ যাদৱ, বিহাৰৰ ৰাজনীতিবিদ।
  • ১৯৫০ - অমূল্য কাকতি, অসমীয়া নাট্যকাৰ, চিত্ৰনাট্য লেখক, অভিনেতা আৰু প্ৰযোজক।
  • ১৯৭১ - মিনাক্ষী শ্ৰীনিবাসন, ভাৰতীয় নৃত্যশিল্পী, কৰিঅ'গ্ৰাফাৰ।
  • ১৯৭৮ - ডাৰিল টাফি, নিউজিলেণ্ডৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।

মৃত্যু[সম্পাদনা কৰক]

  • খ্ৰীষ্টপূৰ্ব ৩২৩ - মহামতি আলেকজেণ্ডাৰ। (১০জুন বা ১১ জুন)
  • ১৯৮৩ - ঘনশ্যাম দাস বিৰলা, বিশিষ্ট শিল্পপতি। লণ্ডনত মৃত্যু হয়। তেওঁ জি ডি বিৰলাৰ নামে পৰিচিত।
  • ২০০০ - অজিত কুমাৰ শৰ্মা, শিক্ষাবিদ তথা ৰাজনীতিবিদ।
  • ২০০১ - টিম'থি মেকভেই, আমেৰিকান সন্ত্ৰাসবাদী। (জ. ১৯৬৮)
  • ২০১৩ - নগেন বৰা, অসমৰ এগৰাকী সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, ব্যংগ লেখক আৰু সাংবাদিক।

দিৱস[সম্পাদনা কৰক]

  • হণ্ডোৰাছৰ শিক্ষাৰ্থী দিৱস।
  • ব্ৰাজিলৰ নৌ সেনা দিৱস।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]