সমললৈ যাওক

জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়
Jagannath Barooah University
উজনি অসম মহাবিদ্যালয় (১৯৩০-১৯৩৮)
জগন্নাথ বৰুৱা মহাবিদ্যালয় (১৯৩৮-২০২৩)
মূলমন্ত্ৰ ন হি জ্ঞানেন সদৃশম্ পৱিত্ৰমিহ বিদ্যতে
The Light That Never Fails
স্থাপিত ১৯ আগষ্ট, ১৯৩০
অধ্যক্ষ ড॰ উৎপল জ্যোতি মহন্ত
স্থান যোৰহাট, অসম, ভাৰত
চৌহদ চহৰাঞ্চল
উপনাম জে বি
ৱেবছাইট http://www.jbcollege.org

জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় (ইংৰাজী: Jagannath Barooah University) অসমৰ যোৰহাট জিলাৰ পুৰণি শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম। ই উজনি অসমৰ প্ৰথমখন মহাবিদ্যালয় জগন্নাথ বৰুৱা মহাবিদ্যালয় (স্বতন্ত্ৰ) হিচাপে স্থাপন হৈছিল যি পাছলৈ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ হয়।[1] যোৰহাট চহৰৰ মাজমজিয়াতে বৰপাত্ৰ আলিত যোৰহাট কাছাৰী ময়দানৰ ঠিক সন্মুখতে বিশ্ববিদ্যালয়খন অৱস্থিত। জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ক NAAC-ৰ A গ্ৰেড (CGPA মান ৩.১১) প্ৰদান কৰা হৈছে[2]

উজনি অসম মহাবিদ্যালয় (Upper Assam College) নামেৰে ১৯৩০ চনৰ ১৯ আগষ্ট তাৰিখে মহাবিদ্যালয় স্থাপন কৰা হৈছিল। সেই বছৰৰে ৪ ছেপ্টেম্বৰ তাৰিখৰ আলোচনা সভাত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে লোৱা সিদ্ধান্তমৰ্মে শিক্ষানুষ্ঠানখনৰ নাম যোৰহাট মহাবিদ্যালয় ৰখা হয়। ১৯৩৮ চনত পুনৰ এক সিদ্ধান্তমৰ্মে এই নাম সলাই উজনি অসমৰ প্ৰথমগৰাকী স্নাতক জগন্নাথ বৰুৱাৰ নামত ৰখা হয়। অনুষ্ঠানটোৰ বাবে ভূমি আৰু বৰ্ত্তমানৰ কাৰ্যালয় ভৱন 'বৰপাত্ৰ কুটীৰ' দান কৰিছিল জগন্নাথ বৰুৱাৰ নাতি মুৰুলীধৰ বৰুৱাই। ২০১৫ চনৰ অক্টোবৰত বিশ্ববিদ্যালয় অনুদান আয়োগে পূৰ্বৰ মহাবিদ্যালয়ক ২০১৬-১৭ শৈক্ষিক বৰ্ষৰ পৰা বলৱৎ হোৱাকৈ ছবছৰৰ বাবে স্বায়ত্তশাসিত মৰ্যাদা প্ৰদান কৰে।[3]

প্ৰতিষ্ঠাপকসকল

[সম্পাদনা কৰক]

জে বি কলেজৰ প্ৰতিষ্ঠাপক মুৰব্বী তথা অধ্যক্ষ আছিল পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ। সহকাৰী শিক্ষকসকল আছিল ক্ৰমে তুলসী নাৰায়ণ শৰ্মা, যজ্ঞেশ্বৰ শৰ্মা, ফণীধৰ দত্ত, প্ৰফুল্ল প্ৰাণ চাংকাকতী আৰু গুণগোবিন্দ দত্ত। এইকেইগৰাকী শিক্ষক আৰু ১৪ গৰাকী বিদ্যাৰ্থীৰে কলিকতা বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত বিশ্ববিদ্যালয়খনত আই.এ. (Intermediate of Arts) শ্ৰেণীসমূহ আৰম্ভ কৰা হৈছিল। পিছলৈ ক্ৰমে আই. কম. (I. Com.), কলা শাখাৰ স্নাতক, বাণিজ্যৰ স্নাতক, আই. এছ. ছি. (I. Sc.) আৰু বিজ্ঞানৰ স্নাতক শ্ৰেণীসমূহ খোলা হয়। ১৯৪৮ চনত এই বিশ্ববিদ্যালয় গৌহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হয় আৰু শেষত ১৯৬৫ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় স্থাপন হোৱাৰ লগে লগে বিশ্ববিদ্যালয়খনৰ পাঠ্যক্ৰম ইয়াৰ আওঁতালৈ আহে।

অধ্যক্ষৰ তালিকা

[সম্পাদনা কৰক]

১৯৩০ চনৰপৰা ২০২০ চনলৈকে পূৰ্বৰ মহাবিদ্যালয়খনত মুঠতে ওঠৰজন অধ্যক্ষই কাৰ্যনিৰ্বাহ কৰিছে।[4]

ক্ৰমিক নং অধ্যক্ষ কাৰ্যকাল
কৃষ্ণকান্ত সন্দিকৈ ১৯৩০-১৯৪৮
তুলসী নাৰায়ণ শৰ্মা ১৯৪৮-১৯৫২
গুণগোবিন্দ দত্ত ১৯৫২-৯৬৪
এন. চি. গোস্বামী ১৯৬৪-১৯৭৪
কৃষ্ণচন্দ্ৰ কাকতি ১৯৭৪-১৯৭৯
কে. পি. চক্ৰৱৰ্তী ১৯৭৯-১৯৮২
বি. কে. মিশ্ৰ ১৯৮২-১৯৮৩
মাণিকলাল ফুকন ১৯৮৩-১৯৯৫
মুকুল চন্দ্ৰ চলিহা ১৯৯৫-১৯৯৬
১০ আৰ. কে. বৰুৱা ১৯৯৬-১৯৯৮
১১ জি. দাস ১৯৯৮-২০০০
১২ জে. চি. বৰা ২০০০-২০০০
১৩ আৰ. এছ. আগৰৱালা ২০০০-২০০১
১৪ ড॰ অঞ্জনা চলিহা ২০০১-২০০৩
১৫ ড॰ এন. জি. গোস্বামী ২০০৩-২০০৬
১৬ ড॰ বিজয় চন্দ্ৰ শৰ্মা ২০০৬-২০১১
১৭ ড° বিমল বৰা ২০১২-২০২২
১৮ ড॰ উৎপল জ্যোতি মহন্ত ২০২২-

বিভাগসমূহ

[সম্পাদনা কৰক]

বিশ্ববিদ্যালয়খনত তলত উল্লিখিত ২২ টা বিভাগ আছে।

  • অসমীয়া
  • অৰ্থনীতি বিজ্ঞান
  • ইতিহাস
  • ইংৰাজী
  • উদ্ভিদ বিজ্ঞান
  • কম্পিউটাৰ বিজ্ঞান
  • গণিত
  • তৰ্কবিজ্ঞান আৰু দৰ্শন
  • পদাৰ্থ বিজ্ঞান
  • পৰিসংখ্যা বিজ্ঞান
  • প্ৰাণীবিজ্ঞান
  • বাণিজ্য
  • বাংলা
  • ভূগোল
  • ভূতত্ত্ব
  • ৰসায়ন বিজ্ঞান
  • ৰাজনীতি বিজ্ঞান
  • সংস্কৃত
  • হিন্দী
  • সমাজতত্ব
  • জৈৱ-প্ৰযুক্তি
  • ইলেকট্ৰনিকছ

পাঠ্যক্ৰম

[সম্পাদনা কৰক]

জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত বৰ্তমান স্নাতক,স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰীৰ পাঠ্যক্ৰম ব্যৱস্থা আছে। তলৰ তালিকাত বৰ্তমানে উপলভ্য পাঠ্যক্ৰমৰ উল্লেখ আছে:

স্নাতক পাঠ্যক্ৰম[5]

[সম্পাদনা কৰক]

কলা শাখা

  • ইংৰাজী
  • বাংলা
    • অসমীয়া
  • অৰ্থনীতি বিজ্ঞান
  • ৰাজনীতি বিজ্ঞান
  • দৰ্শন
  • ভূগোল
  • পৰিসংখ্যা বিজ্ঞান
  • ইতিহাস
  • গণিত
  • সংস্কৃত
  • সমাজতত্ব

বিজ্ঞান শাখা

  • পদাৰ্থ বিজ্ঞান
  • ৰসায়ন বিজ্ঞান
  • গণিত
  • পৰিসংখ্যা বিজ্ঞান
  • ভূতত্ত্ব বিজ্ঞান
  • উদ্ভিদ বিজ্ঞান
  • প্ৰাণী বিজ্ঞান
  • ইলেকট্ৰ'নিক্‌ছ
  • কম্পিউটাৰ বিজ্ঞান
  • জৈৱ-প্ৰযুক্তি


  • পেছাদাৰী পাঠ্যক্ৰম:[6]
    • কম্পিউটাৰ ব্যৱহাৰৰ স্নাতক (Bachelor of Computer Application)
    • তথ্য-প্ৰযুক্তি বিজ্ঞান স্নাতক (B.Sc. IT)

বাণিজ্য শাখা

  • সাধাৰণ স্নাতক পাঠ্যক্ৰম
  • মেজৰ: একাউণ্টিং এণ্ড ফাইনেঞ্চ, মাৰ্কেটিং

===স্নাতকোত্তৰ পাঠ্যক্ৰম(জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়)

  • ভূগোল
  • দৰ্শন
  • অসমীয়া
  • ইতিহাস
  • বাণিজ্য
  • গণিত
  • পদাৰ্থ বিজ্ঞান
  • ৰাজনীতি
  • ইংৰাজী

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰৱৰ্তী শিক্ষাৰ অধীনত

  • বাণিজ্য
  • অৰ্থনীতি
  • ৰাজনীতি
  • বুৰঞ্জী
  • অসমীয়া
  • গণিত
  • সমাজবিজ্ঞান
  • কম্পিউটাৰ ব্যৱহাৰৰ স্নাতকোত্তৰ ডিপ্ল'মা (PGDCA)

অন্যান্য[7]

[সম্পাদনা কৰক]
  • সামূহিক আৰু আলংকৰিক মৎস্য পালন (এবছৰীয়া)
  • হাৰ্ডৱেৰ মেইনটিনেন্স (এবছৰীয়া)
  • আণ্ডাৰষ্টেণ্ডিং ফিল্ম ষ্টাডিজ এণ্ড ডিজিটেল ফিল্ম মেকিং
  • পৰ্যটন আৰু ভ্ৰমণ ব্যৱস্থাপনা
  • বিশেষ চিপিটি (CPT)
  • টেলী চাৰ্টিফিকেট কোৰ্ছ

অন্যান্য সা-সুবিধাসমূহ

[সম্পাদনা কৰক]

পুথিভঁৰাল

[সম্পাদনা কৰক]

প্ৰতিষ্ঠাপক অধ্যক্ষ পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ নামানুসৰি বিশ্ববিদ্যালয়ৰ পুথিভঁৰালৰ নাম কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল ৰখা হৈছে। ২০১১ চনৰ তথ্য অনুসৰি ইয়াত ৩৬,১৭৪খন পাঠ্যপুথি, ১০,৪৮৬খন সহায়ক গ্ৰন্থ থকাৰ লগতে অসমীয়া, হিন্দী, আৰু ইংৰাজী ভাষাৰ ৭২খন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংবাদ পত্ৰিকা আৰ ১৬খন স্থানীয় তথা ৰাষ্ট্ৰীয় দৈনিক গ্ৰন্থাগাৰলৈ লোৱা হয়।[8]

গৱেষণাগাৰ

[সম্পাদনা কৰক]

বিজ্ঞান শাখাৰ বিভাগসমূহৰ একোটা আছুতীয়া গৱেষণাগাৰৰ লগতে কাৰ্যকৰী ইংৰাজী বিভাগৰ এক ভাষিক গৱেষণাগাৰ আছে।[8]

ইয়াৰ উপৰিও শিক্ষানুষ্ঠানখনৰ এটা ছাত্ৰাবাস, দুটা ছাত্ৰীনিবাস, এক ইনড'ৰ ষ্টেডিয়াম (ফণীধৰ দত্ত খেলঘৰ), এটা ব্যায়ামগাৰ,এটা স্বাস্থ্য কেন্দ্ৰ আৰু দুখন কেণ্টিন আছে।

বিশ্ববিদ্যালয়খনৰ বাৰ্ষিক মুখপত্ৰ হৈছে জেবিয়ান। আলোচনীখনৰ অনলাইন সংস্কৰণো উপলভ্য।[9] মূল প্ৰাচীৰ পত্ৰিকা স্পন্দনৰ উপৰিও সকলো বিভাগৰ প্ৰতিটোৰে একোখনকৈ প্ৰাচীৰ পত্ৰিকা আছে। লগতে প্ৰয়াস, তৰংগ ইত্যাদি বাৰ্ষিক হাতেলিখা আলোচনীও অন্যতম সংযোজন।

বিশ্ববিদ্যালয়ৰ গীত

[সম্পাদনা কৰক]

জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ প্ৰতীকত থকা "Light that never fails" শীৰ্ষক বিষয়বস্তুৰ আধাৰত বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ সময়ৰ পৰা 'জ্যোতিৰ শিখা এই অনিৰ্বাণ' শীৰ্ষক গীত বিশ্ববিদ্যালয়ৰ গীতৰূপে গ্ৰহণ কৰা হয়। গীতৰ গীতিকাৰ অমিয়ধৰ বৰুৱা, ৰোহিণীধৰ বৰুৱা আৰু যতীন্দ্ৰকুমাৰ বৰগোহাঞি আৰু সুৰকাৰ অমিয়ধৰ বৰুৱা।[10]

জ্যোতিৰ শিখা এই অনিৰ্বাণ
জ্ঞানৰ শিখা এই অনিৰ্বাণ
অনিৰ্বাণ পোহৰৰ মহা অভিযান॥

সত্য সুন্দৰ জ্ঞানেৰে মহান
বিনাশি অসুন্দৰ আন্ধাৰ অজ্ঞান
সোণোৱালী অতীতত জনাই প্ৰণাম
নতুন প্ৰভাৰ পথে হ'ম আগুৱান॥

কলা-কৃষ্টি জ্ঞান-বিজ্ঞান
সাধনাৰ লক্ষ্য জন কল্যাণ
প্ৰজ্বলিত হওক জুৰি চিৰকাল
জ্ঞানৰ শিখা চিৰ জ্যোতিষ্মান॥

বিশ্ববিদ্যালয়ৰ সকলোবোৰ অনুষ্ঠানৰ আৰম্ভণিতে গীতটো পৰিবেশন কৰা হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. The Jagannath Barooah University Act, 2023
  2. [http://www.naac.gov.in/sites/naac.gov.in/files/Reaccreditation.pdf List of Institutions Re-Accredited by NAAC (on March 10, 2012)] আহৰণ কৰা তাৰিখ: ২১-০৭-২০১২
  3. "Autonomy for JB College". The Telegraph. 30 October 2015. http://www.telegraphindia.com/1151030/jsp/northeast/story_50478.jsp#.VjwvWkb01QM। আহৰণ কৰা হৈছে: 6 November 2015. 
  4. Academic Calendar 2011-2012. Jagannath Barooah College
  5. জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ৱেবচাইট Archived 2014-04-14 at the Wayback Machine, আহৰণ কৰা তাৰিখ: ২১-০৭-২০১২
  6. জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ৱেবচাইট Archived 2014-05-29 at the Wayback Machine, আহৰণ কৰা তাৰিখ: ২১-০৭-২০১২
  7. "Programmes Offered". Official Website. https://www.jbcollege.org.in/courses.php। আহৰণ কৰা হৈছে: 17 April 2020. 
  8. 8.0 8.1 Jagannath Barooah College, UG & PG Prospectus (2010-2011
  9. "অনলাইন জেবিয়ান". জগন্নাথ বৰুৱা মহাবিদ্যালয়. Archived from the original on 24 January 2022. https://web.archive.org/web/20220124031406/https://jbcollege-opac.kohacloud.in/cgi-bin/koha/opac-detail.pl?biblionumber=71039। আহৰণ কৰা হৈছে: 18 April 2020. 
  10. জেবিয়ান, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বাৰ্ষিক মুখপত্ৰ, ৬৯তম সংখ্যা, ২০০৭-২০০৮ বৰ্ষ

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

আলোকচিত্ৰ ভঁৰাল

[সম্পাদনা কৰক]
বৰপাত্ৰ কুটীৰ
জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহ