হৰিবৰ বিপ্ৰ
| হৰিবৰ বিপ্ৰ | |
|---|---|
| জন্ম | হৰিহৰ বিপ্ৰ চতুৰ্দশ শতিকা |
| পেচা | কবি |
| ভাষা | অসমীয়া |
| উল্লেখনীয় কৰ্মৰাজী | বব্ৰুবাহনৰ যুদ্ধ, লৱ-কুশৰ যুদ্ধ |
চতুৰ্দশ শতিকাৰ অসমীয়া কবিসকলৰ ভিতৰত হৰিবৰ বিপ্ৰ বা হৰিহৰ বিপ্ৰ অন্যতম৷ তেওঁ কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা পাইছিল৷ এতিয়ালৈকে আৱিস্কৃত হৰিহৰ বিপ্ৰৰ ভণিতা থকা পুথি তিনিখন হৈছে - বব্ৰুবাহনৰ যুদ্ধ, লৱকুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ৷[1]
সূচী |
আত্ম পৰিচয় [সম্পাদনা কৰক]
'বব্ৰুবাহনৰ যুদ্ধ' (বব্ৰুবাহ পৰ্ব) কাব্যখনিৰ ভণিতাত তেওঁ নিজৰ আত্মপৰিচয় এনেদৰে দিছে :
জয় জয় নৃপবৰ দুৰ্লভনাৰায়ণ ৰজা
কামাখ্যা গোঁসানী দেন্ত বৰ ৷
সপুত্ৰ সবান্ধৱে নিতে সবান্ধৱে মনোনীতে
জীৱন্তোক সহস্ৰ বত্সৰ ৷৷
তাহান ৰাজ্যত গত সৰ্বজন মনোনীত
অশ্বমেধ পদমধ্যে সাৰ ৷
বিপ্ৰ হৰিহৰ কবি হৰিৰ চৰণ সেৱি
পদবন্ধে কৰিলো প্ৰচাৰ ৷৷[1]
সাহিত্যৰ ভাষা [সম্পাদনা কৰক]
হৰিবৰ বিপ্ৰৰ ভাষা সমসাময়িক আন কবিতকৈ ঠায়ে ঠায়ে অৰ্বাচীন৷ কবিয়ে গৌৰীৰ চৰণ সেৱা কৰিলেও বিষ্ণুৰ প্ৰতিও সমানে ভক্তি প্ৰদৰ্শন কৰিছে আৰু বিষ্ণুক দেৱশ্ৰেষ্ঠ বুলি অনেক ঠাইত উল্লেখ কৰিছে৷[1][1]