ওড়িয়া ভাষা
ওড়িয়া | |
---|---|
Odia | |
ଓଡ଼ିଆ (ওড়িআ) oṛiā | |
উচ্চাৰণ | [oːɖiaː] |
থলুৱা অঞ্চল | ভাৰত |
অঞ্চল | ওড়িশা, ঝাৰখণ্ড, পশ্চিম বংগ, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অসম, বিহাৰ। লগতে চুৰাট, বেংগালুৰু, নতুন দিল্লী, মুম্বাই, পুণে, হায়দৰাবাদ আৰু চেন্নাই। |
জাতীয়তা | ওড়িয়া |
স্থানীয় ভাষিক |
[1] |
ভাষা পৰিয়াল |
ভাৰত-ইউৰোপীয়
|
লিখন প্ৰণালী | ওড়িয়া (ব্ৰাহ্মীয়) ওড়িয়া ব্ৰেইলী |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
ওড়িশা, ঝাৰখণ্ড |
ভাষা সংকেত | |
ISO 639-1 | or |
ISO 639-2 | ori |
ISO 639-3 | ori – inclusive codeIndividual codes: ory – Oriya spv – Sambalpuri bgw – Bhatri ort – Adivasi Oriya dso – Desiya |
ওড়িয়া বা উৰিয়া (ଓଡ଼ିଆ oṛiā) ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো-আৰ্য শাখাৰ এটি ভাষা। অসমীয়া আৰু বাংলা ভাষাৰ লগত এই ভাষাটোৰ যথেষ্ট মিল আছে। এই ভাষাটো প্ৰায় ৩ কোটি ১০ লাখ (১৯৯৬ চনৰ হিচাব অনুযায়ী) লোকৰ মাতৃভাষা, যাৰ ভিতৰত অধিকাংশই ওড়িশা ৰাজ্যৰ অধিবাসী। ইয়াৰ উপৰিও পশ্চিমবঙ্গ আৰু ঝাড়খণ্ড ৰাজ্যতো ওড়িয়া ভাষা প্ৰচলিত। ওড়িয়া ভাৰতৰ ২২টা স্বীকৃতিপ্ৰাপ্ত ভাষাৰ মাজত এটা; ই ওড়িশাৰ চৰকাৰী ভাষা আৰু ঝাৰখণ্ডৰ দ্বিতীয় চৰকাৰী ভাষা।[2][3][4]
ইতিহাস
[সম্পাদনা কৰক]- প্ৰাচীন ওড়িয়া (১০ম শতাব্দী-১৩০০),
- প্ৰাৰম্ভিক মধ্য ওড়িয়া (১৩০০-১৫০০),
- মধ্য ওড়িয়া (১৫০০-১৭০০),
- নতুন মধ্য ওড়িয়া (১৭০০-১৮৫০), আৰু
- আধুনিক ওড়িয়া (১৮৫০-বৰ্তমান)।
উপভাষা
[সম্পাদনা কৰক]ওড়িয়া ভাষাৰ মূল উপভাষাবিলাক হ'ল:
- মুঘলবন্দী; ইয়াক মান্য ওড়িয়া-ও বোলা হয়।
- দক্ষিণীয় ওড়িয়া
- উত্তৰ-পশ্চিমীয় ওড়িয়া
- পশ্চিমীয় ওড়িয়া
- বালেশ্বৰী ওড়িয়া
- মেদিনীপুৰী ওড়িয়া
- হালবি
- সিংহভূমীয় ওড়িয়া
- গঞ্জামী ওড়িয়া
- কালাহাণ্ডী ভাষা
- দেশিয়া ওড়িয়া
- সম্বলপুৰী
- ভাত্ৰী
ওড়িয়া বৰ্ণ আৰু সংখ্যা
[সম্পাদনা কৰক]ଅ ଆ ଇ ଈ
অ আ ই ঈ
ଉ ଊ ଋ ୠ
উ ঊ ঋ ৠ
ଏ ଐ ଓ ଔ
এ ঐ ও ঔ
ଌ ୡ
৳ ৸
କ ଖ ଗ ଘ ଙ
ক খ গ ঘ ঙ
ଚ ଛ ଜ ଝ ଞ
চ ছ জ ঝ ঞ
ଟ ଠ ଡ ଢ ଣ
ট ঠ ড ঢ ণ
ତ ଥ ଦ ଧ ନ
ত থ দ ধ ন
ପ ଫ ବ ଵ ଭ ମ
প ফ ব ব ভ ম
ଯ ର ଳ ୱ
য ৰ ল ৱ
ଶ ଷ ସ ହ ୟ ଲ
শ ষ স হ ক্ষ ল
କା କି କୀ କୁ କୂ କୃ
কা কি কী কু কূ কূ
କେ କୈ କୋ କୌ
কে কৈ কো কৌ
କଁ କଂ କଃ କ୍
কঁ কং কঃ ক্
୦ ୧ ୨ ୩ ୪ ୫ ୬ ୭ ୮ ୯
০ ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯
ধ্বনি-সংশ্ৰয়
[সম্পাদনা কৰক]উড়িয়াত ২৮টা ব্যঞ্জনধ্বনি আৰু ৬টা স্বৰধ্বনি আছে।
সম্মুখ | পশ্চাৎ | |
---|---|---|
উচ্চ | i | u |
মধ্য | e | o |
নিম্ন | a | ɔ |
ওষ্ঠ্য | দন্ত্য | দন্তমূলীয় | মূৰ্ধন্য | তালব্য | কণ্ঠ্য | কণ্ঠনালীয় | |
---|---|---|---|---|---|---|---|
অঘোষ স্পৰ্শধ্বনি | p pʰ |
t̪ t̪ʰ |
ʈ ʈʰ |
ʧ ʧʰ |
k kʰ |
||
ঘোষ স্পৰ্শধ্বনি | b bʰ |
d̪ d̪ʰ |
ɖ ɖʰ |
ʤ ʤʰ |
ɡ ɡʰ |
||
অঘোষ উষ্মধ্বনি | s | h | |||||
নাসিক্যধ্বনি | m | n | ɳ | ||||
তৰল | l, r | ɭ |
শ্বাসাঘাত
[সম্পাদনা কৰক]উড়িয়াত সাধাৰণতে শব্দৰ শেষ আখৰৰ আগৰ আখৰত শ্বাসাঘাত পৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Nationalencyklopedin "Världens 100 största språk 2007" The World's 100 Largest Languages in 2007
- ↑ "Oriya gets its due in neighbouring state- Odisha- IBNLive". Ibnlive.in.com. 2011-09-04. Archived from the original on 2012-08-15. https://web.archive.org/web/20120815161939/http://ibnlive.in.com/news/oriya-gets-its-due-in-neighbouring-state/181258-60-117.html। আহৰণ কৰা হৈছে: 2012-11-29.
- ↑ Naresh Chandra Pattanayak Sep 1, 2011, 08.04am IST (2011-09-01). "Oriya second language in Jharkhand - Times Of India". Articles.timesofindia.indiatimes.com. Archived from the original on 2011-11-07. https://web.archive.org/web/20111107021623/http://articles.timesofindia.indiatimes.com/2011-09-01/bhubaneswar/29953104_1_oriya-jharkhand-assembly-jharkhand-cabinet। আহৰণ কৰা হৈছে: 2012-11-29.
- ↑ "Bengali, Oriya among 12 dialects as 2nd language in Jharkhand". daily.bhaskar.com. 2011-08-31. http://daily.bhaskar.com/article/BIH-bengali-Oriya-among-12-dialects-as-2nd-language-in-jharkhand-2392920.html। আহৰণ কৰা হৈছে: 2012-11-29.
|
|