সমললৈ যাওক

অসম চিকিৎসা মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Assam Medical Collegeৰ পৰা পুনঃনিৰ্দেশিত)
অসম চিকিৎসা মহাবিদ্যালয়

অসম চিকিৎসা মহাবিদ্যালয়ৰ ল'গ'
লেটিন: Assam Medical College
স্থাপিত ৩ নৱেম্বৰ,১৯৪৭
ধৰণ চিকিৎসা মহাবিদ্যালয়
অধীক্ষক ডা° প্ৰশান্ত দিহিঙ্গীয়া, এম. ডি. (মেডিচিন)
অধ্যক্ষ ডা° সঞ্জীৱ কাকতি, এম. ডি. (মেডিচিন)
স্থান ডিব্ৰুগড়, অসম,, ভাৰত
চৌহদ ডিব্ৰুগড়
পূৰ্বৰ নাম বেৰী হোৱাইট মেডিকেল স্কুল
চমু নাম এ এম চি
ভুক্তি শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়,
ভাৰতীয় চিকিৎসা পৰিষদ, ভাৰত চৰকাৰ
ৱেবছাইট www.amch.edu.in


অসম চিকিৎসা মহাবিদ্যালয় (ইংৰাজী: Assam Medical College) অসমৰ পূব প্ৰান্তত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম আৰু আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ডিব্ৰুগড় নগৰৰ "বৰবাৰী" অঞ্চলত অৱস্থিত। অসম চিকিৎসা মহাবিদ্যালয়খন আনুস্থানিকভাৱে ১৯৪৭ চনৰ ৩ নৱেম্বৰৰ দিনা উদ্বোধন কৰা হয়। ইয়াৰ আগেয়ে ই "বেৰী-হোৱাইট মেডিকেল স্কুল[1] নামেৰে জনাজাত আছিল, যিখন ১৯০০ চনত স্থাপিত হৈছিল।

অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ বহিঃবিভাগৰ সম্মুখভাগ

ছাৰ জন বেৰী হোৱাইট নামৰ এজন ব্ৰিটিছ সৈন্যবাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়াই তেওঁৰ জীৱনজোৰা উপাৰ্জনৰ ৫০ হাজাৰ টকা দান দি ১৯০০ খ্ৰীষ্টাব্দত ডিব্ৰুগড়ত "বেৰী হোৱাইট মেডিকেল স্কুল" স্থাপন কৰে। এই মেডিকেল স্কুলখনলৈ শ্বিলং স্থিত অসম মেডিকেল কাউঞ্চিলেও বিত্তীয় সাহায্য আগবঢ়ায়। নাম ভৰ্তিৰ ন্যূনতম শিক্ষাগত অৰ্হতা আছিল মেট্ৰিক উত্তীৰ্ণ। পাঠ্যক্ৰম আছিল চাৰিবছৰীয়া। ইয়াৰ পৰা উত্তীৰ্ণ হোৱা চিকিৎসক সকলক এল.এম.পি (Licentiate Medical practitioner) বোলা হৈছিল। "বেৰী হোৱাইট মেডিকেল স্কুল"ত শেষৰটো ছাত্ৰদল ভৰ্ত্তি হৈছিল ১৯৪৬ চনত আৰু এই দলৰ পাঠ্যক্ৰম শেষ হৈছিল ১৯৫০ চনত।[2]

১৯৩৮ চনত সেই সময়ৰ অবিভক্ত অসমৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত চিকিৎসক সকলৰ দ্বাৰা আয়োজিত আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন সভাত বেৰী হোৱাইট মেডিকেল স্কুলক এখন পূৰ্ণাংগ চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত লোৱা হয়।[3] এনেদৰে ১৯৪৭ চনৰ ৩ নৱেম্বৰত "বেৰী হোৱাইট মেডিকেল স্কুল"ক উন্নীত কৰি "অসম চিকিৎসা মহাবিদ্যালয়" নামেৰে উদ্বোধন কৰা হয়। ১৯৫২ চনত ১২ জন ছাত্ৰই প্ৰথম স্নাতক ডিগ্ৰী লাভ কৰে। সেইবছৰতে ই "ভাৰতীয় চিকিৎসা পৰিষদ"ৰ পৰা স্বীকৃতিপ্ৰাপ্ত হয়। ১৯৬০ চনত অসম চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হয়। আৰম্ভণিতে অসমত বেছি অভিজ্ঞ চিকিৎসক নাছিল বাবে জ্যেষ্ঠ অধ্যাপকৰ পদসমূহ পূৰণৰ অৰ্থে ভাৰতৰ বিভিন্ন ঠাইৰপৰা খ্যাতনামা চিকিৎসক অনা হৈছিল। তেখেতেসকলৰ ভিতৰত আছিল অধ্যাপক জি ডি কাপুৰ, অধ্যাপক পি এন টানেজা, অধ্যাপক এন গুপ্তা, অধ্যাপক বি এইচ্চ্ পি পাই, অধ্যাপক কে এচ গ্ৰেৱাল, অধ্যাপক পি চি নাম্বিয়াৰ, অধ্যাপক আৰ জি কৃষ্ণন, অধ্যাপক এ ই সুন্দৰসন আদি।[4]

ডা: হেমচন্দ্ৰ বৰুৱা আছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথমজন অধ্যক্ষ।

বিভিন্ন পাঠ্যক্ৰম

[সম্পাদনা কৰক]
পাঠ্যক্ৰমসময়আসন
এম বি বি এচ৫ বছৰ২০০
স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্ৰম১০৯
স্নাতকোত্তৰ ডিপ্ল'মাৰ পাঠ্যক্ৰম৩২
ফাৰ্মাচি ডিপ্ল'মাৰ পাঠ্যক্ৰম১০০
লেব'ৰেটৰী টেকনিচিয়ানৰ পাঠ্যক্ৰম
ৰেডিঅ'গ্ৰাফাৰ পাঠ্যক্ৰম
ই চি জি টেকনিচিয়ানৰ পাঠ্যক্ৰম[5]

বিভিন্ন বিভাগ

[সম্পাদনা কৰক]

অসম চিকিৎসা মহাবিদ্যালয়ত মুঠ ২৫টা বিভাগ আছে। সেইকেইটা হৈছে[6]:

  • অস্থিৰোগ বিভাগ
  • ই এন টি বিভাগ
  • এনাস্থেচিয়’ল’জি বিভাগ
  • কমিউনিটি মেডিচিন বিভাগ
  • চকু-চিকিৎসা বিভাগ
  • চৰ্মৰোগ বিভাগ
  • জৈৱ-ৰসায়ন বিভাগ
  • যক্ষ্মাৰোগ বিভাগ
  • দন্ত-চিকিৎসা বিভাগ
  • পেৰামেডিকেল বিভাগ
  • প্লাষ্টিক চাৰ্জাৰি বিভাগ
  • ফাৰ্মাক’লজি বিভাগ
  • ফিজিঅ’লজি বিভাগ
  • ফৰেনচিক মেডিচিন বিভাগ
  • অনুজীৱ বিজ্ঞান বিভাগ
  • মানসিক ৰোগ বিভাগ
  • মেডিচিন বিভাগ
  • ৰেডিঅ’ডায়েগন’চিচ বিভাগ
  • ৰোগতত্ত্ব বিভাগ
  • শিশু-চিকিৎসা বিভাগ
  • অস্ত্ৰোপচাৰ বিভাগ
  • শৰীৰতত্ত্ব বিভাগ
  • স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগ
  • স্নায়ুৰোগ বিভাগ
  • হৃদৰোগ বিভাগ

অধ্যক্ষৰ তালিকা

[সম্পাদনা কৰক]

১৯৪৭ চনৰপৰা কাৰ্য্যভাৰ গ্ৰহণ কৰা অধ্যক্ষকেইগৰাকীৰ নাম হৈছে[7]:

ক্ৰমিক নংঅধ্যক্ষকাৰ্য্যকাল
স্বৰ্গীয় ডা° এইচ. চি. বৰুৱা০১-১১-১৯৪৭ পৰা ১৪-১০-১৯৪৮ (প্ৰথম কাৰ্য্যকাল)
১০-০৬-১৯৫৩ ’ৰ পৰা ৩০-১১-১৯৫৫ (দ্বিতীয় কাৰ্য্যকাল)
স্বৰ্গীয় ডা° জি. ডি. কাপুৰ০৫-০৪-১৯৪৯ ’ৰ পৰা ০২-০৯-১৯৫২
স্বৰ্গীয় ডা° আৰ. লাভ্যা০২-০৯-১৯৫২ ’ৰ পৰা ০১-০৬-১৯৫৩
স্বৰ্গীয় ডা° স্বৰ্গীয় ডা° বি. এন. বেনাৰ্জী১৯--০৩-১৯৫৬ ’ৰ পৰা ১৫-০৮-১৯৫৯
স্বৰ্গীয় ডা° এচ এন শৰ্মা১৫-০৮-১৯৫৯ ’ৰ পৰা ৩১-০৫-১৯৬১
স্বৰ্গীয় ডা° পি এন বৰুৱা৩১-০৫-১৯৬১ ’ৰ পৰা ১৫-১২-১৯৬২
স্বৰ্গীয় ডা° এম এন ভট্টাচাৰ্য্য১৬-১২-১৯৬২ ’ৰ পৰা ৩১-১২-১৯৭৫
স্বৰ্গীয় ডা° নেকিবুজ জামান০১-০১-১৯৭৬ ’ৰ পৰা ১৯-০৪-১৯৮৫
ডা° বি. এম. গোস্বামী০১-০৫-১৯৮৫ ’ৰ পৰা ২৯-০৬-১৯৮৫
১০ডা° এম. এ. চৌধুৰী২৯-০৬-১৯৮৫ ’ৰ পৰা ৩১-০৩-১৯৮৮
১১স্বৰ্গীয় ডা° এইচ. পি. বৰুৱা২৮-১০-১৯৮৮ ’ৰ পৰা ১৫-৬-১৯৯০ (প্ৰথম কাৰ্য্যকাল)
১০-২-১৯৯২ ’ৰ পৰা ২৪-১১-১৯৯৪ (দ্বিতীয় কাৰ্য্যকাল)
১২ডা° দিপালী বৰুৱা১৯৯০ ’ৰ পৰা ১৯৯২
১৩স্বৰ্গীয় ডা° ভদ্ৰেশ্বৰ দাস২৪-১১-১৯৯৪ ’ৰ পৰা ২৮-০২-১৯৯৭
১৪স্বৰ্গীয় ডা° জি. চি. বৰুৱা০১-০৩-১৯৯৭ ’ৰ পৰা ২৯-০২-২০০৫
১৫ডা° নন্দিতা চৌধুৰী১৮-৩-২০০২ ’ৰ পৰা ৩০-০৯-২০০৪
১৬ডা° তফিকুৰ ৰহমান বৰবৰা০১-১০-২০০৪ ’ৰ পৰা ২২-০৭-২০০৫ (প্ৰথম কাৰ্য্যকাল)
২৫-০৫-২০০৭ ’ৰ পৰা ২০১১ (দ্বিতীয় কাৰ্য্যকাল)
১৭ডা° দেৱজিত হাজৰিকা২৪-০৭-২০০৫ ’ৰ পৰা ২৪-০৫-২০০৭
১৮ডা° প্ৰণৱ বৰুৱা০৩-১১-২০১০ ’ৰ পৰা মাৰ্চ ২০১২
১৯ডা° অতীন্দ্ৰ কুমাৰ অধিকাৰীমাৰ্চ ২০১২ ’ৰ পৰা ২০১৬
২০ডা° ৰতন কুমাৰ কটকী২০১৬ৰ পৰা ২০১৭
২১ডা° হিৰণ্য কুমাৰ গোস্বামী২০১৭ ৰ পৰা ২০২০ লৈকে
২০ডা° সঞ্জীৱ কাকতি২০২০ ৰপৰা বৰ্তমানলৈকে [8]:

চিত্ৰ-বীথিকা

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "অসম চিকিৎসা মহাবিদ্যালয়ৰ ইতিহাস". Archived from the original on 2018-05-31. https://web.archive.org/web/20180531041307/http://www.assammedicalcollege.in/web/history.php আহৰণ কৰা হৈছে: 2011-12-05.
  2. ডাঃ বিজুলী গোস্বামী (৭ চেপ্তেম্বৰ ২০১২). "মহিলা চিকিত্সকৰ ইতিহাস". সাদিন.
  3. "বেৰী হোৱাইট স্কুল অফ মেডিচিন". Archived from the original on 2018-05-31. https://web.archive.org/web/20180531041307/http://www.assammedicalcollege.in/web/history.php আহৰণ কৰা হৈছে: 2011-12-05.
  4. "NIC Dibrugarh". Archived from the original on 2016-03-04. https://web.archive.org/web/20160304033452/http://dibrugarh.nic.in/amc.htm আহৰণ কৰা হৈছে: 2011-12-12.
  5. "বিদ্যায়তনিক পাঠ্যক্ৰম". Assam Medical College. Archived from the original on November 29, 2012. https://web.archive.org/web/20121129224439/http://assammedicalcollege.in/web/aca_course.php আহৰণ কৰা হৈছে: September 09, 2012.
  6. "অসম চিকিৎসা মহাবিদ্যালয়ৰ বিভাগসমূহ". Assam Medical College. Archived from the original on December 20, 2012. https://web.archive.org/web/20121220031353/http://assammedicalcollege.in/web/dept.php আহৰণ কৰা হৈছে: September 10, 2012.
  7. "অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষসকল". Assam Medical College.. Archived from the original on June 19, 2012. https://web.archive.org/web/20120619002347/http://assammedicalcollege.in/web/p_princi.php আহৰণ কৰা হৈছে: September 09, 2012.
  8. "অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ২০২০". https://www.insidene.com/assam-dr-sanjeeb-kakati-appointed-as-principal-cum-chief-superintendent-of-amch/.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]