ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Valley of Flowers National Parkৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান
নন্দা দেৱী আৰু ভেলী অফ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
View of the Valley of Flowers
দেশ ভাৰত
ধৰণ প্ৰাকৃতিক
মাপকাঠি vii, x
উদ্ধৃতি ৩৩৫
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এচিয়া-পেচিফিক
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮৮ (১২তম অধিবেশন)
বিস্তাৰসমূহ ২০০৫
ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান is located in Uttarakhand
{{{alt}}}
India Uttarakhandত ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি

ভেলী অফ ফ্লাৱাৰ্ছ (ইংৰাজী: Valley of Flowers National Park) সুউচ্চ পশ্চিম হিমালয়ত অৱস্থিত এক ভাৰতীয় ৰাষ্ট্ৰীয় উদ্যান। ইয়াক স্থানীয় পৰ্বতীয়া ফুলেৰে ভৰা বিস্তীৰ্ণ ঘাঁহনি আৰু তাত পোৱা বিভিন্ন উদ্ভিদৰ বাবে জনা যায়। এই উদ্যান উত্তৰাখণ্ডত অৱস্থিত। এই জৈৱবৈচিত্ৰৰে সমৃদ্ধ অঞ্চলটো ভালেকেইবিধ বিৰল তথা লুপ্তপ্ৰায় বন্যপ্ৰাণী যেনে এছিয়ান ক'লা ভালুক, হিম চিতা, মুগা ভালুক, নীলগাই (Blue Sheep) আদিৰো বাসস্থান। ভেলী অফ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যানৰ নয়নাভিৰাম প্ৰাকৃতিক দৃশ্যই পূবৰ নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া পাৰ্বত্য আৱৰণক পৰিপূৰ্ণ কৰি তোলে। দুয়ো মিলি জংস্কাৰ আৰু হিমালয়ৰ মাজৰ অনন্য পথছোৱা আগুৰি থাকে। উদ্যানখন ৮৭.৫০ বৰ্গ কিঃমিঃ জুৰি বিস্তৃত। এই দুয়োখন উদ্যানকে নন্দা দেৱী বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চলে (২২৩,৬৭৪ হেক্টৰ) আৱৰি আছে। এক সুৰক্ষিত অঞ্চলে (৫,১৪৮.৫৭ হেক্টৰ) ইয়াক ঘেৰি ৰাখিছে। এই সংৰক্ষিত বনাঞ্চল ২০০৪ চনৰ পৰা ইউনেস্ক'ৰ বিশ্ব বন্যপ্ৰাণী সংৰক্ষিত অঞ্চলৰ নেটৱৰ্ক হিচাপে অন্তৰ্ভুক্ত হৈ আছে।

দ্য ভেলী অফ ফ্লাৱাৰ্ছ অৰ্থাৎ পুষ্প উপত্যকা হৈছে হিমালয়ৰ উচ্চতাত থকা এক উপত্যকা যাক খ্যাতনামা পৰ্বতাৰোহী আৰু উদ্ভিদবিদসকলে এটা শতিকাজুৰি বিভিন্ন লেখনিত উল্লেখ কৰি আহিছে। হিন্দু ধৰ্মত ইয়াৰ উল্লেখ বহুদিনীয়া। পুষ্প উপত্যকাত সময়ৰ সৈতে ৰঙ সলোৱা অনেক প্ৰকাৰৰ ৰঙীন ফুল পোৱা যায়। ১৯৮২ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় আৰু বৰ্তমান ই এক বিশ্ব ঐতিহ্যবাহী স্থান। স্থানীয় লোক বিশ্বাস কৰে যে এই ঠাই অপেশ্বৰীসকলৰ বাসস্থান। উপত্যকাটো অনেক আপুৰুগীয়া ফুল যেনে ব্ৰহ্মকমল, নীলা পপী, ক'ব্ৰা লিলি আদিৰ নিবাস।

পুষ্প উপত্যকাটো পশ্চিম হিমালয়ান পাৰ্বত্য জোপোহা আৰু ঘাঁহনি অঞ্চলক প্ৰতিনিধিত্ব কৰা ইয়াৰ পাৰ্বত্য উদ্ভিদ বৈচিত্ৰ্যৰ বাবে আন্তৰ্জাতিকভাৱে গুৰুত্বপূৰ্ণ। ইয়াৰ সমৃদ্ধিশালী জৈৱ-বৈচিত্ৰ্যই ক্ৰমে উত্তৰ আৰু দক্ষিণজুৰি বিস্তৃত জংস্কাৰ আৰু হিমালয় তথা পূব হিমালয় আৰু পশ্চিম হিমালয়ৰ মাজৰ যোগাযোগৰ কথাকে প্ৰতিফলিত কৰে। কিছুসংখ্যক উদ্ভিদ সমগ্ৰ বিশ্বতে বিপন্ন আৰু বহুকেইবিধ উত্তৰাখণ্ডৰ বাদে আৰু ক'তো পোৱা নাযায়। অন্য হিমালয়ান সুৰক্ষিত অঞ্চলতকৈ ইয়াত বিপন্ন ঔষধি উদ্ভিদৰ অৱস্থিতি অধিক পোৱা গৈছে। সমগ্ৰ নন্দা দেৱী জীৱমণ্ডল সংৰক্ষিত অঞ্চলটো পশ্চিম হিমালয় স্থানীয় পক্ষী অঞ্চলত অৱস্থিত। ভেলী অফ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যানখন উক্ত মণ্ডলটোৰ দ্বিতীয়খন মুখ্য ক্ষেত্ৰ। সাতবিধ সীমিত অঞ্চলত পোৱা চৰাইৰ প্ৰজাতি ইয়াৰ স্থানীয় নিবাসী। উদ্যানখনৰ উচ্চতম ঠাই হৈছ গৌৰী পৰ্বত। সাগৰপৃষ্ঠৰ পৰা এই ঠাইৰ উচ্চতা ৬,৭১৯ মিটাৰ।

পুষ্প উপত্যকাৰ এক নান্দনিক দৃশ্য

ইতিহাস আৰু কিংবদন্তি[সম্পাদনা কৰক]

মাৰ্গাৰেট লেগৰ সোঁৱৰণি সমাধি

দুৰ্গম হোৱা হেতুকে এই ঠাইখন পৰ্যটন মানচিত্ৰত নাছিল। কিন্তু ১৯৩১ চনত ইংৰাজ পৰ্বতাৰোহী ফ্ৰেংক এছ. স্মিথ, এৰিক শ্বিপটন আৰু আৰ.এল. হ'ল্ডছৱৰ্থে কামেট শৃংগ সফলতাৰে আৰোহণ কৰি উলটি আহোঁতে পথ হেৰুৱায় আৰু ফুলেৰে ভৰা এই উপত্যকা পায়হি। তেওঁলোক অঞ্চলটোৰ সৌন্দৰ্যত মুগ্ধ হয় আৰু ইয়াৰ নাম ভেলী অফ ফ্লাৱাৰ্ছ (পুষ্প উপত্যকা) ৰাখে। পিছত ফ্ৰেংক এছ. স্মিথে একে নামৰ এখন গ্ৰন্থও ৰচনা কৰে।[1]

১৯৩৯ চনত ৰয়েল ব'টানিকেল গাৰ্ডেনছ এডিনবাৰ্গৰ ফালৰ পৰা মাৰ্গাৰেট লেগ এই সম্পৰ্কে অধিক অধ্যয়ণৰ বাবে আহে। শিলনিৰ ওপৰেদি ফুলৰ নমুনা গোটাই ফুৰোঁতে দূৰ্ঘটনাবশতঃ তেওঁ পিচলি পৰি নিৰুদ্দেশ হয়। পিছত তেওঁৰ ভগ্নী সেই ঠাইলৈ আহি তেওঁৰ স্মৃতিচিহ্ন এটা সজোৱাই দিয়ে।

১৯৮২ চনৰ ৬ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পুষ্প উপত্যকা এক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হয়।[2]

ভাৰতীয় বন্যজীৱ প্ৰতিষ্ঠানৰ ফালৰ পৰা অধ্যাপক চন্দ্ৰ প্ৰকাশ কালাই ১৯৯৩ চনৰ পৰা এটা দশক জুৰি উপত্যকাটোৰ উদ্ভিদ আৰু ইয়াৰ সংৰক্ষণৰ ওপৰত এক গৱেষণামূলক অধ্যয়ণ চলায়। তেওঁ কেৱলমাত্ৰ এই উদ্যানখনত পোৱা ৫২০ বিধ পৰ্বতীয়া উদ্ভিদৰ এক সম্ভাৰ তৈয়াৰ কৰাৰ লগতে দ্য ভেলী অফ ফ্লাৱাৰ্ছ - মিথ এণ্ড ৰিয়েলিটি আৰু ইক'লজী এণ্ড কনজাৰভেচন অফ দ্য ভেলী অফ ফ্লাৱাৰ্ছ নেচনেল পাৰ্ক, গড়ৱাল হিমালয়া নামৰ দুখন গ্ৰন্থও ৰচনা কৰে।

সময়পঞ্জী[সম্পাদনা কৰক]

১৮৬২: কৰ্ণেল এডমাণ্ড স্মিথে পুষ্পৱতী উপত্যকা আৱিষ্কাৰ কৰে।

১৯৩১: পৰ্বতাৰোহী ফ্ৰেংক এছ. স্মিথে এই ঠাই ভ্ৰমণ কৰে আৰু ইয়াৰ কথা ব্যক্ত কৰি এখন কিতাপ লিখে।

১৯৩৬: নন্দা দেৱী আৰোহণ কৰা পৰ্বতাৰোহী ই. শ্বিপটন আৰু এন. অডেল উজনি নন্দা দেৱী অৱবাহিকা পায়গৈ আৰু ইয়াৰ বিৱৰণ দাঙি ধৰে।

১৯৩৯: চৰকাৰী আদেশ 1493/XIV - 28 of 7/01 অনুসৰি এই অৱবাহিকাক নন্দা দেৱী ক্ৰীড়া সংৰক্ষিত অঞ্চল (Nanda Devi Game Sancttary) হিচাপে প্ৰতিষ্ঠা কৰা হয়।

১৯৬২: সীমা বিবাদৰ ফলত এই অঞ্চলত স্থানীয় অৰ্থনীতিৰ পৰিৱৰ্তন ঘটি ব্যৱসায়-বাণিজ্য বন্ধ হৈ পৰে।

১৯৭৪-৮২: সংৰক্ষিত অঞ্চলটো পৰ্বতাৰোহীসকলৰ বাবে মুকলি কৰা হয় কিন্তু নিশ্চিত অৱনমনৰ ফলস্বৰূপে ই সকলোৰে বাবে বন্ধ হৈ যাবলৈ আগবাঢ়ে।

১৯৮০: উদ্যানখন জাননী ৩৯১২/XIV ৩-৩৫-৮০ যোগে সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হয় আৰু পশু চাৰণ তথা পৰ্বতাৰোহণ স্থগিত কৰা হয়।

১৯৮০: চৰকাৰী আদেশ ৪২৭৮/XIV-৩-৬৬-৮০ যোগে বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ অনুসৰি ইয়াৰ উদ্ভিদসমূহৰ সংৰক্ষণৰ বাবে পুষ্প উপত্যকাক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হয়।

১৯৮২: উদ্যানখন নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান হিচাপে নতুনকৈ নামকৰণ কৰা হয়।

১৯৮৮: এই ৰাষ্ট্ৰীয় উদ্যানক (৬২,৪৬২ হেক্টৰ) অভ্যন্তৰত লৈ নন্দা দেৱী ২২৩,৬৭৪ হেক্টৰজুৰি জীৱমণ্ডল সংৰক্ষিত অঞ্চল (Nanda Devi Biosphere Reserve) আৰু দুয়োকাষ আগুৰি এক সুৰক্ষিত অঞ্চল (৫১৪,৮৫৭ হেক্টৰ) স্থাপন কৰা হয়। চুবুৰীয়া গাওঁবাসীৰ ওপৰত কিছু পৰিমাণে বাধা-নিষেধ আৰোপ কৰা হয়।

২০০০: এই জীৱমণ্ডল সংৰক্ষিত অঞ্চল বৰ্ধিত কৰি ইয়াত ভেলী অফ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যানকো অন্তৰ্ভুক্ত কৰা হয়।

পৰিচালনা[সম্পাদনা কৰক]

উদ্যানখন ভাৰতীয় পৰিৱেশ আৰু বন মন্ত্ৰণালয় আৰু উত্তৰাখণ্ড ৰাজ্যিক বন বিভাগে পৰিচালনা কৰে। ১৯৮৩ চনৰ পৰাই এই অঞ্চলত বসবাস কৰা আৰু পশু চাৰণ নিষেধ কৰা হৈছে। পূৰ্বতে যেতিয়া পশু চাৰণ নিষিদ্ধ নাছিল তেতিয়া এই কথা লক্ষ্য কৰা হয় যে ইয়াৰ ফলত অঞ্চলটোলৈ কিছুমান অপতৃণৰ আগমন ঘটে। বছৰটোৰ আন সময়ত প্ৰচণ্ড তুষাৰপাত হোৱা হেতুকে উদ্যানখন কেৱল গ্ৰীষ্মকালি জুনৰ পৰা অক্টোবৰ মাহলৈকেহে খোলা থাকে।[3]

This flower is found in the second half of July in middle part of valley of flowers.


অৱস্থান[সম্পাদনা কৰক]

ৰাজ্য: উত্তৰাখণ্ড, ভাৰত

জিলা: চামলী

নিকটৱৰ্তী চহৰ: যোশীমঠ

অৱস্থান: ভেলী অফ ফ্লাৱাৰ্ছ গড়ৱাল অঞ্চলৰ যোশীমঠৰ ওচৰৰ ভুণ্ডৰ গঙ্গাৰ উজনিত অৱস্থিত। ই নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যানৰ ২০ কিঃমিঃ উত্তৰ-পশ্চিমত ভুণ্ডৰ গঙ্গাৰ বিস্তীৰ্ণ উপত্যকা জুৰি আছে। ই ভুণ্ডৰ উপত্যকাৰ মূৰৰ ফালে দুই ওলোমা উপত্যকাৰ অন্যতম। আনটো উপত্যকা হৈছে হেমকুণ্ড।

জলবায়ু[সম্পাদনা কৰক]

আভ্যন্তৰীণ হিমালয়ৰ উপত্যকা হিচাপে নন্দা দেৱী অৱবাহিকাৰ জলবায়ু পৃথকধৰণৰ। সাধাৰণতে জলবায়ু শুষ্ক হয়, কিন্তু জুন মাহৰ শেষভাগৰ পৰা ছেপ্টেম্বৰৰ আৰম্ভণিলৈকে মৌচুমীৰ প্ৰভাৱত অত্যন্ত বৰষুণ হয়। মৌচুমীৰ সময়ত কুঁৱলী আৰু নিম্ন উচ্চতাৰ ডাৱৰে মাটি সেমেকা কৰি ৰাখে আৰু সেয়ে আন শুষ্কতৰ আভ্যন্তৰীণ হিমালয়ৰ উপত্যকাসমূহতকৈ ইয়াৰ উদ্ভিদসমূহ জীপাল হৈ থাকে। এপ্ৰিলৰ মাজভাগৰ পৰা জুনলৈকে উষ্ণতা মধ্যমীয়া বা শীতল হয় (সৰ্বোচ্চ ১৯° চেলচিয়াছ)। দক্ষিণে থকা হিমালয় পৰ্বতলানিয়ে উপত্যকাটো দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ পূৰ্ণ প্ৰভাৱৰ পৰা বচাই ৰাখে। গ্ৰীষ্মকালীন মৌচুমীৰ শেষৰ ফালে ইয়াত প্ৰায়ে ঘন কুঁৱলী আৰু বৰষুণ পৰা দেখা যায়। অৱবাহিকা আৰু উপত্যকা দুয়োটাই অক্টোবৰৰ শেষভাগৰ পৰা মাৰ্চৰ শেষলৈকে ৬-৭ মাহ তুষাৰাবৃত হৈ থাকে। উপত্যকাটোৰ উত্তৰ অংশতকৈ দক্ষিণ অংশত হিমপাতৰ প্ৰকোপ বেছি দেখা যায়।[4]

পথ[সম্পাদনা কৰক]

দ্য ভেলী অফ ফ্লাৱাৰ্ছ আৰু কেঁচা পথছোৱা

উদ্যানখনলৈ যাবলৈ হ'লে ১৭ কিঃমিঃ কেঁচা ৰাস্তাৰে বাট বুলিব লাগে। নিকটৱৰ্তী প্ৰধান চহৰ হৈছে গড়ৱালৰ যোশীমঠ যাৰ পৰা হৰিদ্বাৰ আৰু ডেৰাডুনলৈ ২৭০ কিঃমিঃ জোৰা সুবিধাজনক পথ আছে। দিল্লীৰ পৰা ৰেলেৰে হৰিদ্বাৰলৈ আহি বাছেৰে হৃষীকেশেদি গোবিন্দঘাটলৈ যাব পাৰি। আন এক গুৰুত্বপূৰ্ণ স্থান বদ্ৰীনাথৰ পৰা গোবিন্দঘাটলৈ ১৬ কিঃমিঃ। দিল্লীৰ পৰা গোবিন্দঘাটলৈ গাড়ীৰেও যাব পাৰি (৫০০ কিঃমিঃ)।

গোবিন্দঘাট যোশীমঠৰ ওচৰৰ এখন সৰু ঠাই য'ৰপৰা কেঁচা পথছোৱা আৰম্ভ হয়। এই ঠাইৰপৰা পথছোৱা ১৪ কিঃমিঃ গৈ উপত্যকাটোৰ পৰা ২ কিঃমিঃ আঁতৰৰ ঘাঙ্গৰিয়াত লাগেগৈ। হেমকুণ্ডত অৱস্থিত শিখ মন্দিৰলৈ যোৱাৰ পথো এইটোৱেই। পুষ্পৱতী নদীৰ কাষৰ শিলনি এখনৰ পৰাই উপত্যকাটো আৰম্ভ হয়।

বনানি[সম্পাদনা কৰক]

উপত্যকাটো তিনিটা প্ৰধান বনানি মণ্ডলত (vegetation zone) বিভক্ত - ৩,২০০মিঃৰ পৰা ৩,৫০০মিঃ উচ্চতাৰ ভিতৰত উপ-পাৰ্বত্য (sub-alpine), ৩,৫০০মিঃৰ পৰা ৩,৭০০মিঃৰ ভিতৰত নিম্ন পাৰ্বত্য (lower alpine) আৰু ৩,৭০০মিঃতকৈ অধিক উচ্চতাৰ বৃক্ষসমূহ উচ্চ পাৰ্বত্য মণ্ডলৰ অন্তৰ্ভুক্ত। উপত্যকাটোৰ নিম্নাংশ, নদীৰ পাৰ, সৰু অৰণ্য, ঘাঁহনি, ক্ষয়িষ্ণু জুটুলা জোপোহাৰ গৰা, মালভূমি, পিটনি, শৈল মৰুভূমি আৰু গুহাসমূহ উপত্যকাটোৰ অন্তৰ্গত। সুৰক্ষিত এলেকাটোৰ নিম্ন পাহাৰীয়া অঞ্চলটো ঘন অৰণ্যৰে ভৰা। ১৯৯২ চনত অৰণ্য গৱেষণা প্ৰতিষ্ঠানে উপত্যকাটোত ৬০০ বিধ angiosperm আৰু ৩০ বিধ pteridophyte পাইছিল আৰু ইয়াৰ ৫৮ বিধ নতুনকৈ আৱিষ্কৃত হোৱাৰ লগতে ৪ বিধ উত্তৰ প্ৰদেশৰ হিমালয় অঞ্চলৰ ভিতৰতে নতুন আছিল। ইয়াৰে ৬ বিধৰ ভিতৰত ৫ বিধ উদ্ভিদ: Aconitum falconeri, A. balfouri, Acer caesium (ভাৰতীয় মে'পল), Mecanopsis aculeate (হিমালয়ান নীলা পপি) আৰু Saussurea atkinsoni সমগ্ৰ বিশ্বতে বিপন্ন হোৱাৰ লগতে কাষৰীয়া নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান বা উত্তৰাখণ্ডৰ আন কোনো ঠাইতে পোৱা নাযায়। ১৯৯৮ চনত চন্দ্ৰ প্ৰকাশ কালাই উদ্যানখনত ৩১ বিধ বিৰল তথা বিপন্ন প্ৰজাতি উদ্ধাৰ কৰে।[5] পিছত তেওঁৰ অধ্যয়ণত পোৱা হয় যে উপত্যকাটোৰ ফুলসমূহ ৬২ প্ৰজাতিৰে মূলতঃ Asteraceae পৰিয়ালৰ অন্তৰ্গত।[6] স্থানীয় গাওঁবাসীয়ে ৪৫ বিধ ঔষধি উদ্ভিদ আৰু নন্দা দেৱী আৰু সুনন্দা দেৱীৰ পূজাৰ অৰ্থে ব্ৰহ্মকমল (Saussurea obvallata) আদি ফুল সংগ্ৰহ কৰে।[7] এই অঞ্চলটো এক উদ্ভিদ বৈচিত্ৰ্য কেন্দ্ৰৰূপে প্ৰতিষ্ঠাপন কৰা হৈছে।[6]

উপ-পাৰ্বত্য মণ্ডলৰ বৈশিষ্ট্য হৈছে উচ্চ অঞ্চলৰ অৰণ্যসমূহ যি বাতাৱৰণ সেমেকা কৰি ৰখা আৰু তুষাৰৰ সহায়ক হয় আৰু এনেদৰেই ঠাইডোখৰ বহুসংখ্যক উদ্ভিদ আৰু প্ৰাণীৰ বাবে সুবিধাজনক কৰি ৰাখে। হিমালয়ান মে'পল এচাৰ কেচিয়াম (Acer caesium), পশ্চিম হিমালয়ান দেৱদাৰু এবিছ পাইনড্ৰো (Abies pindrow, হিমালয়ান শুকুলা ভূৰ্জপত্ৰ বেটুলা ইউটিলিছ (Betula utilis) আৰু ৰড'ডেনড্ৰন কেম্পেনুলাটামৰ (Rhododendron campanulatum) লগতে ইয়াত হিমালয়ান চিৰসেউজ বৃক্ষ টেক্সাছ ৱেলিচিয়ানা (Taxus wallichiana), ছিৰিংগা এম'ডি (Syringa emodi) আৰু চ'ৰবাছ লেনেটাৰ (Sorbus lanata) প্ৰভাৱ অধিক। সাধাৰণতে পোৱা আন উদ্ভিদৰ ভিতৰত এৰিছেমা জেকুৱেমন্টি, বচনিয়েকিয়া হিমালয়কা, কৰিডেলিছ কেচমেৰিয়ানা, প'লমনিয়াম চেৰুলিয়াম, পলিগৰিয়াম পলিষ্টেচিয়াম, ইম্পেচিয়েনছ চালকেটা, জেনেৰিয়াম ৱেলিচিয়েনাম, গেলিয়াম এপেৰাইন, মৰিনা লঙিফলিয়া, ইনুলা গ্ৰেণ্ডিফ্ল'ৰা, ন'ম'কৰিছ অক্সিপেটালা, এনিমন ৰিভালেৰিছ, পেডিকুলাৰিছ পেক্টিনেটা, পি. বাইকৰ্ণিউটা, প্ৰাইমুলা ডেন্টিকুলেট আৰু ট্ৰিলিডিয়াম গভেনিয়েনাম।[8][9]

প্ৰাণী[সম্পাদনা কৰক]

তুষাৰ চিতা

উপত্যকাটোত বন্যপ্ৰাণীৰ ঘনত্ব বৰ বেছি নহয় কিন্তু ইয়াত পোৱা আটাইবোৰ জন্তুৱেও সমগ্ৰ দেশতে বিৰল অথবা বিপন্ন। চন্দ্ৰ প্ৰকাশ কালাই উদ্যানখনৰ সৰ্বমুঠ ১৩ বিধ স্তন্যপায়ী জন্তু লিপিৱদ্ধ কৰিছিল আৰু ইয়াৰে ৯ বিধ পোনপটীয়াকৈ দৈখা পাইছিল। এইসমূহ হৈছে উত্তৰৰ সমতলৰ মুগাবৰণীয়া লেংগুৰ, উৰণীয়া কেৰ্কেটুৱা, হিমালয়ান ক'লা ভালুক, ৰঙা শিয়াল, হিমালয়ান নেউল আৰু হিমালয়ান হালধীয়া ডিঙিৰ নেউল, নেমৰডাচ গ'ৰেল, হিমালয়ান মুখা পিন্ধা হৰিণ, মচিঅ'লা ইণ্ডিকা, হেমিট্ৰেগাছ জেমলাহিকাছ আৰু কেপ্ৰিকৰ্ণিছ ছুমাট্ৰায়েনচিছ[10]

উদ্ভিদ[সম্পাদনা কৰক]

১৯৮৭ আৰু ১৯৯২ চনত ক্ৰমে ভাৰতীয় উদ্ভিদ জৰীপ আৰু অৰণ্য গৱেষণা প্ৰতিষ্ঠানে বনানিৰ এক জৰীপ চলায়। ১৯৯৭ চনত ভাৰতীয় বন্যজীৱ প্ৰতিষ্ঠানে আন এক জৰীপ চলায় আৰু তিনিটা নতুন উদ্ভিদ প্ৰজাতি আৱিষ্কাৰ কৰে।

অৰ্কিড, পপি, প্ৰাইমুলা, নাৰ্জী, ডেইজী আৰু এনিমন ফুলসমূহে ভূ-পৃষ্ঠ আবৃত কৰি ৰাখে। ভূৰ্জপত্ৰ আৰু ৰ'ড'ডেনড্ৰনৰ উপ-পাৰ্বত্য অৰণ্যই উদ্যানখন আৱৰি আছে। অধ্যাপক চন্দ্ৰ প্ৰকাশ কালাৰ দশকজোৰা অধ্যয়ণে কয় যে পুষ্প উপত্যকাত ৫২০টা প্ৰজাতিৰ উদ্ভিদ আছে যাৰে ভিতৰত ৪৯৮টাই ফুলৰ প্ৰজাতি। উদ্যানখনত বহু প্ৰকাৰৰ ঔষধি উদ্ভিদো পোৱা যায়।[11][12]

আলোকচিত্ৰ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Colonel Frank Smythe - Francis Sydney Smythe, 1900-1949". zipworld.com. http://www.zipworld.com.au/~lnbdds/home/smythefrank.htm। আহৰণ কৰা হৈছে: March 23, 2013. 
  2. "Nanda Devi and Valley of Flowers National Parks". World Heritage Site: Unesco.org. http://whc.unesco.org/en/list/335। আহৰণ কৰা হৈছে: 17 March 2013. 
  3. Valley of Flowers Valley of Flowers.
  4. Lamba, B. 1987. Status survey report of fauna: Nanda Devi National Park. Records of the Zoological. Survey of India Occasional Paper No. 103. 50 pp
  5. Kala, CP 1998. Ecology and Conservation of Alpine Meadows in the Valley of Flowers National Park, Garhwal Himalaya. Forest Research Institute, Dehradun
  6. 6.0 6.1 Valley of Flowers: World Heritage Site
  7. Kala, C.P. 2004. Pastoralism, plant conservation, and conflicts on proliferation of Himalayan knotweed in high altitude protected areas of the Western Himalaya, India. Biodiversity and Conservation, 13 (5): 985-995.
  8. Kala, C.P. (2005) A multifaceted review on the biodiversity conservation of the Valley of Flowers National Park, India. International Journal of Biodiversity Science and Management, 1 (1): 25-32.
  9. Kala, C.P. (2005) Indigenous uses, population density, and conservation of threatened medicinal plants in protected areas of the Indian Himalayas. Conservation Biology, 19 (2): 368-378.
  10. Kala, C.P. (2004) Distribution pattern and conservation status of mammals and birds in the Valley of Flowers National Park and its vicinity, Uttaranchal. Himalayan Biosphere Reserves, 6: 91-102.
  11. Kala, C.P. 2005. The Valley of Flowers; A newly declared World Heritage Site. Current Science, 89 (6): 919-920.
  12. Kala, C.P. 2004. The Valley of Flowers; Myth and Reality. International Book Distributors, Dehradun, India

বাহ্যিক সংযোগ[সম্পাদনা কৰক]