সমললৈ যাওক

সাঁচ:শংকৰদেৱ/সংৰক্ষিত প্ৰবন্ধৱলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমীয়া সাহিত্য




চৰ্যাপদ পুথি
শ্ৰীমন্ত শংকৰদেৱ, হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা
হেমচন্দ্ৰ গোস্বামী, কমলাকান্ত ভট্টাচাৰ্য্য, জ্যোতিপ্ৰসাদ আগৰৱালা
অসমীয়া সাহিত্য
(শ্ৰেণী: সাহিত্য)
অসমীয়া ভাষা
সাহিত্যৰ ইতিহাস
অসমীয়া সাহিত্যৰ ইতিহাস
অসমীয়া সাহিত্যিকসকলৰ তালিকা
কালানুক্ৰমিক তালিকা - বৰ্ণানুক্ৰমিক তালিকা
অসমীয়া সাহিত্যিক
ঔপন্যাসিক - গল্পকাৰ - নাট্যকাৰ - কবি - প্ৰবন্ধকাৰ
সাহিত্যধাৰা
প্ৰাচীন আৰু মধ্যযুগীয়
চৰ্যাপদ - প্ৰাক-শঙ্কৰী যুগৰ সাহিত্য - বৈষ্ণৱ যুগৰ সাহিত্য - অৰুণোদই যুগ - অনুবাদ সাহিত্য -মুছলিম সাহিত্য - লোকসাহিত্য
আধুনিক যুগৰ সাহিত্য
উপন্যাস - কবিতা - নাটক - চুটিগল্প - প্ৰবন্ধ - শিশুসাহিত্য - কল্পবিজ্ঞান - অভিধান
প্ৰতিষ্ঠান আৰু পুৰস্কাৰ
ভাষা শিক্ষায়ন
সাহিত্য পুৰস্কাৰ
সম্পৰ্কীয় প্ৰবেশদ্বাৰ
সাহিত্য প্ৰবেশদ্বাৰ
অসম প্ৰবেশদ্বাৰ

শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা। তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহতিত কৰিছিল। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি বিস্ময়কৰ অৱদান আগবঢ়াই গ'ল তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষ ৰূপে আখ্যা দিয়া হয়।


অসমৰ ভক্তি আন্দোলন আৰু অংকীয়া নাট-ভাওনা

[সম্পাদনা কৰক]

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সৃষ্টি কৰা অংকীয়া নাট আৰু ভাওনা অসমৰ নৱ বৈষ্ণৱ ভক্তি আন্দোলনৰ এক অভিনৱ আৰু মহত্তপূৰ্ণ সৃষ্টি। খৃষ্টীয় পঞ্চদশ-ষোড়শ শতিকাত অসমত যি নৱবৈষ্ণৱ ভক্তি আন্দোলনে গঢ় লৈ উঠিছিল তাৰ ফলত অসমৰ জাতীয় জীবনত এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিছিল। মহাপুৰুষ শঙ্কৰদেৱে আৰম্ভ কৰা ভক্তি আন্দোলনৰ যোগেদি অসমৰ ধৰ্ম, সমাজ, সাহিত্য, কলা, সংগীত আদি সকলো ক্ষেত্ৰতে এক নতুন যুগৰ সূচনা হৈছিল। এই পৰিৱৰ্তনে প্ৰায় দুশ বছৰ ধৰি অসমৰ জাতীয় জীৱনত শক্তিশালী প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু ইয়াৰ ফলতে অসমত সাহিত্য-সংস্কৃতিৰ এক সোণালী যুগৰ সৃষ্টি হৈছিল। এই সময়ছোৱাকে অসমৰ বৈষ্ণৱ নৱ জাগৰণৰ কাল বুলি কোৱা হয়।

শঙ্কৰদেৱৰ সময়ত গোটেই ভাৰততে ইতিমধ্যে এক বিৰাট বৈষ্ণৱ আন্দোলনৰ পুনৰ জাগৰণ হৈছিল। সেয়ে অসমত শঙ্কৰদেৱে গুৰি ধৰা নৱবৈষ্ণৱ ভক্তি আন্দোলনক মধ্যযুগীয় ভাৰতীয় বৈষ্ণৱ আন্দোলনৰে এটা অংশ বুলিব পাৰি। খৃষ্টীয় ষষ্ঠ শতিকামানতে দক্ষিণ ভাৰতত আল্বাৰসকলৰ হাতত জন্মলাভ কৰা বৈষ্ণৱ ভক্তি ধৰ্মই মধ্যযুগত এক আন্দোলন ৰূপত প্ৰায় গোটেই ভাৰততে বিয়পি পৰে। দক্ষিণ ভাৰতৰ পৰা ৰামানন্দই ভক্তি ধৰ্ম উত্তৰ ভাৰতলৈ কঢ়িয়াই আনে আৰু কবীৰ, ৰৈদাস, সূৰদাস, তুকাৰাম, নামদেৱ, গুৰু নানক, তুলসীদাস, শঙ্কৰদেৱ, চৈতন্যদেৱ আদি সন্ত-মহন্ত সকলে ভাৰতৰ বিভিন্ন প্ৰান্তত এই ধৰ্ম প্ৰতুলভাৱে জনপ্ৰিয় কৰি তোলে। অৱশ্যে শঙ্কৰদেৱে তাতে কিছু নতুন আদৰ্শ সংযোগ কৰি আৰু স্থানীয় লোক সংস্কৃতিৰ বাবে উপযুক্ত আৰু খাপ খোৱা কৰি এই ধৰ্মক বিশিষ্ট ৰূপত গঢ় দিছিল। জাতি-বৰ্ণ-সম্প্ৰদায় নিৰ্বিশেষে সকলোলোকৰ প্ৰতি সামাজিক স্বীকৃতি আৰু মৰ্য্যদা দান অসমৰ ভক্তিধৰ্মৰ এটা প্ৰধান বৈশিষ্ট্য। ইয়াৰ ফলত ধৰ্মীয় শৃংখলাত জাতিভেদৰ গুৰুত্ব নোহোৱা হ‘ল। এইদৰে তথাকথিত নীহ কুলৰ লোকক পোন-প্ৰথমবাৰৰ বাবে সমাজত উপযুক্ত স্বীকৃতি দিয়া হ‘ল। ধৰ্মৰ ক্ষেত্ৰত জাতিভেদৰ এই প্ৰাচীন পৰম্পৰা ভাঙি দিয়াত সমাজত প্ৰচলিত জাতিভেদ প্ৰথা আৰু অস্পৃশ্যতা মষিমূৰ কৰাত এই ধৰ্মই যথেষ্ট সহায় কৰিলে।

শংকৰদেৱৰ আবিৰ্ভাৱৰ আগতো অসমত ভগবান বিষ্ণু বা তেওঁৰ অৱতাৰৰ পূজা প্ৰচলিত থকাৰ প্ৰমাণ পোৱা যায়। খোদিত লিপি আৰু ভাস্কৰ্য, স্থাপত্য, প্ৰবাদ আৰু পৰস্পৰা, অসমৰ প্ৰাক শংকৰী কবিসকলৰ দ্বাৰা ৰচিত কাব্য আদিয়ে প্ৰচলিত বিশ্বাস আৰু ধৰ্ম হিচাপে বৈষ্ণৱ ধৰ্মৰ অস্তিত্বৰ প্ৰমাণ দিয়ে। মহাভাৰতৰ শান্তিপৰ্বত বিষ্ণুক `প্ৰাগজ্যেতিষ জ্যেষ্ঠ` বুলিছে। বাণৰ `হৰ্ষ-চৰিত`ত প্ৰখ্যাত কামৰূপাধিপতি ভাস্কৰবৰ্মাক (৬০৬-৬৪৮ খৃষ্টাব্দ) বৈষ্ণৱ পৰিয়ালৰ বুলি উল্লেখ কৰা হৈছে। ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে কামৰূপী ৰজাসকলৰ পৃষ্ঠপোষকতাত বৈষ্ণৱ ধৰ্মই প্ৰাধান্য লাভ কৰে। ধৰ্মপাল ৰজাৰ ৰাজত্ব কালত কামৰূপত বৈষ্ণৱ মতৰ প্ৰাধান্য উল্লেখ আছে। কালিকা পুৰাণত উল্লেখ আছে যে পাণ্ডুৰ পূৱে অৱস্থিত চিত্ৰবাহু পৰ্বতত বৰাহ অৱতাৰৰূপে বিষ্ণুৰ পূজা কৰা হৈছিল। অসমত ভগৱান ৰামৰ পূজা বৰ জনপ্ৰিয় নাছিল যদিও, ইন্দ্ৰপালৰ এখন তামৰ ফলিত তেওঁৰ উল্লেখ আছে। অসমৰ কিছুমান প্ৰাচীন শাসনত নাৰায়ণ হৰি, বাসুদেৱ, পুৰুষোত্তম আদি বিষ্ণুৰ আন আন নামৰ উল্লেখ আছে। বিষ্ণুৰ এটা অৱতাৰ হয়গ্ৰীৱ মাধৱৰ পূজা অসমত সম্ভৱ অতি প্ৰাচীন কালৰ পৰা আছিল। গুৱাহাটীৰ পৰা প্ৰায় ১৪ মাইল উত্তৰ-পশ্চিমে হাজোত হয়গ্ৰীৱ মাধৱৰ মন্দিৰ আছে। দশম শতিকাৰ কালিকা পুৰাণত উল্লেখ আছে যে হয়গ্ৰীৱৰূপে বিষ্ণুৱে মণিকূট পৰ্বতত জৰাসুৰক বধ কৰি মানুহ, দেৱতা আৰু অসুৰৰ মংগলৰ বাবে তাত বাস কৰিবলৈ লয়। অসমৰ বিভিন্ন স্থানত পোৱা বাসুদেৱৰ মূৰ্তি আৰু তেওঁৰ অভিব্যক্তিসমূহে এই ধাৰণাৰ ইংগিত দিয়ে যে প্ৰাচীন অসমত বৈষ্ণৱ ধৰ্মই বাসুদেৱধৰ্ম ৰূপে প্ৰচলিত আছিল। তান্ত্ৰিক ক্ৰিয়াকাণ্ডও এই কালত বৈষ্ণৱ ধৰ্মত সংযুক্ত আছিল। প্ৰাচীন অসমত বৈষ্ণৱ ধৰ্মৰ অস্তিত্বৰ প্ৰমাণ হেম সৰস্বতী, মাধৱ কন্দলী, হৰিবৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী আদি প্ৰাক শঙ্কৰ কবিসকলৰ ৰামায়ণ-মহাভাৰত বিষয়ক ৰচনাসমূহেও আমাক দিয়ে।

কিন্তু শংকৰদেৱৰ পুৰ্বে অসমৰ বৈষ্ণৱ ধৰ্ম সীমিত সংখ্যক লোকৰ মাজতহে আৱদ্ধ আছিল আৰু সিয়ো আছিল বিশৃংখল ৰূপত। মন্দিৰকেন্দ্ৰিক বিষ্ণুৰ পূজা-উপাসনাত সৰ্বসাধাৰণ লোকৰ অধিকাৰ নাছিল। তেতিয়া শৈৱ আৰু শাক্তধৰ্মই অসমত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল। বজ্ৰযানৰ ৰূপত নতুনকৈ গঢ় লোৱা গুপ্ত বৌদ্ধ ধৰ্মই নৱম শতিকাৰ পৰা ক্ৰমে অগ্ৰগতি লাভ কৰিছিল। এইদৰে সেই সময়ত হিন্দু আৰু বৌদ্ধ উভয় প্ৰকাৰৰ তান্ত্ৰিক ধৰ্মই বিশেষ প্ৰসাৰণ লাভ কৰিছিল। বৈষ্ণৱ ধৰ্মৰ একেশ্বৰবাদ আৰু ভক্তিবাদে উপযুক্ত পৰিৱেশ আৰু গুৰুৰ অভাৱত তেতিয়া প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল। অৱশ্যে ৰাইজৰ ভিতৰৰে পণ্ডিত শ্ৰেণীৰ মাজত এজন সৰ্বশ্ৰেষ্ঠ দেৱতাৰ বিশ্বাস সমূলি অবৰ্তমান আছিল বুলি ক‘ব নোৱাৰি।

শংকৰদেৱে অসমত বৈষ্ণৱ ধৰ্মৰ সংস্কাৰ সাধন কৰি এই ধৰ্মলৈ সকলো শ্ৰেণীৰ লোকক আকৰ্ষণ কৰিব পৰাকৈ ইয়াক বেদ, উপনিষদ, গীতা, ভাগৱতৰ আদৰ্শত শুদ্ধ আৰু বহল ভেটিত প্ৰতিষ্ঠা কৰিলে। সকলোৱে আগ্ৰহেৰে গ্ৰহণ কৰিব পৰা এই ধৰ্মৰ যোগেদি শংকৰদেৱে অসমত ধৰ্মীয় আৰু সামাজিক জাগৰণৰ এক নতুন অধ্যায়নৰ সূচনা কৰিলে। তেওঁ এনে এক বিৰাট গতিশীল আৰু গণতান্ত্ৰিক আন্দোলনৰ গুৰি ধৰিলে যিটোৱে এজন শ্ৰেষ্ঠ দেৱতাৰ শৰণত গুৰুত্ব দি ভক্তি ধৰ্মৰ বাণী প্ৰচাৰ কৰিলে, সামাজিক অন্যায় আৰু কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দিলে আৰু মানবিকবাদৰ আদৰ্শত মানৱ জাতিৰ সাম্য আৰু ভ্ৰাতৃত্বৰ ওপৰত গুৰুত্ব দিলে। তেওঁ অসমীয়া সমাজখনক ঐক্য-সম্প্ৰীতিৰ ডোলেৰে গাঁথি সাহিত্য, সংগীত, কলা আৰু নাট-অভিনয়ৰ যোগেদি এক নতুন জীৱনৰ সূচনা কৰিলে আৰু অসমৰ ৰাইজক এটা সুস্পষ্ট সাংস্কৃতিক বৈশিষ্ট্য দান কৰিলে।

শংকৰদেৱৰ প্ৰচালিত ধৰ্মৰ প্ৰসিদ্ধ নাম—'এক শৰণ হৰি নাম ধৰ্ম অৰ্থাৎ এক ঈশ্বৰ- বিষ্ণু, কৃষ্ণ বা হৰিৰ চৰণত একান্ত শৰণৰ ধৰ্ম। তেওঁৰ ধৰ্মক চমুকৈ ভক্তি-ধৰ্ম‘ বা নাম-ধৰ্ম বুলি কোৱা হয়, কাৰণ এই ধৰ্মমতে ভগৱানৰ প্ৰতি ভক্তিয়েই ভগৱদ প্ৰাপ্তিৰ একমাত্ৰ উপায় আৰু একনিষ্ঠ ভক্তিৰে তেওঁৰ নামৰ শ্ৰৱণ কীৰ্তন কৰিলেই তেওঁক পোৱা যায়। শংকৰদেৱে তেওঁৰ ধৰ্মমত, বেদ, উপনিষদ, বিভিন্ন পুৰাণ আৰু বিশেষকৈ গীতা আৰু ভাগৱতৰ পৰা আহৰণ কৰিছিল যদিও বেদান্ত দৰ্শনৰ আকৰ স্বৰূপ পুৰাণ-সূৰ্য ভাগৱত পুৰাণেই তেওঁৰ ধৰ্মৰ ঘাই ভেটি। সেয়ে তেওঁৰ ধৰ্মক ভাগৱত ধৰ্মও বোলা হয়।

মহাপুৰুষ শংকৰদেৱৰ নৱবৈষ্ণৱ আন্দোলনক মাধৱদেৱ, দামোদৰদেৱ, গোপালদেৱ, ৰাম সৰস্বতী, অনন্ত কন্দলী, গোপালচৰণ দ্বিজ, ভট্টদেৱ, ৰামচৰণ ঠাকুৰ প্ৰমুখ্যে বহুজন পণ্ডিত ভক্তই সবল আৰু শক্তিশালী কৰি গঢ়ি তুলিলে। এই নতুন ধৰ্মৰ বাণী প্ৰচাৰৰ কাৰণে তেওঁলোকে সাহিত্য, সংগীত আৰু নাট-ভাওনাৰ মাধ্যম গ্ৰহণ কৰিলে আৰু হাজাৰ হাজাৰ পদ, অলেখ কাব্য, গীত নাট ৰচনা, তত্ত্বমূলক গ্ৰন্থ আৰু চৰিত পুথি আদি ৰচনা কৰি এটা অতি চহকী সাহিত্যৰ ভঁৰাল গঢ়ি অসমীয়া ভাষা সাহিত্যক উচ্চ শিখৰলৈ তুলি নিলে। অসমত সত্ৰ আৰু নামঘৰ প্ৰতিষ্ঠা এই নৱবৈষ্ণৱ আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ দিশ। অসমত বৰ্তমান কেইবাশখন সত্ৰ আৰু ত্ৰিশ হাজাৰৰো অধিক নামঘৰ আছে। অসমৰ ধৰ্মীয়, সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক জীৱনৰ প্ৰতি এই দুই অনুষ্ঠানৰ প্ৰভুত বৰঙনি আছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কেইখনমান অংকীয়া নাটৰ উল্লেখ কৰা হ’ল।

ৰুক্মীণী হৰণ

[সম্পাদনা কৰক]

ভাগৱতৰ মূল সংগ্ৰহ কৰি ৰচনা কৰা ৰুক্মীণী হৰণ নাটৰ মূল নাৰী আছিল ৰুক্মীণী। দেশান্তৰী ভাটৰ মুখে কৃষ্ণ কথা শুনি ৰুক্মীণী কৃষ্ণৰ প্ৰতি আকৃষ্ট হয়। পিতাক ভীষ্মই স্নেহৰ কন্যা ৰুক্মীণীক কৃষ্ণৰ হাতত সমৰ্পণ কৰিবলৈ ইচ্ছা আছিল যদিও ৰুক্মীণী জেষ্ঠ ভাতৃ ৰুক্মবীৰে কৃষ্ণৰ পৰিবৰ্তে ছেদীৰাজ শিশুপাললৈ বিয়া দিয়াৰ ব্যৱস্থা কৰি জা-যোগাৰ আৰম্ভ কৰিলে। এইখিনিতে নাট্যকাৰে(গুৰুজনাই)ৰুক্মীণীক ধৈয্যশীলা আৰু উপস্থিত বুদ্ধিসম্পন্না নাৰীৰূপে প্ৰতিপন্ন কৰিছে। কৃষ্ণৰ প্ৰতি তেওঁৰ গভীৰ প্ৰেম আছে। কৃষ্ণক স্বামীৰূপে পাবলৈ ৰুক্মীণী দৃঢ়প্ৰতিজ্ঞ আছিল। প্ৰেমাস্পদক লাভ কৰাৰ ক্ষেএত স্বয়ং ককায়েক বাধাস্বৰূপ হৈ পৰাতো ৰুক্মীণীয়ে সাধাৰণ নাৰীৰ দৰে শেতেলিত পৰি কন্দা-কটা নকৰি তেওঁৰ প্ৰিয় ব্যক্তি বেধনিধি বিপ্ৰক মতাই আনি চিঠিসহ তেওঁক দ্বাৰকালৈ পঠাই কৃষ্ণক মাতি পঠাইছে আৰু কেনেকৈ কি উপায়েৰে তেওঁক পলুৱাই নিব তাকো দিহা চিঠিত লিখি পঠাইছে আৰু

"যৱে তোঁহো হৈলা কৰি হামাক নাহি নেৱৰ, তৱ তোমাত বধ দিয়ে, হামু প্ৰাণ ছাড়ব। "

বুলি ক'বলৈ পাহৰা নাই। কৃষ্ণ প্ৰেমত মত্ত ৰুক্মিণীয়ে ককায়েকৰ বাধা নেওচি কৃষ্ণৰ লগত গোপনে গৈছে যদিও ৰুক্মিণী চৰিত্ৰত ভাতৃপ্ৰেম, শ্ৰীসুলভ কোমলতা আৰু স্নেহভাব বিদ্যমান। বিপক্ষে ৰজা সকলৰ কৃষ্ণই পৰাস্ত কৰি খেদি পঠোৱাৰ পিছতো যুদ্ধ কৰিবলৈ খেদি অহা ৰুক্মবীৰক কৃষ্ণই তৰোৱালেৰে কাটিবলৈ যাওঁতে ৰুক্মীণীয়ে কান্দি-কাটি কৃষ্ণৰ চৰণত পৰি ৰক্মবীৰৰ প্ৰাণ ভিক্ষা কৰে। নাটখনিত কেইবাটাও নাৰী চৰিত্ৰ সংযোজন ঘটিছে যদিও ৰুক্মিণীৰ কাৰ্য্য, প্ৰেমমুগ্ধা নাৰীৰ আচৰণ, প্ৰিয়জনক পোয়া-নোপোৱাৰ দোদুল্যমান অৱস্থা আৰু মানসিক অস্থিৰতা আদি সংলাপ আদিয়ে নাটখন অধিক আবেদনশীল কৰি তুলিছে। কন্যাদায়গ্ৰস্তা মাতৃ শশীপ্ৰভাই কন্যাক প্ৰেমাস্পদ কৃষ্ণলৈ ৰুক্মীণীৰ পিতৃ ৰজা ভীষ্মকে বিয়া দিবলৈ যো-জা কৰি শুনি আনন্দ প্ৰকাশ কৰিছে। তেনেদৰে কৃষ্ণৰ মাতৃ দৈৱকীয়ে পুত্ৰই ৰুক্মিণীক হৰণ কৰি দ্বাৰকালৈ ঘূৰি যাওঁতে মঙ্গলবাদ্য সহকাৰে আদৰ সাদৰ কৈ নিজৰ গৃহলৈ আদৰি নিয়াৰ বাদে এই দুটা চৰিত্ৰৰ কাৰ্য্যত অমিল দেখা নাযায়। সখীপ্ৰাণা মদন মঞ্জৰি আৰু লীলাৱতী দুয়ো সখী ৰুক্মীণীৰ প্ৰেম-বিৰহ আৰু মিলনৰ ক্ষেত্ৰত ছাঁটোৰ দৰে থাকি ডাঁৱৰৰ বতৰা ডাঁৱৰৰ আৰে আৰে জনাই সহায় কৰিছে। ভাগৱতত উল্লেখ নথকা এই দুই চৰিত্ৰ নাট্যকাৰৰ নিজা মধুৰ সৃষ্টি। ব্যহ্যিক দৃষ্টিৰে কৃষ্ণ-ৰুক্মীণীৰ কাহিনী লৌকিক প্ৰেম কাহিনী যেন লাগিলেও প্ৰকৃতাৰ্থত ভক্ত কবিয়ে ঈশ্বৰ-ঈশ্বৰীক মিলনৰ নাটকীয় ৰূপ লৌকিক মাধ্যমত ব্যক্ত কৰিছে[1]

কালিয়দমন

[সম্পাদনা কৰক]

শ্ৰীমন্ত শঙ্কৰদেৱে ভাগৱতৰ দশম স্কন্ধৰ ষোড়শ-সপ্তদশ অধ্যায়ৰ ভেটিত কালিয়দমন নাট[2]। পুত্ৰশ্নেহি যশোদা আৰু কাণাইপ্ৰেমী গোপীসকলৰ উপৰিও নাগ পত্নীসকল এই নাটৰ নাৰীৰ চৰিত্ৰ। কালি হ্ৰদৰ বিষজল পান কৰি অচেতন হৈ পৰা ভক্ত গোপবালক সকলক কৃষ্ণই অমৃতৰ হাত ফুৰাই জীৱন প্ৰদান কৰিলে আৰু দম্ভ কালিনাগক দমন কৰাৰ বাবে কৃষ্ণই কালি হ্ৰদত অৱতৰন কৰি সাময়িক ভাৱে অচেতন হৈ পৰে। গকুলত নানা অপায়-অমঙ্গলে দেখা দিয়াত বৃন্দাবনত প্ৰানৰ পুত্ৰৰ কিবা অমঙ্গল ঘটিছে বুলি পিতৃ নন্দ আৰু মাতৃ যশোদা আৰু গোপী সকল ঢপলিয়াই আহি মৃত ভাৱে কৃষ্ণক কালি হ্ৰদত পৰি থকা দেখি ইনাই বিনাই কান্দিকুটি যশোদা শোকত মূৰ্ছিত হৈ পৰিল। পুত্ৰ শ্নেহত আতুৰ মাতৃ গৰাকীৰ চকুত শোকৰ বন্যা নাট্যকাৰে যশোদা চৰিত্ৰৰ মাজেদি পুত্ৰহাৰা মাতৃৰ স্বৰূপটো সুন্দৰকৈ ফুটাই তুলিছে।

কত তপসাইলোঃ তোক পুত্ৰ পাইলোঃ হাততে হৰাইলোঃ কোনে মোক মাতিবেক আই বুলিঃ কাক ধূলা মাৰি বুকে লৈবা তুলি

বুলি শোকদগ্ধা যশোদাই জলত জাপ দিবলৈ লোৱা বৰ্ণনাই নাটখনি তীব্ৰ কৰুণ ৰসৰ সঞ্চাৰণ ঘটাইছে। কালিয়দমনত শঙ্কৰদেৱে ভক্তা নাৰীৰ ৰূপটৌও মনোৰমকৈ প্ৰকাশ কৰিছে। কালিনাগে কৃষ্ণৰ পদৰ ভৰ সহিব নোৱাৰি মৃতপ্ৰায় অৱস্থা লক্ষ্য কৰি কালিনাগৰ পত্নী সকলে কৃষ্ণক স্তুতি কৰি স্বামীৰ প্ৰাণ ভিক্ষা কৰিছে। ভক্ত পত্নীসকলৰ প্ৰাথনাত সন্তুষ্ট হৈ কৃষ্ণই কালিক ক্ষমা কৰি সপৰিয়ালে ৰমণ দ্বীপলৈ পঠাইছে। নাগনাৰী চৰিত্ৰৰ অৱতাৰণাই নাতকৰ বিষয়বস্তু আগবঢ়াই নিয়াত সহায় কৰাৰ বাহিৰে কালিয় দমন নাটত নাৰী চৰিত্ৰৰ যোগেদি বিৰোধ বা সংঘাত সৃষ্টি হোৱা দেখা নাযায়। আনহাতে কালিনাগক কৃষ্ণই বধ কৰি অহাৰ পিছত যশোদাৰ আৱেগবিহ্বল চিত্ৰ মহাপুৰুষ জনাই ফুটাই তুলি মূল নাৰি চৰিত্ৰবোৰক অধিক ৰমণীয় কৰি তুলিছে।

কেলিগোপাল

[সম্পাদনা কৰক]

কেলিগোপাল নাটখন মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ভাগৱতৰ ৰাস পঞ্চ অধ্যায়ৰ আলমত ৰচনা কৰিছিল। শৰৎৰ পূৰ্ণিমাৰ ৰাতি শ্ৰীকৃষ্ণৰ সুমধুৰ বংশীৰ মাত শুনি ব্যাকুলতা গোপনাৰীসকল বৃন্দাবনলৈ উদবাউল হৈ ঢাপলি মেলে। কৃষ্ণই চতুৰতাই গোপনাৰীসকলৰ কৃষ্ণপ্ৰেম-ভক্তি পৰিক্ষাৰ নিমিত্তে তেওঁলোকক কুলবধূৰ কৰ্ত্তব্য আৰু দায়িত্বতাৰ গুৰুত্ব সোঁৱৰাই দি উলতি যাবলৈ বুজাই কয়। কিন্তু কৃষ্ণপ্ৰাণা গোপীসকলে ভকতি বলৰ প্ৰভাৱেৰে কৃষ্ণক আবদ্ধ কৰিবলৈ সক্ষম হয়। "হে পৰমেশ্বৰ তযু মুখ পঙ্কজ ছোড়ই হামাৰ চক্ষু আন পেখয়ে নাহি---তযু পদ পঙ্কজ তেজয়ে নাহি পাৰিয়ে। " ভক্তগোপীসকলৰ কৰুণবাণী শুনি কৃষ্ণই প্ৰতি গৰাকী গোপীকে পৰম আহ্লাদেৰে বুজায় শান্ত কৰিলে। কৃষ্ণ গোপীসকলৰ প্ৰতি প্ৰেম আবেদন দেখি গোপীসবৰ অহমিকা ভাৱত দূব যোৱাত কৃষ্ণই অৰ্ন্তধান হয় পৰে। গোপীসকলৰ কৃষ্ণৰ প্ৰতি থকা অনন্ত ভক্তিপ্ৰেমে তেওঁলোকৰ পুনৰ মিলন হয়। ৰাষ-নৃত্যৰ আলমৰে নাট খনৰ গোটেই কাহিনীৰ লৌকিক প্ৰেমৰ বিভিন্ন ৰূপ প্ৰকাশ ঘটিছে। এই প্ৰেম আধ্যাত্মিক প্ৰেম, ভক্ত আৰু ভগৱানৰ মিলনৰ প্ৰতিক ৰূপত দেখুৱাবলৈ যাওঁতে লৌকিক প্ৰেমৰ বিভিন্ন অৱস্থা বোৰ যেনে -প্ৰেমোন্মেষ, মিলন-বিচ্ছেদৰ আশংকা, পুনৰমিলন, মান, অভিমান এই সকলোবোৰ অৱস্থা গোপীসকলৰ হাৱ-ভাৱ, ক্ৰিয়া প্ৰতিক্ৰিয়া তেওঁলোকৰ অনেক আচৰণৰ দ্বাৰা প্ৰকাশ পাইছে কেলিগোপাল নাটখনত। ৰাসক্ৰীড়াৰ মনোৰম কাহিনীটোয়ে এক পৰম স্বৰ্গীয় অৰ্থ বুজায়। জীৱাত্মা স্বৰূপ গোপীসকলৰ পৰমাত্মা কৃষ্ণৰ প্ৰতি আকৰ্ষণ আৰু মিলনকে ৰাষক্ৰীড়াত বহিৰ্প্ৰকাশ হৈছে। ন বিধ ভক্তিৰ অন্তৰ্গত প্ৰেম ভক্তি গোপীসকলৰ ভক্তিত বিৰাজমান। প্ৰেম ভাৱ আৰু কাম ভাৱৰ প্ৰভেদ আছে। কাম ভাৱৰ যোগেদি আত্ম-ইন্দ্ৰিয়ৰ সন্তুষ্টি কৰাৰ বাসনাক বুজাই, আনহাতে হৃদয়ৰ গভীৰতাৰে এজনক উপলব্ধি কৰি, ভালপোৱাই প্ৰেম। কেলিগোপাল নাটত গোপনাৰী সকলৰ আত্মেন্দ্ৰিয় প্ৰেম পৰমাত্মা স্বৰূপ কৃষ্ণ প্ৰেমলৈ ৰপান্তৰিত হৈ সৰ্বকালৰ শ্ৰেষ্ঠ ভক্ত নাৰীৰূপে পৰিগণিত হৈছে[3]

পাৰিজাত হৰণ

[সম্পাদনা কৰক]

ভাগৱত আৰু হৰিবংশ মূল ৰচনা কৰি পাৰিজাত হৰণ নাটখনি মহাপুৰুষজনাৰ শ্ৰেষ্ঠ নাট। নাটকীয় দৃষ্টিভংগীৰেও এই নাটখনি উচ্চ পৰ্যায়ৰ। নাটখনিৰ প্ৰত্যেকটো চৰিত্ৰই বিশেষকৈ নাৰী চৰিত্ৰ সমূহ স্বকীয় বৈশিষ্ট্য বিদ্যমান। নাটৰ আৰম্ভণিতে কৃষ্ণই ৰুক্মিণী, সত্যভামা প্ৰমুখ্যে পত্নীসৱৰ লগত বিহাৰ কৰি ৰুক্মিণীৰ মন্দিৰত কৃষ্ণই বিশ্ৰাম জিৰণি ল'লে। সত্যভামাই নিজৰ মন্দিৰত প্ৰবেশ কৰিছে। তেনেসময়ত নাৰদমুনি উপস্থিত হৈ কৃষ্ণ]] হাতত এপাহ পাৰিজাত ফুল অৰ্পণ কৰি পাৰিজাত ফুলৰ মহিমা প্ৰকাশ কৰি কলে- "ওহি দেৱ দুৰ্লভ পাৰিজাতঃ জো নাৰী পৰিধান কৰে সে পুষ্পক মহিমায়ে সোভাগিণী হয়ঃ তাকহ ছাড়ি স্বামী কথায়ে যাৱে নাহি। " কথা শুনি ৰুক্মিণীয়ে কাতুৰ্বাদ কৰি ফুলপাহ খোজাত কৃষ্ণই প্ৰিয়াক গৌৰৱে কোলে বৈঠাই মাথে পাৰিজাত পিন্ধাৱল। "আনহাতে নাৰদমুনি গৈ সত্যভামাৰ ওচৰ পাই কলেগৈ- "আহে দেৱী সত্যভামা। তোহাৰি স্বামী শ্ৰী কৃষ্ণ বৰি বিষম চেষ্টা দেখলঃ হা হা মাৱঃ তুহু দুৰ্ভাগ্য ভৈলিঃ হামু আজসে জানলু। "

সত্যভামাৰ মতে তেওঁ স্বামী কৃষ্ণৰ প্ৰিয়তমা পত্নী। কিন্তু নাৰদে "তোহাক বিধি বঞ্চল, কহিতে দুখ লাগ"কপাল থপৰিয়াই বেদনা প্ৰকাশ কৰা দেখি সত্যভামাৰ মন চঞ্চল অএ পৰি কথাটো কি কবলৈ খাটনি ধৰিলে। নাৰদে এটাকে দহোটা কৰি তেঔঁ দিয়া পাৰিজাত ফুলপাহ সত্যভামাহে পিন্ধা যোগ্য বুলি নাৰদে কোৱা স্বত্বেও কৃষ্ণই ৰুক্মিণীৰ খোপাত পিন্ধোৱাৰ কথা নাৰদৰ মুখত শুনি সতিনীৰ অভ্যুদয় দেখি জীয়াই থকাৰ সাৰ্থকতা নাই বুলি সত্যভামাই নিজৰ জীৱনক ধিক্কাৰ দিলে। "সতিনীক মহোদয় শুনি কহুঁ, কোপে-অপমানে আন্ধৰি দেখিল, দেৱী সত্যভামা মূৰ্ছিত হুয়া পৰিল। " ইয়াত নাট্যকাৰে সত্যভামাক অভিমাননি, ঈৰ্ষাপৰায়ণানাৰী ৰূপে অংকিত কৰিছে। স্বামী কৃষ্ণই সত্যভামাক আশ্বাস কৰি "ৰুক্মিণী জাম্বৱন্তী তোহাৰ সম ভাগ্যৱতী নাহি। তোহো হামাৰ প্ৰানময় প্ৰিয়"আদি আদৰ আৰু স্নেহ বাণীৰে আপ্যায়িত কৰাৰ উপৰি"তোহোক একশত পাৰিজাত দেৱবো" বুলি কোয়া স্বত্বেও অভিমানী সত্যভামাই স্বামীৰ ফালে পিঠি দি "যে তোমাৰ প্ৰিয়তমা ৰুক্মিণী তাহেক সমীপ চলহ" বুলি কতাক্ষ হানিছে। গৰ্বিতা, আত্মাভিমানী সত্যভামাৰ চৰিত্ৰ নাট্যকাৰে শেষ পৰ্যন্ত দক্ষতাৰে অংকন কৰিছে। সত্যভামাই বহু পত্নীক কৃষ্ণৰ কথাত বিশ্বাশ কৰিবলৈ টান পাইছে। সেয়েহে পাৰিজাত আনিবলৈ স্বামীক প্ৰতিজ্ঞাবদ্ধ কৰাৰ উপৰি যুদ্ধলৈ যাওঁতে লগত যাবলৈ কুণ্ঠাবোধ কৰা নাই। তেওঁৰ মনত ভয় কিজানি কৃষ্ণই পাৰিজাত ননাকৈ আহে আনিলেও আন পত্নীক দিয়ে। "হে' স্বামী হামাৰ বহুত সতিনি, ইয়াৰ পাৰিজাত আন কোন স্ত্ৰীক দেৱব নাহি। "স্বামীৰ ওচৰত তেওঁৰ বিশ্বাস নাই। "হামু কদাচিত তোহাৰ সঙ্গ নাহি চৰব" আদি কথাই সত্যভামাৰ সতিনী বিদ্বেষপ্ৰকাশ কৰিছে। স্বৰ্গত কৃষ্ণই পাৰিজাতৰ কথা আওকাণ কৰা দেখি সত্যভামাই সোঁৱৰাই দি নাৰদক ইন্দ্ৰৰ ওচৰলৈ দূত পঠাইছে। পাৰিজাত স্বত্বাধিকাৰী ইন্দ্ৰ পত্নী শচীয়ে যেতিয়া শ্ৰী কৃষ্ণৰ মনুষ্যত্বক লৈ তাচ্ছিল্যপূৰ্ণ কতাক্ষ কৰিলে, স্বামীৰ গৌৰৱত গৌৰৱিনী সত্যভামাই কৃষ্ণৰ গুন-গৰিমা আৰু শক্তি ক্ষমতাৰ কথা প্ৰকাশ কৰি শচীক চুঙা চাই সোপা দিছে। ইয়াত সত্যভামাৰ মুখৰাস্বৰূপ সুন্দৰকৈ প্ৰকট হৈছে। আনকি কৃষ্ণৰ শৰণাপন্ন ইন্দ্ৰয়ো কবলৈ বাধ্য হৈছে, "ওহে সত্যভামা, ওহি শ্ৰী কৃষ্ণত পতনী ঠিক তাহেক মধ্যে তুঁহু বৰি প্ৰগলভা। " ইন্দ্ৰ-পত্নী শচী আৰু কৃষ্ণ-পত্ন সত্যভামাৰ বাক যুদ্ধখনে প্ৰত্যেকৰে স্বামীৰ পূৰ্ব কলঙ্কৰ কথা কৈ অবাচ্য গালিৰে ইগৰাকীয়ে সিগৰাকীক থকা-সৰকা কৰি দমাবলৈ কৰা প্ৰয়াসৰ ক্ষেত্ৰত মুখৰা আৰু আত্মগৰৱিনী দুগৰাকী নাৰীৰ সমধম্মী চৰিত্ৰ প্ৰকাশ পাইছে। এনেবোৰ কাৰ্যই সাধাৰণ দৰ্শকক আমোদ দিলেও ইন্দ্ৰ-পত্নী শচি আৰু কৃষ্ণ -পত্নী সত্যভামাৰ চৰিত্ৰৰ মান অবনমিত হৈছে। দুজনী সাধাৰণ মুখৰা তিৰোতাৰ স্বৰূপহে প্ৰকাশ ঘটিছে। স্বৰ্গৰ পৰা পাৰিজাত ফুল উঘালি আনিও সত্যভামা শান্ত হোৱা নাই। গৰ্বত উফন্দি থকা সত্যভামাই দ্বাৰকালৈ আহি ৰুক্মিণীক কৈছে"হে বিৰ্দভ ৰাজকুমাৰী, তুহু স্বামীৰ হন্তে গোটা এক পাৰিজাত পুষ্প পাৱল, দেখু যাৱত সেই পাৰিজাতসমূহে উভালি কৃষ্ণৰ হাতে নাহি আনোলো, তাৱত ছাড়লো নাহি। হামো সৌভাগ্যক মহিমা পেখু পেখু। " ৰুক্মিণী সত্যভামাতকৈ বয়সত ডাঙৰ হোৱা সত্ত্বেওগৰ্বিতা সত্যভামাই সামান্য সৌজন্য ভাৱ প্ৰদৰ্শন নকৰাৰ বিপৰীতে মৃদু-স্বভাৱা, স্বল্পভাষিণী ৰুক্মণীয়ে এই বুলি উত্তৰ দিছে....অয়ে ভগিনী সত্যভামা, কি কহৈছ, জগতৰ পৰম গুৰু শ্ৰী কৃষ্ণ, উনিকৰ চৰণ সেৱা কৰিতে ব্ৰহ্মাণ্ড ভিতৰে কোন বস্তু ঠিক। ধৰ্ম, অৰ্থ, কাম, মোক্ষ চাৰি পদাৰথ হাতে মিলাৱে। তোহাৰি পাৰিজাত কোন কথা। " সত্যভামাই 'বিদৰ্ভ ৰাজকুমাৰী' বুলি সম্বোধন কৰাৰ বিপৰীতে ৰুক্মণীয়ে ক্ষোভহীন, বিদ্বেষহীনভাৱে ভগিনী সত্যভামা বুলি সম্বোধন ধৰি দিয়া উত্তৰে সত্যভামাৰ গৰ্বত চেঁচাঁ পানী ঢালিলে। তথাপি সত্যভামা]]ৰ ঈৰ্ষা হ্ৰাষ নাপালে। বৰঞ্চ কৃষ্ণই তেওঁৰ কক্ষৰপৰা দূৰত ফুল ৰোৱা দেখি সতিনীয়ে ফুল চুৰী কৰিব বুলি ভাবি নিজৰ দুৱাৰ মুখতে কৃষ্ণৰ হতুৱাই পাৰিজাত ফুল ৰোৱালে। সত্যভামাৰ কাৰ্য্যই বহুপত্নীক ভগৱান কৃষ্ণক তিৰুতা সেৰুৱা সাধাৰণ পুৰুষ ৰূপে সজাইছে। পাৰিজাত হৰণ নাটৰ ৰুক্মিণী চৰিত্ৰটি গাম্ভীৰ্য যুক্ত, স্বামীপৰায়ণা, গভীৰ উপলব্ধিৰে পৰম ভক্তা। আনহাতে সত্যভামাক স্বামী পৰায়ণা হলেও মদগৰ্বী, ঈৰ্ষা পৰায়ণা, অভিমাননি মুখৰা ৰূপত দেখা গৈছে। ভক্ত কবি নাট্যকাৰ শঙ্কৰদেৱে হয়তো নিৰ্গুনা ভক্তিৰ প্ৰতিক ৰূপত ৰুক্মিণীক আৰু সগুণা বা সকামা ভক্তিৰ প্ৰতিক ৰূপত সত্যভামাক অংকন কৰাৰ প্ৰয়াস কৰিছে[4]

ৰাম বিজয়

[সম্পাদনা কৰক]

ৰামায়ণৰ আদিকাণ্ডৰ সাৰ গ্ৰহণ কৰি শঙ্কৰদেৱে ৰাম বিজয় নাটখন ৰচনা কৰিছে। ৰাম বিজয় নাটখনৰ নায়িকা সীতা জাতিষ্মৰ কন্যা। পূৰ্বজন্মতে বেদৱতীৰূপে খ্যাত এই কন্যাগৰাকীয়ে বিষ্ণুক পাব বুলি দৈৱবাণী শুনিছিল। পূৰ্ব জনমৰ কথা সুঁৱৰি ঈশ্বৰ নাৰায়ণক স্বামীৰূপে লাভ নকৰাৰ বেদনাত সীতা মৰ্মাহত হল। সখীসৱৰ আশ্বাস বাণীত সীতা শান্ত হ'ল। আনহাতে বিশ্বামিত্ৰই অযোধ্যাৰ পৰা ৰাম-লক্ষ্মনক নি মাৰীচ, সুবাহু, তাৰকা আদি দৈত্য-দানৱবোৰ বধ কৰি যজ্ঞ সম্পাদান কৰাৰ পাছত ৰাম-লক্ষ্মণৰ কিবা উপকাৰ কৰাৰ কথা চিন্তা কৰি তেওঁলোকক জনক ৰজাই অনুষ্ঠিত কৰা সীতাৰ স্বয়ংবৰলৈ লৈ যায়। বিশ্বামিত্ৰৰ লগত ৰাম-লক্ষ্মণ আহি মিথিলাৰ যজ্ঞস্থলীত উপস্থিত হোৱাত সীতাই উদিগ্নভাৱে সখী কনকাৱতীক খবৰ কৰিবলৈ পঠায়। কনকাৱতীয়ে ৰামৰ অপূৰ্ব ৰূপ লাৱণ্যৰ কথা বৰ্ণনা কৰাত সীতা মহা হৰ্ষম্বিতা হৈয়ে পৰিল। যৈচে প্ৰেমৰসে মহা আকুল কৈলা, অ দেখহ, শুনহ নিৰন্তৰে হৰি বোল হৰি। "সেই প্ৰসঙ্গত নাট্যকাৰে ধনশ্ৰী ৰাগৰ গীতত দিয়া বৰ্ণনাই সীতাৰ মানসিক অৱসথাৰ প্ৰকাশ ঘটাইছে এনেদৰে-

"স্বামীৰ চৰিত্ৰ শুনিয়ে কুমাৰী ভেলি পুলক তনু চেতন আকুল কমল নয়নে ঝুৰি বাৰি॥ "

হৰধনু ভঙ্গৰ পিছত ৰজাসকলে ৰামক খেদি আহোঁতে আৰু অযোধ্যালৈ যাত্ৰা কৰোঁতে বাটত পৰশুৰামে হাতত কুঠাৰ লৈ প্ৰচণ্ড গতিৰে খেদি আহোঁতে স্বামীৰ সম্ভাব্য বিপদৰ কথাত শঙ্কিত হৈ পৰা সীতাৰ কাৰ্যই তেওঁৰ স্বামীপ্ৰেম প্ৰকট কৰিছে। নাটখনিত সীতা ৰামৰ প্ৰতি আসক্তি, ৰামক পোৱা-নোপোৱাৰ সম্পৰ্কে গভীৰ উদ্ৰেগ, শংকা, ভয় আদি প্ৰকাশেৰে ৰামমুখি চৰিত্ৰ এটাহে প্ৰকাশ কৰিছে। জীয়াৰী বা সখীৰূপত তেওঁক চিত্ৰিত কৰা নাই। নাট্যকাৰৰ নিজা সৃষ্টি মদন মন্থৰা, কনকাৱতী আৰু লীলাৱতী তিনিগৰাকী সখীপ্ৰাণগতা নাৰী চৰিত্ৰ।


শেষত এইদৰে কব পাৰি যে, শঙ্কৰদেৱৰ আটাইকেইখন নাটৰ পুৰুষ চৰিত্ৰৰ তুলনাত অধিক সংখ্যক স্ত্ৰী চৰিত্ৰই স্বকীয় বৈশিষ্ট্যত উজ্জ্বল আৰু প্ৰাণৱন্ত। বিশেষকৈ পাৰিজাত হৰণ নাটৰ নাৰী চৰিত্ৰৰ যোগেদি মহাপুৰুষজনাই আজিকালি নাট্যকাৰৰ দৰে চৰিত্ৰৰ বৈপৰীত্য আৰু সাদৃশ্যৰ দ্বাৰা নাটকৰ সৌন্দৰ্য্য বৃদ্ধি কৰিছে। এইক্ষেত্ৰত ৰুক্মীণীৰ লগত সত্যভামাৰ চৰিত্ৰ বিপৰীত্য আৰু আনহাতে শচী আৰু সত্যভামাৰ চৰিত্ৰৰ সাদৃশ্য আৰু সমমৰ্মিতা প্ৰকাশ ঘটাইছে। পত্নী প্ৰসাদ নাটৰ বিপ্ৰপত্নীসকলৰ চৰিত্ৰ, কালিয়দমনযশোদা আৰু গোপমাতৃসকলৰ মাতৃৰূপ, নাগ পত্নীৰ ভক্তিভাব, পাৰিজাত হৰণ আৰু ৰুক্মীণী হৰন নাটৰ ৰুক্মীণী চৰিত্ৰই কোনো সমালোচকৰ 'নাৰীৰ প্ৰতি শঙ্কৰদেৱৰ ভাব উচ্চ নাছিল'বুলি সমালোচনা যুক্তি যুক্ত নহয় বুলিয়ে প্ৰমাণ কৰিছে। মহাপুৰুষ জনাৰ আদৰ্শতে শঙ্কৰোত্তৰ কালৰ নাট্যকাৰ সকলে নাট ৰচনাৰ ক্ষেত্ৰত তেনে পাৰদৰ্শিতা কোনোজন নাট্যকাৰে দেখুৱাব পৰা নাই।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]