সমললৈ যাওক

বিৰুবালা ৰাভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বীৰুবালা ৰাভাৰ পৰা পুনঃনিৰ্দেশিত)
বিৰুবালা ৰাভা
জন্ম ১৯৫৪ চন
ঠাকুৰভিলা, গোৱালপাৰা, অসম
মৃত্যু (৭০ বছৰ)
মৃত্যুৰ কাৰণ কৰ্কট ৰোগ
পেচা সমাজকৰ্মী
জনা যায় ডাইনী-হত্যাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতাৰ সৃষ্টি কৰা
বঁটা, সন্মান, পুৰস্কাৰ আদি সৰ্বেশ্বৰ দত্ত সোঁৱৰণী বঁটা (২০১১)

আনন্দৰাম ঢেকিয়াল ফুকন বঁটা (২০১৯)
১২তম উপেন্দ্ৰনাথ ব্ৰহ্ম ছ’লজাৰ অৱ হিউমেনিটী বঁটা (২০১৫)

পদ্মশ্ৰী বঁটা (২০২১)

বিৰুবালা ৰাভা অসমৰ এগৰাকী সমাজকৰ্মী। তেওঁ যোৱা দুটা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস যেনে ডাইনী-হত্যা আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰি আছে। অসমত ডাইনী-সন্দেহত আতিশয্যৰ মুখামুখি হোৱা বহু লোকক তেওঁ সহায় কৰিছে। তেওঁৰ এই কামৰ বাবে নৰ্থ ইষ্ট নেটৱৰ্ক নামৰ গুৱাহাটীৰ এটা আগশাৰীৰ সংগঠনে তেওঁৰ নাম ২০০৫ চনত শান্তিৰ ন'বেল বঁটাৰ বাবে প্ৰেৰণ কৰিছিল।[1][2] তেওঁক ভাৰত চৰকাৰে ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।[3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

গোৱালপাৰা জিলাঅসম-মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটি সাধাৰণ পৰিয়ালত ১৯৫৪ চনত বীৰুবালা ৰাভাৰ জন্ম হৈছিল।[1] শৈশৱৰ ঘৰখনত বহু কষ্টেৰে ডাঙৰ-দীঘল হোৱা ৰাভাই মাত্ৰ পঞ্চম শ্ৰেণীলৈকে পঢ়া-শুনা কৰাৰ পাছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল। তেওঁৰ বিবাহ হয় গোৱালপাৰা জিলাৰ ঠাকুৰভিলা গাঁৱৰ এগৰাকী কৃষকৰ সৈতে৷[4]

সমাজকৰ্মীৰূপে

[সম্পাদনা কৰক]

সৰুৰে পৰা বিভিন্ন সামাজিক কাম-কাজত জড়িত থাকি তেওঁ ভাল পাইছিল। ২০০০ চনৰ পৰাই তেওঁ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল।[1] প্ৰথমতে গোৱালপাৰা জিলাতে ডাইনী-হত্যাৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ চেষ্টা কৰি যোৱা দুটা দশক ধৰি তেওঁ এই অন্ধবিশ্বাস আঁতৰ কৰিবলৈ সংগ্ৰাম কৰি আহিছে। ১৯৮৫ চনত তেওঁ ঠাকুৰভিলা মহিলা সমিতিৰ ছেক্ৰেটেৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। তাৰপাছত তেওঁ বিভিন্ন গাঁৱে-ভূঞে গৈ ডাইনী-হত্যাৰ দৰে অন্ধবিশ্বাসসমূহৰ বিষয়ে মানুহক সচেতন কৰিবলৈ চেষ্টা কৰি আহিছে। ২০০৬ চনত তেওঁ অসম মহিলা সমিতিৰ এই সন্দৰ্ভত চেষ্টা চলাই থকা বিভাগত যোগ দিয়ে।[5] বৰ্তমানলৈকে বিৰুবালা ৰাভাই প্ৰায় ৩৪গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰিছে।[2] ২০১১ চনত ডাইনী-হত্যাৰ বিৰুদ্ধে তেওঁ গোৱালপাৰা জিলাত মিছ্যন বিৰুবালা আৰম্ভ কৰে। ২০১২ চনৰ ৩০ অক্টোবৰত এই মিছ্যনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়।[6]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • সৰ্বেশ্বৰ দত্ত সোঁৱৰণী বঁটা (২০১১) - এছআই ফাউণ্ডেশ্যন ফৰ মিডিয়া এণ্ড ছ’চিয়েল ৱেলফেৰ, অসম[1][5]
  • ২০০৮ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ মুম্বাইত সম্বৰ্ধনা[7]
  • ২০১৯ বৰ্ষৰ "আনন্দৰাম ঢেকিয়াল ফুকন বঁটা" (প্ৰদান কৰিছে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে)
  • ১২তম উপেন্দ্ৰনাথ ব্ৰহ্ম ছ’লজাৰ অৱ হিউমেনিটী বঁটা', ২০১৫[8]
  • পদ্মশ্ৰী (সমাজসেৱা, ২০২১)

তৃতীয় পৰ্যায়ৰ খাদ্যনলীৰ কৰ্কট ৰোগত বিৰুবালা ৰাভা আক্ৰান্ত হৈ আছিল। ২০২৪ চনৰ ১৩ মে’ তাৰিখে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটীত ৰাভাৰ মৃত্যু হয়।[9]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 প্ৰণৱজ্যোতি দত্ত (৯ মাৰ্চ ২০০৪). "বিৰুবালা ৰাভা: ডাইনী হত্যাৰ বিৰুদ্ধে এগৰাকী যোদ্ধা". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী ‘বসুন্ধৰা’: ৮, ১০ পৃষ্ঠা.
  2. 1 2 SMITA BHATTACHARYYA (Nov. 21, 2011). "Activist seeks death for witch-hunters - Biru Bala wants shelter for victims". The Telegraph. প্ৰকাশক Jorhat. http://www.telegraphindia.com/1111122/jsp/northeast/story_14732984.jsp আহৰণ কৰা হৈছে: 3 জুন 2014.
  3. "Padma Awards: 2021" (PDF). Ministry of Home Affairs (India). 25 January 2021. https://www.mha.gov.in/sites/default/files/2021AwardeesList_25012021_0.pdf আহৰণ কৰা হৈছে: 26 January 2021.
  4. http://manipurupdate.com/birubala-rabha-mission-against-witch-hunting/[সংযোগবিহীন উৎস]
  5. 1 2 "Birubala Rabha for Sarbeswar Dutta award". The Assam Tribune. প্ৰকাশক JORHAT. Oct 26, 2011. Archived from the original on March 4, 2016. https://web.archive.org/web/20160304110256/http://www.assamtribune.com/scripts/detailsnew.asp?id=oct2711/state05 আহৰণ কৰা হৈছে: 3 জুন 2014.
  6. "টেহেলকা ডট কমত প্ৰকাশিত বিৰুবালা ৰাভাৰ সাক্ষাৎকাৰ". Archived from the original on 2013-10-13. https://web.archive.org/web/20131013104913/http://www.tehelka.com/fighting-against-witch-hunts-meant-fighting-for-myself-and-all-women/ আহৰণ কৰা হৈছে: 28 ডিচেম্বৰ 2013.
  7. "আমাৰ অসমত প্ৰকাশিত বাতৰি". G L Publications. 11 জানুৱাৰী 2014. http://amarasom.glpublications.in/Details.aspx?id=16334&boxid=123449750 আহৰণ কৰা হৈছে: 11 জানুৱাৰী 2014.[সংযোগবিহীন উৎস]
  8. AssamHunt: "[http://www.assamhunt.com/tribal-woman-gets-award-for-crusade-against-witch-hunting-in-assam/[সংযোগবিহীন উৎস] 12th Upendra Nath Brahma Soldier of Humanity Award for Birubala Rabha", AssamHunt.
  9. Padma Shri Awardee & Anti-Witch Hunting Activist Birubala Rabha Passes Away in Guwahati

অধিক পঢ়ক

[সম্পাদনা কৰক]