ফুলবাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ফুলবাৰী
—  নগৰ  —
ফুলবাৰী
ফুলবাৰীৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 27°04′N 93°56′E / 27.06°N 93.93°E / 27.06; 93.93
দেশ  ভাৰত
ৰাজ্য অসম
জিলা লখিমপুৰ
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

উচ্চতা


102 m (335 ft)

ফুলবাৰী (ইংৰাজী: Phulbari) অসমলখিমপুৰ জিলাৰ এখন ঠাই। প্ৰাচীন ঐতিহ্য আৰু বুৰঞ্জীৰ বহুতো গুৰুত্বপূৰ্ণ সময়, ঘটনা আদিৰ সাক্ষীৰূপে এই ফুলবাৰী অঞ্চলটো জনাজাত৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দ’লহাট চাৰিআলিৰপৰা পাঁচ কিলোমিটাৰ পশ্চিম দিশে এই বৃহত্তৰ অঞ্চলটো অৱস্থিত৷ অঞ্চলটোত মুঠ ১১ খন ৰাজহ গাঁও আছে আৰু ফুলবাৰী বুলিলে প্ৰায় ২০ খন মান ক্ষুদ্ৰ ক্ষুদ্ৰ সৰু-বৰ গাঁৱক সামৰি এক বৃহত্তৰ অঞ্চলক বুজোৱা হয়৷ ৰাজহ গাঁওবোৰৰ নামবোৰ হ’ল– ১ নং হাতীয়েমৰা, ২ নং হাতীয়েমৰা,১ নং বোকানদী, ২ নং বোকানদী, ২ নং ফুলবাৰী, ১ নং ধেমাগড়, ২৮৯ নং গ্ৰাণ্ট (সগৰপুৰ), গোপালপুৰ, দলপাপথাৰ আৰু ৩৪৫ নং গ্ৰাণ্ট (ভিতৰিপাম) আৰু ৩নং বগীবিল (শান্তি আশ্ৰম)৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ বসতিস্থল ফুলবাৰীত অঞ্চলত শেহতীয়াকৈ ঐতিহাসিক ভাস্কৰ্যপুঞ্জও উদ্ধাৰ কৰা হৈছে৷[1]

অঞ্চলটোৰ চাৰিসীমা[সম্পাদনা কৰক]

ফুলবাৰীৰ উত্তৰ দিশত অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলা আৰু ৰঙা সংৰক্ষিত বনাঞ্চল৷ পূৱদিশত শিঙৰা নদী আৰু নামনিৰ ফালে দ’লহাট চাহ বাগিছা৷ পশ্চিমত বৰজান অঞ্চল৷ দক্ষিণত দ’লহাট সোণাপুৰ গাঁও পঞ্চায়ত, দ’লহাট বজাৰ৷ উত্তৰে লালুক গাওঁ পঞ্চায়ত৷[2]

ফুলবাৰী নামৰ উৎপত্তি[সম্পাদনা কৰক]

ফুলবাৰী ঐতিহাসিকভাৱে প্ৰাচীন ঠাই৷ গৱেষক ভৱকান্ত নাথৰ মতে প্ৰাচীন ‘ফুলবাৰী নগৰ’ৰ সৈতে বৰ্তমানৰ ফুলবাৰী অঞ্চলৰ নিকট সম্পৰ্ক আছে৷ উক্ত প্ৰাচীন নগৰখন বৰ্তমানৰ নাৰায়ণপুৰ অঞ্চলৰ খেৰাজখাত মৌজাৰ অন্তৰ্গত পিচলা নৈৰ পাৰত আছিল৷ প্ৰাক্ বৈষ্ণৱ যুগত ই শাক্ত ধৰ্মৰ পীঠ স্থান আছিল৷ প্ৰাচীন আইনামবোৰত ফুলবাৰী আৰু পিচলা নৈৰ প্ৰসংগ আছে৷
বৰ আইয়ে পাচিছে সৰু আই আহিছে
ফুলবাৰী নগৰৰে পৰা
........................
পিচলা ঘাটতে আইয়ে পানী তোলে
চকুৰি গোপিনীক লৈ
উক্ত ফুলবাৰী নগৰতে ফুলবাৰী দ’ল আছিল৷ উল্লেখযোগ্য যো ফুলবাৰী দ’লকে লোকিকভাৱে মাঘনোৱা দ’ল বুলিও জনা গৈছিল৷ ইয়াত বৰ কালিকা গোঁসানীৰ বিগ্ৰহ আছিল৷ আসাম গেজেটিয়াৰৰ মতে ‘ফুলবাৰী দ’ল স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৭০৫ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰি উলিয়াইছিল আৰু ৫২৩ বিঘা, চাৰিকটা, ওঠৰ লেচা নিষ্পেখেৰাজ মাটি দেৱালয়ৰ নামত উছৰ্গা কৰিছিল৷ সাঁচিপতীয়া পুথিমতে– উক্ত ফুলবাৰী দেওঘৰৰ দ’ল ওখকৈ ৩২ হাত, বেঢ়ে ৭০ হাত, ডাঠ ৪/১২ হাত, গহ্বৰ ১২/১২ হাত, পোত ৭ হাত৷ ইয়াত যম, সম, গৰক আৰু ফুলবাৰীয়া নামৰ চাৰিটা পূজক ঠাকুৰ পৰিয়াল আছিল৷ তেওঁলোকৰ লগত কিছুমান পাইক নিযুক্ত হৈছিল৷’[3]
মানৰ আক্ৰমণত মান সেনাই এই দ’লৰ ধন-সম্পত্তি লুট কৰি ইয়াতে শিবিৰ পাতি মন্দিৰৰ ভিতৰত গৰু কাটি মন্দিৰ অসুচি কৰিছিল৷ ফলত ইয়াৰ দেৱী বিগ্ৰহ আঁতৰাই নি কলাবাৰী অঞ্চলৰ বিলত লুকুৱাই থোৱা হৈছিল ৷ পৰৱৰ্তীকালত সেই দেৱী বিগ্ৰহ উদ্ধাৰ কৰি কলাবাৰীত ‘বৰ গোসাঁনী থান’ পুনৰ নিৰ্মাণ কৰা হ’ল৷ [4] মুঠতে ক’ব পাৰি মানৰ আক্ৰমণত ফুলবাৰী দেৱালয় বৰ বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছিল; ফলত ইয়াৰ দেৱী বিগ্ৰহ কেৱল স্থানান্তৰ হোৱাই নহয় ইয়াত নিত্য পূজা সেৱাৰো বিলুপ্তি ঘটিল৷ লাহে লাহে ফুলবাৰী নগৰ আৰু ফুলবাৰী দেৱালয়ৰো প্ৰাধান্যতা নোহোৱা হ’ল৷ তাৰ ফলত পূজা-অৰ্চনা কৰা ঠাকুৰ পৰিয়ালকেইটাও বহু প্ৰকাৰে অভাৱগ্ৰস্থ হৈ থান-বান দিব ধৰিলে৷ সেইৰূপে ওপৰোক্ত ‘ফুলবৰীয়া ঠাকুৰ’ পৰিয়ালৰ এটা ঠাল আহি উত্তৰ নাওবৈচাৰ ভৰলুৱা অঞ্চলত বাস কৰিছিলহি৷ উল্লেখ্য যে, যিহেতু উক্ত পৰিয়ালটো উপৰোক্ত ফুলবাৰী দেৱালয়ৰ ফুলবৰীয়া ঠাকুৰ বংশৰ বংশধৰ আৰু তেওঁলোক উক্ত ফুলবাৰী নগৰৰ পৰাই আহিছিল৷ সেইৰূপে তেওঁলোক সবাৰে মাজত ‘ফুলবৰীয়া গোসাঁই’ নামে অভিহিত হৈছিল৷ তেওঁলোকে এই অঞ্চললৈ আহি ইয়াতো ফলে-ফুলে সুশোভিত এখন আশ্ৰম সদৃশ ঘৰ-দুৱাৰ পাতি লৈছিল আৰু পূৰ্বৰ তান্ত্ৰিক প্ৰথাৰে ধৰ্ম ধৰি অতি নিমাখিত অৱস্থাৰে কাল যাপন কৰিছিল৷ জনশ্ৰুতি মতে– উক্ত ফুলবৰীয়া গোসাঁই আৰু তেওঁলোকে পাতি লোৱা ফলে-ফুলে সুশোভিত বাৰীখনৰ পৰাই ঠাইখনৰ নাম ‘ফুলবাৰী’ হৈছে৷ [5]

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

ফুলবাৰীৰ ভৌগোলিক অৱস্থান হৈছে 27°04′N 93°56′E / 27.06°N 93.93°E / 27.06; 93.93 (অক্ষাংশ আৰু দ্ৰাঘিমাংশ)। [6] সাগৰ পৃষ্ঠৰ পৰা ফুলবাৰীৰ গড় উচ্চতা হৈছে 102 মিটাৰ (335 ফুট).

জনসংখ্যা[সম্পাদনা কৰক]

ৰাজনৈতিক[সম্পাদনা কৰক]

ফুলবাৰী লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত। আৰু নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত৷[7]

ফুলবাৰীৰ শৈক্ষিক স্থানসমূহ[সম্পাদনা কৰক]

ফুলবাৰীত ১৯৫১ চনত বেতবাৰী অঞ্চলত প্ৰথমখন প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়৷ বিদ্যালয়খনৰ নাম ‘ফুলবাৰী প্ৰাথমিক বিদ্যালয়’৷ ইয়াৰ পৰৱৰ্তী সময়ত বহুবোৰ শিক্ষাপিৰতিষ্ঠান অঞ্চলটোত গঢ় লৈ উঠে৷ তলত এইসমূহ উল্লেখ কৰা হ’ল-

কলেজ[সম্পাদনা কৰক]

  • উত্তৰ পূৰ্বাঞ্চল কলেজ৷ (প্ৰতিষ্ঠা-১৯৮)

হায়াৰছেকেণ্ডৰী[সম্পাদনা কৰক]

  • ফুলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় (বেতবাৰী, প্ৰতিষ্ঠা-১৯৯৭) এইখন প্ৰথমতে ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয় হিচাপে ১৯৬১ চনত প্ৰতিষ্ঠা কৰা হৈছিল৷ পৰৱৰ্তী সময়তহে হায়াৰছেকেণ্ডৰীলৈ উন্নীত কৰা হয়৷

উচ্চ মাধ্যমিক বিদ্যালয়[সম্পাদনা কৰক]

  • শাস্ত্ৰী স্মৃতি উচ্চ ইংৰাজী বিদ্যালয় (দ’লহাট বজাৰ, প্ৰতিষ্ঠা-১৯৭৮)
  • পূব ফুলবাৰী উচ্চ ইংৰাজী বিদ্যালয় (পূব ফুলবাৰী, প্ৰতিষ্ঠা-১৯৮৩)
  • ফুলবাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয় (কমলপুৰ, প্ৰতিষ্ঠা-১৯..)
  • কৃষ্ণপুৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় (দলপা পথাৰ, প্ৰতিষ্ঠা-১৯৬৭)

চিত্ৰভঁৰাল[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ভৱকান্ত নাথ, প্ৰবন্ধৰ নাম-ফুলবাৰীৰ ঐতিহ্য, উদীয়মান স্মৃতিগ্ৰন্থ, ফুলবাৰী, ২০২৩, পৃষ্ঠা-১৪
  2. উপলব্ধি, হীৰক জয়ন্তী মহোৎসৱ, ফুলবাৰী দুৰ্গোৎসৱ সমিতি, সম্পাদক- দিলীপ শৰ্মা, পৃষ্ঠা-৮৮
  3. পবিত্ৰ অসম, পৃঃ১১,১২, ডঃ মহেশ্বৰ নেওগ
  4. পবিত্ৰ অসম, পৃঃ১১,১২
  5. ভৱকান্ত নাথ, প্ৰবন্ধৰ নাম-ফুলবাৰীৰ ঐতিহ্য, উদীয়মান স্মৃতিগ্ৰন্থ, ফুলবাৰী, ২০২৩, পৃষ্ঠা-১৩
  6. Falling Rain Genomics, Inc - Bihpuria
  7. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06.