সমললৈ যাওক

বিধান চন্দ্ৰ ৰয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিধান চন্দ্ৰ ৰয়
পশ্চিমবংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী
কাৰ্যকাল
১৪ জানুৱাৰী ১৯৪৮ – ১ জুলাই ১৯৬২
পূৰ্বসূৰী প্ৰফুল্ল চন্দ্ৰ ঘোচ
উত্তৰসূৰী প্ৰফুল্ল চন্দ্ৰ সেন
ব্যক্তিগত তথ্য
জন্ম ১ জুলাই, ১৮৮২
বঙ্কিপুৰ, পাটনা, বিহাৰ
মৃত্যু ১ জুলাই, ১৯৬২ (৮০ বছৰ)
কলকাতা, পশ্চিমবংগ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
বাসস্থান কলকাতা, পশ্চিমবংগ, ভাৰত
শিক্ষানুষ্ঠান প্ৰেছিডেঞ্চি কলেজ, কলিকতা
পাটনা কলেজ
এম.আৰ.চি.পি.
এফ.আৰ.চি.এচ.
জীৱিকা ভেষজ বিদ, স্বাধীনতা যুঁজাৰু, ৰাজনীতিবিদ

বিধান চন্দ্ৰ ৰয় (ইংৰাজী: Bidhan Chandra Roy; ১৮৮২ – ১৯৬২) পশ্চিমবংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী আছিল। এই পদত তেখেত ১৯৪৮ চনৰ পৰা ১৯৬২ চনত মৃত্যু পৰ্যন্ত আছিল। এই সময়ছোৱাত নৱগঠিত পশ্চিমবংগ ৰাজ্যৰ প্ৰভুত উন্নতি হোৱা বাবে তেখেতক পশ্চিমবংগৰ ৰূপকাৰ বুলি অভিহিত কৰা হয়। পেচাত এগৰাকী চিকিৎসক ৰয়ে আইন অমান্য আন্দোলনত অংশ গ্ৰহণ কৰিছিল।[1] তেখেতক ১৯৬১ চনৰ ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। তেখেতৰ মৃত্যুৰ পাছত সন্মানাৰ্থে কলকাতাৰ উপনগৰী ছল্টলে'কক 'বিধাননগৰ' নাম দিয়া হয়। তেখেতৰ জন্ম আৰু মৃত্যুৰ দিন ১ জুলাইক ভাৰতত চিকিৎসক দিৱস ৰূপে পালন কৰা হয়।

জন্ম আৰু পৰিয়াল

[সম্পাদনা কৰক]

বিধান চন্দ্ৰ ৰয়ৰ জন্ম হয় ১৮৮২ চনৰ ১ জুলাইত, বিহাৰপাটনাত। তেওঁৰ পিতাকৰ নাম আছিল শ্ৰীপ্ৰকাশ চন্দ্ৰ ৰয় আৰু মাতৃ হৈছে অঘোৰ কামিনী দেৱী। বংগ দেশৰ সম্ৰাট মহাৰাজ প্ৰতাপাদিত্যৰ তেওঁলোক বংশধৰ আছিল। সৰুকালছোৱাতে তেখেত আৰ্থিক অনাটনৰ সন্মুখীন হৱ লগা হৈছিল, তদুপৰি তেখেত অধ্যয়নৰ বাবে ছাত্ৰ বৃত্তিৰ ধনৰ ওপৰতো নিৰ্ভৰ কৰিবলগীয়া হৈছিল। তেখেতে সাংসাৰিক জীৱনৰ প্ৰতি আগ্ৰহী নহৈ আজীৱন অবিবাহিত হৈয়ে থাকিল।[1]

শিক্ষা জীৱন

[সম্পাদনা কৰক]

১৯০১ চনত বিধান চন্দ্ৰ ৰয় পাটনাৰ বাঁকীপুৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ কলিকতা চিকিৎসা মহাবিদ্যালয়ত পঢ়িবলৈ লৈছিল। মাত্ৰ ২৯ বছৰ বয়সতে তেওঁ চিকিৎসা বিদ্যাত অসাধাৰণ খ্যাতি আৰ্জিবলৈ সক্ষম হৈছিল। তেওঁ চিকিৎসা বিজ্ঞানৰ উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ যায়। লণ্ডনৰ বাৰ্থোলোমিঅ হাস্পিতালৰ মুখ্য ডাক্তৰ ডাঃ শ্বোৰে তেওঁক ভৰ্তি কৰিবলৈ ইচ্ছা কৰা নাছিল। কিন্তু ডাঃ শ্বোৰ আৰু চেণ্ট বাৰ্থোলোমিঅৰ শিক্ষাৰ্থী বাছনি কমিটীৰ সভাপতি ডাঃ এডিচনক তেওঁ নিজৰ একাগ্ৰতাৰ কথা এনেকৈ প্ৰকাশ কৰি দেখুৱালে যে শেষত তেওঁলোকে ভৰ্তি কৰিবলৈ বাধ্য হল।[1]

কৰ্ম জীৱন

[সম্পাদনা কৰক]

১৯১১ চনত বিধান চন্দ্ৰ ৰয় কলকাতালৈ ঘূৰি আহি কেম্পবেল মেডিকেল স্কুলত শৰীৰস্থানৰ শিক্ষক হিচাপে যোগদান কৰে। ১৯১৯ চনত এই পদ এৰি তেখেতে কাৰমাইকেল মেডিকেল কলেজত কায়চিকিৎসাৰ অধ্যাপক হিচাপে যোগদান কৰে।

বিধান চন্দ্ৰ ৰয়ৰ কৰ্মজীৱন চিকিৎসক হিচাপে আৰম্ভ হোৱাৰ লগে লগে তেখেত ৰাজনীতিৰ মঞ্চখনলৈও আকৰ্ষিত হয়। ১৯২৩ চনত তেওঁ নিৰ্বাচন খেলি বংগ বিধান সভালৈ নিৰ্বাচিত হৈছিল। ১৯৩১ চনৰ আইন অমান্য আন্দোলনত যোগদান দি কিছুদিনৰ বাবে তেওঁ কাৰাবাস খাটিছিল। তেওঁ বংগৰ উন্নতিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল। কলিকতা কৰ্পোৰেচনৰ এণ্ডাৰ মেন আৰু মেয়ৰ, কলিকতা বিশ্ববিদ্যালয়ৰ ফেলো, বোৰ্ড অব একাউণ্টছৰ সভাপতি, চিণ্ডিকেটৰ সদস্য আৰু উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৪৮ চনৰ পৰা তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। মুখ্যমন্ত্ৰী পদত থাকিও তেওঁ সমানেই চিকিৎসা সেৱাও আগবঢ়াই গৈছিল।[1]

১৯৬২ চনত ১ জুলাই বিধান চন্দ্ৰ ৰয়ৰ পৰলোকপ্ৰাপ্তি হয়।

বঁটা অৰু সন্মান

[সম্পাদনা কৰক]
  • ভাৰত ৰত্ন বঁটা, (১৯৬১)

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 সমীন কলিতা. ভাৰত ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ৩৪,৩৫.