ভৌগোলিক স্বীকৃতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভৌগোলিক স্বীকৃতি (বা চমুকৈ জি আই; ইংৰাজী: geographical indication) হৈছে কোনো এক সামগ্ৰীত ব্যৱহাৰ কৰা বিশেষ নাম বা চিহ্ন। এই নাম বা চিহ্ন নিৰ্দিষ্ট সামগ্ৰীবিধৰ ভৌগোলিক অৱস্থিতি বা মূল (যেনে- এখন দেশ, একোটা অঞ্চল বা চহৰ) অনুসাৰে নিৰ্ধাৰণ কৰা হয়। ভৌগোলিক স্বীকৃতিয়ে সামগ্ৰীবিধৰ নিৰ্দিষ্ট গুণগত মানদণ্ড বা নিৰ্দিষ্ট প্ৰস্তুত প্ৰণালী নাইবা বিশেষত্ব নিশ্চিত কৰে। উদাহৰণস্বৰূপে- ভৌগোলিক স্বীকৃতিপ্ৰাপ্ত অসমৰ মুগা সূতাৰ[1][2] চিহ্নই[3] মুগা সূতাৰে নিৰ্মিত বস্ত্ৰ বা অন্যান্য সামগ্ৰীৰ গুণগত মানদণ্ডৰ নিশ্চিতি প্ৰদান কৰে। ভৌগোলিক স্বীকৃতিয়ে কোনো এবিধ সামগ্ৰী নিৰ্দিষ্ট অঞ্চলটোতহে বাণিজ্যিকভাৱে উৎপাদন কৰাৰ অধিকাৰ আৰু আইনী সুৰক্ষা প্ৰদান কৰে।

অসমৰ সামগ্ৰীৰ ভৌগোলিক স্বীকৃতি[সম্পাদনা কৰক]

ভৌগোলিক স্বীকৃতি প্ৰাপ্ত অসমৰ সামগ্ৰীসমূহ হৈছে:

  1. অসমৰ চাহ
  2. অসমৰ মুগা
  3. কাৰ্বি-আংলংৰ আদা
  4. তেজপুৰৰ লিচু
  5. জহা চাউল
  6. বোকা চাউল
  7. কাজিনেমু
  8. চকোৱা চাউল
  9. জুডিমা
  10. গামোচা

ইয়াৰ উপৰিও সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্প, কাৰ্বি বস্ত্ৰশিল্প আৰু গোৱালপাৰাৰ শীতল পাটীৰ বাবে ভৌগোলিক স্বীকৃতি বিচাৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আৱেদন কৰা হৈছে।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "G.I. – APPLICATION NUMBER 384". GEOGRAPHICAL INDICATIONS JOURNAL GOVERNMENT OF INDIA খণ্ড 52: 28-38. October 2013. http://ipindia.nic.in/girindia/journal/Journal_52.pdf. 
  2. Samudra Gupta Kashyap (24 August 2007). "Assam’s muga silk gets GI registration". The Indian Express. http://archive.indianexpress.com/news/assam-s-muga-silk-gets-gi-registration/212312/। আহৰণ কৰা হৈছে: 9 December 2015. 
  3. "Finally, muga gets GI logo". The Telegraph. 28 April 2014. http://www.telegraphindia.com/1140428/jsp/northeast/story_18284649.jsp#.VmfcrEb01QM। আহৰণ কৰা হৈছে: 9 December 2015. 
  4. "Break up & Status of GI Application Pending before the GI Registry as on September 10, 2019". Intellectual Property India (Govt. of India}. http://www.ipindia.nic.in/writereaddata/Portal/Images/pdf/GI_Application_Register_10-09-2019.pdf। আহৰণ কৰা হৈছে: 23 December 2020.