আজিৰ পৰা প্ৰায় সাত-আঠবছৰ আগৰ কথা। অসমীয়া সংবাদপত্ৰ 'আমাৰ অসম'ৰ পৃষ্ঠা এটাত প্ৰকাশিত এটি সংবাদক লৈ বৰ গৰ্ব অনুভৱ কৰিছিলোঁ। সংবাদটো আছিল এজন জাপানী যুৱ গৱেষক সম্পৰ্কে। হাৰুহিছা আচাদা নামৰ সেই যুৱকজনে তেওঁৰ অসমীয়া শিক্ষাগুৰু এজনলৈ অসমীয়া ভাষাতে এখন চিঠি লিখি তেওঁৰ বিয়ালৈ নিমন্ত্ৰণ জনাইছিল। কিন্তু সেই বিয়াখন অসমত হোৱা বিয়া নাছিল। সেইখন অনুষ্ঠিত হ'বলগীয়া আছিল সুদূৰ জাপানত সম্পূৰ্ণ জাপানী নীতি-পৰম্পৰাৰে। গতিকে বাতৰিটোত লিখা হৈছিল যে যিসময়ত আমি অসমীয়াসকলেই নিজৰ মাতৃভাষাক গুৰুত্ব দিবলৈ পাহৰিছোঁ, নিজ সন্তানক ইংৰাজী মাধ্যমৰ স্কুলত নামভৰ্তি কৰাৰ প্ৰতিযোগিতাত নামি পৰিছোঁ; সেই সময়ত সুদূৰ জাপানৰ এজন গৱেষকে জাপানত অনুষ্ঠিত হ'বলগীয়া তেওঁৰ বিয়াখনৰ বাবে অসমীয়া ভাষাৰে চিঠি লিখাটো সঁচাকৈয়ে তাৎপৰ্য্যপূৰ্ণ। জাপান এখন অতি উন্নত আৰু প্ৰযুক্তি-ক্ষেত্ৰত আগবঢ়া ৰাষ্ট্ৰ। সেই দেশৰ নাগৰিকে আন ভাষা নিশিকিলেও গোটেই জীৱন বিশেষ অসুবিধা নোহোৱাকৈ চলি যাব পাৰে। কিন্তু এইধৰণৰ উদাহৰণৰ পৰা তেওঁলোকৰ জাতীয় চৰিত্ৰ প্ৰকাশ পায়। তেওঁলোকে নিজ মাতৃভাষাক যিদৰে ভাল পায়, ঠিক তেনেদৰেই আন ভাষাকো উপযুক্ত মৰ্য্যাদা দিব জানে।
বাতৰিত প্ৰকাশিত সংবাদটোৰ কথা আজিলৈ মনত থাকি গ'ল, কিয়নো সেই জাপানী লোকজনক ময়ো কেবাবাৰো লগ পোৱাৰ সুযোগ পাইছিলোঁ। ঘৰৰ দাদা এজনৰ লগত একেলগে গৱেষণা কৰিছিল বাবে তেওঁ প্ৰায়েই আমাৰ গাঁৱলৈ আহিছিল। দুবাৰমান তেওঁৰ লগতে আন কেইবাজনো জাপানী গৱেষক আৰু অধ্যাপকো আহিছিল। বিশেষকৈ আচাদাই আমাৰ লগত অসমীয়া ভাষাতে সলসলীয়াকৈ কথা ক'ব পৰা হৈছিল। ভূগোল বিষয়ৰ গৱেষণা হ'লেও তেওঁলোকে নিশ্চয় জানে যে ঠাই এখনৰ ভৌগোলিক পৰিৱেশ, মানুহ আৰু সংস্কৃতিক ভালদৰে জানিবলৈ সেই ঠাইখনৰ স্থানীয় ভাষা শিকাৰ বাহিৰে গত্যন্তৰ নাই। পৃথিৱীৰ প্ৰতিটো অঞ্চলতে মানুহৰ লোকাচাৰ, খাদ্যাভ্যাস, সাজপাৰ, জলবায়ু, উদ্ভিদ আদিৰ লগত জড়িত এনে কিছুমান শব্দ থাকে; যিবোৰৰ প্ৰকৃত মৰ্মাৰ্থ কেৱল সেই অঞ্চলৰ স্থানীয় ভাষাতহে উপলব্ধি কৰা সম্ভৱ। উদাহৰণস্বৰূপে অসমীয়া সমাজত প্ৰচলিত বিভিন্ন পিঠা-পনাৰ নাম; অসমীয়া সমাজ-সংস্কৃতিৰ অভিন্ন অংগ, যেনে- জাপি, শৰাই, গামোচা ইত্যাদিৰ অৰ্থ, গুৰুত্ব আৰু ব্যৱহাৰ কেৱল অসমীয়া শব্দকেইটাইহে বুজাব পাৰে। সকলোখিনিকে প্ৰতিনিধিত্ব কৰিব পৰাকৈ উপযুক্ত সমাৰ্থক শব্দ আন ভাষাত বিচাৰি উলিওৱা অসম্ভৱ। আৰু এইখিনিতেই যিকোনো ঠাইৰ মানুহৰ মাতৃভাষাটোৰ অপৰিসীম গুৰুত্ব আহি পৰে।
ওপৰত উল্লেখ কৰা জাপানী গৱেষক আচাদা সম্প্ৰতি জাপানৰ নাৰা মহিলা বিশ্ববিদ্যালয়ৰ অধ্যাপক। ক'ৰোণাৰ প্ৰাদুৰ্ভাৱ হোৱাৰেপৰা তেওঁ অসমলৈ অহা নাই যদিও এতিয়াও নৱবৰ্ষ, বিহু আদিত সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ অসমীয়া ভাষাত শুভেচ্ছা জনায়। যদি আচাদাৰ দৰে লোকেই অসমীয়া ভাষাক ইমানখিনি গুৰুত্ব দিব পাৰে, অসমীয়া হিচাপে আমি নিজৰ ভাষাটো ভালদৰে শিকাত, নিজৰ ভাষাক লৈ গৌৰৱ কৰাটো আমাৰ দায়িত্ব নহয়নে? যিসময়ত কেন্দ্ৰীয় চৰকাৰ আৰু বৰমূৰীয়াসকলৰ হঠকাৰী সিদ্ধান্তই প্ৰতিক্ষণে ভাষাটোৰ প্ৰতি অশনি সংকট কঢ়িয়াই আনিব খোজে, তেনেসময়ত প্ৰতিগৰাকী অসমীয়াই নিজ মাতৃভাষাৰ প্ৰতি দায়িত্বশীল হোৱাটো, ভাষাটো শুদ্ধভাৱে জীয়াই ৰখাত গুৰুত্ব দিয়াটো আমাৰ সকলোৰে নৈতিক কৰ্তব্য হ'ব নোৱাৰেনে? অসমীয়া ৱিকিপ্ৰকল্পসমূহত অৱদান আগবঢ়োৱাও হ'ব পাৰে তেনে দায়িত্ববোধৰেই এক নীৰৱ প্ৰকাশ। আজিৰ দিনলৈ ৱিকিপ্ৰকল্পসমূহত নিঃস্বাৰ্থভাৱে কাম কৰি অহা অগ্ৰজ-অনুজ সকলো স্বেচ্ছাসেৱীলৈ এইখিনিতে মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ। ব্যক্তিগতভাৱে মই এতিয়ালৈকে বিশেষ বৰঙণি আগবঢ়াব নোৱাৰিলেও অসমীয়া ৱিকিপৰিয়ালৰ সদস্য হ'ব পৰাটো মোৰ সৌভাগ্য বুলি ভাবোঁ। ৱিকিপৰিয়ালৰ সদস্য হিচাপেই বিগত বছৰকেইটাত বহুতো নজনা কথা জনাৰ সুযোগ পাইছোঁ। আগলৈ অধিক সক্ৰিয়তাৰে বৰঙণি আগবঢ়োৱাৰ প্ৰত্যাশাৰে শেষত আটাইলৈ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
–Priyankush Deka (বাৰ্তা) 16:26, 30 April 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]