পশ্চিম ছিয়াং জিলা
পশ্চিম ছিয়াং জিলা | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
সদৰ | আল' |
চৰকাৰ | |
• লোকসভা সমষ্টি | অৰুণাচল পশ্চিম, অৰুণাচল পূব |
• বিধানসভা সমষ্টি | ৭ টা (লিৰ’ম্বা, লিকাবালি, বাচাৰ, পশ্চিম আলং, পূব আলং, ৰুমগং, মেচুকা) |
কালি | |
• মুঠ | 8,325 km2 (3,214 sq mi) |
জনসংখ্যা (2011)[1] | |
• মুঠ | 1,12,272 |
• ঘনত্ব | 13/km2 (35/sq mi) |
পশ্চিম ছিয়াং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাৰ সদৰ ঠাই আল' (পূৰ্বৰ আলং)৷ জিলাখনত ব্যৱহৃত মূল ভাষাসমূহ হৈছে আদি আৰু গাল’৷ এই জিলাৰ সংখ্যাগৰিষ্ঠ অধিবাসী আদি, মেম্বা আৰু খাম্বা জনজাতিৰ৷
ইতিহাস
[সম্পাদনা কৰক]১৯৮৯ চনত পশ্চিম ছিয়াং জিলাৰ একাংশৰে পূব ছিয়াং জিলা গঠন হয়৷[2] ১৯৯৯ চনৰ পৰা এই অংশ উজনি ছিয়াং জিলাৰ অন্তৰ্ভুক্ত হয়৷[2] এই জিলা ঐতিহাসিকভাৱে চুতীয়া ৰাজত্বৰ অন্তৰ্ভুক্ত আছিল৷
ভৌগোলিক অৱস্থান
[সম্পাদনা কৰক]পশ্চিম ছিয়াং জিলাৰ সদৰ ঠাই হৈছে আল (Aalo, পূৰ্বৰ আলং)৷ এই জিলাৰ মুঠ মাটিকালি ৮৩২৫ বৰ্গ কিলোমিটাৰ৷[3]
প্ৰশাসনিক বিভাগ
[সম্পাদনা কৰক]পশ্চিম ছিয়াং জিলাত অৰুণাচল প্ৰদেশ বিধানসভাৰ সাতটা সমষ্টি আছে- লিৰ’ম্বা (Liromoba), লিকাবালি (Likabali), বাচাৰ (Basar), পশ্চিম আলং (Along West), পূব আলং (Along East), ৰুমগং (Rumgong), আৰু মেচুকা (Mechuka)৷ ইয়াৰে প্ৰথম ছখন অঞ্চল পশ্চিম অৰুণাচল লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু মেচুকা পূব অৰুণাচল লোকসভা সমষ্টিৰ অন্তৰ্গত৷[4]
জনসংখ্যা
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল অনুসৰি পশ্চিম ছিয়াং জিলাৰ মুঠ জনসংখ্যা ১১২,২৭২ জন৷[5] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬১২৷[5] জিলাখনত জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১৩ জন৷[5] ২০০১-২০১১ দশকত এই জিলাৰ জনবসতি বৃদ্ধিৰ হাৰ আছিল ৮.০৪%৷ পশ্চিম ছিয়াং জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯১৬ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৬৭.৬২%৷[5]
পশ্চিম ছিয়াং জিলাৰ সংখ্যগৰিষ্ঠ লোক আদি (Adi), মেম্বা (Memba) আৰু খাম্বা (Khamba) জনজাতিৰ৷
ভাষা
[সম্পাদনা কৰক]এই জিলাত ব্যৱহৃত ভাষাসমূহৰ ভিতৰত মূল ভাষা হৈছে চীন-তিব্বতীয় মূলৰ আদি ভাষা[6] আৰু গাল' ভাষা (Galo)৷[7]
জৈৱবৈচিত্ৰ্য
[সম্পাদনা কৰক]এই জিলা জৈৱবৈচিত্ৰ্যৰ ক্ষেত্ৰত সমৃদ্ধ৷ এই জিলাত অৰণ্যত বহুতো আপুৰগীয়া জীৱ-জন্তু যেনে মিচমি টাকিন (Mishmi takin), বৰফৰ বাঘ (Snow leopard), ৰঙা পাণ্ডা (Red panda), সুগন্ধি পহু (Musk deer), ব্লাইথছ ট্ৰ’গ’পান (Blyth's Tragopan) আদি দেখা পোৱা যায়৷[8] তাৰোপৰি ইয়াত এই জিলাৰ অৰণ্যত এবিধ নতুন কেৰ্কেটুৱা প্ৰজাতি আৱিস্কাৰ হৈছে যাক Mechuka Giant Flying Squirrel (Petaurista mechukaensis) হিচাপে নামকৰণ কৰা হয়৷[9]
১৯৯১ চনত এই জিলাৰ ৫৫ বৰ্গ কিমি আগুৰি কানে বন্যপ্ৰাণী অভয়াৰণ্য (Kane Wildlife Sanctuary) গঠন কৰা হয়৷[10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "District Census 2011". Census2011.co.in. http://www.census2011.co.in/district.php.
- ↑ 2.0 2.1 Law, Gwillim (25 September 2011). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11.
- ↑ Srivastava, Dayawanti et al. (ed.) (2010). "States and Union Territories: Arunachal Pradesh: Government". India 2010: A Reference Annual (54th সম্পাদনা). প্ৰকাশক New Delhi, India: Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), Government of India. পৃষ্ঠা. 1113. ISBN 978-81-230-1617-7.
- ↑ "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 21 March 2011.
- ↑ 5.0 5.1 5.2 5.3 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30.
- ↑ M. Paul Lewis, ed. (2009). "Adi: A language of India". Ethnologue: Languages of the World (16th ed.). Dallas, Texas: SIL International. Retrieved 2011-09-28.
- ↑ M. Paul Lewis, ed. (2009). "Galo: A language of India". Ethnologue: Languages of the World (16th ed.). Dallas, Texas: SIL International. Retrieved 2011-09-28.
- ↑ Choudhury, Anwaruddin (2008) Survey of mammals and birds in Dihang-Dibang biosphere reserve, Arunachal Pradesh. Final report to Ministry of Environment & Forests, Government of India. The Rhino Foundation for nature in NE India, Guwahati, India. 70pp.
- ↑ Choudhury,Anwaruddin (2007).A new flying squirrel of the genus Petaurista Link from Arunachal Pradesh in north-east India. The Newsletter and Journal of the RhinoFoundation for nat. in NE India 7: 26–34, plates.
- ↑ Indian Ministry of Forests and Environment. "Protected areas: Arunachal Pradesh". Archived from the original on 23 August 2011. https://web.archive.org/web/20110823163836/http://oldwww.wii.gov.in/envis/envis_pa_network/index.htm। আহৰণ কৰা হৈছে: 25 September 2011.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৱিকিমিডিয়া কমন্সত পশ্চিম ছিয়াং জিলা সম্পৰ্কীয় মিডিয়া ফাইল।
- আধিকাৰিক ৱেবছাইট
চীন | উজনি ছিয়াং জিলা | |||
উজনি সোৱণশিৰি জিলা | পূব ছিয়াং জিলা | |||
পশ্চিম ছিয়াং জিলা | ||||
নামনি সোৱণশিৰি জিলা | ধেমাজি জিলা, অসম |
|