সমললৈ যাওক

২০০৬ৰ অসম বিধানসভা নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(2006 Assam Legislative Assembly electionৰ পৰা পুনঃনিৰ্দেশিত)
অসম বিধানসভা নিৰ্বাচন, ২০০৬
ভাৰত
২০০১ ←
→ ২০১১

অসম বিধানসভাৰ সমগ্ৰ ১২৬টা সমষ্টি
সংখ্যাগৰিষ্ঠতাৰ বাবে ৬৪ খন আসনৰ প্ৰয়োজন
ভোটদানৰ হাৰ ৭৫.৭৭%
  সংখ্যাগৰিষ্ঠ দল সংখ্যালঘিষ্ঠ দল
 
নেতা তৰুণ গগৈবৃন্দাবন গোস্বামী
দল কংগ্ৰেছ অগপ
নেতাৰ আসন তিতাবৰতেজপুৰ

অসম বিধানসভাৰ সমষ্টিসমূহ

নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

তৰুণ গগৈ
কংগ্ৰেছ

নিৰ্বাচিত মুখ্যমন্ত্ৰী

তৰুণ গগৈ
কংগ্ৰেছ

২০০৬ৰ অসম বিধানসভা নিৰ্বাচন দ্বাদশ বিধানসভা গঠন কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত দুটা পৰ্যায়ত ভোটগ্ৰহণ হয়; ৬৫টা বিধানসভা সমষ্টিৰ বাবে ৩ এপ্ৰিলত আৰু ৬১টা বিধানসভা সমষ্টিৰ বাবে ১০ এপ্ৰিলত। ৫৩খন আসনেৰে ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বাধিক সংখ্যক আসন লাভ কৰে। কিন্তু চৰকাৰ গঠন কৰিবলৈ এই সংখ্যা পৰ্যাপ্ত নোহোৱাত কংগ্ৰেছে তৰুণ গগৈৰ মুখ্যমন্ত্ৰিত্বত বড়োলেণ্ড পিপলছ ফ্ৰন্টৰ সমৰ্থনত চৰকাৰ গঠন কৰে। বিধানসভাত বি.পি.এফ.ৰ ১২জন বিধায়ক আছিল।[1] অৱশ্যে নবগঠিত বি.পি.এফ. দল নিৰ্বাচনৰ সময়লৈকে নিৰ্বাচন আয়োগৰ পঞ্জীভূক্ত নোহোৱাত তেওঁলোকে নিৰ্দলীয় সদস্য ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ২৪খন আসনেৰে অসম গণ পৰিষদ দ্বিতীয় স্থানত থাকে।[2][3]

প্ৰেক্ষাপট

[সম্পাদনা কৰক]

ইতিমধ্যে কংগ্ৰেছ চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌ দেখা গৈছিল। তৰুণ গগৈৰ নেতৃত্বৰ বিৰুদ্ধে দলৰ ভিতৰতে ভাবুকিৰ সৃষ্টি হয়। কংগ্ৰেছে এইটো নিৰ্বাচনত সৰ্বাধিক আসন পায় যদিও চৰকাৰ গঠন কৰিব পৰাকৈ নিৰংকুশ সংখ্যাগৰিষ্ঠতা পোৱা নাছিল। বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে লাভ কৰা ৩৯.৭৫ শতাংশ ভোটেৰে ৭১খন আসন লাভ কৰাৰ বিপৰীতে এইটো নিৰ্বাচনত লাভ কৰা আসনৰ সংখ্যা আছিল ৫৩খন, ভোটৰ শতাংশ ৩১.০৮।

২০০৫ চনত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বড়োলেণ্ড পিপলছ ফ্ৰন্ট (BPF) নামেৰে আঞ্চলিক দল এটা গঠিত হয়। ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত বিপিএফৰ ১২জন সদস্যই গোসাইগাঁও, কোকৰাঝাৰ পশ্চিম, কোকৰাঝাৰ পূব, চিদলী, বিজনী, তামুলপুৰ, বৰমা, চাপাগুৰি, পানেৰী, কলাইগাঁও, ওদালগুৰি আৰু মাজবাট বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে জিকি আহে আৰু এই সকল বিধায়কৰ সমৰ্থনত কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।[1][3]

২০০৬ৰ নিৰ্বাচনৰ পূৰ্বৰ সময়চোৱাত অসম গণ পৰিষদ দলৰ মাজতো বিস্তৰ উত্থান-পতন দেখা যায়। বৃন্দাবন গোস্বামীয়ে অগপৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে। অসম গণ পৰিষদৰ প্ৰথম স্থানৰ নেতা তথা দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক দলৰ পৰা নিলম্বন কৰা হয়। মহন্তই অগপৰ পৰা আঁতৰি গৈ অসম গণ পৰিষদ (প্ৰগতিশীল) নামেৰে নতুন দল এটা গঠন কৰে আৰু বিধানসভাৰ নিৰ্বাচনত ৯৩জন প্ৰাৰ্থী থিয় কৰায়। কিন্তু বৰহমপুৰ সমষ্টিৰ পৰা মহন্ত নিজে জিকি অহাৰ বাদে অগপ প্ৰগতিশীলৰ আন এজনো সদস্যক তেওঁ জিকাই আনিব নোৱাৰিলে।[4]

অংশগ্ৰহণকাৰী ৰাজনৈতিক দল[2]

[সম্পাদনা কৰক]
ক্ৰমিক নংদলৰ নামদলৰ স্থিতিপ্ৰতিদ্বন্দ্বিতা কৰা আসনলাভ কৰা আসনলাভ কৰা ভোটৰ শতাংশপ্ৰতিদ্বন্দ্বিতা কৰা আসনৰ ভোটৰ শতাংশ
১ভাৰতীয় জনতা পাৰ্টিৰাষ্ট্ৰীয় দল১২৫১০
২ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰাষ্ট্ৰীয় দল৯১
৩ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰাষ্ট্ৰীয় দল২০
৪ভাৰতীয় জাতীয় কংগ্ৰেছৰাষ্ট্ৰীয় দল১২০৫৩
৫ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰাষ্ট্ৰীয় দল৪৫১
৬অসম গণ পৰিষদৰাজ্যিক দল১০০২৮
৭ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেলিনবাদী) (লিবাৰেচন)ৰাজ্যিক দল১৪০
৮জনতা দল (চেকুলাৰ)ৰাজ্যিক দল৩০
৯জনতা দল (সংযুক্ত)ৰাজ্যিক দল১২০
১০লোক জনশক্তি পাৰ্টিৰাজ্যিক দল১৫০
১১মুছলিম লীগ কেৰালা ষ্টেট কমিটিৰাজ্যিক দল৩০
১২ৰাষ্ট্ৰীয় জনতা দলৰাজ্যিক দল৭০
১৩ৰিভ’লুশ্যনাৰী ছচিয়েলিষ্ট পাৰ্টিৰাজ্যিক দল৪০
১৪সমাজবাদী পাৰ্টিৰাজ্যিক দল৭০
১৫অসম গণ পৰিষদ (প্ৰগতিশীল)পঞ্জীভূক্ত (অস্বীকৃত) দল৯৩১
১৬সৰ্বভাৰতীয় সংখ্যালঘূ মৰ্চাপঞ্জীভূক্ত (অস্বীকৃত) দল৩০
১৭স্বায়ত্বশাসিত ৰাজ্য দাবী সমিতিপঞ্জীভূক্ত (অস্বীকৃত) দল৫১
১৮অসম সংযুক্ত গণতান্ত্ৰিক মৰ্চাপঞ্জীভূক্ত (অস্বীকৃত) দল৬৯১০
১৯হিন্দুস্থান সুৰক্ষা পাৰ্টিপঞ্জীভূক্ত (অস্বীকৃত) দল১০
২০লোক সন্মিলনপঞ্জীভূক্ত (অস্বীকৃত) দল৫১
২১লোক শক্তিপঞ্জীভূক্ত (অস্বীকৃত) দল১০
২২NBNPপঞ্জীভূক্ত (অস্বীকৃত) দল৮০
২৩নেচনেল লোকতান্ত্ৰিক পাৰ্টিপঞ্জীভূক্ত (অস্বীকৃত) দল৫০
২৪নৱ ভাৰত নিৰ্মাণ পাৰ্টিপঞ্জীভূক্ত (অস্বীকৃত) দল১০
২৫ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি (ৰসিত ভাটী)পঞ্জীভূক্ত (অস্বীকৃত) দল২০
২৬ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াপঞ্জীভূক্ত (অস্বীকৃত) দল১০
২৭সমতা পাৰ্টিপঞ্জীভূক্ত (অস্বীকৃত) দল২০
২৮তৃণমূল গণ পৰিষদপঞ্জীভূক্ত (অস্বীকৃত) দল২০
২৯সংযুক্ত সংখ্যালঘূ মৰ্চা, অসমপঞ্জীভূক্ত (অস্বীকৃত) দল২০
৩০ইউনাইটেড ৰিজাৰ্ভেচন মুভমেণ্ট কাউঞ্চিল অফ আছাম (URMCA)পঞ্জীভূক্ত (অস্বীকৃত) দল১০
৩১নিৰ্দলীয়৩১৬২২

বিজয়ী প্ৰাৰ্থীসকল[2]

[সম্পাদনা কৰক]
সমষ্টি নংসমষ্টিৰ নামবিধায়কৰ নামৰাজনৈতিক দলপ্ৰাপ্ত ভোটৰ সংখ্যাদ্বিতীয় স্থানৰ প্ৰাৰ্থীৰ ভোট সংখ্যা
১ৰাতাবাৰী
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
শম্ভূ সিং মাল্লাভাৰতীয় জনতা পাৰ্টি
২পাঠৰকান্দিকাৰ্তিক সেন সিনহাভাৰতীয় জনতা পাৰ্টি
৩কৰিমগঞ্জ উত্তৰমিচন ৰঞ্জন দাসভাৰতীয় জনতা পাৰ্টি
৪কৰিমগঞ্জ দক্ষিণচিদ্দিক আহমেদনিৰ্দলীয়
৫বদৰপুৰআনোৱাৰ হকঅসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা
৬হাইলাকান্দিচালিমুদ্দিন বৰভূ়ঞাঅসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা
৭কাটলিচেৰাগৌতম ৰয়ভাৰতীয় জাতীয় কংগ্ৰেছ
৮আলগাপুৰৰাহুল ৰয়ভাৰতীয় জাতীয় কংগ্ৰেছ
৯শিলচৰবিথিকা দেৱভাৰতীয় জাতীয় কংগ্ৰেছ
১০সোণাইকুতুব আহমেদ মজুমদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
১১ধলাই
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
পৰিমল শুক্লবৈদ্যভাৰতীয় জনতা পাৰ্টি
১২উদৰবন্দঅজিত সিংভাৰতীয় জাতীয় কংগ্ৰেছ
১৩লক্ষীপুৰদীনেশ প্ৰসাদ গোৱালাভাৰতীয় জাতীয় কংগ্ৰেছ
১৪বৰখলাৰুমি নাথভাৰতীয় জনতা পাৰ্টি
১৫কাটিগড়াআটাউৰ ৰহমান মাজাৰভূঞাঅসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা
১৬হাফলং
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
গোবিন্দ চন্দ্ৰ লাংথাছাভাৰতীয় জাতীয় কংগ্ৰেছ
১৭বোকাজান
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
জগত সিং ইংতিস্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি
১৮হাওৰাঘাট
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
খেৰসিং ইংতিভাৰতীয় জাতীয় কংগ্ৰেছ
১৯ডিফু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
বিদ্যাসিং ইংলেংভাৰতীয় জাতীয় কংগ্ৰেছ
২০বৈঠালংচু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
মনসিং ৰংপিভাৰতীয় জাতীয় কংগ্ৰেছ
২১মানকাচৰমতিউৰ ৰহমান মণ্ডলনিৰ্দলীয়
২২শালমাৰা দক্ষিণবদৰুদ্দিন আজমলঅসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা
২৩ধুবৰীৰচিদুল হকঅসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা
২৪গৌৰীপুৰমহিবুল হকনিৰ্দলীয়
২৫গোলোকগঞ্জআবু তাহেৰ বেপাৰীভাৰতীয় জাতীয় কংগ্ৰেছ
২৬বিলাসীপাৰা পশ্চিমহাফিজ বছিৰ আহমেদঅসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা
২৭বিলাসীপাৰা পূবপ্ৰশান্ত কুমাৰ বৰুৱাঅসম গণ পৰিষদ
২৮গোসাইগাঁওমজেন্দ্ৰ নাৰ্জাৰীনিৰ্দলীয়
২৯কোকৰাঝাৰ পশ্চিম
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
পৰমেশ্বৰ ব্ৰহ্মনিৰ্দলীয়
৩০কোকৰাঝাৰ পূব
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
প্ৰমিলা ব্ৰহ্মনিৰ্দলীয়
৩১চিদলী
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
চন্দন ব্ৰহ্মনিৰ্দলীয়
৩২বঙাইগাঁওফণীভূষণ ৰয়অসম গণ পৰিষদ
৩৩বিজনীকমল সিং নাৰ্জাৰীনিৰ্দলীয়
৩৪অভয়াপুৰী উত্তৰআব্দুল হাই নাগৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৩৫অভয়াপুৰী দক্ষিণ
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
ৰবিন বাণিক্যঅসম গণ পৰিষদ
৩৬দুধনৈ
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
দেবেন দৈমাৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৩৭গোৱালপাৰা পূবদুলাল চন্দ্ৰ ঘোষৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি
৩৮গোৱালপাৰা পশ্চিমআব্দুৰ ৰচিদ মণ্ডলভাৰতীয় জাতীয় কংগ্ৰেছ
৩৯জলেশ্বৰআফজালুৰ ৰহমানলোক সন্মিলন
৪০সৰভোগউদ্ধৱ বৰ্মনভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
৪১ভবানীপুৰমনোৰঞ্জন দাসঅসম গণ পৰিষদ
৪২পাটাচাৰকুচিমলয়া বৰ্মনভাৰতীয় জাতীয় কংগ্ৰেছ
৪৩বৰপেটাগুণীন্দ্ৰ নাথ দাসঅসম গণ পৰিষদ
৪৪জনীয়াআব্দুল খালেকভাৰতীয় জাতীয় কংগ্ৰেছ
৪৫বাঘবৰদিলদাৰ ৰেজ্জাভাৰতীয় জাতীয় কংগ্ৰেছ
৪৬সৰুক্ষেত্ৰীতাৰাপ্ৰসাদ দাসনিৰ্দলীয়
৪৭চেঙালিয়াকত আলি খানঅসম গণ পৰিষদ
৪৮বকো
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
জ্যোতি প্ৰসাদ দাসঅসম গণ পৰিষদ
৪৯ছয়গাঁওকমলা কলিতাঅসম গণ পৰিষদ
৫০পলাশবাৰীপ্ৰণৱ কলিতানিৰ্দলীয়
৫১জালুকবাৰীহিমন্ত বিশ্ব শৰ্মাভাৰতীয় জাতীয় কংগ্ৰেছ
৫২দিশপুৰঅকণ বৰাভাৰতীয় জাতীয় কংগ্ৰেছ
৫৩গুৱাহাটী পূবৰবীন বৰদলৈভাৰতীয় জাতীয় কংগ্ৰেছ
৫৪গুৱাহাটী পশ্চিমৰমেন্দ্ৰ নাৰায়ণ কলিতাঅসম গণ পৰিষদ
৫৫হাজোনুৰুল হুছেইনঅসম গণ পৰিষদ
৫৬কমলপুৰউত্তৰা কলিতাভাৰতীয় জাতীয় কংগ্ৰেছ
৫৭ৰঙিয়াঅনন্ত ডেকাভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
৫৮তামুলপুৰচন্দন বসুমতাৰীনিৰ্দলীয়
৫৯নলবাৰীঅলকা শৰ্মাঅসম গণ পৰিষদ
৬০বৰক্ষেত্ৰীভূমিধৰ বৰ্মনভাৰতীয় জাতীয় কংগ্ৰেছ
৬১ধৰ্মপুৰচন্দ্ৰমোহন পাটোৱাৰীঅসম গণ পৰিষদ
৬২বৰমা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
মনেশ্বৰ ব্ৰহ্মনিৰ্দলীয়
৬৩চাপাগুৰি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
থানেশ্বৰ বসুমতাৰীনিৰ্দলীয়
৬৪পানেৰীকমলী বসুমতাৰীনিৰ্দলীয়
৬৫কলাইগাঁওমহেশ্বৰ বড়োনিৰ্দলীয়
৬৬ছিপাঝাৰবিনন্দ কুমাৰ শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
৬৭মঙ্গলদৈহিৰেন দাসঅসম গণ পৰিষদ
৬৮দলগাঁওইলিয়াচ আলিনিৰ্দলীয়
৬৯ওদালগুৰিৰিহন দৈমাৰীনিৰ্দলীয়
৭০মাজবাটকৰেন্দ্ৰ বসুমতাৰীনিৰ্দলীয়
৭১ঢেকিয়াজুলিযোছেফ তপ্পঅসম গণ পৰিষদ
৭২বৰচলাটংক বাহাদুৰ ৰায়ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৩তেজপুৰবৃন্দাবন গোস্বামীঅসম গণ পৰিষদ
৭৪ৰাঙাপাৰাঅভিজিত হাজৰিকাভাৰতীয় জনতা পাৰ্টি
৭৫চটিয়াপদ্ম হাজৰিকাঅসম গণ পৰিষদ
৭৬বিশ্বনাথনুৰজামাল সৰকাৰভাৰতীয় জাতীয় কংগ্ৰেছ
৭৭বিহালীৰঞ্জিত দত্তভাৰতীয় জনতা পাৰ্টি
৭৮গহপুৰৰিপুন বৰাভাৰতীয় জাতীয় কংগ্ৰেছ
৭৯জাগীৰোড
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
বিবেকানন্দ দালাইভাৰতীয় জাতীয় কংগ্ৰেছ
৮০মৰিগাঁওজোনজোনালী বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৮১লাহৰিঘাটনজৰুল ইছলামভাৰতীয় জাতীয় কংগ্ৰেছ
৮২ৰহা
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
গুণেশ্বৰ দাসঅসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা
৮৩ধিংমোবাৰক আলি পাঠানঅসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা
৮৪বটদ্ৰবাগৌতম বৰাভাৰতীয় জাতীয় কংগ্ৰেছ
৮৫ৰূপহীহাটআব্দুল আজিজঅসম গণ পৰিষদ
৮৬নগাঁওগিৰিন্দ্ৰ কুমাৰ বৰুৱাঅসম গণ পৰিষদ
৮৭বঢ়মপুৰপ্ৰফুল্ল কুমাৰ মহন্তঅসম গণ পৰিষদ (প্ৰগতিশীল)
৮৮চামগুৰিৰকিবুল হুছেইনভাৰতীয় জাতীয় কংগ্ৰেছ
৮৯কলিয়াবৰকেশৱ মহন্তঅসম গণ পৰিষদ
৯০যমুনামুখবদৰুদ্দিন আজমলঅসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা
৯১হোজাইআদিত্য লাংথাছাঅসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা
৯২লামডিংসুশীল দত্তভাৰতীয় জনতা পাৰ্টি
৯৩বোকাখাটজিতেন গগৈনিৰ্দলীয়
৯৪সৰুপথাৰবিনোদ গোৱালাঅসম গণ পৰিষদ
৯৫গোলাঘাটঅজন্তা নেওগভাৰতীয় জাতীয় কংগ্ৰেছ
৯৬খুমটাইপ্ৰবীন গগৈঅসম গণ পৰিষদ
৯৭দেৰগাঁও
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
সুশীলা হাজৰিকাঅসম গণ পৰিষদ
৯৮যোৰহাটৰাণা গোস্বামীভাৰতীয় জাতীয় কংগ্ৰেছ
৯৯মাজুলি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ৰাজীৱ লোচন পেগুভাৰতীয় জাতীয় কংগ্ৰেছ
১০০তিতাবৰতৰুণ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১০১মৰিয়নিৰূপজ্যোতি কুৰ্মীভাৰতীয় জাতীয় কংগ্ৰেছ
১০২টিয়কমেম্বৰ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১০৩আমগুৰিপ্ৰদীপ হাজৰিকাঅসম গণ পৰিষদ
১০৪নাজিৰাদ্ৰুপদ বৰগোহাঁইভাৰতৰ কমিউনিষ্ট পাৰ্টি
১০৫মাহমৰাশৰৎ শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
১০৬সোণাৰিশৰৎ বৰকটকীভাৰতীয় জাতীয় কংগ্ৰেছ
১০৭থাওৰাকুশল দুৱৰীনিৰ্দলীয়
১০৮শিৱসাগৰপ্ৰণৱ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১০৯বিহপুৰীয়াভূপেন কুমাৰ বৰাভাৰতীয় জাতীয় কংগ্ৰেছ
১১০নাওবৈচাসঞ্জয় ৰাজ চুব্বানিৰ্দলীয়
১১১লক্ষীমপুৰঘন বুঢ়াগোহাঁইভাৰতীয় জাতীয় কংগ্ৰেছ
১১২ঢকুৱাখনা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ভৰত চন্দ্ৰ নৰহভাৰতীয় জাতীয় কংগ্ৰেছ
১১৩ধেমাজী
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
সুমিত্ৰা পাটিৰভাৰতীয় জাতীয় কংগ্ৰেছ
১১৪জোনাই
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ভূপেন পেগুনিৰ্দলীয়
১১৫মৰাণজীৱনতাৰা ঘাটোৱাৰভাৰতীয় জাতীয় কংগ্ৰেছ
১১৬ডিব্ৰুগড়প্ৰশান্ত ফুকনভাৰতীয় জনতা পাৰ্টি
১১৭লাহোৱালপৃথ্বী মাঝিভাৰতীয় জাতীয় কংগ্ৰেছ
১১৮দুলিয়াজানৰামেশ্বৰ তেলীভাৰতীয় জনতা পাৰ্টি
১১৯টিংখংঅনুপ ফুকনঅসম গণ পৰিষদ
১২০নাহৰকটীয়াপ্ৰণতি ফুকনভাৰতীয় জাতীয় কংগ্ৰেছ
১২১চাবুৱাৰাজু চাহুভাৰতীয় জাতীয় কংগ্ৰেছ
১২২তিনিচুকীয়াৰাজেন্দ্ৰ প্ৰসাদ সিংভাৰতীয় জাতীয় কংগ্ৰেছ
১২৩ডিগবৈৰামেশ্বৰ ধানোৱাৰভাৰতীয় জাতীয় কংগ্ৰেছ
১২৪মাৰ্ঘেৰিটাপ্ৰদ্যুৎ বৰদলৈভাৰতীয় জাতীয় কংগ্ৰেছ
১২৫ডুমডুমাদূৰ্গা ভূমিজভাৰতীয় জাতীয় কংগ্ৰেছ
১২৬শদিয়াবলিন চেতিয়াভাৰতীয় জাতীয় কংগ্ৰেছ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]