যমুনেশ্বৰী খাটনিয়াৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যমুনেশ্বৰী খাটনিয়াৰ
জন্ম ১৮৯৯
গোলাঘাট, অসম
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
জনা যায় ৰমন্যাসিক কাব্যধাৰাৰ কবি
ধৰ্ম হিন্দু ধৰ্ম
পিতৃ-মাতৃ ভদৰাম শইকীয়া (পিতৃ)

যমুনেশ্বৰী খাটনিয়াৰক (ইংৰাজী: Jamuneswari Khatoniyar) (১৮৯৯-১৯২৪)[1] অসমীয়া সাহিত্যৰ ৰমন্যাসিক যুগৰ প্ৰথম গৰাকী মহিলা কবি হিচাবে আখ্যা দিয়া হয়[2]

চমু জীৱনী[সম্পাদনা কৰক]

১৮৯৯ চনত গোলাঘাট নগৰত জন্ম গ্ৰহণ কৰা তেখেতৰ পিতৃ আছিল ভদৰাম শইকীয়াআৰু ভাতৃ প্ৰখ্যাত নাট্যকাৰ অভিনেতা সুৰেন্দ্ৰ নাথ শইকীয়া[2]। ঘৰৰ পৰাই পঢ়া-শুনা আৰম্ভ কৰি মাধ্যমিক পৰ্য্যন্ত শিক্ষা সমাপ্ত কৰাৰ পিছত যমুনেশ্বৰী দেৱীয়ে ঘৰৰ ওচৰৰে মুদৈজানত বালিকা বিদ্যালয় এখন স্থাপন কৰে আৰু নিজেই তাতে শিক্ষকতা আৰম্ভ কৰে[3]। স্ত্ৰী শিক্ষাৰ বিশেষ সা- সুবিধা নথকা সময়ত বালিকা বিদ্যালয় স্থাপনৰ উদাহৰণে তেখেতৰ স্ত্ৰী-শিক্ষাৰ প্ৰতি থকা অপৰিসীম আগ্ৰহৰ কথা সূচায়। এইখনেই গোলাঘাট নগৰৰ দ্বিতীয়খন প্ৰাথমিক বিদ্যালয়। ১৯২০ চনত তেখেতে ভৈৰৱ চন্দ্ৰ খাটনিয়াৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়[1]

সাহিত্য চৰ্চা[সম্পাদনা কৰক]

১৯১৯ চনত তেখেতৰ প্ৰথম কবিতাপুথি ‘অৰুণ’ প্ৰকাশ পায়[3]। কলিকতাৰ ‘সাম্য প্ৰেছ’ত এই পুথিখন মুদ্ৰণ কৰা হৈছিল। পুথিখনে সেই সময়ত পাঠক সমাজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল[2]। ‘বাঁহী’, ‘অকণ’, ‘প্ৰভাত’ আদি আলোচনীত তেখেতৰ কবিতা প্ৰায়ে প্ৰকাশিত হৈছিল[3]। মাত্ৰ ২৫ বছৰ বয়সতে অকাল মৃত্যু ঘটা[1] এই সম্ভাৱনাপূৰ্ণ কবি গৰাকীয়ে ‘সাৱিত্ৰী’ আৰু ‘কিংলিয়েৰ’ নামৰ আৰু দুখন কবিতাপুথিৰ পাণ্ডুলিপি প্ৰস্তুত কৰি থৈ গৈছিল। ভগৱানৰ ওপৰত তেখেতৰ অগাধ বিশ্বাস আছিল। ‘শ্ৰীশংকৰদেৱ’, ‘ভিক্ষা’, ‘সুখ’, ‘নিয়া যেন তাক উটাই বুৰাই’ আদি তেওঁৰ উল্লেখযোগ্য কবিতা। ‘সীতা’, ‘দ্ৰৌপদী’, ‘মন্দোদৰী’, ‘জয়মতী’ আদি কবিতাত মহীয়সী নাৰীসকলৰ বন্দনাৰ সৰল আৰু শুৱলা ভাষাৰ প্ৰয়োগ মন কৰিবলগীয়া। শিক্ষাবিদ সাহিত্যিক শৰত চন্দ্ৰ গোস্বামী, ‘আসাম বিলাসিনী’ৰ সেই সময়ৰ সম্পাদক কৃষ্ণকান্ত ভট্টাচাৰ্য্য, ব্ৰিটিছ চৰকাৰৰ প্ৰথম অসমীয়া মন্ত্ৰী ঘনশ্যাম বৰুৱা প্ৰমুখ্যে আন কেইবাজনো বিখ্যাত সাহিত্যিকে তেখেতৰ লিখনীৰ ভূয়সী প্ৰশংসা কৰি থৈ গৈছে[3][2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]