১৫ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জুন ১৫ৰ পৰা পুনঃনিৰ্দেশিত)


১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

১৫ জুন (ইংৰাজী: 15 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৬তম (অধিবৰ্ষত ১৬৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৯টা দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১২১৫ - ইংলেণ্ডৰ ৰজা জনৰ ঐতিহাসিক মেগ্নাকাৰ্টা চনদত সন্মতি দান কৰে। এই চনদৰ জৰিয়তে ইংলেণ্ডত ৰজাৰ শাসত আইনৰ শাসন স্বীকৃত হয়।
  • ১৬৫৯ - ঔৰংগজেৱৰ আনুষ্ঠানিকভাৱে আগ্ৰাৰ সিংহাসনত আৰোহণ কৰে ১৬৫৯ চনৰ আজিৰ দিনটোত।
  • ১৭৫২ - বজ্ৰপাত যে প্ৰকৃততে বিদ্যুৎ শক্তি সেই কথা বেঞ্জামিন ফ্ৰেংকলিন -এ প্ৰমাণ কৰিছিল আজিৰ দিনটোতে।
  • ১৮৫৫ - কলকাতাৰ প্ৰসিদ্ধ হিন্দু কলেজৰ নাম প্ৰেছিডেন্সী কলেজ হয়।
  • ১৯৪৩- কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল। ১৯৪২ চনৰ ৯ অক্টোবৰত সংঘটিত সৰুপথাৰৰ ৰেল দুৰ্ঘটনাৰ প্ৰথম গৰাকী অভিযুক্ত হিচাপে অভিহিত কৰি মৃত্যুদণ্ডৰ হুকুম বিহা হৈছিল।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৮৪৯ - জেমছ্ নক্স প'ল্ক, একাদশ মাৰ্কিন ৰাষ্ট্ৰপতি (১৮৪৫-১৮৪৯), নেছভিল টেনত ৫৩ বছৰ বয়সত মৃত্য়ু হৈছিল।
  • ১৯৪৩ - শ্বহীদ কুশল কোঁৱৰ, গোলাঘাটৰ স্বাধীনতা সংগ্ৰামী আৰু গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদক, ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি ফাঁচিকাঠ বৰণ কৰা অসমৰ শেষৰজন শ্বহীদ।[1]

দিৱস[সম্পাদনা কৰক]

অন্যান্য[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]



তথ্য়সূত্ৰ[সম্পাদনা কৰক]

  1. Assam General Knowledge. Bright Publications. ISBN 978-81-7199-451-9. http://books.google.com/books?id=reuQbFK9Rz4C। আহৰণ কৰা হৈছে: 21 November 2012.