সমললৈ যাওক

উজনি ছিয়াং জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Upper Siang districtৰ পৰা পুনঃনিৰ্দেশিত)
উজনি ছিয়াং জিলা
অৰুণাচল প্ৰদেশত উজনি ছিয়াংৰ অৱস্থান
অৰুণাচল প্ৰদেশত উজনি ছিয়াংৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
সদৰ ইংকিয়ং
চৰকাৰ
  লোকসভা সমষ্টি অৰুণাচল পূব
  বিধানসভা সমষ্টি ২খন (টুটিং-ইংকিয়ং আৰু মাৰিয়াং-গেকু)
কালি
  মুঠ
৬,১৮৮ বৰ্গকিমি (২,৩৮৯ বৰ্গমাইল)
জনসংখ্যা
 (2011)[1]
  মুঠ
৩৫,২৮৯
  ঘনত্ব ৫.৭/বৰ্গকিমি (১৫/বৰ্গমাইল)

উজনি ছিয়াং জিলা (Upper Siang, Pron:/ˈsjæŋ or ˈsɪæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা। দেশৰ ৬৪০খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা উজনি ছিয়াং অন্তিম চতুৰ্থখন জিলা।[2] এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ।

১৯৯৯ চনত পূৰ্বৰ পূব ছিয়াং জিলাৰ একাংশ পৃথক কৰি উজনি ছিয়াং জিলা প্ৰতিষ্ঠা কৰা হৈছিল।[3]

ভৌগোলিক অৱস্থান

[সম্পাদনা কৰক]

উজনি ছিয়াং জিলাৰ মুঠ মাটিকালি ৬১১৮ বৰ্গ কিলোমিটাৰ। এই জিলাৰ সদৰ ঠাই ইংকিয়ং (Yingkiong)[4]

জিলাখনত উজনি ছিয়াং জলবিদ্যুৎ প্ৰকল্প অৱস্থিত।

প্ৰশাসনিক বিভাগ

[সম্পাদনা কৰক]

উজনি ছিয়াং জিলাত অৰুণাচল প্ৰদেশৰ বিধানসভাৰ দুটা সমষ্টি আছে: টুটিং-ইংকিয়ং (Tuting-Yingkiong) আৰু মাৰিয়াং-গেকু (Mariyang-Geku) সমষ্টি। এই দুয়োটা পূব অৰুণাচল লোক সভা সমষ্টিৰ অন্তৰ্গত।[5]

জনসংখ্যা

[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি উজনি ছিয়াং জিলাৰ মুঠ জনসংখ্যা ৩৫,২৮৯ জন।[6] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬৩৭।[6] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত পাঁচজন।[6] ২০০১-২০১১ দশকত এই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২০০১-২০১১।[6] উজনি ছিয়াং জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৮৯১ গৰাকী।[6] জিলাখনৰ সাক্ষৰতাৰ হাৰ ৫৯.৯৪%।[6]

উজনি ছিয়াং জিলাৰ অধিবাসীসকল মূলত: আদি আৰু মেম্বা (Memba) জনজাতিৰ লোক। আদি লোকসকলে ডনী প’ল’ আৰু মেম্বা সকলে তিব্বতীয় বৌদ্ধ ধৰ্ম অনুসৰণ কৰে।

জিলাখনত ব্যৱহৃত প্ৰধান ভাষাটো হৈছে আদি ভাষা। এই ভাষা চীন-তিব্বতীয় মূলৰ আৰু ইয়াক তিব্বতীয় লিপি আৰু লেটিন লিপি দুয়োবিধ ব্যৱহাৰ কৰি লিখা হয়। বৰ্তমান আদি ভাষা ভাষী লোকৰ সংখ্যা ১,৪০,০০০ বুলি জান যায়।[7]

জৈৱবৈচিত্ৰ্য

[সম্পাদনা কৰক]

১৯৮৬ চনত উত্তৰ ছিয়াং জিলাৰ ৪৮৩ বৰ্গ কিলোমিটাৰ অঞ্চল আগুৰি মৌলিং ৰাষ্ট্ৰীয় উদ্যান (Mouling National Park) প্ৰতিষ্ঠা কৰা হয়।[8] এই জিলাতে এক সম্পূৰ্ণ নতুন আপুৰুগীয়া স্তন্যপায়ী প্ৰাণী আৱিষ্কাৰ হয়। এই প্ৰাণীটোৰ নাম Mebo giant flying squirrel (Petaurista siangensis)।[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "District Census 2011". Census2011.co.in. http://www.census2011.co.in/district.php.
  2. "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php আহৰণ কৰা হৈছে: 2011-09-30.
  3. Law, Gwillim (25 September 2011). "Districts of India". Statoids. http://www.statoids.com/yin.html আহৰণ কৰা হৈছে: 2011-10-11.
  4. Srivastava, Dayawanti et al. (ed.) (2010). "States and Union Territories: Arunachal Pradesh: Government". India 2010: A Reference Annual (54th সম্পাদনা). প্ৰকাশক New Delhi, India: Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), Government of India. পৃষ্ঠা. 1113. ISBN 978-81-230-1617-7.
  5. "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm আহৰণ কৰা হৈছে: 21 March 2011.
  6. 1 2 3 4 5 6 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php আহৰণ কৰা হৈছে: 2011-09-30.
  7. M. Paul Lewis, ed. (2009). "Adi: A language of India". Ethnologue: Languages of the World (16th ed.). Dallas, Texas: SIL International. Retrieved 2011-09-28.
  8. Indian Ministry of Forests and Environment. "Protected areas: Arunachal Pradesh". Archived from the original on 23 August 2011. https://web.archive.org/web/20110823163836/http://oldwww.wii.gov.in/envis/envis_pa_network/index.htm আহৰণ কৰা হৈছে: 25 September 2011.
  9. Choudhury, A.U. (2013). Description of a new species of giant flying squirrel of the genus Petaurista Link, 1795 from Siang Basin, Arunachal Pradesh in North East India. The NL & Journal of the Rhino Foundation for nat. in NE India 9: 30–38, plates.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]